ফটাঢোল

বিভিন্নজনৰ একলম – ভাস্কৰজ্যোতি দাস

ফেচবুকৰ অন্যতম হাস্য-ব্যংগ গোট ফটা ঢোলৰ পৰা জন্ম লাভ কৰা অসমৰ প্ৰথমখন ব্যংগধৰ্মী ই-আলোচনী “ফটা ঢোল”য়ে ছটা ঋতুত বাৰটা সংখ্যা প্ৰকাশেৰে সফলভাৱে এটা বৰ্ষ অতিক্ৰম কৰি আন এটা বছৰৰ দিশে বাট বুলিছে৷ এটা বছৰৰ এই পৰিক্ৰমাত ‘ফটা ঢোল’ ই-আলোচনীয়ে জন্ম দিলে বহুকেইজন লেখকক৷ পূৰ্বে বিশেষ লেখা-মেলাত জড়িত নথকা লোকৰ সৃষ্টিৰ জগতখনত এই আলোচনীখন হ’ল এখন কমাৰশাল, য’ত প্ৰতিমাহে দেখা যায় নতুন এচাম সাহিত্য শিকাৰুক৷ এই যাত্ৰা অবিৰত থাকক৷ আহিবলগীয়া সময়খিনিত ন-পুৰণি লেখকৰ সমাহাৰেৰে চৰ্চাৰ আকাশৰ ভোটাতৰা হওক ‘ফটা ঢোল’৷

☆★☆★☆

One comment

  • ৰিণ্টু

    ভাস্কৰ, সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ। জন্মলগ্নৰ পৰাই গ্ৰুপৰ লগত জড়িত এজন হিচাপে তোমাৰ মতামতটো আমাৰ বাবে বহুমুলীয়া

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *