ফটাঢোল

বিভিন্নজনৰ একলম -অনুৰূপ মহন্ত

বৰ্তমান সময়ত আমাৰ জীৱন শৈলী একেবাৰেই যান্ত্ৰিক হৈ পৰিছে৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে গোটেই সময়খিনি আমি বিভিন্ন ব্যস্ততাৰ মাজেৰে পাৰ কৰোঁতে বহু সময়ত আমি দিনটোত অকণমান ফূৰ্তি কৰিবলৈ বা হাঁহিবলৈও পাহৰি যাওঁ৷ অথচ প্ৰফুল্ল মন এটাই যে আমাৰ কৰ্মস্পৃহা বঢ়ায় আৰু আমাৰ শৰীৰটো নিৰোগী কৰি ৰাখে, সেইয়া আমি সকলোৱেই জানো৷ বিচাৰিলেও আক’ কেতিয়াবা আমি হাঁহিব নোৱাৰোঁ, কিয়নো আমাৰ ওচৰত হাঁহিবৰ বাবে উচিত সমলৰো বৰ অভাৱ৷ কিতাপ পত্ৰ, আলোচনীত বিভিন্ন স্বাদৰ লেখা পোৱা যায় যদিও হাস্যৰস থকা লেখা বা ব্যঙ্গাত্মক লেখা এপাচি শাকত এটা জালুকৰ দৰেই৷ তেনে সময়তেই মই ফেচবুকৰ জৰিয়তেই যোৱা বছৰ জানিব পৰিছিলোঁ ‘ফটা ঢোল’ ই আলোচনী খনৰ বিষয়ে৷ ৱেবছাইটত গৈ সকলো লেখা এফালৰ পৰা পঢ়ি বেছ আমোদ পালোঁ৷ সুন্দৰ হাস্য ব্যংগৰে ভৰা ন পুৰণি লেখকৰ লেখাৰে প্ৰকাশ হোৱা আলোচনীখনে মোক বৰকৈ আকৰ্ষিত কৰিলে৷ (তাৰ পাছতহে মই ফেচবুকৰ ফটা ঢোল গোটত সোমাইছিলোঁ) তেতিয়াৰ পৰা মই নিয়মীয়াকৈ প্ৰতি মাহেই আলোচনীখন পঢ়ি আহিছোঁ আৰু মোৰ চিনাকি বহুতো লোককো পঢ়ুৱাইছোঁ৷ সকলোৱেই তেওঁলোকক উন্নত মানদণ্ডৰ আলোচনীখনৰ সৈতে চিনাকি কৰাই দিয়াৰ বাবে মোৰ শলাগ লয়৷ আগতে কেতিয়াও লিখা মেলাৰ কোনো অভ্যাস নাছিল যদিও সকলোৰে লেখা বিলাক পঢ়ি পঢ়ি এদিন ময়ো লিখিবলৈ সাহস কৰিছিলোঁ আৰু এটা দুটা কৈ কেইবাটাও লেখা ইতিমধ্যে আলোচনীখনত প্ৰকাশ পালে৷ সকলোৰে সঁহাৰিয়েও উৎসাহ যোগালে৷ মোৰ বিশ্বাস মোৰ দৰে আৰু বহুতৰে ক্ষেত্ৰত এনে হৈছে আৰু তেওঁলোকেও উৎসাহিত হৈ আজিকালি নিয়মিত লিখা মেলা কৰিবলৈ ধৰিছে৷ ন-লেখকক উৎসাহিত কৰাৰ ক্ষেত্ৰত ফটা ঢোলৰ অৱদান অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ৷ এইখিনিতে “ই আলোচনী” খনৰ প্ৰথম সংখ্যাৰ পৰা যোৱাটো সংখ্যালৈকে সুচাৰু ৰূপে দায়িত্ব পালন কৰা আটাইকেইজন সম্পাদক আৰু আলোচনীখনৰ লগত অনবৰতে লাগি থকা আটাই কেইজন ব্যক্তিলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ আলোচনীখনৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলোঁ আৰু পৰৱৰ্তী সময়ত ছপা মাধ্যমতো “ফটা ঢোল” পঢ়িবলৈ আৰু লোককো পঢ়ুৱাবলৈ পাম বুলি আশা ৰাখিলোঁ৷
জয়তু ফটা ঢোল৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *