ফটাঢোল

বিভিন্নজনৰ একলম – অসমী গগৈ

১৮৪৬ চনত অৰুণোদই কাকতে আৰম্ভ কৰা অসমীয়া আলোচনীৰ জয় যাত্ৰাত এক নতুন সংযোজন ই- আলোচনীসমূহ। বিশেষকৈ হাস্য ব্যংগ গোট “ফটা ঢোল”ৰ ই-আলোচনীখনে অসমৰ প্ৰথমখন হাস্য ব্যংগ ই আলোচনী হোৱাৰ মৰ্যদা কঢ়িয়াই থাকিব চিৰদিন, বিশেষকৈ ইয়াৰ উচ্চ মানৰ বাবে। কাৰণ, আৱেগৰ ঢৌত উটি-ভাঁহি ইয়াৰ জন্ম হোৱা নাই। অসমীয়া ভাষা সাহিত্যৰ প্ৰতি থকা দায়বদ্ধতাৰেহে ইয়াৰ জন্ম। কেৱল সাময়িক মনোৰঞ্জনৰ বাবে নহয়, সৃজনীমূলক বা মৌলিক লিখনিৰে সমৃদ্ধ ই-আলোচনীখনে অসমীয়া সাহিত্যৰ ৰথৰ জয়যাত্ৰা ৰসৰাজৰ দৰেই অক্ষুণ্ণ ৰাখিবলৈ আজি এবছৰে অবিৰতভাবে দায়িত্ব কান্ধ পাতি লৈছে। দৈনন্দিন ব্যস্ততা আৰু জীৱন সংগ্ৰামে হাঁহিবলৈ পাহৰোৱা এচাম অসমীয়াক নতুনকৈ বিনামূল্যে হাঁহিৰ খোৰাক যোগান ধৰাৰ যি প্ৰয়াস চলাইছে, সেয়া সাত জনমলৈ শলাগিবলগীয়া। ক্ৰমে চৰ্চা নোহোৱা হৈ অহা অসমীয়া ব্যংগ সাহিত্যক জীয়াই তুলিবৰ বাবে নিতৌ নতুন নতুন লেখক সৃষ্টি কৰাৰ ক্ষেত্ৰত ফটা ঢোল গোট তথা ই আলোচনীয়ে লোৱা ভূমিকা অব্যাহত থাকক।

☆★☆★☆

One comment

  • ৰিণ্টু

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ বাইদেউ। এইদৰেই দিহা-পৰামৰ্শ দি আমাক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *