অথন্তৰ – ছয়নিকা বৈশ্য
লিখিব লগা ঘটনাটো হোষ্টেল লাইফত ঘটা ঘটনা। হোষ্টেল লাইফ বুলি ক’লে কি ফিল হয় একমাত্ৰ হোষ্টেলত থকাবোৰেহে অনুভৱ কৰিব পাৰে। বাথৰুমত লাইন পতা, ডাইনিং হলত চাহ ভাত খোৱাৰ সময়ত হোৱা আদ্দা, গধূলি ছাদত গৈ ফ্ৰেছ হাৱা লোৱা,ৰুমে ৰুমে গৈ আদ্দা দিয়া, সঁচাকৈ হোষ্টেল এৰাৰ পিছত বহুত মিছ কৰা যায় সেইবোৰ দিন! এতিয়া আহোঁ আচল ঘটনালৈ ..
হোষ্টেলত আমাক দুদিন মাংস আৰু এদিন কণী দিয়ে। বৃহস্পতিবাৰ আৰু ৰবিবাৰ মাংস আৰু মঙলবাৰে কণী। মাংস বহুতৰে প্ৰিয় গতিকে সকলোৱে আশা কৰি থাকে যে আজি মাংস খাব পাম। আচলতে মই অলপ বেছিকৈ আশা পালি ৰৈ থাকোঁ সেই দুটা দিনৰ বাবে।
গোটেই হোষ্টেলৰ ছোৱালীয়ে জানে যে মই মাংস বহুত ভাল পাওঁ। সিদিনাও আশা কৰি গৈছো ভাত খাব মতাৰ লগে লগে। সকলোৱে কৈ আছে বোলে আজি মাংস মজা বনাইছে খুৰাই। গ’লো ভাত খাব ..বাতিটো আগবঢ়াই দিয়া দেখি এজনীয়ে মাতেই লগালে, “খুৰা এইক অলপ বেছিকৈ দিয়ক। ডাঙৰ বাতি লৈ আহিছে, বেচেৰীৰ অসুখো হৈ আছে।” মই বোলো, ৱাহ্ আজি তহঁতৰ দেখিছোঁ বৰ মৰম মোলৈ ।
কাঁহী-বাতি লৈ টেবুলত বহি খাবলৈ জোল ঢালিলো। মন পচন্দৰ বস্তু আছে আগত, কোনোফালে চোৱা নাই। উৱা! এয়া কি! মাংসৰ ঠাইতচোন আলু কা দম! চিঞৰি উঠিলোঁ- খুৰা মাংসৰ ঠাইত মোক আলুৰ দম দিছে যে? নে মাংস শেষেই হ’ল? মই মাংস নাখাওঁ বুলি কৈ যোৱা বুলি ভাবিলে নেকি?
গোটেইমখাই কিৰিলি পাৰি হাঁহিব ধৰিলে। আনকি ৰান্ধনি খুৰাইও। খুৰাই বোলে- ” আজি মাংস নাই দিয়া আইজনী, মাংস দিয়া ল’ৰাজনৰ অসুখ, আজি কোনেও মাংস খাব পোৱা নাই।”
হে হৰি! এইটোহে ৰহস্য কিৰিলি পৰা হাঁহিৰ! এতিয়াহে গম পালোঁ ইহতৰ আজি মোলৈ মৰম ওপজাৰ কাৰণ। আনকি খুৰাইও চুপ-চাপ বাতিত জোল খিনি দি দিছিল .. নিশ্চয় ইহঁতেই মানা কৰি থৈছিল একো নক’বলৈ।
বিৰাট লাজ লাগিছিল দেই সিদিনা মোৰ সেই মাংস প্ৰীতিৰ বাবে। এতিয়া মনত পৰিলে নিজে নিজে হাঁহি ওলাই আহে। পাহৰিব নোৱাৰা লটিঘটি সেইটো …।
পিছৰটো অথন্তৰ ঘটিছিল এটি গৰমৰ দিনত। লগৰ জনী আৰু মই বজাৰ কৰিবলৈ বুলি গ’লো। বজাৰ কৰি উঠি ঘামি জামি হাতে হাতে কাপোৰৰ টোপোলা লৈ আহি আছোঁ। ভোকো লাগিছে। চাহ খাবলৈ সোমালে আৰু গৰম উঠিব বুলি চাহ খোৱাৰ ইচ্ছা সামৰি কিবা ঠাণ্ডা খাওঁ বুলি দোকান এখনত সোমালোঁ। লগৰজনীক সুধিলো “কি খাবি?” তাই ক’লে,”তই যি খাৱ তাকে ল।”
গ্লাছৰ থামচ আপ বটল দুটা ললোঁ। পইচা দি ওলাই আহিলোঁ। ইমান গৰম,তাতে ভাগৰ। পেটত পৰাৰ লগে লগে কি শান্তি! লগে লগে টিভিত দিয়া ‘এডভাৰটাইজ’টোৰ কথা মনত পেলাই গৈ আছোঁ .. “আজ কুছ টুফানি কৰতে হ্যায় ..”
তিনিখনমান দোকান পাৰ হৈছো মাত্ৰ পিছফালৰ পৰা কাৰোবাৰ চিঞৰ .. ঘূৰি চাই দেখো দোকানৰ ল’ৰাটো। আমাকে মাতি মাতি আহি আছে। মই বোলো, “কি হ’ল কোৱাচোন তুমি এনেকৈ দৌৰি আহিছা যে?”
ল’ৰাটোৱে বোলে–“বাইদেউ, বাইদেউ থামচ আপৰ বটলটো দিয়ক।
“কি ? কিয় দিম হে , দস্তুৰমত পইচা দি কিনি আনিছো। তুমি নিজে দেখা নাই জানো পইচা দিয়া?” মই উভতি ধৰিলোঁ।
” নহয় বাইদেউ থামচ আপ খিনি খাওক ,বটলটো দিওক” ল’ৰাটোৱে বিনয়েৰে ক’লে।
মই বোলো, “কি কথা ক’ব আহিছা কিনি অনা বস্তু আৰু কোনোবাই উভতাই দিয়েনে ..থামচ আপ ও খাম বটলো নিম”।
ল’ৰাটোৱে এইবাৰ অনুনয়ৰ সুৰত কৈ উঠিল-“নহয় বাইদেউ ,এইটো আইনাৰ বটলৰটো এক্সট্ৰা পইচা দি কিনি লওঁ আমি।এইটো কাষ্টমাৰে নিনিয়ে নহয়। আপুনি নাজানে চাগে কথাটো।”
খা বাপ্পেকে! এতিয়াহে উৰহীৰ ওৰ ওলাল। ইমানপৰে ডাঙৰ ডাঙৰকৈ কথা কৈ ওচৰত থকা মানুহখিনিৰ কাণ আমাৰ ফালে নিজেই থিয় কৰাই লৈছিলো।
লগে লগে থামচ আপ খিনি নাকে মুখে গিলিলোঁ। জমজমাই গ’ল কণ্ঠনলী। বটল দুটা তাৰ হাতত দি ফোঁ-ফোৱাই মানুহখিনিৰ চকুৰ আঁৰ হ’লো। “আজ কুছ টুফানি কৰতে” কনভাৰ্ট টু “ফাট মেলা বসুমতী পাতালে লুকাওঁ” ।
ক’বলৈ গ’লে জীৱনত সেইটো থামচ আপ প্ৰথমবাৰ খাইছিলোঁ। নাজানিছিলো বটলটো নিব লাগে নে নালাগে। এতিয়া ঠাণ্ডা খালেই ঘটনাটো মনত পৰি হাঁহি উঠে।
☆★☆★☆
12:24 pm
ভাল লাগিল৷ দুয়োটা কাহিনীয়েই আমোদজনক৷
10:16 pm
ধন্যবাদ জনালো ☺️
4:04 pm
বঢ়িয়া লাগিল দেই।??
10:15 pm
ধন্যবাদ ??
9:25 pm
ভাল লাগিল।
10:15 pm
ধন্যবাদ ?
1:38 pm
ভাল লাগিল। আগলৈও ফটাঢোল ই-আলোচনীত আপোনাৰ লিখা পঢ়িবলৈ পাম বুলি আশা কৰিলো
11:57 pm
আন্তৰিক ধন্যবাদ জনালো .. চেষ্টা কৰিম লিখিব …