ফটাঢোল

বিভিন্নজনৰ একলম – কৃষ্টি কেন

সাহিত্য আৰু সংস্কৃতিৰ অনুৰাগী কেইগৰাকী মান ব্যক্তিৰ প্ৰচেষ্টাত ফেচবুকৰ মজিয়াত গঢ় লৈ উঠা এটি গোট ফটা ঢোল। কিন্তু গোটটোৰ নিজা বৈশিষ্ট আৰু কৰ্মৰ বাবে এতিয়া ই এক অনুষ্ঠানলৈ পৰিৱৰ্তিত হ’বলৈ লৈছে। প্ৰায় জন্মলগ্নৰে পৰা এই গোটটোৰ অংশ হ’বলৈ পায় মই নিজকে সৌভাগ্যৱান মানিছোঁ। সকলোৰে জীৱনৰ নানা প্ৰতিকূল পৰিৱেশ পাহৰাই ক্ষণিক সময়ৰ বাবে হ’লেও হাঁহি আনন্দৰে মন জীপাল কৰা ফটা ঢোল সমাজৰ বাবে এক অনবদ্য অৱদান। ইণ্টাৰনেটৰ যুগত কিতাপ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পাবলৈ লোৱাৰ পিছত, ‘ফটা ঢোল’ ই-মেগাজিন খনে অসমীয়া পঢ়ুৱৈ সকলক পঢ়িবলৈ নতুন খোৰাক দিবলৈ সক্ষম হৈছে। মোৰ বাবে ‘ফটা ঢোল’ জীৱনৰ এৰাব নোৱাৰা অংশ স্বৰূপ। ‘ফটা ঢোল’ৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ বাবে ইয়াৰ সকলো সদস্য, পাঠক, শুভাকাংখী লৈ মোৰ আন্তৰিক শুভকামনা আৰু অভিনন্দন জনাইছোঁ। ‘ফটা ঢোল’ প্ৰতিজন অসমীয়াৰ হৃদয়ত স্থান পাওঁক তাৰেই কামনা কৰিছোঁ। জয়তু ফটা ঢোল।

☆★☆★☆

2 Comments

  • Rintumoni Dutta

    ভাই, বহুত বহুত ধন্যবাদ, সুন্দৰ মতামতটোৰ বাবে

    Reply
  • শৰৎ মহন্ত। নগাঁও।।।

    “ফটাঢোল” পৰিয়ালৰ সকলো সদস্য ৰ
    প্রচেষ্টা ত ইমান সুন্দৰ অনুষ্ঠান এটি গঢ়
    লৈ উঠিছে ; খুৱ সুখী হৈছো। পঢ়ি ভাল পাও।
    ভালেমান দিন অসুস্থ হৈ থকাৰ বাবে নিয়মিত
    পঢ়া হোৱা নাই।
    বহুত বহুত শুভেচ্ছা সকলোকে।।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *