ফটাঢোল

চান্দাৰ ধান্দা – ধূৰ্জ্জটি কাকতি

গেট খোলাৰ শব্দ শুনি ৰমেশ ভাগৱতীয়ে বাতৰি কাকত পঢ়ি থকাৰ পৰা মূৰ তুলি চালে৷ ওচৰৰে ক্লাবৰ ল’ৰা কেইজন গেট খুলি সোমাই অহা দেখি মনৰ ভিতৰতে গুণা-গঁথা কৰিলে, “দূৰ্গা পূজা কমিটি, কালী পূজা কমিটি, থিয়েটাৰ কমিটি সকলোৱে চান্দা নিলেই দেখোন, এই কেইটা আকৌ কিয়বা আহিল?”

“ছাৰ, পেপাৰ পঢ়িছে?” ভাগৱতীৰে প্ৰাক্তন ছাত্ৰ সঞ্জীৱে মাত লগালে৷ এনেও বাৰু তেখেত যিহেতু অৱসৰপ্ৰাপ্ত অধ্যাপক, সেইকাৰণে বাকী মানুহেও ভাগৱতীক “ছাৰ” বুলিয়ে মাতে৷

“অ’ আহা আহা, বহা, কি সকামত বা আহিলা?”

“ছাৰ, ভাল কাম এটাৰ কাৰণেই আহিছো৷ আমাৰ ইয়াত দূৰ্গা পূজা, গণেশ পূজা, ধনতেৰচ আদি বাহিৰা অনুষ্ঠানৰ প্ৰভাৱত আমাৰ সংস্কৃতিৰ আচল অনুষ্ঠানবোৰ তল পৰি গৈছে, সেইবাবে এইবাৰ ভাবিছো খাটি অসমীয়া সংস্কৃতিৰ লগত জড়িত অনুষ্ঠান এটা পাতোঁ”। জাতীয়তাবাদী সংগঠনৰ লগত জড়িত বিজয়ৰ কথাখিনি শুনি ভাগৱতীৰ মনটো ভাল লাগি গ’ল৷ হওক তেও, ল’ৰা কেইটাই কিবা এটা অসমীয়া সংস্কৃতিৰ কাৰণে কৰিব খুজিছে!

“অলপ ৰবা, হেৰা চাহ অলপ বনোৱাছোন, “পত্নীক মাতটো দি ভাগৱতীয়ে সুধিলে, “এতিয়া কোৱা তোমালোকৰ পৰিকল্পনা”৷

“ছাৰ” বিজয়ে ক’বলৈ আৰম্ভ কৰিলে, “আমাৰ অসমীয়াৰ প্ৰধান উৎসৱেই হৈছে বিহু, কিন্তু বাকী দুটা বিহুৱে যিমান পাত্তা পায় কাতি বিহু তাৰ তুলনাত একেবাৰে নাপাত্তা , নতুন প্ৰজন্মই গমেই নাপায়। এই বিহুক প্ৰায় পাহৰি পেলোৱাৰ নিচিনাই হৈছেগৈ! এই বিহুতো যে বহুত নিয়ম কানুন পালন কৰা হয়, আজিকালিৰ লৰা ছোৱালীয়ে একো নাজানেই! গতিকে এইবাৰ আমি কাতি বিহুটো ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ।”

“বৰ ভাল কথা, পিছে কি কৰিম বুলি ভাবিছা?”ভাগৱতীৰ প্ৰশ্নৰ উত্তৰত বিজয়ে আকৌ আৰম্ভ কৰিলে, “ছাৰ, আমি এইবাৰ তিনি দিনীয়াকে কঙালী উৎসৱ পাতিম বুলি ভাবিছোঁ। মানে একদম ধুম ধামেৰে।”

“পিছে কঙালী উৎসৱ হয় জানো?”-অলপ সন্দেহেৰে কৰা ভাগৱতীৰ প্ৰশ্ন শুনি বিজয় হাঁহি মাৰি ক’লে,-” ছাৰ, আজিকালি উৎসৱ বুলি নক’লে গ্লেমাৰটো নাহেই নহয়, গতিকে নামটো উৎসৱ দিছো৷ ছাৰ, আমি প্লেন কৰা অনুষ্ঠানবোৰৰ বিষয়ে শুনক, গোটেইবোৰ একেবাৰে খাটি অসমীয়া অনুষ্ঠান। আমি প্ৰথম দিনা অনুষ্ঠান আৰম্ভ কৰিম ৰাতিপুৱা মাটিৰ ভেটি বনাই, তুলসী ৰুই , ল’ৰা ছোৱালীৰ মাজত চিত্ৰাংকন, খেল ধেমালী আদি প্ৰতিযোগিতা পাতি, আৰু গধূলীলৈ তুলসীৰ তলত বন্তি প্ৰজ্বলন৷ আমাৰ মূখ্য অতিথি আহি অসমীয়া সমাজত কাতি বিহুৰ মহত্বৰ ওপৰত বক্তৃতা দিব৷ পিচদিনা কুইজ হ’ব আৰু গধূলীলৈ আধুনিক নৃত্য প্ৰতিযোগিতা, নাম হ’ব কঙালী চুপাৰষ্টাৰ৷”

“আধুনিক নৃত্য প্ৰতিযোগিতা কাতি বিহুত?” ভাগৱতীৰ ডাঙৰ হৈ পৰা মাত আৰু চকুৰ ফালে চাই কিবা ক’ব খুজিও চাহ অহা দেখি বিজয় ৰৈ গ’ল৷

চাহকাপ মূখত দি এইবাৰ সঞ্জীৱে আৰম্ভ কৰিলে,-ছাৰ, আমাৰ মূখ্য অনুষ্ঠান আচলতে তৃতীয় দিনাহে হ’ব৷ সেইদিনাৰ সাংস্কৃতিক সন্ধিয়াৰ নাম হ’ব “কঙালী নাইট” আৰু মূখ্য আকৰ্ষণ হ’ব যুব প্ৰজন্মৰ হাৰ্টথ্ৰোৱ “অশ্লীল জোনাক”৷

“কি?” -কোনোমতে মূখৰ পৰা ওলাই অহা চাহখিনি ৰখাই ভাগৱতীয়ে ক’লে,-“জোনাক স্নিগ্ধ,সৌম্য, ৰোমান্টিক শুনিছোঁ৷ আজিকালি জোনাক অশ্লীলো হয় নেকি?”

“ছাৰ, তেখেতে বহুত ভাল ৰেপ কৰে৷” – ইমান দেৰি মনে মনে থকা, কলেজৰ ছাত্ৰ দিপাঙ্কৰে গৰ্বেৰ ক’লে৷

“কি কৈছা, ৰেপ কৰে? আৰু এনে মানুহক তোমালোকে ফাংছনত মাতিবা”-ভাগৱতীৰ মুখৰ পৰা এইবাৰ চিঞৰ ওলাল৷

“নহয় ছাৰ, মানে সেইটো সেই ধৰণৰ ৰেপ নহয়৷ আৰু সেইধৰণৰ ৰেপ নেতাইহে কৰে, এওঁ গানৰ ৰেপ কৰে”- মিছিকিয়া হাঁহিৰে সঞ্জীৱে উত্তৰ দিলে৷

“গানৰ ৰেপ? সেইটো আকৌ কেনেকে কৰে?”- ভাগৱতীৰ আশ্বৰ্যচকিত মুখখনৰ ফালে চাই এইবাৰ বিজয়ে কোৱা আৰম্ভ কৰিলে, “মানে গানটোৰ প্ৰকাৰটোৱে ৰেপ৷ যেনে গজল থাকে, কাৱালী থাকে, ছাৰ, তেনেকে খৰ খৰ কথা ক’লে তাকে ৰেপ বুলি কয়৷ ছাৰ, অশ্লীল জোনাকৰ “চুলাই মোৰ প্ৰেয়সী” কেছেটটো বহুত পপুলাৰ হৈছে৷ ইউ টিউৱৰ অসমীয়া গানৰ ৰেকৰ্ড ভাঙি দিছে, আজিৰ দিনত তেওঁৰ ফেনেই ফেচবুকত আটাইতকৈ বেছি৷ আপোনাৰ লগৰ বৰুৱা যে, তেওঁৰ নাতিয়ে অশ্লীল জোনাকৰ “তোৰ বাৰীৰ ৰঙালাও, মোৰ বাৰীৰ বেঙেনা, দুয়ো মিলি আহ গৰমত বনাওঁ লাব্ৰা” গানটো নিদিলে ভাতেই নেখায়৷

“গানটো শুনি বাৰু গম পাইছো তাৰ নাম অশ্লীল কিয় হ’ল৷”-ভাগৱতীৰ ব্যংগত বিশেষ গুৰুত্ব নিদি সঞ্জীৱে কোৱা আৰম্ভ কৰিলে, “ছাৰ, বহুত কষ্ট কৰি তেখেতক ৰাজী কৰাইছো, নাহেই! চিনাকী দাদা এজনে কোৱাতহে কোনোমতে ৰাজী হৈছে৷ আমাৰে ভাগ্য ভাল”।

“তোমালোকে এতিয়া চান্দা বিচাৰি আহিছা নে?”, সময় নষ্ট কৰিব নুখুজি ভাগৱতীয়ে চিধা পইন্টতে ধৰিলে৷

“নহয় ছাৰ, চান্দা কি দিব আৰু, আপোনাক উপদেষ্টা পাতিম বুলি ভাবিছোঁ৷ অশ্লীল জোনাকক আপুনিয়ে গামোচা পিন্ধাব লাগিব৷ উপদেষ্টাৰ পৰা 10 হাজাৰকৈ লৈছোঁ৷ ঠিকাদাৰ কাকতিয়ে গামোচা পিন্ধাবলৈ 20 হাজাৰ দিবলৈকে সাজু আছে৷ কিন্তু আপোনাৰ দৰে মানুহে পিন্ধালে অনুষ্ঠানটোৰ গাম্ভীৰ্যতা অলপ বাঢ়ে, আৰু সঁচা কথা ক’বলৈ গ’লে আপোনালোকৰ দৰে মানুহে অসমীয়া সংস্কৃতিৰ কথা নাভাৱিলে আৰু কোনে ভাবিব?”

বিজয়ৰ বৰ আশাৰে কোৱা কথা খিনি শেষ কৰাৰ পাছত ভাগৱতীয়ে ক’লে, “ঠিক আছে, মই পাছত ক’ম দিয়া”৷

ভাগৱতীৰ কথাত বৰ সুখী নহ’লেও ল’ৰা কেইজনে “ছাৰ যাওঁ” বুলি কৈ ওলাই গ’ল৷

চকীত বহি ভাগৱতীয়ে কল্পনা কৰিলে- মঞ্চত তেওঁ থিয় হৈ আছে আৰু মাইকত সজোঁৰে কৈ আছে “এয়া মঞ্চত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰোৱ অশ্লীল জোনাক, অলপ পিছতে তেওঁ পৰিবেশন কৰিব উদ্দাম গীতৰ শৰাই আৰু তেওঁক আদৰিব এই অঞ্চলৰ বিশিষ্ট সত্ৰীয়া সাধক আৰু প্ৰাক্তন অধ্যাপক ড° ৰমেশ চন্দ্ৰ ভাগৱতীয়ে।”

☆★☆★☆

31 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *