ফটাঢোল

অলপ প্ৰেম আৰু এশ বাইছ টকীয়া এটা চুমা – প্ৰাঞ্জল অনুভৱী

তেতিয়া চাকৰিত যোগদান কৰিছোঁ মাত্ৰ। হঠাতে মোৰ জীৱনলৈ পুনৰ (দফে) প্ৰেম আহিল। ছোৱালীজনী বৰ মৰম লগা আছিল। জনজাতীয় এটা ঠাঁচ আছিল তাইৰ মুখাবয়বত। মোতকৈ বয়সত দুবছৰমান ডাঙৰ যেন অনুমান হৈছিল। হ’ব। প্ৰেমত কোনো বয়সৰ সীমা নাথাকে। মোৰ বন্ধু এজনৰ ককায়েকৰ সম্পৰ্কীয় খুলশালীয়েক আছিল তাই। দৌলত (হলি) বৰপেটালৈ আহিছিল। প্ৰথম দৰ্শনতে প্ৰেম।
ভিনীয়েকৰ চকুত ধূলি মাৰি – মৰা নদী, চাউলখোৱাৰ পাৰে পাৰে আমি ঘুৰি ফুৰিছিলোঁ। মা ৰেষ্টুৰেন্টৰ চাৰিচুকীয়া বাকচটোত সোমাই চাহ-চিঙৰা খাইছিলোঁ। কীৰ্তন ঘৰলৈ লৈ গৈছিলোঁ তাইক ফানুছ দেখুৱালৈ। আৰু আচৰিত কথা, সেই বছৰৰ ফাকুৱাৰ দিনটো মোৰ বাবে যন্ত্ৰনাদায়ক ভাবে ৰঙীন হৈ পৰিছিল।
গুৱাহাটীলৈ উভতি আহি চিঠি লিখিছিলোঁ। এখ্ন-দুখ্নকৈ কেইবাখনো। নাই। কোনো উত্তৰ পোৱা নাছিলো সেই চিঠিৰ। দিন বাগৰিছিল। পাৰহৈ গৈছিল মাহ। বছৰ। আৰু এদিন ময়ো পাহৰি গৈছিলোঁ ক্ষন্তেকীয়া প্ৰেম বুলি।
তাৰপাছত, বহু বছৰ আগতে এদিন হ্ঠাতে বন্ধুৱে সুধিছিল, “নীৰুলৈ তোৰ মনত নপৰে?”
“কিয়?”
“তোৰ জানিবলৈ মন নাযায় নে, তাই কেনে আছে? তোৰ চিঠিৰ উত্তৰে বা তাই কিয় দিয়া নাছিল?”
তাৰ কথাখিনিয়ে সেইদিনা মোৰ হৃদয়ৰ কোনোবাখিনি স্পৰ্শ কৰিছিল। লগে লগে ঠিক কৰিছিলোঁ, পিছৰটো চেকেণ্ড চেটাৰডেত আমি তাইৰ গাঁৱলৈ যাম। মোৰ প্ৰেয়্সীৰ গাওঁ। কথা মতে কাম। পিছৰটো চেকেণ্ড চেটাৰডেত সঁচা –সঁচিকৈ আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ প্ৰেয়সীৰ দেশলৈ। প্ৰায় চল্লিশ কিলোমিটাৰ বাছেৰে আৰু পাঁচ কিলোমিটাৰ খোজ কাঢ়ি এদিন উপস্থিত হৈছিলোঁ প্ৰেয়্সীৰ ঘৰত।
প্ৰেয়্সীৰ ককায়েকে আথে-বেথে মাতি নি কোঠা এটাত আমাক বহিবলৈ দিছিল। খবৰ-বাতৰি লৈছিল। আলোচনা হৈছিল বিভিন্ন প্ৰসংগৰ। কিন্তু মোৰ চকু দুটাই পিতপিতাই বিচাৰি ফুৰিছিল তাইক। নীৰুক। আচৰিত কথা!  ইমান সময় দেখা-দেখি নাই! মোৰ উচপিচনি দেখিয়ে নেকি, বন্ধুৱে শেষত সুধিয়ে পেলাইছিল, “নীৰু নাই নেকি?”
“আছে, পঠিয়াই দিছোঁ ৰহ।” মোৰ ফালে তীৰ্যক দৃষ্টি নিক্ষেপ কৰি ককায়েকে কৈছিল। তেওঁৰ দৃষ্টিত এনেকুৱা কিবা এটা আছিল যে লগে লগে মোৰ বুকুখন হিম হৈ যোৱা যেন লাগিছিল।
অৱশেষত অপেক্ষাৰ অন্ত পৰিছিল। হাতত চাহৰ ট্ৰে’লৈ কোঠালৈ সোমাই আহিছিল নীৰু। চকুৱে চকুৱে চাইছিলোঁ পৰস্পৰক। মূহূৰ্ততে উদ্ভাসিত হৈ উঠিছিল দুয়োৰে মুখমণ্ডল। বুকুত অনুভৱ কৰিছিলোঁ মই এক অস্থিৰ দুমদুম শব্দ!
চাহ্কাপ আগবঢ়াই দি ফুচফুচাই কোৱাৰ দৰে নীৰুৱে কৈছিল, “ইয়াত এতিয়া কথা নাপাতোঁ। অলপ আঁতৰত, সেই যে আহোঁতে টাৰ্নিঙটো পাইছিলা, তাৰ ওচৰতে মোৰ বান্ধবীৰ ঘৰ। চাহখিনি খাই তালৈকে আঁহা। তাতেই কথা পাতিম।”
ততাতৈয়াকৈ চাহ কাপ শেষ কৰি ওলাই আহিছিলোঁ বাহিৰলৈ। বাহিৰত তেতিয়া দুপৰীয়াৰ প্ৰখৰ ৰ’দ। প্ৰায় জনপ্ৰাণী শূণ্য আলিবাট। নৈশব্দতাই আগুৰি আছিল চৌপাশ।
নীৰু ৰৈ আছিল বান্ধৱীৰ পদূলিমুখত। কোলাত কাৰোবাৰ এবছৰীয়ামান কেঁচুৱা এটা। নীৰুৱে মোক ভিতৰলৈ মাতি লৈ গ’ল। কোঠা এটাত বহিবলৈ দিলে। চিনাকি কৰাই দিলে বান্ধৱীৰ সৈতে। অলপ পৰ পাছত তাই আহি ওচৰত বহিল আৰু যিখিনি কথা তাই ক’লে তাৰ সাৰাংশ এনেধৰণৰ- তাইলৈ লিখা মোৰ আটাইকেইখন চিঠি ককায়েকৰ হাতত পাৰিছিল। পোষ্ট অফিছৰ পিয়নজন গাঁৱৰে; তেওঁৱে চিঠিবোৰ আনি তুলি দিছিল ককায়েকৰ হাতত। তাৰ পাছত কথাবোৰ সহজ আৰু পোন। ককায়েকে ল’ৰা এটা ঠিক কৰি পেলালে তাইলৈ। যোৰহাটৰ। এ এচ টি চিত চাকৰি কৰে। অহা ছমাহৰ ভিতৰত তাইৰ বিয়া।
মনে মনে কথাবোৰ শুনি আছিলোঁ। উত্তৰ দিবলৈ কোনো ক্থা বিচাৰি পোৱা নাছিলোঁ। বহু সময় নিৰৱতাৰ মাজেৰে পাৰ হৈ গৈছিল। আৰু এসময়ত সেই নিৰৱতা ভংগ কৰি নীৰুই কৈছিল, “চকু মুদাচোন।”
“কিয়?”
“মুদাচোন।” নীৰুই পুনৰ কৈছিল।
একান্ত বাধ্য ছাত্ৰৰ দৰে চকু দুটা মই মুদি দিছিলোঁ। ক্ষন্তেক পাছ্তে অনুভৱ কৰিছিলোঁ, নীৰুৰ মুখখ্ন যেন ক্ৰমশঃ মোৰ মুখৰ ওচৰ চাপি আহিছে। গালত অনুভৱ কৰিছিলোঁ তপত নিশ্বাসৰ স্পৰ্শ। চকুদুটা কিঞ্চিত ভাবে মেলি চাবলৈ চেষ্টা কৰিছিলোঁ। দেখিছিলোঁ, ধীৰে ধীৰে মোৰ ওঁঠৰ ওচৰ চাপি আহিছে অন্য দুটি ওঁঠ। নীৰুৰ ওঁঠ। খুব আলফুলে নীৰুৰ কোমল ওঁঠে স্পৰ্শ কৰিছিল মোৰ ওঁঠ। সেয়াই আছিল মোৰ জীৱনৰ কোনো নাৰীৰ প্ৰথম ওঁঠৰ স্পৰ্শ। এক মূহূৰ্ত। তাৰ পাছত অলপ আঁতৰলৈ গৈ থিয় হৈছিল নীৰু। আৰু লাজকুৰীয়া চাৱনিৰে মোৰ ফালে চাই কৈছিল, “আমাৰ প্ৰেমৰ প্ৰথম আৰু শেষ উপহাৰ।”
বাটত গাড়ীত বন্ধুৱে কৈছিল, ‘”তোক ককায়েকে কি কৈছে জান?”
“কি?” মই সুধিছিলোঁ।
“তাক প্ৰেম পত্ৰৰ সলনি গল্প- কবিতা লিখিবলৈ ক’বি।ভৱিষ্যত আছে । এদিন সাহিত্যিক হ’ব পাৰিব।”
মই হাঁহিছিলোঁ। সি পুনৰ সুধিছিল, “ক’চোন নীৰুৱে তোক কি ক’লে।”
নীৰুৱে কোৱা কথাখিনি তাক এফালৰ পৰা কৈ শেষ কৰিছিলোঁ। আনকি চুমা খোৱা কথাটোও বাদ নপৰিল।কিছুসময় মনে মনে বহি থাকি সি পুনৰ সুধিলে, “এটা কথা ক’চোন, আজি এই আহা-যোৱা বাবদ বাৰু তোৰ কিমান টকা খৰছ হ’ল?”
“এশ বাইশ টকা।” আঙুলিৰ মূৰত হিচাপ কৰি কৈছিলোঁ।
হঠাতে গাড়ীৰ আটাইবোৰ যাত্ৰীক আচৰিত কৰি সশব্দে সি হাঁহি দিছিল। আৰু হাঁহি হাঁহিয়ে কৈছিল, “এশ বাইশ টকীয়া চুমা! হাঁ হাঁ হাঁ
☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *