আইআইটিৰ অধ্যাপক, ইংৰাজী আৰু মই – ধৰিত্ৰী শৰণীয়া
লটিঘটি আৰু মই! এটা মুদ্ৰাৰ যেন দুটা পিঠি। লটিঘটিয়ে মোক নেৰে নে মই লটিঘটিৰ পিছ নেৰোঁ ভগৱানেহে জানে। কোনোবাদিন যদি বাছত পাৰ্ছ পেলাই বিপদত পৰিছোঁ, কোনোদিন হয়তো ঘৰলৈ আহি চাবিৰ গাঠটো(য’ত মোৰ স্কুটি,ৰূম,স্কুল সকলোৰে চাবি থাকে) ঘৰত এৰি থৈ ৩০০ টকা ওপৰুৱাকে ভৰি অটো ভাড়া কৰি স্কুললৈ গৈ আকৌ চাবি আনিবলৈ প্ৰায় ১০০ কি:মি: বাট উভটি আহিব লগা হৈছে। মই লিখিব লোৱা ঘটনাটো মোক ইংৰাজীয়ে জ্বলা-কলা কৰা ঘটনাবোৰৰ মাজৰ এটা। মোৰ ইংৰাজী মানে গৌৰৱ গগৈৰ অসমীয়াৰ দৰে। এই ইংৰাজীয়ে এবাৰ আইআইটি ৰ অধ্যাপক এজনৰ সন্মুখত মোক বাৰ বজাই দিছিল।
ঘটনাটো বিশ্ববিদ্যালয়ত আইন পঢ়ি থকা সময়ৰ। সেইসময়ত মোৰ ৰূমমেট পনি আছিল আছিল মোৰ ছাঁ। ইজনীয়ে সিজনীক এৰি থকাৰ কথা ভাৱিবও পৰা নাছিলোঁ। দুয়ো বান্ধৱী লগহৈ মাজে মাজে চাকৰিৰ বাবে ইণ্টাৰভিউ দি থাকোঁ। তেনে সময়তেই ওলাল আইআইটি ৰ কাৰ্যালয়ৰ নিম্নবৰ্গৰ সহায়িকা পষ্টৰ বিজ্ঞাপন। প্ৰ-পত্ৰ জমা দিব লাগিব আইআইটি ৰ কাৰ্যালয়ত। সেয়ে দুয়ো এদিন ওলালোঁ আইআইটি অভিমুখে। আইআইটিৰ চাকৰিৰ লোভত প্ৰখৰ ৰ’দত সিজি সিজি দুয়োৰে পদযাত্ৰা। আইআইটি পাইহে দুয়োৰে লাগিল হাঁহাকাৰ, গোটেই বিল্ডিংবোৰ দেখোন একেই! আক-তাক সুধি কিবাকৈ কাৰ্যালয় পালোঁগৈ। তাত গৈহে পনিৰ মুখৰ মাত হৰিল। তাইৰ চাৰ্টিফিকেটবোৰ ‘এটেষ্টেড’ কৰা হোৱা নাই! উপায়বিহীন হৈ দুয়ো আইআইটিৰ প্ৰফেচৰ এজনৰ কেবিনৰ সন্মুখত হাজিৰ হ’লো। নাম জনৈক ড° তিৱাৰী ….নামৰ পিছত এগালমান ডিগ্ৰী। তেখেতৰ কেবিনৰ দুৱাৰখনো বন্ধ। কি কৰিম কি নকৰিম বুলি ভাৱি থাকোতেই পোন্ধৰ মিনিটমান সময় পাৰ হৈ গ’ল। পনিয়ে বোলে,
“কেনেকৈ সোমাৱ সোমা এতিয়া?ইউনিভাৰ্চিটিত পৰ্দা দাঙি দাঙি চাই ফুৰিছিলি নহয় পাইছনে মজা?”
তথাপি বুকুত সাহস গোটাই লাহেকৈ দুৱাৰখন ঠেলি দিলোঁ আৰু দুৱাৰখন খোল খাই গ’ল।ভিতৰত থকা প্ৰফেচৰজনে মূৰ তুলি চোৱাত লাহেকৈ “মে আই কাম ইন ছাৰ?” বুলি মাত লগালোঁ।
তেখেতে”য়েচ কাম ইন” বোলাত সাহস পাই ভিতৰলৈ সোমাই গ’লো, হাতত পনিৰ চাৰ্টিফিকেটবোৰ। তাই বদমাছে মোক আগত পঠাই নিজে বাহিৰতে ৰৈ দিলে, মই তাইক এতিয়া মাতিবও নোৱাৰোঁ। অগত্যা ময়েই পনি হৈ তেখেতৰ মুখামুখি হ’ব লগা হ’ল। এইবাৰহে মোৰ আচল পৰীক্ষা আৰম্ভ হ’ল। মহাশয়ে দেখোন ইংৰাজীতে কথা আৰম্ভ কৰিলে আৰু এইফালে ইংৰাজীত শিয়াল পণ্ডিত মোৰ “ফাট মেলা বসুমতী পাতালে লুকাও” অৱস্থা। বাহিৰৰ প্ৰচণ্ড গৰমে মোক যি কৰিব পৰা নাছিল মহাশয়ে মোক পোন্ধৰ মিনিটতে কৰিলে। কিবাকৈ বুজালো যে মই আইআইটি ৰ সহায়িকা পষ্টৰ বাবে প্ৰ-পত্ৰ জমা দিব আহিছো, তেখেতে মোৰ চাৰ্টিফিকেটখিনিত ‘এটেষ্টেড’ কৰি দিব লাগে। মই যিমানে সোনকালে পাৰো তাৰ পৰা বাহিৰ ওলাব বিচাৰি থাকিলোঁ, মহাশয়ৰ দেখোন মোক কথা সোধাৰ কোব সিমানে চৰিল! তেখেতে বৰ্তমান মই কি কৰি আছোঁ বুলি সোধাত ক’লো যে …”মই স্নাতক, আৰু বৰ্তমান ঘৰত এনেয়ে আছোঁ”। লাজতে ভুলতো আইনৰ ছাত্ৰী বুলি নক’লো। মইবা কি ইংৰাজী ক’লো আৰু তেখেতেবা কি বুজিলে নাজানো, মুঠৰ ওপৰত মহাশয়ৰ লগত তামাম ইংৰাজীত কথা পাতিলোঁ শেষত ‘এটেষ্টেড’ কৰি তাৰ পৰা কিবাকৈ ওলাই আহি স্বস্তিৰ নিশ্বাস ত্যাগ কৰিলোঁ। বাহিৰ ওলাই দেখিলোঁ জ্বলা জুইত ঘি ঢালিবলৈ পনিৰ মুখত মিচিক-মাচাক হাঁহি। বোলে “তই দেখোন তামাম ইংৰাজীত কথা পাতিলি অ!”
খঙত একো নাই হৈ তাইক গালি পাৰি থাকিলোঁ আৰু তাই হাঁহি থাকিল। দিনটো ৰ’দ আৰু ইংৰাজীৰ লগত লটিঘটি হৈ কিবাকৈ প্ৰ-পত্ৰ জমা দি আৰু আইআইটিক বাই বাই দি গুচি আহিলোঁ।
☆★☆★☆
1:33 pm
ইউনিভাৰ্ছিটিত পৰ্দা দাঙি চোৱা মজা পালে। ভাল লাগিল।
6:53 pm
ধুনীয়া লটিঘটি।
8:18 pm
এনকৈ ইংৰাজী কোৱাৰ পাছত নিজৰে মনত নাথাকে কিনো পাতিলো বুলি, নহয়নে?
পঢ়ি ভাল লাগিল।
9:43 pm
ভাল লাগিল পঢ়ি। লটিঘতিয়ে তেন্তে ঘটিয়ে ঘটিয়ে পানী খুৱাই থাকে ন। সুন্দৰ।
1:22 am
বঢ়িয়া লটিঘটি, প্ৰকাশ মজা হৈছে