ফটাঢোল

“ধোৱাখুলীয়া”ৰ পৰা “দ্য গ্ৰেট কনজুচ”ল – প্ৰশান্ত কুমাৰ বৰা

কাহিনীৰ বৰঘৰলৈ যোৱাৰ আগতে অলপ চিৰিয়াচ কথা কৈ লওঁ। আপোনালোকৰ কথা নাজানো, আমাৰ ককাহঁতে কিন্তু আমাক সৰুতেই মিতব্যয়ী হ’বলৈ শিকাইছিল। নিজে ঘটা টকা আৰু আনে ঘটা টকাৰ মূল্যৰ পাৰ্থক্য উপলব্ধি কৰিবলৈ শিকাইছিল। এনেধৰণৰ নীতিশিক্ষাৰ পাঠ দিয়া সাধুকথাও শুনাইছিল। সেই যে কুঁৱা এটাত আধলি এটা পেলাই দিয়া ল’ৰা এটা আছিল, তাৰ কাহিনী। দেউতাক বা ঘৰৰ আন কোনোবাই দিয়া আধলিবোৰ অনায়াসে কুঁৱালৈ দলিয়াই দিয়া ল’ৰাটোক যেতিয়া এদিন নিজে কষ্টেৰে উপাৰ্জন কৰি অনা আধলিটো কুঁৱাত পেলাই দিবলৈ কোৱা হ’ল,  সি নোৱাৰিলে। সেয়ে মিতব্যয়িতাৰ এনে পাঠ এই বুঢ়া বয়সতো মই ভুলতো পাহৰা নাই।

এনেয়ে মানুহটো মই ধোৱাখুলীয়া বুলিয়েই ঘৰৰ মানুহে জানে। স্কুলীয়া কালৰেপৰা হাটে-বজাৰে ঘূৰি,  তামোল-পাণ, শাক-পাচলি বেচি,  হকাৰ,  ফেৰিৱালা,  টিউশ্যন, সৰু-সুৰা চাকৰি আদি য’তে-ত’তে অগ্ৰং-বগ্ৰং হৰেক-ৰকমৰ কাম কৰি এটা টকাও এমাহৰ বাবেও সাঁচিবলৈ নিশিকিলোঁ। যেতিয়াই আগৰটো আমনি লগাত নতুন কাম এটাত হাত দিওঁ,  আকৌ শূন্যৰপৰা আৰম্ভ কৰিব লাগে। মূলধন বিচাৰি দেউতাক ইম’শ্যনেল অত্যাচাৰ কৰিব লাগে। মোৰ নতুন ব্যৱসায় বা জীৱিকাৰ সম্ভাব্য অপমৃত্যুৰ দিন-বাৰ জ্যোতিষীৰ দৰে স্পষ্টকৈ দেখা পোৱাৰ পাছতো দেউতাই নিৰাশ নকৰে। দেউতাৰ চাইকেলখন লৈ এনেয়ে অনাই-বনাই ঘূৰি ফুৰি, তিনিআলিৰ ঘূমতিখনৰ আগৰ তামোলৰ বেঞ্চখনত বা মেলেংভেটাৰ এঢলীয়া পুলটোত বহি ৰাতি দূপৰলৈকে ঘৰ-বাৰী নাইকিয়াকেইটাৰ লগত আড্ডা মাৰি,  ঘৰতে সোমাই থাকি যাৰ-তাৰপৰা অনা “যৌৱনৰ জীয়া জুই” বা “তপ্ত বাসনাৰ ৰক্ত শিখা” জাতীয় বাহিৰা কিতাপ পঢ়ি মূৰটো নষ্ট কৰাতকৈ কিবা এটা কৰি থাক বুলি দেউতাই মোৰ ব্যৱসায়ত বিনিয়োগ কৰে। অৱশ্যে মন্দিৰলৈ বা বিহু-পূজালৈ আগবঢ়োৱা দান-বৰঙনিবোৰৰ দৰে বা ৰাজহুৱা খণ্ডৰ উদ্যোগলৈ চৰকাৰে আগবঢ়োৱা অনুদানবোৰৰ দৰে মোক দিয়া মূলধনবোৰৰপৰাও দেউতাই ঘূৰাই পাম বুলি একো আশা নকৰে। জীৱনটো যদি বিলাতী মদৰ এটা ফুল বটল হয়, তাৰ এটামান ‘কোৱাৰ্টাৰ’ মই এনেকৈয়ে ব্যৱসায়ৰ ল’ৰা-ধেমালি কৰিয়েই শেষ কৰিলো, কিন্তু নিচাৰ নামত খোজ এটাও থৰক-বৰক নহ’ল।

সি যি নহওক, দেউতাৰ মূলধনেৰে আৰম্ভ কৰা আটাইবোৰ ব্যৱসায় দেউলীয়া ঘোষণা কৰি মই এইবাৰ চাকৰিৰ সন্ধানত নামিলো। কিবা “এড্-ভে-টাইজ” ওলাইছে নেকি চাবৰ বাবে টাউনলৈ গৈ বাতৰি কাকত কিনিবলৈ,  ভূঞা-জেৰক্সৰপৰা হো’লছেল হিচাপত এপ্লিকেচন ফৰ্ম আনিবলৈ,  দিনৰ দিনটো বোন্দা-পৰ দি ট্ৰেজাৰী চালান কাটিবলৈ,  গেজেটেড অফিচাৰ বিচাৰি অফিচে-হাস্পতালে ঘূৰি চাৰ্টিফিকেটবোৰ এটেষ্ট কৰিবলৈ,  এটেষ্ট কৰা অফিচাৰক বা অফিচাৰজনক দেখুৱাই দিয়া পিয়নজনক তামোল দুখন কিনি দিবলৈ,  ফৰ্মবোৰ পোষ্ট কৰিবলৈ,  গাইড বুক কিনিবলৈ ঢেৰ টকাৰ দৰকাৰ হ’ল। আগৰ ব্যৱসায়বোৰৰ দৰে এই ভাগি কাৰ্যতো দেউতাৰ ওচৰত হাত পতাৰ গত্যন্তৰ নাছিল। ফলাফলো একেই। বেছিভাগৰে কলিং বোলা বস্তুটোৱেই নাহে,  যিকেইটাৰ আহে তাৰো একো ৰিজাল্টৰ উম-ঘাম নাপাওঁ। এসময়ত অৱশ্যে মোৰ নিজা সৌৰজগতখনৰ বৃহস্পতি আৰু সৰস্বতী একে ৰেখাত অৱস্থান কৰাত লিখিত পৰীক্ষাবোৰত হোৰাহোৰে পাছ কৰিবলৈ ধৰিলো। প্ৰায় প্ৰতি মাহতেই দুটামানকৈ দেওবাৰত ইণ্টাৰভিউৰ বাবে গুৱাহাটীলৈ যাব লগা হ’ল। প্ৰথম প্ৰথম ইণ্টাৰভিউৰ বাবে গুৱাহাটীলৈ মতাৰ কলিং লেটাৰ আহোঁতে ঘৰত উছৱমুখৰ পৰিৱেশৰেই সৃষ্টি হৈছিল। দেউতাই মুক্তমনে অহা-যোৱাৰ ভাড়া, হোটেলৰ খৰচ আৰু লগাতকৈও বেছিকৈ হাত খৰচ দি পঠাইছিল। সন্ধিয়া পৰত গাঁৱৰ গৰখীয়া ল’ৰা-ছোৱালীবোৰক মাতি আনি বুট আৰু জাহাজী কলো খুৱাইছিল মোক আশীৰ্বাদ দিবৰ বাবে। প্ৰথমবাৰ গুৱাহাটীলৈ যোৱাৰ আগৰ দুদিনত বৰ্তাহঁতৰ দুঘৰে টাউনৰ পৰা মাছ আনি ভাত এসাঁজো খুৱাই পঠিয়াইছিল। কিন্তু যেতিয়াই গুৱাহাটীলৈ যাব লগা এই প্ৰক্ৰিয়া ঘনাই হ’বলৈ ধৰিলে,  তেতিয়াই পৰিস্থিতি সলনি হ’ল। মোৰ ভ্ৰমণ বানচৰ বিধেয়কখন দেউতাৰ অধ্যক্ষতাত বহা ঘৰুৱা কেবিনেটত বাতিল হ’ল। আনকি সঘনাই সেইমুৱা হোৱাৰ কিবা অন্যান্য কাৰণ (ছোৱালী-তোৱালীৰ ধান্দাজাতীয়) আছে নেকি তাৰ তদন্তৰ দায়িত্বও দেউতাহঁতৰ বিশ্বাসী মোৰে বন্ধু দুজনমানৰ হাতত ন্যস্ত কৰা হ’ল। অৱশ্যে তাৰ প্ৰতিবেদনবোৰ মোৰ বন্ধুহঁতে কাহানিও দাখিল নকৰিলে আৰু বিভিন্ন সময়ত চৰকাৰে গঠন কৰা তদন্ত আয়োগবোৰৰ দৰে এইবোৰো গেঠেলা মাৰিলে আৰু কাললৈ ইতিহাস হ’ল।

কেঁচু খান্দোতে সাপ নহয়,  অজগৰেই ওলালগৈ। ক’ব খুজিছিলো মিতব্যয়িতাৰ কথা, লিখোতে লিখোতে আত্মজীৱনীৰ এছোৱাই হ’লগৈ। যি কি নহওক,  সেইমুৱা হ’লোৱেই যেতিয়া আৰু এঘৰ কাহিনীত সোমাই তামোল এখন খাই যাওঁ। ঘৰৰ অসহযোগিতাত এসময়ত লুকাই-চুৰকৈও ইণ্টাৰভিউ দিবলৈ যাবলগীয়া হৈছিল গুৱাহাটীলৈ। ফলাফল একেই আছিল। কিন্তু এবাৰ এটা অঘটন ঘটিল। সৰস্বতীৰ সংগ এৰি বৃহস্পতিয়ে হঠাতে লক্ষ্মী বহা ৰেখালৈ গতি কৰাত কাকতৰ এচুকত অমুকাৰো নাম জিলিকিল। বোধহয় কেমিষ্টিৰ লেবৰেটৰীত ছল্ট,  এচিড আদি সকলো উপাদান টেষ্ট টিউবত ঠিকমতে পৰাত অনুঘটক নোহোৱাকৈয়ে ৰিজাল্টটো পজিটিভ হ’ল। তেনেকৈয়ে এদিন দেউতাৰ ৰাজ্যৰ প্ৰজা হৈও হঠাতে অমুকাই আচুতীয়া বিত্তীয় ক্ষমতা লাভ কৰিলো (স্বায়ত্তশাসিত হৈও যি ক্ষমতা ৰাজ্যৰ বহুকেইখন পৰিষদে আজিও লাভ কৰা নাই!)

এতিয়া আচল কথালৈ আহোঁ। যেই চাকৰি এটা পালো,  মাহৰ মূৰত একাউণ্টত পইচা সোমোৱাৰ মেছেজ একোটাকৈ পাবলৈ ধৰিলো,  ঘৰৰ মানুহে ধোঁৱাখুলীয়া বুলি ভবা মই মানুহটো একেবাৰে চিপছ হৈ পৰিলো। লগৰবোৰৰ ভাষাততো “কনজুছৰ হাৰ্ড্ডি”!  ঘটনাটো কি মই নিজেই বুজি নাপালোঁ। চাকৰি-বাকৰি নাইকিয়া বাবে কালিলৈকে সহানুভূতিৰে চাই মৰম কৰা,  একেলগে ক’ৰবালৈ গ’লেও বাছৰ ভাড়াটো আনেই দি দিয়া,  হোটেলত চাহ-ভাতৰ খৰচ কেতিয়াও দিয়াৰ পাল নপৰা এই নিমাখিত মানুহটোক কৃপণ বুলি চবেই এঘৰীয়া কৰিলে। হোৱাটছএপত সোপাধৰাৰ উৰাবাতৰিৰ বিয়পাৰ দৰে কাহানিও সংস্পৰ্শলৈ নহা বংশ পৰিয়ালৰ মানুহবোৰেও মোক সেইবুলি ভবা হ’ল। আগতেও সিহঁতবোৰৰ লগত টকা-পইচাৰ একো লেন-দেন নাছিল,  এতিয়াও নাই। কথাটো কি! হঠাতে কেনেকে মই সাৰ্বজনীন কনজুচ্ হৈ পৰিলো! নগৰৰ কোনটো ৱাৰ্ডত জগৰ লাগিল!

ঘটনাটোৰ ৰহস্য উদঘাটনৰ বাবে নিজৰ নেতৃত্বতে এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি দিলো। নিৰ্বাচনলৈ কেইমাহমান থাকোঁতে বা মাৰ্চ এণ্ডিংৰ কেইদিনমানৰ আগতে চৰকাৰৰ গাত লম্ভা কৰ্মোদ্যমৰ ভূতটোৱে মোৰ গাতো লম্ভিলে আৰু ফাষ্ট ট্ৰেক স্পীডত অনুসন্ধান চলিল। ৰিপৰ্টো ওলাল একেই স্পীডত। ই মোৰ জ্ঞানবুদ্ধি উদয় কৰি দিলে। স্কুলত সাধাৰণ বিজ্ঞান পঢুওৱা চাৰক ভাৰ্চুৱেল সেৱা এটা জনাই কালপ্ৰীট কাৰণটো উদ্ধাৰ কৰিলো। আৰ্কিমিডিছৰ দৰে ‘ইউৰেকা’ ‘ইউৰেকা’ বুলি দুবাৰমান আনে নুশুনাকৈ চিঞৰিলোও। ভাগ্যে তেখেতৰ দৰে সেইসময়ত বাথৰূমত গা ধুই নাছিলো!

আচলতে বেকাৰ হৈ থাকোঁতে, বা সিকি-আধলি চাইজৰ বিজনেচবোৰ কৰোঁতে কোনেও মোক পাত্তা দিব লগা মানুহ বুলিয়েই ভবা নাছিল। টকা-সিকা নাথাকিলেনো কাৰ পাত্তা থাকে?  ফাণ্ড-চাণ্ড নহা আমাৰ কিছুমান চৰকাৰী বিভাগৰ দৰে ময়ো লোকচক্ষুত চুপে-চাপেই চলি আছিলো নিষ্কলংক হৈ। কোনেও মইনো কি কৰোঁ,  উপাৰ্জন বুলি কিবা ঘটোঁ নে নঘটোঁ,  হিচাপ ৰখাৰ প্ৰয়োজনেই বোধ কৰা নাছিল। কিন্তু যেতিয়াই কণাৰ ফৰ্মূতিত চাকৰি এটা লাগিল,  মোৰ পাৰ্ছনেল একাউণ্টেণ্ট হিচাপে স্বেচ্ছাই দায়িত্ব ল’বলৈ প্ৰায়বোৰেই আগবাঢ়ি আহিল। আগতে গন্তিতেই নপৰা মানুহটো হঠাতে বংশ পৰিয়ালৰ উল্লেখযোগ্য সদস্য হৈ পৰিলো। ককাই-ভাই,  বংশ-পৰিয়াল,  মিতিৰ-কুটুমৰ ঘৰৰ বিয়া-সবাহ আদি সকলো অনুষ্ঠানৰে কাৰ্যসূচীতে অমুকাৰ নাম পৃষ্ঠপোষকৰ ঘৰত ম্যাদীভাৱে লিপিবদ্ধ হ’ল। ধনদাবীৰ সমানে সমানে “তোৰ ওপৰতে আশা আৰু”, “তহঁতি বা কেনেকৈ কৰাটো ভাল বুলি ভাব”,  “জনা-বুজা মানুহ হিচাপে তই বা কি কৱ”  আদিৰ প্লাৱন ঘটিল। মুঠতে দুদিন আগতে আম আদমী হৈ থকা মানুহটো হঠাতে ভিভিআইপি হৈ পৰিলো। উৰুখা চালৰ কেঁচা ঘৰ আৰু দুখীয়া হোৱাৰ বাবেই দামী মিঠাইৰ ডাঙৰ টোপোলাটো লৈ আমাৰ পদূলিৰ আগেদিয়েই আঢ্যৱন্তঘৰলৈ গৈ ৰাতি বঞ্চা আৰু নিজৰ বহুসমূলীয়া সময়ৰ অভাৱত যাবৰ পৰত “বিয়ৈ থিয়ৈ থিয়ৈ”  বুলি তামোল এখন খায়েই ঘৰমুৱা হোৱা মিতিৰ-কুটুমবোৰৰো চকুত আমি জাতত উঠিলো।

গাঁৱৰ অনুষ্ঠান-প্ৰতিষ্ঠানবোৰতো একেই কথা। পঢ়ি থকা দিনবোৰত কিতাপ এখন কিনিবৰ বাবে টকা-পইচা বাদেই উৎসাহ এটাও দি নোপোৱা,  “অমুকৰ পুতেকে পঢ়ি-শুনি ফলাব” জাতীয় কথা কোৱাসকলৰ দৃষ্টিতো চাকৰিটো পোৱাৰ পাছতে গুৰুত্বপূৰ্ণ হৈ উঠিলো। গাঁৱৰ সবাহ-ভাওনা,  বিহু-পূজা,  নামঘৰ-মন্দিৰ নিৰ্মাণ আদিৰ বাবে আনতকৈ মোটা অংকৰ ছান্দা এটা প্ৰদান কৰাটো অমুকাৰ নৈতিক দায়িত্ব হিচাপে চিহ্নিত কৰা হ’ল। অথচ সেইবোৰ অনুষ্ঠানৰপৰাই এটা সময়ত কলেজত আমাৰ নামভৰ্তিৰ বাবে ধন ধাৰে বিচাৰি যাওঁতে ঘূৰাই দিব নোৱৰাৰ আশংকাত দেউতাক সসন্মানে ঘূৰাই পঠিওৱা হৈছিল। এতিয়া সেইবোৰ অনুষ্ঠানৰো মেৰামতি আৰু পুনৰ নিৰ্মাণৰ বাবে আমি আনতকৈও বেছিকৈ সামাজিকভাৱে দায়বদ্ধ হ’লো। বিধিৰ কি বিপাক!

মাফ কৰিব, মনৰ ভিতৰত উমি উমি জ্বলি থকা,  ফায়াৰ ব্ৰিগেডেও নুমুৱাব নোৱৰা,  ক্ষোভৰ জুইকুৰাই পুৰণা গেষ্টিক বেমাৰৰ দৰে বেয়াকৈ উক দিয়াত আচল কথাটো ক’বলৈ থাকিয়েই গ’ল। চাকৰি এটা পালে,  মাহিলি দৰমহা এটা হাতত পৰিলে কিছুমান ক্ষেত্ৰত আনুসংগিক খৰচেও পোৱালি নিদিয়ে জানো! ঘৰৰপৰা নিলগত,  চহৰত,  বিশেষকৈ মহাগৰত থাকিলেতো কথাই নাই। ষ্টেণ্ডাৰ্ডটো অলপ বাঢ়ে বাবেই লাইফ-ষ্টাইলো সলনি হয়,  আগতে থকা ডেৰ হেজাৰ টকীয়া তৰ্জা বেৰাৰ ঘৰ এৰি আঠ-দহহাজাৰটকীয়া ভাড়াঘৰ লব লগা হয়। সহকৰ্মী, বন্ধু-বান্ধৱীৰ বিয়া-সবাহ,  শ্ৰাদ্ধ-উপনয়ন,  জন্মদিন, বিবাহ বাৰ্ষিকী আদিত পাইকাৰী হাৰত অংশগ্ৰহণ কৰিব লগা হয়। আলহী-অতিথিৰ সংখ্যাও বাঢ়ে। ফুটপাথৰ দোকানত কিনা কাপোৰেৰেই জীৱনৰ হাফ্-টাইম পাৰ কৰাৰ পাছতো এতিয়া সেইবোৰ কাপোৰ কিবা ল’-কোৱালিটিৰ দৰে লগা হয় আৰু শ্বপিং মলে হাতবাউল দি মাতে। কাজেই দৰমহাৰ আটাইখিনি ধন নিজৰ একাউণ্টৰ পৰা ভাড়াঘৰৰ মালিক আৰু বজাৰৰ ব্যৱসায়ীবোৰৰ একাউণ্টলৈ সুৰসুৰকৈ প্ৰস্থান কৰে।

আকৌ ক’ৰবাত পালোগৈ। এইবাৰ নেৰিছো,  মেইন কথাটো ক’মেই। মাহৰ মূৰত মৰম কৰি চৰকাৰ বাহাদূৰে দিয়া ধনকেইটাই যেতিয়া নিজৰ মাহেকীয়া বাজেটখনকে আমাৰ ৰাজ্যৰ বাৰ্ষিক বাজেটৰ দৰে নিয়মীয়াকৈ ঘাটি বাজেটত পৰিণত কৰে,  তেতিয়া বাহিৰৰ পৰা অহা ধনদাবী পত্ৰবোৰক ৰঙাফিটাৰে নেমেৰিয়াই এপ্ৰ’ভ কৰোঁ কেনেকৈ?  কাজেই,  বংশ-পৰিয়াল, মিতিৰ-কুটুম, বন্ধু-বান্ধৱী, সমাজৰ মোবাইলত মোৰ নাম্বাৰ ডায়েল কৰিলেই “কিৰিপণটো” বা “চিপচটো” বুলি ওলাবলৈ ধৰিলে। এইদৰেই এসময়ত দেউতাহঁতে দিয়া ধোৱাখুলীয়া উপাধিটোৰ অপমৃত্যু ঘটিল। ধোৱাখুলীয়াৰ পৰা “দ্য গ্ৰেট কনজুচ”লৈ এই বিৱৰ্তনৰ কাহিনী চাৰ্লছ ডাৰৱিনৰ ক্ৰমবিৱৰ্তনবাদ সূত্ৰৰ সমানেই ৰোমাঞ্চকৰ। যেতিয়ালৈকে আকাশত চন্দ্ৰ-দিবাকৰ থাকিব,  তেতিয়ালৈকে আমাৰ ঘৰুৱা চকৰিফেটী বুৰঞ্জীভাগিত এই কাহিনী মণিপুৰী গ’ল্ডৰ গহণাবোৰৰ দৰে সোণালী আখৰেৰে জিলিকি থাকিব।

☆★☆★☆

3 Comments

  • অনুৰূপ মহন্ত

    ভাল লাগিল।

    Reply
  • Anima Das

    ভাল লাগিল পঢ়ি।

    Reply
  • লিখনিটোৰ কিছু কথা সিৰা সিৰাই সোমাই গৈছে। বহুত বহুত বহুত লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *