ফটাঢোল

ও মামা তুমি গান নাগাবা – নবজিৎ বৈশ্য

এইখন সংগীতৰ দেশ৷ ইয়াত স্বয়ং ভগৱানো “বাঁসুৰীৱালা” ৷ তো আমাৰ দৰে কুকুৰ ধূলি কোন কূটা ? মেনুফেক্‌চাৰাৰেই মিউজিচ্যান ! আমি জন্মসূত্ৰেই সঙ্গীতপ্ৰেমী!  উস্তাদ বিচমিল্লা খাঁই যমুনাৰ পাৰত, মঙ্গলা মেইয়াৰ মন্দিৰত প্ৰেক্টিচ কৰিছিল৷ আমাৰ বাবে বাথৰুমেই যমুনাৰ তীৰ! গান শুনিব জনাৰ দিন ধৰি বাথৰুমত ৰেয়াজ কৰি আহিছো৷নিজৰ গান শুনি নিজেই মেচ্‌মেৰাইজ্‌ড্‌ হৈছোঁ৷ নিজৰ পিঠিত নিজেই থপৰিয়াই কৈছো “বেটা চোড়না মত! তেৰা লগাউ একদিন জৰুৰ ৰং লায়েগা!” সঁচাই এদিন সেই ভৱিষ্যবাণী ফলিয়ালে৷ তাকেই বোলো ৰাইজক জনাওঁ৷ কলিকলীয়া মানুহ! নিজৰ ঢোল নিজেই বজাব লাগিব৷অতএৱ শুনক সেই ঐতিহাসিক ক্ষণৰ বৰ্ণনা৷

 টিডিচি পাৰ্ট ৱান দি গুৱাহাটীৰ বাইদেউৰ ঘৰলৈ গ’লো৷ বাইদেউৰ তিনিওটা ল’ৰা- ছোৱালী তেতিয়া সৰু৷ ৰাতিৰ সাঁজৰ বাবে ভিনদেৱে মাংস আনিলে৷ লোকেল মুৰ্গী৷ খুলশালীয়েকৰ প্ৰিয় যে!ৰাতি বাইদেৱে ভাত বনাবলৈ যোৱাৰ আগতে কোলাৰটোক শুৱাই থ’লে৷ ডাঙৰটোক মই ইংৰাজী শিকালো৷ দ্বিতীয়টো নোশোৱেহে নোশোৱে৷ মাককো নেৰে৷ বাইদেৱে তাক মোৰ কোলাত দি বোলে-   “ভাত খাৱ যদি ইয়াক ৰাখ৷” ময়ো তাক কোলাত লৈ ইমান দিনৰ সাধনাৰে আৰ্জিত সংগীত-যাদু প্ৰয়োগ কৰি তাক কাবু কৰাৰ প্লেন ল’লো৷ তানসেনে বৰষুণ নমাব পাৰিছিল, জুই জ্বলাব পাৰিছিল;মইনো এই পেন্দুকনাটোক মেনেজ কৰিব নোৱাৰিম নে!

তাক কোলাত তুলি মূৰতো কান্ধত পেলাই লৈ ইফাল-সিফাল কৰিবলৈ আৰম্ভ কৰিলো আৰু মোৰ ইমান দিনৰ সাধনালব্ধ সংগীতেৰে তাক চকুৰ পচাৰতে কাবু কৰাৰ সিদ্ধান্ত বাস্তৱায়িত কৰাৰ অভিযান আৰম্ভ কৰিলো৷

যেই মই গান আৰম্ভ কৰিলো সেই তাৰ কান্দোন বন্ধ! শান্ত হৈ মোৰ কান্ধত মূৰ পেলাই শুই থকা দেৱশিশুটিয়ে মোক যেন মোৰ সাধনাত সিদ্ধি লাভ কৰাৰ চাৰ্টিফিকেটখনহে দিলে! মই এনেকুৱা এক স্বৰ্গীয় প্ৰেৰণা লাভ কৰিলো যে গানবোৰ মোৰ মুখেৰে পেটচলা বেমাৰীৰ দৰে অনৰ্গল নিৰ্গত হ’বলৈ ধৰিলে৷  আপোনপাহৰা হৈ মই জিতুল-জুবিনৰ পৰা গোলাম আলী খাঁৰ গজললৈকে সৱ এফালৰ পৰা গাই গৈছো৷ এৰা!সংঙ্গীতৰ মহত্ব ! আমাৰ দৰে সাধকৰ বাহিৰে কোনে বুজিব!

হঠাৎ (মোৰ কৰ্ণ-কুহৰত) যেন আকাশবাণীহে হ’ল- “ও মামা তুমি গান নাগাবা!”

আও! এয়াচোন মোৰ কান্ধত মূৰ পেলাই নিদ্ৰাত ঢলি পৰা ভাগিনটোৰ ফুটো-নুফুটো মাত! এৰা! দেৱশিশুবোৰৰ মন পৰম পবিত্ৰ! সিহঁতে আচলতে সৱ বুজে৷ সংগীতৰ মহত্ব সিও বুজিছে৷ আত্মবিভোৰ অৱস্থাত গান গাওঁতে মোৰ কিমান কষ্ট হৈছে সি তাৰ সৰল দৈৱত্বৰে অনুধাৱন কৰিছে নিশ্চয়! মই তেতিয়া সঙ্গীত-সমূদ্ৰৰ গভীৰত মণি-মুকুটাৰ সন্ধানত ব্যস্ত৷ তথাপি কিবা ঐশ্বৰিক তাগিদাতেই তাক সুধিলো- “কিয় বাবা?”

সি বোলে…..

.

.

.

.

.

“মোৰ ভয় লাগে!”

☆★☆★☆

One comment

  • মৃদুল শইকীয়া

    ভাগিনৰ বাবে ভয়ংকৰ আপোনাৰ সংগীতৰ বৰ্ণনা পঢ়ি বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *