ফটাঢোল

বিভিন্নজনৰ একলম – ৰক্তাভ কুমাৰ

এইয়া মোৰ কাৰণে মাত্ৰ এটা গোটৰ নাম নহয়; মোৰ দৈনন্দিন জীৱনৰ এটা অপৰিহাৰ্য অংশ। যান্ত্রিকতাৰ এই যুগত, নিৰ্ভেজাল হাঁহি-ধেমালিৰ পৰা বহু আঁতৰত থকা সময়ত কিছুসংখ্যক শুদ্ধ অন্তৰৰ মানুহৰ মাজত যোৱা কেইটামান মাহ ধৰি অন্তৰ খুলি হাঁহিছো আৰু হঁহুৱাব চেষ্টা কৰিছোঁ একমাত্ৰ এই গোটটোৰ বদান্যতাত। চাওঁতে চাওঁতে এই গোটটোৰ সৈতে একাত্মীয়তা ইমানেই বাঢ়ি গৈছে যে দিনত এবাৰ নহয় বাৰে বাৰে আপাতভাৱে হ’লেও গোটৰ মানুহখিনিৰ সান্নিধ্য লাভ কৰিব মন যায়, কথা পাতিব মন যায়। গোটৰ ধেমেলীয়া পোষ্টবোৰৰ আঁৰত থকা অকৃত্ৰিম মৰমবোৰ তথা সেই মৰমৰ আধাৰত গঢ়ি উঠা চেনেহৰ সম্পৰ্কবোৰ এতিয়ালৈকে মোৰ জীৱনত লাভ কৰা প্ৰাপ্তিবোৰৰ ভিতৰত নিঃসন্দেহে এটা বৃহৎ প্ৰাপ্তি। “ফটা ঢোল” গোটৰ ফালৰ পৰা মাহেকীয়াভাৱে প্ৰকাশ কৰা নামভিত্তিক অনলাইন আলোচনীখন এই গোটটোৰ মেৰুদণ্ডস্বৰূপ বুলি মই ভাবোঁ। হাঁহি-ধেমালিৰ চলেৰে সমূহৰ নীৰস জীৱনটোক কিছু পৰিমানে ৰসাল কৰি তোলাত আৰু অসমীয়া ভাষাৰ অস্তিত্বৰ সংকটৰ সময়ত অসমীয়া ভাষাটোক তথ্য-প্ৰযুক্তিৰ মাধ্যমৰ সহায়ত এটা মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ” ফটাঢোল ” শীৰ্ষক আলোচনীখনে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে যিটোক লৈ ফটা ঢোল গোটৰ এজন সক্ৰিয় সদস্য হিচাপে মই গৰ্বিত।
শেষত গোটৰ প্ৰতিজন সদস্যলৈ বৰ্ষপূৰ্তিৰ অভিনন্দন জনাইছোঁ আৰু ” ফটা ঢোল ” ই- আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিছো।
জয়তু ফটাঢোল।

☆★☆★☆

2 Comments

  • উত্তৰা

    একমত ৰক্তাভ।

    Reply
  • হেমন্ত কাকতি

    মতামতৰ বাবে ধন্যবাদ ৰক্তাভ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *