ফটাঢোল

বিভিন্নজনৰ একলম -অবিনাশ শৰ্মা

অসমীয়া ভাষা সাহিত্যৰ অন্যতম অংগ হাস্য-ব্যঙ্গৰ উকা চোতালত “ফটা ঢোল” ই-আলোচনীখন এটা ধূলিকণা মাথোঁ৷ আলোচনীখন এবছৰীয়া হ’ল৷ ন-পুৰণি লেখক লেখিকাৰ হাস্যৰসেৰে পূৰ্ণ প্ৰতিটো খণ্ডৰ প্ৰতিটো লেখাই আলোচনীখনৰ মানদণ্ড বহু ওপৰলৈ লৈ গৈছে৷ গল্পই হওক কিম্বা কাৰ্টুন, প্ৰবন্ধ কিম্বা ভিন্নস্বাদ প্ৰতিটো শিতান প্ৰতি খণ্ডতে সদা নতুনহৈ ওলায়৷ আলোচনী খনে অকল হাঁহিৰ খোৰাকেই দিয়া নাই, দিছে নতুন লেখক সকলক এখন মঞ্চ৷ আলোচনীখনৰ সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যই কৰি অহা অক্লান্ত পৰিশ্ৰমৰ ফলত ইমান সুন্দৰ সুন্দৰ সংখ্যা কেইটা পঢ়িবলৈ পাই তেওঁলোকক ধন্যবাদ জনাইছোঁ৷ আগলৈ আলোচনীখন অসমীয়া সাহিত্যৰ ভঁড়ালত এখন উল্লেখযোগ্য সমল হিচাপে চিনাকি হওক৷
জয়তু ফটা ঢোল

*****

One comment

  • Rintumoni Dutta

    অবিনাশ, তুমি আমাৰ সকলোৰে বৰ মৰমৰ। সোনকালে আৰোগ্য হোৱা, সেইয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।

    আমাৰ সকলোৰে শুভেচ্ছা আছে তোমালৈ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *