আত্মবাজন – ৰাজীৱ শৰ্মা
(১)
স্বাধীনতা দিছিল মোক একোকে নকৈ
জুই দেখি জাহ গ’লোঁ নাভাবি দকৈ
এতিয়া পাইছোঁ সেকা
দি থাকে চাৱনি বেঁকা
জীৱনলৈ হেৰাল স্বাধীনতা সঁচাকৈ
(২)
সন্ধ্যা হ’লেই হওঁ ৰজা মহাৰাণা প্ৰতাপ
পত্নীক হাত কৰোঁ দি মহাৰাণীৰ খিতাপ
এনেদৰে চলিছিল
সপ্তাহৰ সাতদিন
কথাটি জানিব পাৰি আজি বুলিলে বজ্জাত
☆★☆★☆
9:59 am
সুন্দৰ দাদা।
10:52 am
এখেতৰ কবিতাৰ মই সদায়েই গুণমুগ্ধ।
ভাল লাগিল পঢ়ি