ফটাঢোল

ইস্তাহাৰ – সোণটো ৰঞ্জন বৰুৱা

“দাদা,  প্ৰতিটো দলেই হাই-ফাই নিৰ্বাচনী ইস্তাহাৰ ৰাইজৰ আগত দাঙি ধৰিছে,  এতিয়া আপুনি কি কি প্ৰতিশ্ৰুতি দিব ৰাইজক?”

 মই  মাফিয়া দলৰ সভাপতিজনক পোনপতীয়াকৈ সুধি দিলোঁ। তেৱোঁ তৎক্ষণাত মুৰব্বী সুলভ কন্ঠৰে উত্তৰ দিলে,-

“চোৱা, আনৰ দৰে মিছা কথাৰে আকাশত চাং-পতাৰ নিচিনাকৈ প্ৰতিশ্ৰুতিৰ ঘোষণা কৰাৰ আমাৰ দৰকাৰ নাই। আমি ভোটাৰক যি ক’ব লাগে একেবাৰে চিধাকৈ কৈ কম।”

সভাপতিয়ে নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰিবলৈ ততাতৈয়াকৈ মাতি পঠিয়াইছিল। আচলতে কামটো পলমেই হৈছিল,  আনবোৰ দলে কেতিয়াবাই কৰিলে। তেওঁ ক’লে,  ক’ত ক’ত তেওঁৰ কিমান মানুহে দলৰ টিকট লৈ প্ৰাৰ্থী ৰূপে ঠিয় দিছে। তাৰ পাছত সুধিলে,-

  “আটচা,  ইস্তাহাৰৰ প্ৰয়োজন আছে জানোঁ?  এতিয়ালৈকে যিমান ইস্তাহাৰ দেখিলো,  চৰকাৰ গঠনৰ পাছত কাকোৱেই পুৰণ কৰা নেদেখিলোঁ। দেশী,  বিদেশীৰেই কাম নচলিবনে? “

 “লাগিব, সকলোতে দেশী-বিদেশীৰে কাম নচলিব। আপোনাৰ দল নিৰ্বাচনত জয়ী হ’লে জনসাধাৰণৰ বাবে কি কি কাম কৰিব তাক জনাব লাগিব। আনৰ দৰে আপুনিও কিছুমান প্ৰতিশ্ৰুতি দিব লাগিব। সেইয়া পুৰণ কৰে নকৰে পিছৰ কথা। ৰাইজক জনাব লাগিব আপোনাৰ প্ৰাৰ্থীজন বাকী প্ৰাৰ্থীতকৈ কিহত পৃথক আৰু জিকাৰ পাছত কি কি কৰিব।”

মই যিমান পাৰি সৰল বিনয়ী সুৰেৰে বুজাবলৈ চেষ্টা কৰিলোঁ। এইবাৰ তেওঁ অলপ সময় তভক মাৰি ৰ’ল। কিছুসময় ভাবি তেওঁ মুখ মেলিলে,-

“মই কৈ দিছো,  তুমি মিলাই মেলি লিখি ল’বা। প্ৰথমেই ভোটাৰবোৰক বুজাই দিবা,  সিহঁতে ভোট দিওঁতে এইটো কথা মনত ৰাখি লোৱা ভাল যে সিহঁতে ভোট দি যাকেই নিজিকাওক,  আমাৰ মানুহ চৰকাৰ গঠন কৰোঁতাসকলৰ কাষতেই থাকে। আৰু সিহঁতৰ সুবিধামতেই মন্ত্ৰী আমোলাই কাম কৰিব লগা হয়। গতিকে ভোটাৰে নিজৰ কাম কৰোৱাবলৈ বিচাৰিলে আমাৰ দলক ভোট দিলে কাম সহজেই হ’ব।”

এই কথাখিনি ইস্তাহাৰত কেনেকৈ লিখিম ভাবোঁতেই আকৌ ক’লে,-

“ভোটাৰে যদি বিচাৰে তেওঁৰ অঞ্চলৰ পৰা মাফিয়া দলৰ এজন দুৰ্দান্ত সদস্য, তেওঁৰ  গুণ্ডা আৰু অপৰাধীসকল, সংগীসকল যদি আঁতৰি যাব লাগে,  তেন্তে আমাৰ প্ৰাৰ্থীক জয়ী কৰি পাঁচ বছৰৰ বাবে ৰাজধানীলৈ পঠিয়াওক। এবাৰ ৰাজধানীৰ আমৰ সোৱাদ পোৱাৰ পাছত তেওঁলোক সতকাই ঘুৰি নাহে। মই ভাৱোঁ ইমানেই হৈ যাব”।

“আৰু এটা কথা,  আমাৰ পাৰ্টিৰ প্ৰাৰ্থী জয়ী হ’লে সেই অঞ্চলত পঞ্ছাছ শতাংশ অপৰাধ কম হ’ব বুলিও লিখি দিবা,  মানে আমাৰ বাদে তাত কাকোৱেই অপৰাধ কৰিবলৈ চাঞ্চ নিদিম। এইখিনি কথা ভালদৰে সজাই পৰাই চিধাকৈ লিখি দিবা,  চাবা ভোটাৰে ভোট আমাকেই দিব!”

“ঠিকেই আছে দাদা,  পিছে, ভ্ৰষ্টাচাৰ,  কু-শাসন আদিৰ বিৰুদ্ধে একো নক’লে কিবা আধৰুৱা যেন লাগিছে। সেইকেইটাৰ বিষয়েও কওক। মই লিখি দিম।”

মই সেইষাৰ ক’বলৈহে পালোঁ বাকী দলসমূহক “তাহাত নিজেই লুটুৰি পুতুৰি,  কিহৰ কিদাল কৰিব……” বুলি যি গালিৰ ৰেলগাড়ী চলালে,  সেইসমূহ নোট কৰি থাকোতে এটা কথাই মনলৈ আহিল,  কেনেকৈ এইখিনি মই ভদ্ৰ ভাষাত লিখিম! তাৰ পাছত যি যি সুধিলো সকলোৰে সেই একেই ধৰণেই উত্তৰ পালোঁ।

শেষত মই অনুভৱ কৰিলোঁ,  সভাপতিয়ে ভোটাৰক চিধাচিধি কথা কৈ দিয়াত দৃঢ়সংকল্পবদ্ধ।  অন্য ইস্তাহাৰৰ দৰে লোভ নিদি চিধা ভোটাৰৰ লাভৰ বাট দেখুৱাইছে সেইখিনি একেবাৰে বিশ্বাসযোগ্য।  আৰু সেইবোৰ পুৰণ কৰাও কঠিন নহয়। তথাপিওঁ ইস্তাহাৰ ইস্তাহাৰেই,  আকৰ্ষণীয় হ’বই লাগিব। লাগে জিকিলে আন দলৰ দৰে পাভলুটিয়েই নামাৰক কিয়?  অৱশ্যে ৰাজনীতিৰ পথাৰত ভৰি দিলে সকলোৱেই পাভলুটি মাৰে। এতিয়া যদি ইস্তাহাৰত তেখেতৰ কথাখিনি আকৰ্ষণীয় নহয় মোক প্ৰাণে মৰাৰ পুৰা চাঞ্চ আছে।

☆★☆★☆

6 Comments

  • Rintumoni Dutta

    সোনটো, এনেই নকওঁ‌, আজিকালি তোমাৰ কলমৰ ধাৰ বাঢ়িছে বুলি।

    খুব ধুনীয়া লিখিছা, ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল

    Reply
  • বৰ সুন্দৰ ব্যংগ ৷ নিৰাশাটো হাঁহিৰে প্ৰকাশ ৷

    Reply
  • Papari Barman

    সোণটো ধুনীয়া লিখা অ ৷ সঁচা ৷ কিহেৰে ধাৰ দিছা কলমটো , মোক জনাবা ৷

    Reply
  • লেখাৰ মানদণ্ড বাঢ়িছে পূৰ্বতকৈ। ভাল লাগিল।

    Reply
  • আমাৰ বাদে তাত কাকোৱেই অপৰাধ কৰিবলৈ চান্স নিদিম, তামাম।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *