ফটাঢোল

ধেমেলীয়া পদ্য – প্ৰণতি শইকীয়া 

(১)
নিমপাতে ছালৰ ৰোগ ততালিকে এৰে
আজিকালি বুঢ়া মেথাই
ফেচবুক হোৱাটচ আপ কৰিহে ভাত ঘুমটি মাৰে।
(২)
ছালত লাগে কোমোৰা
জেওৰাত বগাই লতা
ধুনীয়া ছোৱালী দেখিলে
পকেটৰ পৰা ফণি উলিয়াই চুলি আঁ‌চোৰা ডেকা ফেচবুকতেই পাবা।
(৩)
অবাবতে গছ বন
নকৰিবা তহিলং
গৰম দিনত ঘৰ এৰি দৌৰিব লাগিব
দাৰ্জিলিং শ্বিলং
(৪)
ইলিছ মাছৰ কলঠি
ৰৌ মাছৰ জোল
কাম বন নকৰি বহি থাকি
জাতি ৰক্ষাৰ সপোন দেখি
নকৰিবা ভুল।
(৫)
কথা এটি কৈছো
মনে মনে কাণত
পকা বেলৰ চৰবত
খাই চাবা গৰমত
মুখেৰে সুৱলা গান ওলাব জুৰ পৰা দেহত
(৬)
মাছৰ বজাৰত গন্দগোল
চালানি মাছক হৰিবোল
ৰাজনীতিৰ প্ৰহসন
নকৰি হুলস্হুল
নিজৰ নিজৰ কৰ্তব্য কৰি
বজাই থাকিবা হাঁ‌হিঁমুখে ফটাঢোল।
☆★☆★☆

2 Comments

  • ভাল লাগিল। ফণি উলিওৱা চুলি আচোঁৰা ডেকাবোৰ চাব মন গৈছে।

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *