বিলাভেড হাজবেণ্ড – বৰ্ণালী ফুকন
: হেৰা হেৰা উঠিছানে! হেৰা মই নকৈছিলোনে! সৌৱা চোৱা, সৌৱা। গোঁহাইয়নীয়ে ব্ৰক্ষ্মপুৱাতে উঠি চোতাল সাৰে৷ এহ যাবই এতিয়া, নোচোৱাহি কিয়?
: হেই! কিনো ৰাতিপুৱাই লোকৰ মাইকী মানুহক চাই ফুৰে! মোক অশান্তি কৰি নাথাকিব দেই৷ ৰাতি গৰমত শুব নোৱাৰি এক বজালৈ অনলাইনত আপডেট দিলো। এতিয়া শুবলৈ শান্তি নিদিব নেকি!
– লাহেকৈ শইকীয়ানীয়ে বাগৰ সলাই সিকাটিকৈ শুলে৷
নিৰস্ত্ৰ হৈ শইকীয়া ঘুৰি আহি বিচনাৰ ওচৰ পালেহি৷ ঘৈণীয়েকে নাকেৰে বাজনা বজাই শুয়েই আছে৷ উপায়হীন হৈ ভোৰভোৰাই ভোৰভোৰাই শইকীয়া পাকঘৰত সোমালগৈ৷
: কিনো সাধি আহিছিল অ’ এই গোঁহাইটোৱে৷ মোৰহে ফুটা কপাল৷ আজিও ব্ৰেকফাষ্ট মইয়ে বনাব লাগিব৷ আজিও অফিচত টিফিনটো মোৰ সন্মুখত খুলি ঘৈণীয়েকে কি কি বনাই পঠিয়ালে তাকে কৈ জহাব আৰু মই ব্ৰেডত জাম লগাই এয়াই মোৰ প্ৰিয় খাদ্য বুলি চোবাই দেখুৱাম৷ অসহ্য অসহ্য লাগিছে সংসাৰ কৰি৷
লৰালৰিকৈ চাহকাপ বনাই ব্ৰেড দুচকল টষ্টাৰত দিলে শইকীয়াই৷ বাটাৰ ব্ৰেড লৈ খাবলৈ বহে মানে শ্ৰীমতীয়ে চিঞৰি ক’লে,
: হেৰা মোক পুৱা সাৰ পোৱাই এতিয়া অকলে চাহ লৈ নবহিবা৷ মই মুখ ধুই লওঁ মানে তুমি প্লিজ চাহকাপ বনাই দিয়া না।
প্ৰয়োজনতকৈ লেনিয়াই শইকীয়াক কথাষাৰ কৈ শইকীয়ানী বাথৰুমত সোমাল৷ সন্মুখত নিজৰ চাহ কাপলৈ বহিছিলহে৷ উপায়হীন তেওঁ৷ মানুহজনীৰ এই মাতষাৰ শুনিলেই শইকীয়াৰ যৌৱন উভতি আহে৷ অগত্যা নিজৰ চাহ কাপো লৈ উঠি গ’ল৷ শইকীয়ানীলৈ চাহৰ পানী পাতি দি টুষ্টাৰত ব্ৰেড কেই শ্লাইচ সোমোৱাই দিলে৷ নিজেও এধোক চাহ, একামোৰ ব্ৰেড খাই থাকিল কামৰ মাজত৷ এইফালে শইকীয়াৰ ব্ৰেকফাষ্ট খাই শেষ হৈছিল, আনফালে শইকীয়ানীলৈ বনোৱা ব্ৰেকফাষ্ট বনাইও শেষ হৈছিল৷ টেবুলত সজাই দি শইকীয়াই নিজৰ টিফিনটো যতনাই লৈ বাথৰুমত সোমাল৷ যাওঁতে কৈ গ’ল,
: মাইনাক ফ্ৰাইড ৰাইচকে বনাই দিয়া হেৰা৷ তাই ব্ৰেডসোপা নি আমনি পাইছে বোলে৷
লৰালৰিকৈ অফিচলৈ বুলি ওলাই শইকীয়াই টিফিনটো ল’বলৈ লৈ দেখে জেগাত টিফিনটো নাই!
: হেৰা মোৰ টিফিন ক’ত?
: ৰ’বহে৷ ব্ৰেকফাষ্টৰ আপডেটটো দি লওঁ৷ নহ’লে থাকি যাব৷ ইফালে গোহাঁইয়নীয়ে দিলেই৷ আই ঔ! যিহে প্লেটত লুচি ভাজিৰ বাহাৰ৷ এই মৰ ৰাতিপুৱাতে ভাল সেইবোৰ খুৱাইছে গিৰিয়েকক৷
যাবলৈ লৈ থমকি ৰ’ল শইকীয়া। মনতে ভাবিলে, ‘গোঁহাইৰ দৰে ভাগ্য হোৱা হ’লে৷’ টেমাটোতে কালিৰে আনি থোৱা মেৰীগল্ডৰ বিস্কুট পেকেটটোকে বেগত ভৰাই তেওঁ ওলাই গ’ল৷
আজি লান্সত সঁচাকৈয়ে গোঁহাইয়ে লুচি আনিছে৷ অৰ্থাৎ অথনি শইকীয়ানীয়ে ঠিকেই কৈছিল৷ লান্সৰ সময়ত গোঁহাই আহি শইকীয়াৰ ওচৰত বহিল।
: কি হ’ল? টিফিন পাহৰি আহিলে যেন পাওঁ৷
সেমেকা হাঁহি এটা মাৰি শইকীয়াই মুৰটো মাথোঁ লৰাই দেখুৱালে৷ মেৰীগল্ড বিস্কুটৰ পেকেটটো গোঁহাইৰ সন্মুখত ওলিয়াবলৈ সত নগ’ল৷
”খাওঁক” বুলি লুচি দুখন আলু ভাজিকণেৰে সৈতে গোঁহায়ে শইকীয়ালৈ আগবঢ়াই দিলে৷
লুচি এমোকোৰা চোবাইলৈ গোঁহাইক উদ্দেশ্য কৰি শইকীয়াই ক’লে,
: আপোনাৰ মানুহগৰাকীয়ে বৰ ধুনীয়া ৰান্ধেহে৷
গোঁহায়ে একো নক’লে৷ হয়তো তেওঁ আন কিবা ভাবি থাকোঁতে মনেই নকৰিলে৷
টিফিনটোৰ জৰিয়তে দুয়ো লান্সত একেলগে বহা হ’ল৷ শইকীয়াই মাজে মাজে গোঁহাইক চাৰপ্ৰাইজ দিবলৈ অলপ বেলেগ ধৰণৰ কিবাকিবি ৰান্ধি বাঢ়ি অনা হ’ল৷ ফলত ৰাতিপুৱা আগতকৈ সোনকালে উঠিবলৈ ল’লে৷ যিমান সোনকালে উঠিলেও দেখে গোঁহাইয়নীয়ে এই মৰ গৰমতো ওৰণিলৈ ওলোৱা সোমোৱা কৰি কাম কৰি আছে৷ শইকীয়া বাহিৰলৈ অহাৰ উমান পালে লৰালৰিকৈ ওৰণিখন আৰু অলপ টানি টুনিলৈ আঁতৰি আহে৷ শইকীয়াই বুজি নাপাই গোহাঁইয়নীৰ ইমান লাজ কিয়! আন সময়ত লগ পালে দেখোন বৰ সুন্দৰকৈ মাতে৷
আজি কিছুদিনৰপৰা লক্ষ্য কৰিছে গোঁহাইয়নীৰ ঘৰত আন কোনোবা মহিলাৰ চিঞৰ বাখৰ৷ শইকীয়াই মানুহজনীৰপৰা গম পালে গোহাঁইয়নীৰ শাহুৱেক আহিছে৷
দেওবাৰৰ দিনটো আৰাম অলপ কৰো বুলি বিচনাখনতে বাগৰি থাকোঁতে হঠাৎ কাষৰ গোহাঁইৰ ঘৰৰপৰা হুলস্থূলৰ শব্দ ভাহি আহিল৷
: মৰতিজনী! দিনৰ দিনটো মৰ টোপনি মাৰি থকাৰ পিছতো পুৱা সোনকালে উঠাৰ নাম নাই৷ চাহ এটুপি দিওঁ বোলে নাই৷
বকনি বন্ধ নোহোৱা দেখি শইকীয়াই উঠি আহি জুমি চালে৷ বুঢ়ী এগৰাকীয়ে হাততে চাহ কাপ লৈ ভিতৰলৈ চাই বকি আছে৷ মনতে ভাবিলে শইকীয়াই, ‘কিনো বুঢ়ী অ’! বোৱাৰীয়েকে চাহ কাপ দিয়াৰ পিছতো বকি আছে৷ গোহাঁইয়নীলৈ পুতৌ জন্মিল৷ লগতে গোঁহাইলৈ খঙ উঠিল৷ এনে এগৰাকী ঘৈণী আমাৰ হ’ব লাগিছিল৷ মূৰৰ ওপৰত উঠাই থ’লোহেঁতেন৷
শইকীয়াই চাহ কৰি ঘৈণীয়েক, জীয়েকৰ মুখৰ আগত দিলেহি৷ চাহ কাপ মুখলৈ নিবলৈ লৈছেহে। তেনে সময়তে গোহাঁইৰ ঘৰৰপৰা বাচন খেলেংমেলেংকৈ পৰাৰ শব্দ ভাহি আহিল৷ লগে লগে বুঢ়ীগৰাকীৰ গগন ফলা চিঞৰ।
: এইবোৰ চাই থাকিব নোৱাৰো মই৷ থৈ আহিবি মোক৷
আৰু কিবাকিবি বলকি আছে মানুহগৰাকীয়ে৷ কিন্ত ঘৰৰ বাকী কোনো মানুহৰ সাৰি শব্দ নাই৷ শইকীয়াই মনতে ভাবিলে, কিমান যে ধৈৰ্য্যশীলা মাইকী মানুহ এই গোহাঁইয়নী৷ শইকীয়াই কেইবাদিনো ঘৈণীয়েকক কথাষাৰ ক’ম বুলিও ক’ব পৰা নাই৷ এই মাইকী মানুহবোৰ যি হে হিংসা। আনৰ ঘৈণীয়েকক ভাল বুলি ক’লে ক’ৰ মহিলা সমিতিক সাঙুৰি আনিব কি ঠিক! দুপৰীয়াৰ ভাতসাঁজ তৃপ্তিৰে খাই শইকীয়াই বিচনাখনতে দীঘল দি পৰিবলৈ লৈ দেখে ঘৈণীয়েকে ফেচবুক খুলি কিবা আপডেট দি আছে।
: হেৰা অলপ সিফালে যোৱা ৷ মোকো অলপ পৰিবলৈ দিয়া হে বিচনাখনত!
শইকীয়ালৈ পেন্দোৱাকৈ চাই শইকীয়ানীয়ে সুধিলে,
: বাচনখিনি ষ্টেণ্ডডালত উঠাই আহিছানে? নহ’লে গোটেইখন পানী পানী হৈ থাকিব৷
: হ’ব দিয়া৷ ধুই মুচি সকলো ঠিক কৰি আহিছোঁ৷
: বৰ ভাল ল’ৰা দেই তুমি৷ জানু শুনানা, তুমি যে আজি স্মুকি বেঙেনা মেচড কৰি বনাইছিলা, প্লিজ ৰেচিপিটো কোৱানা আৰু ডালটো যে অলপ চৌৰ টেষ্ট হৈছিল তাত কি কি প’ৰ কৰিলা সেইটোও ক’বানা৷
: লিখি যোৱা। বেঙেনা পিটিকা। প্ৰথমে এটা গোল বিহু বেঙেনা লৈ তাত মিঠাতেল অলপ সানি গাটো অঁকিয়াই ল’ব৷ জুইত বা গেচত ইলুটি সিলুটিকৈ পুৰি পেলাব৷ পুৰি লৈ পানীৰ পাত্ৰ এটাত ডুবাই উঠাই আনিব৷ পানীত দিলে বেঙেনাৰ বাকলি গুচাবলৈ সহজ হয়৷ তাৰপিছত বেঙেনাত এচামুচমান মিঠিতেল, মিহিকৈ কটা পিঁয়াজ,জলকীয়া, কটা ধনিয়া দি ভালদৰে সানিব৷ আপোনাৰ বেঙেনা পিটিকা তৈয়াৰ৷ – শইকীয়ানীয়ে শুনি লৈ লিখি গ’ল।
মেচড ব্ৰিঞ্জল (আচামিজ ষ্টাইল)
ফাৰ্ষ্ট এটা ৰাউণ্ড চাইজৰ ব্ৰিঞ্জল ল’ব৷ এইটোক বিহু ব্ৰিঞ্জল বুলিও কয়৷ তাত অলপ মাষ্টার্ড অইল প’ৰ কৰি ভালকৈ এপ্লাই কৰিব৷ তাৰপিছত গেছৰ ফ্লেমটোত ৰাখি দিব৷ অল চাইড মুভ কৰি কৰি বাৰ্ণ কৰিব৷ হুল চাইড বাৰ্ণ কৰা হ’লে অলপ কোল্ড ৱাটাৰত ব্ৰিণ্জলটো প’ৰ কৰিব৷ তেতিয়া ওপৰৰ স্কিনটো এৰাব ইজি হ’ব৷ এতিয়া ব্ৰিঞ্জলটো মেচড কৰি তাত অনিয়ন স্লাইচড, গ্ৰীন চিলি স্লাইচড, ওৱান টি স্পোন এম অইল, কৰিয়াণ্ডাৰ লিভ স্মলকৈ কাট কৰি এগেইন মেচড কৰিব৷ নাউ স্মুকড ব্ৰিঞ্জল তৈয়াৰ৷
লিখি উঠি ৰেচিপিটো নিজৰ ৱালত পষ্ট কৰিলে তেওঁ। লগতে খোৱাৰ আগতে তুলি ৰখা ফটো এখনো দিলে৷ লগে লগে কমেণ্ট আহিবলৈ লাগিল৷
টেষ্টি, নাইচ, লুকিং নাইচ, চ চুইট, দেখি কিনে খাব মন গৈছে, হাই তুমি নিজে বনাইছা, ইত্যাদি। তাৰ লগতে গোহাঁইয়নীৰ কমেণ্ট আহিল,
“আজি দাদাই বেঙেনা পিটিকাহে বনাই খুৱালে নেকি? আমি জাংগল ৰিজৰ্টত৷ অলপ পিছত আপডেট দিম৷ এতিয়া ফটো চেচন চলি আছে৷”
দপকৈ জ্বলি উঠিল শইকীয়ানীৰ মূৰত জুই৷ গোহাঁইনীক বকিবলৈ লাগিল৷ গোটেই খং গৈ গিৰিয়েকৰ ওপৰত উঠিলগৈ৷ ফেচবুকত চকু থৈয়েই বকিলে শইকীয়াক৷
: দেখিলে, লোকে গৈ বাহিৰত খাই আহিল আৰু আপুনি?
একো সাৰ সিকটি নাপাই তেওঁ শইকীয়ালৈ মূৰ তুুলি চালে৷ সেইফালে শুই নাকেৰে সুউঁট সুউঁট শব্দ কৰা দেখি খং দুগুণে চৰিল৷ খঙত ফেচবুক সামৰি মনতে গধুলি খানাটো খাবলৈ কোনখনলৈ যাব তাকে গুণা গঠা কৰি বিচনাত পৰি টোপনি গ’ল৷
যেতিয়া শইকীয়ানীয়ে সাৰ পালে তেতিয়া গধূলি হওঁ হওঁ৷ চাহকাপলৈ সন্মুখত থিয় হৈ থকা স্বামীক দেখি আবদাৰ কৰি ক’লে,
: জানু আজি বাহিৰতে খাওঁ বলানা।
: দিনতে সকলো ৰান্ধি থৈছো নহয়৷
– শইকীয়াই লাহেকৈ ক’লে।
: বাদ দিয়া না সেইবোৰ৷ চেম ফুড খাই খাই ব’ৰ হৈ গৈছোঁ৷ মই ডিচাইড্ কৰিলো অলৰেডি। আমি ভিভাণ্টা দা টাজ যাম৷ ওলোৱা কুইক৷
মাহৰ শেষ। ইফালে ঘৈণীয়েকৰ আব্দাৰ শুনি বুকু কঁপি উঠিল শইকীয়াৰ৷ কিন্তু তেওঁ এইটোও জানে যে ঘৈণীয়েকৰ মুখৰ বাণী দৈৱ বাণী৷ অগত্যা পেণ্ট এটা কিনিম বুলি আঁতৰাই ৰখা টকা কেইহাজাৰ লৈ তেওঁলোক হোটেললৈ বুলি ওলাল৷
গাড়ীৰপৰা নামিয়েই শইকীয়ানী ফটো চেচনত লাগি গ’ল৷ বাহিৰৰ পৰ্টিকত দুখনমান৷ টিলিঙাকেইটাৰ সন্মুখৰ চকীকেইখনত বহি লৈ কেইখনমান৷ উফ! ক’ত যে নাই তোলা ফটো! এপাকত ৱেটাৰ এজনক মাতি শইকীয়াৰ কাষত বহি ল’লে৷
: মাইনা তুমি আমাৰ পিছফালে থিয় হোৱা৷ মোকে পাপাকে ধৰি থাকা৷ হেৰি কি বুৰ্বকটোৰ নিচিনাকৈ আছে হে!
শইকীয়াৰ হাতখন টানি তেওঁ নিজৰ কান্ধত দি ক’লে
: ধৰি থাকা৷
তাৰপাছত ৱেটাৰজনক উদ্দেশ্য কৰি কৈ উঠিল,
: ভাইটি, বেলেগ বেলেগ এগংলৰপৰা লোৱা ফটো৷
প্ৰায় এশমান ফটো তোলাৰ পিছত শইকীয়ানী ক্ষান্ত হ’ল৷
এইবাৰ খোৱা অৰ্ডাৰৰ পৰ্ব আহি পৰিল৷ কোনোদিনেই নাম নুশুনা পাঁচটামান আইটেমৰ নাম দি শইকীয়ানী গাৰ্ডেন নাই নেকি বুলি পুনৰ ফটো তোলাৰ উদ্দেশ্যে উঠি গ’ল৷ ফটো তুলি ভাগৰি পৰিলত টেবুলৰ কাষলৈ যেতিয়া ঘুৰি আহিল তেতিয়া টেবুলত ৱেটাৰজনে খোৱা বস্তু সজাবলৈ ধৰিছে আৰু শইকীয়াৰ মুখত নুফুটে দেখি ৱেটাৰজনে ৰেচিপিকেইটাৰ নাম কৈ গৈছে, তাৰ লগে লগে শইকীয়াই আওঁৰাইছে৷ তেওঁ ভালকৈয়ে জানে ঘৈণীয়েকে এফ বিত আপডেট দিয়াৰ আগতে তেওঁকেই সুধিব আৰু ক’ব নোৱাৰিলে মানুহজনীয়ে তেওঁৰ কি অৱস্থা কৰিব তাকো জানে৷ অৱশেষত কাগজ কলমলৈ লেখি পেলালে৷
ষ্টিকি ৰাইচ ইন লটাচ লিফ – ৬৫০
মিচ’ এণ্ড চয়’ চিলইয়েন চি বেচ – ১৮০০
পিকিং ডাক – ১৮০০
চিকেন ইপিক – ৭০০
কিং চিলি ফিল্ড নেচটচ – ৬৫০
: কি কৰিছা! কি কৰিছা!
– ডবিয়াই উঠিল শইকীয়ানী গিৰিয়েকৰ কাণ্ড দেখি৷
: নহয় মানে আপডেট দিবলৈ তোমাৰ অসুবিধা হয় বুলিহে৷
শইকীয়ানীৰ মনটো কুমলিল।
: ৱাও ডেটচ গ্ৰেট। অ’হ মাই ডিয়েৰ, আই লাভ ইউ৷
শইকীয়াই ঘৈণীয়েকৰ আই লাভ ইউ শুনি গোটেইটো লেতু সেতু হৈ পৰিল৷ পইছা দিবৰ সময়তহে কাণেদি ধোঁৱা বাজ হ’ল৷ চকুৰে ধুঁৱলি কুঁৱলি দেখি গ’ল৷ শইকীয়ানীৰ ধমক খাই ২০০ টকাৰ টিপচ দি ৱেটাৰক সেমেকা হাঁহি এটা দলি মাৰি শইকীয়া ওলাই আহিল৷ ঘৰ পাই বহি লৈ ফটো কোনখন পষ্ট কৰিব তাকে গুণা গঠা কৰি থাকোতে ওচৰৰ বৰুৱানী আহি পালত শইকীয়ানীয়ে হোটেলৰ অভিজ্ঞতা জাহিৰ কৰিবলৈ বাহিৰ পালেগৈ৷ যাওঁতে কৈ গ’ল,
: হেৰা চিলেক্ট কৰাচোন কোন কেইখন ফটো আপলোড কৰিম৷
ফোনটো উঠাইয়ে শইকীয়াৰ চকু গ’ল কাষৰ গোহাঁইনীৰ আপডেটোলৈ৷ “লান্স ইন জংঘল ৰিজৰ্ট৷” লগতে বিভিন্ন পজিছনত থিয় হৈ গোহাঁইৰ লগত তোলা ফটো৷ ভালকৈ নাচালে গিৰিয়েকেও মানে গোহাঁইয়েও ধৰিব নোৱাৰিব সেইয়া যে তেওঁৰেই পত্নী৷ পিন্ধনত তীব্ৰ ৰঙা আঁঠুৰ ঠিক ওপৰত পৰা এটা ফ্ৰক৷ ভৰিত ৰঙা হাই হিলৰ জোতা৷ নখত ৰঙা নেইলপলিছ৷ ওঁঠৰপৰা এই যেন তেজ বাগৰি আহিব৷ ডাঠ কাজল বোলোৱা হৰিণী চকুহাল৷ উফ! কাষত এহাতমান পেট বাহিৰ হোৱা গোহাঁইক দেখিলে, তেওঁৰেই গিৰিয়েক বুলি ক’লে মানুহে সন্দেহৰ চকুৰে চাব৷ মনটো গোন্ধালে শইকীয়াৰ৷ ৰাতিপুৱা দীঘল ওৰণি লৈ ঘৰ সাৰি থকা গোহাঁইয়নী আৰু এফ বিত দেখা গোহাঁইয়নীৰ আকাশ পাতাল পাৰ্থক্য দেখোন৷ মনটোৱে মানিবলৈ টান পালে৷ নাই নাই ৰাতিপুৱা দেখা গোহাঁইয়নী আৰু ৰঙা ফ্ৰক পিন্ধি থকাজনী একেজনী হ’ব নোৱাৰে৷ কৰ’বাত কিবা এটা খেলিমেলি আছেই৷ আৰু একো চাবলৈ মন নগ’ল তেওঁৰ৷ দীঘল দি পৰি থাকোঁতে কেতিয়া তেওঁ টোপনি গ’ল গমেই নাপালে৷ ৰাতিপুৱা সাৰ পাইয়েই তেওঁ ৱালৰ সিপাৰৰ গোহাঁইৰ ঘৰলৈ চাই চোপ লৈ থাকিল৷ অলপ পিছতে দেখিলে ওৰণি লৈ গোহাঁইয়নী ওলাই আহিছে বাঁহৰ ঝাড়ু এডাল লৈ৷ তল মূৰ কৰি ঝাড়ু দি থকা গোহাঁইয়নীৰ গতিবিধি লক্ষ্য কৰি থাকিল শইকীয়াই৷ এপাকত চাই থাকোঁতে দেখিলে গোহাঁইয়নীৰ ওৰণিখন খহি মুখখন ওলাই পৰিল৷ তেওঁ খপজপকৈ ওৰণিখন টানি ভিতৰলৈ সোমাই গ’ল৷ যাওঁতে ইফালে সিফালে অনুসন্ধিৎসু দৃষ্টিৰে চাই গ’ল৷ শইকীয়াৰ সন্দেহ হ’ল তেওঁক কেনেবাকৈ দেখা পালে নেকি আকৌ৷ নাই নাই, তেওঁ যি ঠাইত ৰৈ আছে তাৰপৰা কোনেও দেখা সম্ভৱেই নহয়৷ শইকীয়াও ভিতৰলৈ সোমাই আহিল৷ এটা কথাত তেওঁ নিচিন্ত হ’ল৷ বাকীকেইটাৰ ৰহস্য কি চোৱা যাওঁক৷ তেওঁৰ চাহ বাকি হোৱাৰ পিছতে গোহাঁইৰ মাকৰ চিঞৰ আৰম্ভ হোৱা দেখি শইকীয়াই জুমি চালে৷ বুঢ়ীয়ে ভিতৰলৈ চাই বোৱাৰীয়েকক বকি আছে৷ ফটকৈ কোনোবাই চাহ একাপ মানুহগৰাকীৰ হাতত দি চকুৰ পচাৰত আঁতৰি যোৱা দেখিলে৷ দ্বিতীয়টো অনুসন্ধান সম্পূৰ্ণ হ’ল৷ অলপ পিছতে পিছফালৰ চোতালত বাচনৰ শব্দ শুনি শইকীয়া এইবাৰ পিছফালে পালেগৈ৷ গোহাঁইয়নীয়ে বাচনখিনি বাহিৰৰ চোতাললৈ দলি মাৰি দিয়াদি দি কাষতে বহি থকা শাহুৱেকলৈ চাই মুখখন ভেঙুচাই ‘হুহ’ বুলি কৈ প্ৰায় গচকি থৈ যোৱাদি পাৰহৈ গ’ল৷ শাহুৱেকেৰ চিঞৰ দুগুণ বাঢ়িল৷ মুখৰ ভিতৰতে ভোৰভোৰাই ক’লে,
: হেৰৌ ল’ৰাটোৰ কষ্ট দেখি সহিব নোৱাৰি ইয়াত পৰি আছোঁহি৷ বা বা, বাই ল৷ তোৰো দিন আহিব বোৱাৰী৷ তইও মোৰ দৰেই মুখেৰে মাতিব নোৱাৰা ল’ৰাই তুলিছ৷ এতিয়া গিৰিয়েৰে বিধে বিধে তোৰ তাগিদাত ৰান্ধি দিব আৰু তই সেই মোবাইলটো পিটিকি পিটিকি ফটো ল’বি৷
শইকীয়াই সকলো সামৰি অফিচ পাওঁতে অলপ দেৰিয়েই হ’ল৷ সোমায়েই গোহাঁইলৈ চকু গ’ল৷ আজিৰ টিফিনতো আন দিনাতকৈ ডাঙৰ৷ শইকীয়াই মনতে ভাবিলে হয় গোহাঁইয়নীৰ তাগিদা নহ’লে আজি মাকে মনৰ দুখতে কামবোৰ কৰি দিলত আজৰি পাইয়েই কিবাকিবি বেছিকৈ বনাই আনিছে৷ পুতৌ হ’ল গোহাঁইলৈ৷ বেচেৰাই ৰাতিপুৱা চোতাল সৰাৰপৰা আৰম্ভ কৰি কিমান যে ঘৰখনৰ আউল মাৰিব লগা হৈছে৷ সেইটো ক্ষেত্ৰত শইকীয়া অলপ হ’লেও লাকী৷ ৰাতিপুৱা ফ্লেটৰ চকিদাৰটোৱে অন্ততঃ চোতালখন সাৰি থৈ যায়৷ ঘৰলৈ আহি ঘৈণীয়েকে টিপি থকা মোবাইলটোলৈ ডিঙি মেলি চালে শইকীয়াই৷ প্ৰফাইলত কালি তোলা সিহঁত তিনিওটাৰ ফটোখন জিলিকি আছে৷
ওপৰত কেপচন দিছে,
“লাভ ইউ লাইক এনি থিং মাই বিলাভেড হাবি, ফৰ ইয়ৰ চাডেন চাৰপ্ৰাইজ ট্ৰিট ইন ভিভান্টা দা টাজ।”
☆★☆★☆
7:03 am
উফ বৰ্নালী, কি লিখিলা অ’, এনে দুটামান পঢ়িলে নাৰী জাতিৰ ওপৰত বিশ্বাসেই উঠি যাব হে৷
ঝাকাছ!
9:36 pm
ঠেংকুলচ জিজু৷আগলৈ উৎসাহ দিব বুলি আশা ৰাখিলো
9:41 am
কৃষ্ণ
5:51 pm
কৃষ্ণ কৃষ্ণ
7:57 pm
বাইদেউ, এনেই লিখিব নাজানো বুলি কৈ থাকে। ইমান ধুনীয়াকৈ আৰু সাৱলীলভাবে বৰ্ণনা কৰিছে।
অহাবাৰৰ পৰা প্ৰত্যেক বাৰে লিখা লাগিব দেই বা
5:53 pm
আন্তৰিক ধন্যবাদ ভাইটোলৈ
10:50 pm
হে হৰি,এই বিলাই !এই বেণ্ডৰ এনে দশাও হয় ?
5:54 pm
আন্তৰিক ধন্যবাদ জনালোঁ
12:40 am
বৰ দূখ লাগি গ’ল দেই । সাংঘাটিক। অলপ অলপ নিজৰ গা তো লগাই ল’লো??।
5:56 pm
? আন্তৰিক ধন্যবাদ দিলোঁ
7:45 pm
কি সাংঘাতিক লিখিলে অ’! বঢ়িয়া লাগিল দেই।
5:57 pm
অনুৰূপ আন্তৰিক ধন্যবাদ জনালোঁ
7:46 pm
সাংঘাটিক লিখিলে দেই। বৰ ভাল লাগিল