ফটাঢোল

এই সংখ্যাৰ আঁৰৰ কথা

২০১৭ ৰ মে’ জুন মাহৰ কোনোবা এটা সন্ধিয়া৷ আমাৰ হাস্য-ব্যংগ আলোচনী ফটাঢোলৰ জন্ম লগ্নৰ আগৰ সময়খিনি৷ এতিয়াও পাহৰিব পৰা নাই৷ অৱশেষত সেই মধুৰতম ক্ষনটো আহিছিল যিদিনা ফটাঢোল নামৰ হাস্য-ব্যংগ গোটটোৰ প্ৰশাসক সকলে মিলি অনলাইন মেগাজিন এখন উলিয়াবলৈ ডমেইন আৰু হোষ্টিং কিনি ৱৰ্ডপ্ৰেছত গোটৰ পৰা বছা বছা লিখা সমূহ তুলি দি আলোচনীখনৰ জন্ম দিছিল৷ সৌভাগ্যক্ৰমে প্ৰথম সম্পাদক জনো মোকেই ৰাইজে নিৰ্বাচিত কৰিছিল, যদিও আমি প্ৰথম সংখ্যাটো সম্পাদনা কৰিবলৈ অভিজ্ঞ হিচাবে ভাতৃপ্ৰতিম অভিজিত কলিতাক বিছাৰিছিলোঁ৷ অভিজিতৰ ব্যস্ততাৰ অজুহাতত ৰাইজে এই অধমকেই হেঁচা মাৰি ধৰাত না কব নোৱাৰিলোঁ৷ তাৰ পিচত এজন এজনকৈ বাৰজন সম্পাদকে নিয়াৰিকৈ মাহে মাহে সংখ্যাবোৰক যিটো গতি প্ৰদান কৰিলে আমি থমকি ৰ’ব লগা নহ’ল৷ অলপ অচৰপ সৰু-সুৰা সমস্যাত নপৰা নহয় যদিও কেইজনমান সদস্যৰ নিৰৱচ্ছিন্ন অধ্যৱসায় আৰু আলোচনীখন আগবঢ়াই নিয়াৰ অদম্য হেঁপাহে সকলো বাধা- বিঘিনি অতিক্ৰম কৰিবলৈ উৎসাহ যোগালে৷ যোৱা বছৰটোত ৰাইজে জনোৱা অভূতপূৰ্ব সঁহাৰি আৰু প্ৰেৰণাৰ ফলশ্ৰুতিতে ই-মেগাজিন খনে হেলাৰঙে সম্পূৰ্ণ এটা বছৰ অতিক্ৰম কৰিলে৷ এইবেলি আহাৰৰ এদিন দুপৰীয়া ৰিণ্টুমনি দত্ত, দেৱজিত শইকীয়াহঁতে কি জানো মেল পাতিলে- পুনৰ মোক জনোৱা হ’ল যে বৰ্ষপূৰ্তি সংখ্যা হিচাবে এইবাৰ মুখ্য সম্পাদনাৰ দায়িত্বভাৰ মই ল’ব লাগে৷ চাকৰি আৰু ঘৰ দুয়োফালেই যথেষ্ঠ ব্যস্ততাৰ সময় আছিল এইখিনি সময়৷ দিন-কাল, গ্ৰহ-নক্ষত্ৰ সকলো মোৰ বিপক্ষে ওভতগোৰে নাচি তাচ্ছিল্য কৰা সময় আছিল কিছুদিন৷ মই পলোৱাৰ বাট বিছাৰি হাবাথুৰি খাইছিলোঁ৷ কিন্তু পৰী পাৰবীন, গীতিকা, চবিনা, জীমনি, পৰিস্মীতা, মৌচুমী, ঋতুপৰ্ণা হঁতৰ দৰে ভন্টী আৰু অভিজিত, বিজয়, দেৱজিত,ৰিণ্টু, বিকাশ, সঞ্জীৱ, সোনটো আৰু দিম্পল হঁতৰ মৰমৰ অত্যাচাৰত বান্ধ খালোঁ৷ প্ৰায় সকলোৱে সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিয়াত বৰ্ষপূৰ্তি সংখ্যাটো সম্পাদনা কৰিম বুলি দায়বদ্ধ হলোঁ৷ আলোচনীখনৰ চিফ এক্সিকিউটিভ অফিচাৰ ৰিন্টুমনি দত্তই শিতানবোৰ ভাগ কৰি গোটৰ প্ৰাক্তন সম্পাদক সকলক নিজৰ নিজৰ দায়িত্বসমূহ বিতৰণ কৰিলে৷ মাজে মাজে প্ৰনীতা গোস্বামী বৰঠাকুৰ মেডামে গোটৰ পৰা প্ৰকাশযোগ্য লিখাবোৰ আমাক আঙুলিয়াই দি থাকিল, তাৰ বাবে তেখেতৰ ওচৰতো কৃতজ্ঞ৷ কামৰ মাজেমাজে অহৰ্নিশে হাস্যৰসৰ যোগান ধৰি থকা ভাইটী বিজয় মহন্তলৈও অশেষ ধন্যবাদ। ৱেবচাইটৰ বাবে পচন্দ হোৱা ফটো কেইখনমান ললো ফটোগ্ৰাফাৰ ভাইটী মাধৱ দাসৰ পৰা। তেওঁলৈও অশেষ ধন্যবাদ থাকিল। শেষ মুহুৰ্তত সম্পাদকীয়টোত চকু ফুৰোৱা বাবে অভিজিত আৰু পৰীলৈ আকৌ বহুত ধন্যবাদ। সদৌ শেষত ফটাপ্ৰশ্নখিনিৰ উত্তৰসমূহ যুগুতাই দিয়াৰ বাবে ফটহুকাইলৈ আৰু আলোচনীখনৰ গুৰিৰে পৰা প্ৰকাশৰ অন্তিম মুহুৰ্তলৈ নিৰৱচ্ছিন্ন ভাবে মোক সহায় কৰা ভাতৃপ্ৰতীম ৰিণ্টুমনি দত্তলৈ ….এহ, নকওঁ, বেলেগ বস্তু এটা ৰাখিছোঁ।

এতিয়া নিশ্চয় বুজিছেই যে মই মাথোঁ চিগনেচাৰটোহে মাৰিছোঁ, আলোচনীখনৰ সকলো শ্ৰেয়ঃ ওপৰত উল্লেখ কৰা অক্লান্ত কৰ্মী কেইজনৰহে প্ৰাপ্য৷ এইবাৰৰ শিতানসমূহৰ ভাৰপ্ৰাপ্ত অধিকাৰী কেইজন যথাক্ৰমে আছিল:

ভিন্নস্বাদ-গীতিকা শইকীয়া

গল্প- পৰী পাৰবীন

দৈনন্দিন- ঋতুপৰ্ণা মহন্ত

লটিঘটি- জীমনি গগৈ

প্ৰৱন্ধ-চবিনা য়াচমিন

ফটাপ্ৰেম- পৰিস্মীতা গগৈ

অনুবাদ আৰু আপদীয়া পদ্য- বিকাশ শইকীয়া

কৌতুক- মৌচুমী বৰি

ফটাপ্ৰশ্ন- ফটহু কাই

সাক্ষাৎকাৰ- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য, মনিষা কাকতি আৰু দিম্পল কলিতা৷

ফিচাৰ ইমেজ আৰু অংগসজ্জা- দেৱজিত শইকীয়া আৰু ঋতুপৰ্ণ বৰা

টীম-ফটাঢোলক কি বুলি ধন্যবাদ জনাম ভাবি পোৱা নাই৷ বৰ্ষপূৰ্তি সংখ্যা হিচাবে বিশেষ কিবা কৰিব নোৱাৰিলেও পঢ়ুৱৈ সমাজক মনোৰঞ্জন দিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই৷ বিভিন্ন প্ৰতিষ্ঠিত ব্যক্তিসকল আৰু ৰাইজৰ মতামত শিতানটোৱে অলপ নতুনত্ব আৰু কিছু ভিন্নস্বাদ দিব পাৰিব বুলি আমি আশা কৰিছোঁ৷ আলোচনীখনক সকলোৱে প্ৰশংসাৰে ওপচাই পেলোৱাত অলপ গপত ওফন্দিও নোযোৱা নহয়৷ এনেদৰেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ হাত আমাৰ ওপৰত ৰাখিব, তাৰেই কামনা কৰি আগষ্ট সংখ্যাটো আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ৷ পঢ়ুৱৈ সকলৰ সমাদৰ পালে আমাৰ শ্ৰম সাৰ্থক হোৱা বুলি ধৰি ল’ম৷

জয়তু ফটাঢোল৷

ধন্যবাদেৰে,
হেমন্ত কুমাৰ কাকতি
মূখ্য সম্পাদক, বৰ্ষপূৰ্তি সংখ্যা, ‘ফটাঢোল’।
১ আগষ্ট, ২০১৮

☆★☆★☆

 

10 Comments

  • অনুৰূপ মহন্ত

    সংখ্যাটো বৰ সুন্দৰ হৈছে, সকলো লৈকে আন্তৰিক ধন্যবাদ।

    Reply
  • সকলোৰে অক্লান্ত প্ৰচেষ্টা আৰু আন্তৰিকতাই বৰ্ষপূৰ্তি সংখ্যাটি আটকধুনীয়া আৰু মননশীল কৰি তুলিলে। সকলোকে আন্তৰিক অভিনন্দন জনালোঁঁ।

    Reply
  • Rintumoni Dutta

    নিসন্দেহে এইয়া টিম-ৱৰ্কৰ এক উৎকৃষ্ট নিদৰ্শন। সম্পাদনা সমিতিৰ সকলোলৈ এই আপাহতে ধন্যবাদ আৰু অভিনন্দন যাচিলো।

    দাদা, আপোনাক ধন্যবাদ নিদিওঁ‌। বেলেগ কিবা এটা দিম।

    জয়তু ফটাঢোল

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    বৰ ধুনীয়া হৈছে সংখ্যাটো।

    Reply
  • Manash Saikia

    কাকতি সমন্বিতে সকলোলৈকে অভিনন্দন৷

    Reply
  • Anima Das

    সকলোৰে সহযোগিতাত বৰ্ষপূৰ্তি সংখ্যাটো বৰ সুন্দৰ হৈছে।

    Reply
  • সংখ্যাটো বৰ ভাল হৈছে। আটাইলৈ ধন্যবাদ যাচিলোঁ।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    সম্পাদনামণ্ডলীলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ‌। আপোনালোকৰ নিস্বাৰ্থ সেৱাৰ বাবেই আলোচনীখন আজিৰ পৰ্যায়ত।

    Reply
  • হেমন্ত কাকতি

    সকলোলৈ আন্তৰিক ধন্যবাদ!

    Reply
  • ছয়নিকা বৈশ্য

    সকলোকে আন্তৰিক শুভেচ্ছা জনালো ..?

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *