ফটাঢোল

বিভিন্নজনৰ একলম – বিশ্বজিৎ গগৈ

এটা ঈৰ্ষণীয় আৰু ফাঁকত পৰি ৰোৱা উদ্দেশ্যৰে ফটা ঢোলৰ জন্ম দিয়াসকললৈ ধন্যবাদ। হঁহা আৰু হঁহুৱাব পৰাটো দুৰূহ কাম, অন্ততঃ আজিৰ দিনত। সেইফেৰা কাম কৰিবলৈকে নগৰে চহৰে ‘লাফিং ক্লাৱ’ খুলিও মানুহে ৰুটিনমাফিক হাঁহিবলৈ বিচাৰিছে। ‘ফটা ঢোলে’ খুউব সতৰ্কতাৰে হাঁহিবোৰ টানি আনি অনলাইনযোগে ৰাইজলৈ এৰিছে। এয়া সাহিত্যৰ লগতে সমাজসেৱাও। ‘ফটা ঢোল’ তাৰ ঢেপেক ঢেপেক মাতেৰেই আগবাঢ়ি যাওক, এয়ে আশা কৰিলোঁ। অ’ এটা কথা, কিছুমান লিখনিত এটা বাক্যৰ শেষত দিয়া ‘দাড়ি’ চিনটো প্ৰায়ে আখৰটোৰ লগত লাগি যোৱাৰ দৰে দেখা যায়। আপোনালোকে এইবিষয়ে নিশ্চয় মন দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *