ফটাঢোল

শিক্ষক আৰু ছাত্ৰ – অনিমা দাস 

শিক্ষক-(পিটকনক উদ্দেশ্য কৰি) ঐ পিটকণ যোৱা সপ্তাহত “আমাৰ গাঁও” কবিতাটো মুখস্থ কৰিবলৈ দিছিলোঁ হ’লনে মুখস্থ?
পিটকণ- প্ৰথমৰ খিনি হৈছে ছাৰ।মাজৰ খিনি অলপ অলপ পাৰো ছাৰ।
শিক্ষক – যেনেকৈ হৈছে তেনেকৈয়ে মুখস্থ দিয়া।
পিটকণ – আমাৰ গাঁও
শুৱনি আমাৰ গাঁওখন অতি
শুৱনি গছেৰে ভৰা
ডাল ভৰি ভৰি ফল ফুল লাগে
নাই যে তল সৰা।
শিক্ষক – পিছৰ লাইনটো বেলেগ হ’ল যে?
পিটকণ- হয় ছাৰ। তল সৰা ফল নাথাকেই। সব বান্দৰে খাই তহিলং কৰে।
শিক্ষক- ইয়াৰ পিছৰ খিনি মুখস্থ দিয়া।
পিটকণ- শুৱনি আমাৰ ধাননি পথাৰ
পানীৰে উপচি পৰে,
শুৱনি নদীৰ গঢ়াখহা ঘাট পমুৱাই বেপাৰ কৰে।
ছালত টিভিৰ দিচ, সৌৰ ফলক,
ভঁৰালত পৰিমল চাউল
গোহালিত ব্রইলাৰ ফাৰ্ম, পুখুৰীত জাপানী মাছ,
বাৰীত তামোল-পাণ।
কাৱৈ তোৰা খলিহনা খালৈভাঙি দৰিকণা দেখিবলৈ নাইকিয়া।
গছৰ ডালত শুৱনি চৰায়ে
শুৱলা সংগীত গায়,
শাকনিত শাক ফুলনিত বিদেশী ফুল,
দেখি ভাল লাগি যায়।
ঘৰে ঘৰে ৰং ধেমালি -বাকীখিনি একে আছে ছাৰ।
☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *