ফটাঢোল

বিভিন্নজনৰ একলম – মনজিত বৰা

অতীজৰে পৰা আমাৰ বদনাম আছে যে হাস্যব্যংগত আমি অসমীয়ামখা তেনেই পিছ পৰা। হঁহাত সদায় কৃপণালি কৰোঁ। অৱশ্য ফেচবুক অহাৰ পৰা শেহতীয়াকৈ এই ধাৰাত বহুখিনি উন্নতি কৰিছো। নতুন নতুন হাস্য ৰসৰ সৃষ্টি হ’ব ধৰিছে ৰাইজেও প্ৰাণখুলি হঁহাৰ অভ্যাস গঢ়ি তুলিছে। হাস্যৰসৰ এই উত্তৰণৰ বাটত “ফটা ঢোল” ই মেগাজিনখন অন্য এক মাইলৰ খুঁটি। সহজলভ্য স্থূল হাস্যৰসৰ পৰা ফালৰি কাটি আহি, বহু ন-পুৰণি তথা প্ৰতিষ্ঠিত লিখক লেখিকাৰ উন্নত সৃষ্টিৰ সমাহাৰেৰে অসমীয়া হাস্য-বংগৰ সাংস্কৃতিক আন্দোলনৰ জাকত জিলিকা সদস্য হোৱা যেন অনুভৱ কৰিছোঁ। অত্যন্ত প্ৰতিভাৱান শক্তিশালী কৰ্মদল ফটা ঢোলৰ অন্যতম শক্তি। সকলোলৈকে শুভকামনা আৰু অভিনন্দন জনোৱাৰ লগতে ফটা ঢোলৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

☆★☆★☆

One comment

  • ৰিণ্টু

    সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ মনজিত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *