ফটাঢোল

বিভিন্নজনৰ একলম – কৃষ্ণ কান্ত দাস

ৰং-ধেমালি, হাঁহি-ফূৰ্তিয়ে মনুষ্য জীৱনৰ বাবে মহৌষধৰ দৰে কাম কৰে। কিন্তু অতি যান্ত্ৰিকতা আৰু ইণ্টাৰনেটৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে মানৱ জীৱনৰ পৰা সেই মহৌষধ যেন কাঢ়ি নিয়াৰ দৰে নিছে। মানুহৰ মনবোৰ খৰাংপীড়িত পথাৰৰ দৰে শুকান হৈ পৰিছে। নিৰ্দোষ হাঁহি ধেমালিবোৰ যেন এতিয়া মহঙা হৈ পৰিছে। এটা সময় আছিল যেতিয়া মানুহে জুম বান্ধি কৌতুক কৰিছিল, হাঁহি ফূৰ্তি কৰি দেহ মনৰ অৱসাদ দূৰ কৰিবলৈ চেষ্টা কৰিছিল। তাৰ বাদেও ছপা মাধ্যমতো বিভিন্ন ধৰণৰ খুহুতীয়া গল্প, কৌতুক আদি প্ৰকাশ হৈছিল। কিশোৰ কিশোৰীৰপৰা আৰম্ভ কৰি বয়সস্থ জনলৈ সকলোৱে সেই সমূহ পঢ়ি কেতিয়াবা হয়তো অকলেই হাঁহিছিল নাইবা কেতিয়াবা আন কোনো বন্ধু বান্ধৱীৰ সৈতে ৰস ৰচনা বোৰৰ কথাৰে আড্ডা জমাই তুলিছিল। মুঠতে অকমান হাহিঁৰ বাবে যেন সুৰুঙা উলিয়াই লৈছিল। ইণ্টাৰনেটে মানুহৰ জীৱনশৈলীত প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰাৰে পৰা সেইধৰণৰ আড্ডাবোৰ কমি আহিল, কমি আহিল ছপা মাধ্যমে প্ৰকাশ কৰি উলিওৱা বিভিন্ন ধৰণৰ হাস্য ব্যংগৰ ৰস ৰচনা, গল্প বা কৌতুক আদিৰ কিতাপসমূহ। অৱশ্যে তাৰ মাজতো ইণ্টাৰনেটে মানৱ সমাজলৈ  বুলি আগবঢ়োৱা সুফল বিলাকৰ ভিতৰৰ পৰা শুকান জেওৰা চেপি হ’লেও কিছু “নিজেও হাঁহি ভাল পোৱা আৰু আনকো হহুঁৱাই ভাল পোৱা” লোকে ফেচবুক, হোৱাটচএপৰ জৰিয়তে বিভিন্ন সময়ত সমাজৰ এচামক হাঁহিৰ খোৰাক যোগাবলৈ আপ্ৰাণ চেষ্টা চলাই অহাটো মন কৰিবলগীয়া কথা। এইসকল লোকৰ বাবেই “হাঁহিৰ মহঙা বজাৰ”ত কিছুক্ষণ নিজ নিজ জীৱনৰ দুখ দূৰ্দশা, জীৱন সংগ্ৰামৰ কঠিন বাস্তৱক পাহৰি এখন্তেক মানৱ জীৱন জীয়াই থকাৰ সাৰ্থকতা উপভোগ কৰিবলৈ সক্ষম হওঁ। তেনে এক নিৰলস প্ৰচেষ্টাৰে কেইগৰাকীমান উদ্যমী পুৰুষ-মহিলা, ডেকা গাভৰু মিলি ফেচবুকত “ফটা ঢোল” নামৰে হাস্য ব্যংগৰ এটা জনপ্ৰিয় গোট  খুলি আমাক প্ৰতিদিনে হাঁহিৰ খোৰাক যোগায় আহিছে। অকল সেয়ে নহয়, তেখেতসকলে একে নামেৰেই বাছকবনীয়া কিছু হাস্য ব্যংগ, কৌতুক সাহিত্যৰ লগতে ভিন্নস্বাদৰ গল্প, প্ৰবন্ধ আৰু সাহিত্য সংস্কৃতিৰ লগত জড়িত বিভিন্নজনৰ সাক্ষাৎকাৰসহ অতি উচ্চ মানদণ্ডৰ মাহেকীয়া ই-আলোচনী এখনো প্ৰকাশ কৰি অসমীয়া ই-সাহিত্যলৈ যি অবদান আগঢ়াইছে সেইয়া সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ বুলিয়েই ভাবোঁ। অনস্বীকাৰ্য যে  ই-আলোচনীখনে  বিভিন্ন ক্ষেত্ৰৰ পাৰদৰ্শী, বিশিষ্ট সাহিত্যিক, লেখক আদিৰ লগতে ন-পুৰণি বহু লেখকক লিখিবলৈ অনুপ্ৰেৰণা যোগায় আহিছে আৰু আমাকো সেইসকলৰ লেখা মাহেকৰ মূৰত হ’লেও পঢ়ি মানসিক খাদ্যৰে সতেজ সবল হ’বলৈ এখনি সুন্দৰ মঞ্চ দিছে। নতুন প্ৰতিভাক উলিয়াই অনাত ই-আলোচনী যি ভুমিকা পালন কৰি আহিছে সেইয়াও অতি প্ৰশংসনীয়। গোজঁত গজাঁলি মেলি ই-আলোচনীখনে এটা বছৰ গৰকিলে। ওপজা দিনৰ প্ৰাকমুহূৰ্তত ই-আলোচনীখনৰ উত্তৰোত্তৰ জয়যাত্ৰা কামনা কৰিছোঁ। আশা ৰাখিছোঁ ই-আলোচনীখনে অনাগত দিনত অসমীয়া ই-সাহিত্য জগতৰ হাস্য-ব্যংগ শিতানত মাইলৰ খুঁটি হৈ জিলিকি থাকিব। ই-আলোচনীখন যদিওবা ৰস ৰচনা, গল্প, প্ৰবন্ধ, সাক্ষাৎকাৰ আদি বিভিন্ন শিতানেৰে পৰিপূৰ্ণ হৈ প্ৰকাশ পায় আহিছে তথাপি ইয়াৰ হৃদস্পন্দন কিন্তু হাঁহি ধেমালি আৰু কৌতুকতেহে সোমাই থকা যেন লাগে কিয়নো ইয়াৰ নামটোৱেই যে ‘ফটা ঢোল ই-আলোচনী’। আশা কৰিম, বিগত প্ৰকাশ সমূহৰ দৰে আগলৈও আলোচনীখনে মৌলিক সাহিত্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অসমীয়া ই-সাহিত্য জগতখনলৈ অবদান আগবঢ়ায় যোৱাৰ  লগতে অসমীয়া হাস্য-ব্যংগৰ জগতখনত এক নতুন ধাৰা প্ৰদান কৰি সমৃদ্ধিশালী কৰাত অগ্ৰণী ভূমিকা পালন কৰিব।
 আমাৰ মাজৰ পৰা হেৰাই যাব খোজা নিৰ্দোষ হাঁহি ধেমালিবোৰত নতুন প্ৰাণৰ সঞ্চাৰ কৰাত ‘ফটা ঢোল’ ই- আলোচনীখন ‌‌সফল  হওক, বাটকটীয়া হৈ ৰওক নতুন প্ৰজন্মৰ বাবে!
এবছৰীয়া জন্মলগ্নত “ফটাঢোল ই-আলোচনী” খনৰ লগতে ইয়াৰ লগত জড়িত প্ৰতিজন কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ!
জয়তু “ফটাঢোল”, জয়তু “ফটাঢোল ই-আলোচনী”
☆★☆★☆

2 Comments

  • Rintumoni Dutta

    কৃষ্ণ, সুন্দৰ মতামতটোৰ বাবে অশেষ ধন্যবাদ। তোমালোকৰ সদিচ্ছাই আলোচনীখনৰ মুখ্য চালিকা শক্তি

    Reply
  • ধৰিত্ৰী শৰণীয়া

    ইমান ধুনীয়াকৈ লিখিলে দাদা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *