ফটাঢোল

নাম বিভ্ৰান্তি – কাজল প্ৰীয়া

প্ৰখৰ ৰ’দ। ৰ’দত ৰৈ ৰৈ পিঠিখন গৰম অঙঠাত সেকুতে চেলেকা চুবিয়া হৈ বখলা বখল হোৱা পাপৰ খনৰ নিচিনা হল। ঠেং দুটাইও গ্লুকোজ খাওঁ বুলি আন্দোলন কৰি আছে, চিধা নহয় হে নহয়। কিবা দেখোন জ্যামিতি বাকচটোৰ কোণ কেইটাৰ নিচিনা ভাঁজ লয়! ধুই চাল্লা এইটো আৰু জীৱন হ’ল নে?
অৱশেষত মোৰ যত সব যন্ত্ৰণাৰ ওৰ পেলাই বুক কৰি থোৱা উবেৰ খন আহিল। মইও হাতেৰে  স্বৰ্গ ঢুকি পোৱা যেন পালো। জাপমাৰি পিছৰ  চিটত ঠেং মেলি আৰামত বহিলো, আহ কি ধুনীয়া জীৱনটো!
পিছে মোৰ এই বিলাস বেছি সময় নিটিকিল। অলপ পিছতেই এহালি প্ৰেমিক পক্ষী আহি বাকী থকা জেগাকণ বন্দী কৰিলেহি। হাতত হাত থৈ প্ৰেমালাপ কৰি তেওঁলোকৰ নিজৰ মাজতে ইমান ব্যস্ত হৈ গ’ল যে মই তাত আছোনে নাই মোৰ নিজৰেই সন্দেহ হল!!
অৱশেষত প্ৰেমিকৰ নমাৰ পাল আহিল। পাৰিলে বেচেৰাই হেঙুন বোৱাই যেন এসোঁতা কান্দিবহে। ছোৱালীয়েও বেগত সোমোৱাই থোৱা গিফ্ট এটা উলিয়াই দি ল’ৰাটোক বাৰ্থদে উইছ কৰিলে। মই বোলো মনতে,” আও, আজি মানে বাপুৰ ওপজা দিন! “
বেচেৰা চুচুক চামাককৈ গাড়ীৰ পৰা নামি গ’ল। এইবাৰ আহিল আইদেউৰ পাল। হাতৰ মোবাইল পিটিকি পিটিকি এগালমান চেল্ফি উলিয়ালে নামি যোৱা ল’ৰাটোৰ লগত উঠা। তাৰে একপি বিউটি আপত চোচি মাজি চিকচিকিয়া কৰি হোৱাটচাপত আপলোড কৰিলে, কেপচন দিলে ” হেপ্পী বাৰ্থদে ব্র”
মইতো আৰ চকুৰে চাই অবাকটেড! অলপ আগৰ লিলিমাই বোৰ কি আছিল তেন্তে!! মই চকু মুখ ডাঙৰকৈ মেলি থাকোতেই তাই নামিবৰ হ’ল। তাই পইছাটো দিবলৈ লওঁতে মোৰ মোবাইললৈও নটিফিকেচন আহিল।  “পুলিং উইথ ব্ৰজেন”
মই চৰ্চৰণি খালো! হে হৰি, মৰতী জনীয়ে চৰ্তকাট মাৰি ব্ৰজেনক ব্র’ কৰি থলে।
☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *