ফটাঢোল

বিভিন্নজনৰ একলম – বন্দিতা গগৈ বৰা

প্ৰথমেই ‘ফটা ঢোল’ আলোচনীখনৰ বৰ্ষপূতিৰ বাবে ‘ফটা ঢোল’ আলোচনীৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে আলোচনীখন সম্পৰ্কে নিৰপেক্ষ মতামত এটি আগবঢ়াবলৈ সুযোগ দিয়াৰ বাবে সম্পাদনাৰ সৈতে জড়িত প্ৰতিজনলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই যান্ত্ৰিকতাৰ যুগত আৰু ব্যস্ততাৰে ভৰা জীৱনত মোৰ দৰে বহুজনকেই ‘ফটা ঢোল’ আলোচনীখনে অলপ হ’লেও হাঁহিৰ খোৰাক যোগাইছে বুলি মোৰ সম্পূৰ্ণ আস্থা আছে। আলোচনীখনৰ সকলোকেইটা ভাগেই মন পৰশা হয় তাক নুই কৰিব নোৱাৰি। সম্পাদককে ধৰি সম্পাদনাৰ সৈতে জড়িত প্ৰতিজনে বৰ কষ্টৰে যে আলোচনীখন আমাৰ আগলৈ আগবঢ়াই দিয়ে তাক নুই কৰিব নোৱাৰি। এই কষ্টৰে প্ৰকাশ কৰা আলোচনীখন কিমানজনে পঢ়ে সেইটোৰ ওপৰতেই কিন্তু সম্পাদনাৰ সৈতে জড়িত সকলৰ কষ্টৰ সাৰ্থকতাটো যুক্ত হৈ থাকে। আলোচনী এখন প্ৰকাশ হ’লেই নহ’ব তাক পাঠকৰ কাষলৈ লৈ যাবও লাগিব। ফটা ঢোল গোটত থকা সদস্যৰ সংখ্যা লেখত ল’বলগীয়া, সেই প্ৰতিজনেই আলোচনীখন পঢ়েনে বা পঢ়ি উঠি বেলেগকো পঢ়িবলৈ কয়নে সেইটো জনাটো আলোচনীৰ লগত জড়িত সকলে সম্পূৰ্ণকৈ নহ’লেও অলপ হ’লেও জনাটো আৱশ্যক। ইয়াৰ বাবে তেখেতসকলে গোটতে আলোচনীখন প্ৰকাশ হৈ উঠাৰ পাছত মতামতৰ এটা ব্যৱস্থা ৰখা উচিত। আকৌ ব্যক্তিগতভাবে ইজন সদস্যই সিজনক বাৰ্তাবাকছত বাৰ্তা দি পঢ়িবলৈ উৎসাহ জনোৱাটোও পাৰিলে কৰিব লাগে। আলোচনীখনৰ সকলো বিভাগ ভালেই লাগে। কেৱল একেজন লিখকৰ দুই তিনিটা লেখা প্ৰকাশ নকৰি নতুন সকলৰ লেখা প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে। গোটৰ পৰা ভাল ভাল লেখা সমূহ বাচনি কৰি সেই সমূহ প্ৰকাশৰ ব্যৱস্থা কৰিব লাগে। আলোচনীখনৰ বানানসমূহ আগৰ দুই এটা খণ্ডতকৈ শেহতীয়া খণ্ডসমূহত যথেষ্ট শুদ্ধ হোৱা পৰিলক্ষিত হৈছে, এইটো বৰ ভালকথা।

শেষত ইয়াকে কওঁ, নতুন চামৰ দুই/তিনিজনক যুটীয়া ভাবে সম্পাদক হিচাবে লৈ আলোচনীখন প্ৰকাশৰ ব্যৱস্থা কৰিলে নতুন সকল উৎসাহিত হ’ব তথা আলোচনীখনলৈ গুৰুত্ব দিব বুলি মোৰ ধাৰণা।

শেষত ‘ফটা ঢোল’ আলোচনীৰ দীৰ্ঘায়ু কামনা কৰিলো। ধন্যবাদ।

☆★☆★☆

5 Comments

  • অবিনাশ

    সুন্দৰ মন্তব্য ৷

    Reply
  • Rintumoni Dutta

    অশেষ ব্যস্ততাৰ মাজতো সময় উলিয়াই মতামতটোৰ বাবে অশেষ ধন্যবাদ বন্দিতা

    Reply
  • পৰিস্মীতা

    আপোনাৰ বহুমূলীয়া উপদেশ সহিত সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ।

    Reply
  • পৰামৰ্শ আৰু মন্তব্যৰ বাবে অশেষ ধন্যবাদ বন্দিতা।

    Reply
  • হেমন্ত কাকতি

    বন্দিতা, তোমাৰ মতামতটো গুৰুত্ব সহকাৰে আলোচনা কৰিম বুলি কথা দিলোঁ৷

    মন্তব্যৰ বাবে ধন্যবাদ ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *