বিভিন্নজনৰ একলম – ভাস্কৰজ্যোতি বৰুৱা
কিছুমান আৰম্ভণিৰ পূৰ্ব প্ৰস্তুতি নাথাকে। ভেটি নিৰ্মাণ হয় অজানিতে। এদিন কাৰোবাৰ চকুত পৰে সেই সুযোগৰ, সিদ্ধান্ত লোৱা যায় আৰু আৰম্ভ হয় এক নতুন যাত্ৰাৰ। ‘ফটা ঢোলৰ’ মাহেকীয়া আলোচনীখনৰ জন্মৰ কথা ভাবিলে এতিয়া মোৰ সেই বিশ্বাসেই গাঢ় হয়। মাত্ৰ কেইজনমান মানুহে আৰম্ভ কৰা ধেমেলীয়া গোটটোৰ সদস্যৰ সংখ্যা বঢ়া আৰু ধেমালিৰ লগতে সাহিত্যৰ হাস্য-ব্যংগ দিশটো চৰ্চা কৰাৰ সদস্যসকলৰ আন্তৰিক প্ৰচেষ্টাই ভেটি এই আলোচনীখনৰ। লগতে অসমৰ প্ৰতিষ্ঠিত লেখকসকলৰ লেখা আনিবলৈ সক্ষম হোৱাটো আলোচনীখনৰ লগত জড়িত সম্পাদনামণ্ডলীৰ অন্যতম কৃতিত্ব বুলিব পাৰি। যিসকল লোকৰ
আন্তৰিক প্ৰচেষ্টাই আলোচনীখনক জীৱন দিয়া আৰু জীয়াই ৰাখি এটা গতি দিবলৈ অহৰহ চেষ্টা কৰি আছে বা কৰিছিল সেইসকলৰ বিষয়ে আনে নিশ্চয় ক’ব।
মই এৰাই চলিলোঁ। ইয়াৰ পাছত কি? অকল দুবছৰ, তিনিবছৰ, বহু বছৰ? নে বিগত বৰ্ষতকৈ অধিক উন্নত লেখাৰে আলোচনীখন সমৃদ্ধ কৰাৰ অংগীকাৰো
লক্ষ্যত আছে? সেই প্ৰত্যাহ্বান গোটৰ সদস্য আৰু সম্পাদনামণ্ডলীয়ে ল’ব লাগে। প্ৰশংসা আৰু আত্মসন্তুষ্টিয়ে যেন কাকো কোঙা নকৰে।
☆★☆★☆
6:01 pm
ভাস্কৰদা, গ্ৰুপৰ জন্মলগ্নৰ পৰাই আপোনাৰ দিহা-পৰামৰ্শ পাই আহিছো, যিমান পাৰো মানি চলিছো। ভবিষ্যতেও এইদৰেই দিহা-পৰামৰ্শৰে আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আমি আশাবাদী। বিপদৰ প্ৰত্যেকটো ক্ষণতে আপোনাৰ সহায় পাই আহিছো, সদায় মনত ৰাখিম দাদা