উপলক্ষ্য – অসমী গগৈ
দিনজোৰা ব্যস্ততাৰ অন্তত ঘৰখন নিতাল মাৰেগৈ মানে নিশা দুপৰ হলগৈ। মানুহটোৱে ক’ম ক’ম বুলি ভাবি থকা কথাটো ক’বলৈ সুযোগেই নাপালে।
মানুহটো চহকী মানুহঘৰৰ বনকৰা মানুহ। কেতিয়াৰ পৰা সি মানুহঘৰত কাম কৰি আছে তাৰ নিজৰে মনত নাই। তাৰ পিতাকো আছিল এইখন ঘৰৰে বনকৰা মানুহ। সৰুৰে পৰা পিতাকৰ সৈতে অহা যোৱা তাৰ এইখন ঘৰলৈ। প্ৰকাণ্ড চৌহদটোৰে প্ৰকাণ্ড ঘৰখনক লৈ তাৰ কৌতূহলৰ অন্ত নাছিল। তাৰ কি সৰু চহৰখনৰ প্ৰায়বোৰ মানুহৰ বাবেই ঘৰখন এক কৌতূহল। ওখ পকীবেৰেৰে ঘেৰা বাটৰ পৰা একোকে নেদেখা ঘৰখনৰ প্ৰতি কৌতূহল হোৱাটো স্বাভাৱিক কথা। তাৰ আজিও মনত আছে বাপেকৰ হাতত ধৰি ঘৰখনলৈ প্ৰথম সোমাই অহা দিনটোৰ কথা। চৌহদটোৰ বাওঁফালৰ বেৰখনৰ চুকত থকা সৰু গেটখনেৰে সিহঁত সোমাই গৈ পাছফালৰ টিনৰ চালিখনৰ তলত ৰৈছিলগৈ। তেতিয়াও আঠ বাজিবলৈ অলপ বাকী। আঠবজাৰ লগে লগে ওখ পাখ চকুত লগা মানুহ এজন ওলাই আহি ভাগে ভাগে কামবোৰ বতাই দিছিলহি। ‘হয় ছাৰ, হয় ছাৰ’ কৈ পাচোঁটাকৈ মানুহে তলমূৰকৈ শলাগি গৈছিল। তাৰ পাছত যেন মানুহকেইটাৰ হাত ভৰিত পাখি গজিছিল। সি ৰৈ গৈছিল চালিখনৰ তলতে। আহোঁতে বাটতে পাই বুটলি অনা শিলগুটি কেইটাৰে অকলে অকলে হেতালি খেলিও তাৰ আমনি লাগিছিল। কেনি যাওঁ কি কৰোঁ ভাবি থাকোতেই মানুহ এজনীয়ে আটাইকে ৰিঙিয়াই মাতিছিল চাহ খাবলৈ। সৰু সৰু চীনা মাটিৰ কাপত একাপ চাহ আৰু এটা কাটা বিস্কুট তাৰ ভাগতো পৰিছিল। চাহকাপত তিয়াই খালে শেষ হৈ যাব বুলি সি বিস্কুটটো চুপি চুপি খাই আছিল বহুত দেৰিলৈকে।
মনত আছে তাৰ সকলোবোৰ। সকলোবোৰ। কামৰ পৰা ঘৰলৈ ঘূৰি যাওঁতে গাড়ীয়ে খুন্দিয়াই আধামৰা কৰা বাপেকক বচাবলৈকে এদিন সি বাপেকৰ ঠাইত কামলৈ আহিছিল। কিতাপ ফলিবোৰ ধোৱাঁ চাঙত তুলি থৈ। গাড়ীয়ে খুন্দিয়াই কোঙা কৰা বাপেকক দেখিও হিয়া ঢাকুৰি নকন্দা আটায়ে বেঙী বুলি কোৱা মাকজনীয়ে সিদিনাহে কান্দিছিল গছৰ পাত সৰি যোৱাকৈ। আঠ বজাৰ আগতেই ডাড়ি ঠুঁটিয়াবলৈ লোৱা লৰাটো মানুহঘৰত উপস্থিত হৈছিলগৈ। আঠ বজাৰ লগে লগে ওলাই অহা মানুহজনে তাক দেখি ক্ষণিক তভক মাৰি ৰৈছিল।
: তই আহিছ যে?
: হয় ছাৰ, পিতাই ভাল নোপোৱালৈকে ময়ে আহিম।
: বাপেৰ ভাল হব জানো?
: ভগবানে জানিব ছাৰ।
: তই স্কুল যাৱ নহয় হ’বলা? কিমান পালিগৈ?
: নাইনত ছাৰ।
: এতিয়া? কি হ’ব স্কুল?
: ক’ব নোৱাৰো ছাৰ।
: হ’ব দে বাপেকৰ কাম পুতেকেই কৰিব লাগিব। আমাৰ লৰাও বিদেশত পঢ়ি আহি আমি কৰাবোৰেই কৰিবহি। যা কামত লাগ। গোহালিটো আৰু গৰুৰ দানা তোৰ ভাগত………
হয়, মানুহজনৰ বিদেশত থকা লৰাই আহি এতিয়া বাপেকৰ বিশাল ব্যৱসায়িক সাম্ৰাজ্যত সহযোগ কৰিছেহি। আজি মানুহজনৰ পো নাতিৰ জন্মদিন। আগদিনাৰে পৰা মানুহজনৰ লগত ঘূৰি ঘূৰি সি বজাৰৰ মোনা কঢ়িয়াবহে পাৰিছে। আজিও খুউব সোনকালে আহিছে সি। মানুহজনৰ লগত নৈৰ ঘাটলৈ গৈ মাছ আনিছেগৈ। প্ৰকাণ্ড প্ৰকাণ্ড চিতল মাছকেইটা গাড়ীলৈ কঢ়িয়াই আনোতে তাৰ হাত টনটনাই গৈছিল। “এখন বিয়াৰ ৰাইজে খাই শেষ কৰিব নোৱাৰাকৈ বজাৰ কৰিছে দেখোন”… মানুহটোৱে ভাবিলে। তেনেদৰে মাংসখিনি দেখিও তাৰ মনলৈ আহিল “কাহানিও খাই নোপোৱা মানুহলৈ গোটোৱাদি গোটাইছে দেখোন!”
সন্ধিয়াৰ পৰা ছাঁ পোহৰ আৰু গানেৰে গোটেই চৌহদটোত এটা মায়াময় পৰিবেশৰ সৃষ্টি হৈছিল। ঘৰলৈ যাবলৈ মন গৈও যাওঁ বুলি ক’ব নোৱাৰা মানুহটো কাৰিকৰৰ লাচনি পাচনি কৰিয়ে ৰৈ গৈছিল। মানুহজনক বাৰে বাৰে কথাটো ক’ম বুলি ভাবিও ক’বলৈ সুবিধা নাপালে সি।
ইখনৰ পাছত সিখন গাড়ীৰ পৰা নমা ভব্য গব্য লোকসকলক হাত জোৰ কৰি হাঁহি মুখে আগুৱাই নিয়া দেখি তাৰ বৰ আচহুৱা লাগিছিল।
: বৰ ডাঙৰ মানুহ চাগে ন? আমাৰ ছাৰতকৈও।” তাৰ লগতে থকা আনটো বনকৰা মানুহক সি কৈছিল।
: হয় ছাগে বুজিছ! ছাৰে নমস্কাৰ দিছে যেতিয়া ডাঙৰেই হব।
: বহুত খাবও পাৰে চাগে, পেটটো চা…
: হয় দেই, ইমান ইমান প্ৰকাণ্ড পেটবোৰ ভৰিবলৈ বহুত খাব লাগিব।
: ছাৰে সেইকাৰণে ইমানবোৰ গোটাইছে……
কলমতিয়াই কলমতিয়াই সাৰে থাকি দুপৰ নিশা চেঁচা পৰা ভাত খাই সিহঁত পাচোঁটা ঘৰমুৱা হল। ভাতে গধুৰ কৰা গা আৰু ভাগৰে হেচাঁ দেহা মন লৈ সিহঁত গৈ থাকিল। ক’ম বুলি ভবা কথাটো তাৰ কোৱা নহল।
আজিও ঘৰতে পণ কৰি আহিছে সি। ক’বই আজি সি। ক’ব পাৰিবই লাগিব। কলেও সি……
: ছাৰ কথা এটা আছিল।
: কি কথা?
: আজি আমাৰ লৰা পোৱালিটোৰ ওপজা দিন।
: অ হয় নেকি? মোৰ আশীৰ্বাদ জনাবি।
: হব ছাৰ। ছাৰ………
: আৰু কিবা কবি নেকি?
: ছাৰ এবেলা ছুটী লাগিছিল। লগতে……
: লগতে কি?
: টকা এহেজাৰ লাগিছিল।
: এহেজাৰ! এই মাহৰ মাজতে তোক কিয় লাগে?
: ছাৰ মাকজনীয়ে জন্মদিন পাতো কৈছে।
: এহেজাৰ টকাৰে জন্মদিন? হাঃ হাঃ হাঃ… কি পাবি ঐ এহেজাৰ টকাত? আমাৰ কালি কেকটোকে আনিছো পাচঁ হেজাৰ টকাত। হাঃ হাঃ হাঃ
: হয় ছাৰ, একো নাপাওঁ, নালাগেও বেচি। খাবলৈ নোপোৱা বস্তিৰ মানুহখিনিক ব্ৰইলাৰ মাংসৰে এসাঁজ ভাতকে খুৱাম পেট ভৰাকৈ…………
☆★☆★☆
8:26 pm
বৰ ভাল লাগিল পঢ়ি।
12:41 am
ভাল লাগিল বাইদেউ।