ফটাঢোল

‘কইনা মোৰ ….’-দিগন্ত কুমাৰ ভট্টাচাৰ্য

বহুতেই ভাবে, মই হেনো মেগনিফাইং গ্লাছ এযোৰ দুই চকুত লগাই লৈ যাওঁ ছোৱালী চাবলৈ গ’লে। ছোৱালী চোৱা মানে কইনা চাবলৈ যোৱাৰ কথা বুজাইছোঁ। সেই গ্লাছযুক্ত দুচকুৰ কাৰণেই হেনো মোৰ কোনো এগৰাকীকে পচন্দ নহয়। বহুতে ‘সি নো এনে কি ৰণবীৰ কাপুৰৰ দৰে ধুনীয়া যে আলিয়া ভাট এগৰাকী পাব’, ‘সি নো কি এনে অৰ্মত্য সেনৰ দৰে নোবেল বঁটা বিজয়ী পণ্ডিত যে যিজনীকে বিচাৰে, পাই যাব’ – এনেধৰণৰ মন্তব্য দিয়ে। মই নিৰৱে শুনি যাওঁ।

এবছৰমান আগতে মোৰ স্কুলৰে দিনৰ বন্ধু এজনক লগ পালোঁ। খা-খবৰ লোৱা-দিয়াৰ পাছত চকু ডাঙৰ কৰি সুধিলে-‘তই বিয়াখন পতাই নাই যে? বয়স কিমান হ’ল হিচাপ আছে?’

তাৰ কথা শুনি কাষতে থকা তাৰ ক্লাছ ছেভেনত পঢ়া ল’ৰাটোৱে ফিচিককৈ হাঁহিলে।

‘ছোৱালী পোৱা নাই ৰে বিচাৰি। কিবা নিমিলেই দেখোন’ – ক’লোঁ তাক।

‘এটা কাম কৰ। আজিকালিৰ ছোৱালীবোৰ আগৰ দৰে হৈ নাই। তই যদিও আজিকালিৰ নহয়, বিয়াখনতো আজিকালিৰ ছোৱালীৰ লগতেই পাতিবি না। এতিয়াৰ ছোৱালীবোৰ স্কুল-ক’লেজতে এংগেজড্। যিকেইজনী নহয়, ফেচবুকত বিচাৰি পাবি। ছিংগল কোনোবা ফেচবুকৰ পৰা সৰকি আহি তোলৈ ৰৈ থাকিব বুলি নাভাবিবি। সেয়ে তয়ো একাউন্ট এটা খুলি ল’।

‘এই ফেচবুক-তেচবুক ভাল নাপাওঁ। আৰু, ফেচবুকত কি মই বিজ্ঞাপন দিম নেকি যে ‘সদাশয় কোনোবাই বিবাহোপযুক্তা ছোৱালীৰ খবৰ দিয়ে যেন মোক’?

‘নালাগে, একাউন্ট খুলি এনেয়ে ‘ৰূপা কলিতা’ বা ‘শ্ৰুতি দত্ত’ চাৰ্চ মাৰিবি। পাবিয়েই ছিওৰ এজনী হ’লেও। সেই প্ৰ’ফাইলবোৰত গৈ অলপ ঘূৰা-ঘূৰি কৰিলেই মিনিটতে এশজনীৰ প্ৰ’ফাইল দেখা পাই যাবি। যদি ভাল লাগে, অলপ ষ্টাডি কৰি ল, বন্ধু হ, কথা পাত…বচ্ তেনেকৈ চাবি মিলি যাবই’।

বন্ধুৰ কথামতে, একাউন্ট খুলিলোঁ। বিচাৰিলোঁ। হয়, পালোঁও। মোৰ মনে বিচাৰি থকা এগৰাকীকে পালোঁ। ভাল প্ৰ’ফাইল, বেয়া একো নেদেখিলোঁ।

মাক ফোন কৰি ‘দুদিনমান বেলেগ ছোৱালীৰ খবৰ নিদিবা, এইবাৰ মই নিজে চাইছোঁ’ বুলি বুজাইও ক’লোঁ। আমি বন্ধু হ’লোঁ। মেছেজত হাই-হেল্লো চলিল। সকলো ঠিকেই আগবাঢ়িল। বজ্ৰপাত পৰিল ‘মাদাৰ্ছ ডে’ৰ দিনা।

‘লাভ ইউ মম’ বুলি তাই যিজনী মাকৰ লগৰ ফ’টো আপলোড কৰিলে, সেই ‘অনুপমা কলিতা’ মোৰ স্কুলৰ সহপাঠী আছিল। দশমমানত তাই এদিন মোক গোলাপ’ৰ ফুল এটাও টিউছনৰ বহীটোৰ মাজত সুমুৱাই দিছিল। বুৰ্বক আছিলোঁ বাবে ফুলটো পেলাই ‘পাতদুখিলাত লিখা কবিতাৰ ব্যাখ্যা দুটা চাল্লা ফুলটোৱে নষ্ট কৰিলে’ বুলি মাহজুৰি নমতাকৈ আছিলোঁ। হায়াৰ-ছেকেণ্ডাৰীত থাকোতেই তাই ইঞ্জিনিয়েৰ এজনৰ লগত পলাই গ’ল। প্ৰেম-মিলন এইবোৰ কি বস্তু মই বুজাৰ আগতেই তাইক এদিন কোলাত বাচ্ছাৰে সৈতে ৰিক্সাৰে গৈ থকা দেখিছিলোঁ। সেই বাচ্ছাটোৱেই ফেচবুকত মোৰ টোপনি হৰণ কৰাজনী। তাইক ব্ল’ক কৰাৰ বাহিৰে মোৰ আন উপায় নাছিল।

মাক ফোন কৰি ক’ব লগা হ’ল- এইজনী নহ’ল, তোমালোকে যি ভাল দেখা……!

এমাহ আগতে মামা এজনে দিয়া খবৰ মতে এগৰাকীক লগ কৰিবলৈ গৈছিলোঁ। ঘৰলৈ গৈ লুচী-মাংসৰে চাহ খাই কথা পতাতকৈ মই আন ঠাইত লগ কৰিবলৈয়ে ভাল পাওঁ। ফোন কৰি ছোৱালীজনীৰ কথামতেই নিৰ্দিষ্ট ৰেষ্টুৰেন্টখনলৈ গৈছিলোঁ। প্ৰথম দেখাতেই ভাল লাগিল। বাইদেউক ‘ভালেই দে’ বুলি হোৱেট্চ এপত লাইভ ক’মেন্টৰী আৰম্ভ কৰিলোঁ।

‘তোমাৰ হ’বী কি কি’ – সুধিলোঁ মই। তাইৰ উদাস দৃষ্টি, যেন ‘গান শুনি ভাল পাওঁ’ বুলি কোৱাৰ লগে লগে মই টেবুলৰ ওপৰত থিয় হৈ ‘দুলহন হম লে যায়েংগে’ ধৰণৰ গানহে ষ্টাৰ্ট কৰি দিম বুলি ভয় খাইছে।

‘খেল চোৱা? ক্ৰিকেট? ফুটবল? এই যে ৱৰ্ল্ড কাপ হৈ গ’ল ৰাছিয়াত’ – আকৌ সুধিলোঁ।

‘না, বেয়া পাও স্প’ৰ্টছ্’ – কথা পতাৰ ৰাস্তা বন্ধ কৰি দিলে তাই।

দেখিলোঁ তাই হামিয়াইছে। মোক সন্মুখত দেখি দেখি ভৱিষ্যতে সদায় যদি এনেকৈ হামিয়াই থাকিব লাগে, তাইৰ ধুনীয়া মুখখনৰ আকৃতিয়েই দেখোন সলনি হৈ যাব। মই সেইটো কথা ভাবিলোঁ। তাই বাৰে বাৰে ঘড়ী চাইছে।

‘তোমাক কিবা ডিষ্টাৰ্বড্ লাগিছে। ক’ফি-চাহ কিবা? অলপ ফ্ৰেছ লাগিব।’ – ক’লোঁ তাইক।

‘ক’ফি-চাহে যদি বাচ্ছা এব’ৰ্ট কৰিব পাৰে, প্লিজ আনক। মই সঁচাকৈয়ে ডিষ্টাৰ্বড্’।

মোৰ হাত-ভৰি কঁপি উঠিল।

‘মানে বুজা নাই মই’ – বুৰ্বকৰ দৰে ময়ো সুধিলোঁ।

‘চাওক, মোৰ আজি ডাক্তৰৰ এপ’ইন্টমেন্ট আছে। নহ’লে মই নাহিলোঁ হয় ঘৰৰপৰা। ৰিকি মানে মোৰ বয়ফ্ৰেইণ্ড, সি আহি আছে। ক্লিনিকত কিমান দেৰি লাগে, নাজানোঁ। বেছি দেৰি হ’লে ক’ম আপোনাৰ লগত ঘূৰিলোঁ, ফুৰিলোঁ। আপুনি বেয়া নাপাব। মই এতিয়া যাওঁ… বাই’।

‘ঐ নহ’ব দে এইবাৰো’ – বাইদেউক মেছেজ এটা ফোনটো ছুইট্চ অফ কৰি থলোঁ। বাইদেউহঁতৰ খং, ইমান ধুনীয়া ছোৱালী এজনীকো ৰিজেক্ট কৰি থৈ আহিলোঁ। মই আচলতে বিচাৰিছো কি!

বহুদিনলৈ চিনাকি মানুহবোৰে কোনো ছোৱালীৰ খবৰেই নিদিয়া হ’ল। দুদিন আগত মাই ফোন কৰিলে। মাহী এগৰাকীৰ ক’লেজীয়া বান্ধৱীৰ ছোৱালী এজনী আছে। বয়স আদিৰ পৰা হেনো যোৰাটো একদম পাৰ্ফেক্ট। চাকৰিও কৰে। দেখাতো ঠিক-ঠাক। গতিকে শুভস্য শীঘ্ৰম। সোনকালে গৈ ছোৱালীৰ লগত কথা পাতি অহাৰেই কথা। আগৰ ঘটনাটোৱে মনত সাঁচ বহুৱাই গৈছিল। সেয়ে এইবাৰ ফোনতে ছোৱালীৰ ফালৰ পৰা যে একো আপত্তি নাই, আগতীয়াকৈ জানি ল’লোঁ।

আজি সন্ধিয়া।

অশোকা ৰেষ্টুৰেন্টত বহি আছোঁ। কিছু দেৰি পাছত ছোৱালী এজনী সোমাই আহিল। আহিয়েই চুকত থকা ডাঙৰ পেইন্টিং এখনৰ সন্মুখলৈ গৈ মোবাইলটো উলিয়াই হাঁহি মাৰি ছেলফি ল’লে।

‘হ’ব কি নো। আজিকালি মা-আইতাৰ বয়সৰ মহিলাৰ বাহিৰে ছেলফি কোনেনো নলয়’ – এইবাৰ প্ৰথমৰে পৰা প’জিটিভ মন এটা লৈ বহি লৈছোঁ।

কথা পাতি বেয়া লগা নাই। মাজে মাজে ফে’চবুক খুলি লাইক-ক’মেন্ট কৰি গৈছে। একো কথা নাই। কোনেনো ফেচবুক নকৰে আজিকালি। মই প’জিটিভ।

‘গান শুনে? মানে শুনা?’

‘হয়। ভাল লাগে গান শুনি মোৰ’ – তাই হাঁহি হাঁহি ক’লে।

‘গোৱা নেকি?’ – পৰিৱেশটো অলপ মিহি-নিমজ কৰিবলৈ হেনো মিঠা কথাৰ খুবেই প্ৰয়োজন।

‘গাওঁ গাওঁ। দুটামান ফেচবুকতে দিছোঁ। বাট, আই এম জাষ্ট লাইক এ বাথৰুম ছিংগাৰ’ – হাঁহিলে তাই।

‘কি গোৱা? জুবিন, পাপন? নে লতা মংগেছকাৰ?’

‘না…এনৰিক মোৰ ফেভৰিট। ছাকিৰাৰ দুটামান ভাল লাগে।’

হওক, ইংলিছ গান বহুতেই ভাল পায়। কি নো বেয়া কথা!

তাই আকৌ মোবাইলটো খুলি লয়। হাঁহে। কিবাকিবি টাইপ কৰে। চকুৱে হাঁহে।

ময়ো মোবাইলটো খুলি বাইদেউক মেছেজ এটা দি দিলোঁ- প্ৰায় কনফাৰ্মড্ দে এইবাৰ! লগতে সন্তুষ্টিৰ স্মাইলী এটা।

ফেচবুকৰ তাইৰ প্ৰ’ফাইলটো খুলিবলৈ মোৰ মন গ’ল। প্ৰ’ফাইল এটা অলপ দেৰি ষ্টাডি কৰিলে মানুহগৰাকীৰ বিষয়ে সম্যক ধাৰণা এটা সহজেই পাব পাৰি।

‘কালি তোমাৰ প্ৰ’ফাইলটো বিচাৰিছিলোঁ ফেচবুকত। নাপালোঁ।’

‘এহ হয় নেকি? কালিয়েই ক’ব লাগিছিল, লিংকটো দি দিলোঁহেঁতেন’।

‘নাই প্ৰথমে বিচাৰিলোঁ নিজেই। কিছুমান কাম নিজে কৰি পালেও ভাল লাগে নহয়! তোমাৰ ‘হেমা বৰা’ নামৰ প্ৰ’ফাইল কিন্তু নাপালোঁ। কিয় বা’

‘আচ্ছা! আপুনি মোৰ নামেৰে বিচাৰিছিল?’ – মিচিকিয়া হাঁহিৰে তাই লাজ লাজকৈ কৈ গ’ল-‘ফেচবুকত মানে মোক সকলোৱে ‘ট্ৰিপল H’ বা ‘H3’ বুলিয়েই জানে। মোৰ প্ৰ’ফাইল নামটো অলপ ‘আনকমন’ -Hot N Honey Hema!’

মই কল্পনা কৰিলোঁ। বিয়াৰ পাছত ফেচবুকত মই লিখিম, ষ্টেটাছ দিম – Budhindra Deka- married to Hot N Honey Hema! কেনেকুৱা দেখিব!

সেইসময়তে মাহীৰ ফোন আহিল – ‘বুধিন, কেনে দেখিলি?’

মই মনে মনে ৰ’লোঁ। ধোঁৱা ওলাই থকা ক’ফিকাপৰ দৰে ‘গৰম’ আৰু ভিন্ন ৰঙী ‘পেষ্ট্ৰি’টোৰ দৰে অতি ‘মিঠা’ হেমাৰ আগত মইনো কি ক’ম!

*****

16 Comments

  • Rintumoni Dutta

    কি কম আৰু দিগন্ত। তোমাৰ লিখন-শৈলীৰ এক সুকীয়া আমেজ আছে। সেইয়ে তুমি মোৰ অন্যতম প্ৰিয় লিখক

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অতি সাম্প্ৰতিক সময়ৰ সত্য কথা। আজিকালি কোনেও মুখামুখি কথা নাপাতে, মুখপুথিত হে কথা কয়।

    Reply
  • শঙ্কৰ জ্যোতি বৰা

    কৃষ্ণহে বুলিলো৷তামাম৷

    Reply
  • তোমাৰ প্ৰতিটো লেখাৰে এক সুকীয়া মাদকতা আছে। আজিও ব্যতিক্ৰম নহ’ল। বৰ ভাল পালোঁ।

    Reply
  • ভাল লাগিল

    Reply
  • ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    হট এণ্ড হাণী হেমা! উফ! তামাম লাগিল দিগন্ত!

    Reply
  • parishmita

    হাঃহাঃহাঃ তামাম লাগিল দিগন্তদা। হট এণ্ড হানী হেমা।

    Reply
  • Manisha Kakati

    ‘Hot and Honey’টোৱে গণ্ডগোল লগাই দিলে। এনেয়ে ‘বুধিন মেৰিদ টু হেমা’ — কি সুন্দৰ লাগিলহেতেঁন!

    Reply
  • গীতালি

    হা হা হা, খুব ভাল লাগিল পঢ়ি

    Reply
  • parishmita

    হাঃহাঃহাঃ হট এণ্ড হানী মজ্জা লাগিল দিগন্তদা।

    Reply
  • Nayan Dev Choudhury

    মজা লাগিল!

    Reply
  • গীতিকা শইকীয়া

    কি যে ভাল লাগিল পঢ়ি! খুব সহজতে বহু কথা কৈ দিব পাৰে। বৰ সুন্দৰ গল্প।

    Reply
  • ছয়নিকা বৈশ্য

    ট্ৰিপল H .. হা হা হা ??

    Reply
  • অভিজিত কলিতা

    বঢ়িয়া। বহুত হাঁহিলো। 🙂

    Reply
  • Jayanta das

    মজা লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *