ফটাঢোল

কৌতুক – মমীতা দাস

আজিকালি ঘৰত বহি বহিয়েই মোবাইলৰ দ্বাৰাই সকলো বস্তু বুকিং কৰিব পৰা যায় বাবে পাপুৱে মিঠাইৰ বাবে হোটেল এখনলৈ ফোন কৰিলে।
ক্ৰিং ক্ৰিং – হেল্ল’ মিষ্টিমুখৰ পৰা আপোনাক স্বাগতম। কওঁক আপোনাক কি ধৰণেৰে সহায় কৰিব পাৰো। আপোনাক মিঠাই লাগে যদি – ৰসগোল্লাৰ বাবে ১ টিপক। গোলাপ জামুৰ বাবে ২ টিপক। ৰসমোল্লাইৰ বাবে ৩ টিপক। লাড্ডুৰ বাবে ৪ টিপক। পাপুয়ে ৪ নং বুটামটো টিপিলে। এইবাৰ – বুন্দিয়াৰ লাড্ডুৰ বাবে ১ টিপক। নাৰিকলৰ লাড্ডুৰ বাবে ২ টিপক। গমৰ বাবে ৩ টিপক।
পাপুৱে ১নং বুন্দিয়াৰ লাড্ডুৰ বুটামটো টিপিলে। লগে লগে ১ পোৱাৰ বাবে ১ টিপক। ১ কেজিৰ বাবে ২ টিপক। ১ কুইন্টলৰ বাবে ৩ টিপক। এইবাৰ পাপুৱে ভুলতে ৩ নং মানে ১ কুইন্টলৰ বুটামটোত টিপা খালে । পাপুৱে ভাবিলে ইমানবোৰ লাড্ডু কি কৰিব এতিয়া। তাতকৈ ফোনটো বন্ধ কৰি থোৱাই ভাল হ’ব। ভাবি থাকোতেই পাপুলৈ ফোন আহিল। হেল্ল’ চাৰ, আপোনাৰ ১ কুইন্টল লাড্ডুৰ অৰ্দাৰ হৈ গ’ল। ২ মিনিটৰ ভিতৰত আপোনাৰ মাল পাই যাব। এতিয়া আপোনাৰ ঘৰৰ ঠিকনা দিয়ক।
পাপু – আৰে মইটো কাকো ফোন কৰি একো অৰ্দাৰ দিয়া নাই।
মিষ্টিমুখ – আপোনাৰ ভায়েকে তেন্তে এই নাম্বাৰৰ পৰা অৰ্দাৰ দিছে। আপুনি আপোনাৰ ভাইটিক ফোনটো দিওঁক।
পাপু – মোৰ ভাইটি ৬ জন । একেবাৰে ডাঙৰ জনৰ বাবে ১ টিপক । তাৰ তলৰ জনৰ বাবে ২ টিপক । তাতকৈ তলৰ জনৰ বাবে ৩ টিপক । আকৌ তাৰ তলৰ জনৰ বাবে ৪ টিপক।
টুইত টুইত টুইত – ফোন কাটি দিলে।
খা বাপ্পেকে।
☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *