ফটাঢোল

গৰম দিনৰ পদ্য – সত্যজ্যোতি কাশ্যপ

(ক)
শাওনমাহৰ আকাশত খাঁও খাঁও সূৰ্য্য ৷
গৰমৰ প্ৰতাপত যেন হেৰাই যাব ধৈয্য ৷
বৰষুণৰ চিন নাই,
বিদ্যুতৰো হায় হায়,
ইমান গৰম কৰোঁ কেনেকে বাৰু সহ্য ৷

 

(খ)
গছ কটাৰ প্ৰতিফল হাতে হাতে পালোঁ ৷
নতুন কিয় নুৰোলোঁ আজিহে ভাবিলোঁ ৷
ছাঁ এডোখৰ নাই,
গৰমত জীৱ যায়,
নৰক যন্ত্ৰণা জীয়াই থাকোঁতেই দেখিলোঁ ৷
(গ)
কনবাপুৱে গৰমত মাৰিছে বিচনী ৷
লগতে খাইছে তেওঁ ঢোকে ঢোকে পানী ৷
বৰষুণৰ নাই নাম ,
ফেন এচিৰো নাই কাম ,
চোতালতে শোৱাৰ কথা আছে ভাবি গুণি ৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *