ফটাঢোল

ঈদ মোবাৰক – শ্ৰীমন্ত শৰ্মা

পুৱা ন-মান বজাত কলিং বেলৰ মাত শুনিয়েই অনুমান কৰিলোঁ কৰিম চাচা আহিছে৷ দুৱাৰখন খুলি দিওঁতেই মোৰ অনুমানক সত্য প্ৰতিপন্ন কৰি চাচাই মাত লগালে-

“ছাৰ, ঈদ মোবাৰক৷”

আনদিনা মোৰ বাৰীখন চিকুণাবলৈ আহিলে চাচাই মোক “নমস্কাৰ” বুলি সম্ভাষণ জনায়৷ কিন্তু বছৰৰ দুটা বিশেষ দিনত সম্ভাষণটো সলনি হৈ “ঈদ মোবাৰক” হয়গৈ৷ সম্ভাষণ হোৱাৰ লগতে শব্দ দুটাৰ আন এক বিশেষ তাৎপৰ্যও আছে৷ সেই শব্দ দুটাৰে আচলতে কৰিম চাচাই মোক সাংকেতিক ভাষাত কয়, “আজি এনেই অহা নাই দেই, ছাৰ৷ নাতিকেইটালৈ কিবা এটা নিব পৰাকৈ টকা কেইটামান দিয়ক৷”

মই সেই সাংকেতিক ভাষাটো বুজি পাওঁ আৰু সাধ্যমতে এশ/দুশ চাচাৰ হাতত তুলি দিওঁ৷ চাচাই পৰম সুখেৰে টকাকেইটা পাঞ্জাৱী কুৰ্ত্তাৰ বুকুৰ ভিতৰফালে থকা জেপটোত সুমুৱাই লৈ যায়গৈ৷ মোৰো কিবা এটা ভাল লাগে৷

“চাচা, এইবাৰ তোমালোকৰ ঈদ গেলিল দেই৷ চোৱাচোন, পুৱাৰ পৰা কি পেনপেনীয়া বৰষুণজাক পেলাইছে৷”

“নাই, নাই ছাৰ৷ বৰষুণ দি আল্লাই আমাক ৰহম(মৰম)হে কৰিছে৷ চাওকচোন, ইমান গৰমৰ দিনতো আজি গৰমেই লগা নাই৷”

“অ’ হয় নেকি? কথাটো হয় অৱশ্যে৷”

“হয় ছাৰ, আল্লাই মুছলমানক বৰ ভাল পায়৷”

এইবাৰ মোৰ ভিতৰৰ অ-মুছলমানটো জাগি উঠিল৷ চাচাক সুধিলোঁ, “কিয়, এই বৰষুণজাকে বাচি-বাচি মুছলমান মানুহকেইটাৰহে দেহা শাঁত পেলাব আৰু বাকী হিন্দু, বৌদ্ধ, খ্ৰীষ্টানসকলৰ দেহত গৰম তেল পৰাদি পৰিব নেকি?”

“নহয়, ছাৰ৷ বাকীসকলেও আৰাম পাব৷ পৱিত্ৰ মুছলমানৰ সৈতে যি একেলগে উঠা-বহা কৰে তেওঁলোককো আল্লাই মৰম কৰে৷”

চাচাই মনত কোনো বিদ্বেষ নোহোৱাকৈ একান্ত বিশ্বাসেৰে, সম্ভৱতঃ তেওঁলোকৰ সমাজত প্ৰচলিত ধাৰণা এটাকে প্ৰত্যয়েৰে সৈতে মোৰ আগত উপস্থাপন কৰিছে, বুজি পালোঁ৷ গতিকে এইবাৰ অকণমান জোকাই চাবলৈ মোৰ ভিতৰৰ কৌতুক প্ৰিয় হিন্দুটোক জগাই দিলোঁ৷

“কি তোমালোকে এজন আল্লাৰ কথাকে কৈ থাকাহে? আমাৰ দেখিছা, কেতিয়াবাই তেত্ৰিছকোটি পাৰ কৰিলোঁ৷ নতুনকৈ সন্তোষী, লোকনাথ, অমিতাভ, জয়া, কৰুণা আৰু কত কিমান ভগৱান যে জন্ম দিছোঁ, তাৰ সীমা-সংখ্যা নাই৷ তোমালোকৰ এজন আল্লাই এবাৰহে মৰম কৰে৷ আমাৰ প্ৰতিজন ভগৱানে এবাৰকৈ মৰম কৰিলেও তেত্ৰিছকোটি কেইশ মান মৰম হ’ব, বুজিছা?”

চাচাই বিশেষ বুজি পালে বুলি ভাব নহ’ল৷ কোটি কোটি ভগৱানৰ হিচাপটো আল্লাৰ সৈতে মিলাব নোৱাৰিলে হ’ব পায়৷ মই আকৌ ক’লোঁ, “আৰু এজন নতুন ভগৱান ওলাইছে, জানানে? এওঁ গৰমৰ দিনৰ ভগৱান৷ মন গ’লে হিন্দু-মুছলমান সকলোকে মৰম কৰে, মন নগ’লে ঘূৰিও নাচায়৷”

“কি নাম?” চাচাই সুধিলে৷

“অশবিকোলি দেৱতা৷” মই ক’লোঁ৷

“অচব্য কুলি? এনেকুৱা নামৰ দেৱতাও থাকেনে?”

“ধেৎ অসভ্য কুলি নহয় অ’, অশবিকোলি৷” মই উচ্চাৰণটো শুধৰাই দিবলৈ চেষ্টা কৰিলোঁ৷

হয় নেকি? তেওঁ কি কৰে?”

“তেওঁৰ অপাৰ মহিমা৷ মন গ’লে লাইট জ্বলাই দিয়ে, ফেন চলাই দিয়ে৷ চোৱাচোন, আজি তোমালোকক মৰম কৰি, ৰাতিপুৱাৰ পৰা এবাৰো ফেনবোৰ বন্ধ হ’বলৈ দিয়া নাই, দেখিছা?”

“হয়তো! আজি পুৱাৰ পৰা এবাৰো লাইট যোৱা নাই৷” চাচাই সঁহাৰি দিলে৷

“তাকেই৷ আজি তেখেত বৰ প্ৰসন্ন চিত্ত৷ আমাৰ লগতে তোমালোককো মৰম কৰিছে আকৌ৷”

চাচাই একো নুবুজিলে৷ এইবোৰ বুজি থাকিবলৈ সময়ো নাছিল৷ তেওঁৰ মুখলৈ চাই মই কথাটো গম পালোঁ৷ গতিকে পলম নকৰি টকা দুশ তেওঁৰ হাতত তুলি দিলোঁ৷ তেৱোঁ‌ সচৰাচৰ কৰাৰ দৰে জেপত ভৰাই ল’লে৷

“ছাৰ, আপোনালোকৰ নতুন দেৱতাজনৰ এইটোৱেই নাম নে কিবা ভাল নাম এটাও আছে?” যাবলৈ ওলাই চাচাই সুধিলে৷

“কিয়, এইটো নাম তোমাৰ পচন্দ হোৱা নাই নেকি? হওঁতে ভাল নাম এটা আছে, অৱশ্যে৷”

” কি নো?” চাচাই আগ্ৰহেৰে সুধিলে৷

“অসম শক্তি বিতৰণ কোম্পানী লিমিটেড৷” যথাসম্ভৱ গহীন হৈ উত্তৰ দিলোঁ৷

“অ’, অসমৰ দেৱতা নেকি?” চাচাই আকৌ সুধিলে৷

“ওঁ” কোনোমতেহে হাঁহিটো সামৰি ৰাখিলোঁ৷

“নাজানো আৰু৷ আপুনি কৈছে যেতিয়া হয় চাগে৷ লাইট কিন্তু আজি যোৱা নাই৷ এনেকৈ গৰমৰ দিনকেইটা তেখেতে মৰম কৰি থাকিলেই হয় আৰু!” কৈ কৈ চাচা মোৰ ঘৰৰ পৰা ওলাই গ’ল৷

“অ’ চাচা, ঈদ মোবাৰক দেই৷” কৰিম চাচাই শুনাকৈ মই ঘৰৰ দুৱাৰদলিৰ পৰাই এবাৰ চিঞৰি দিলোঁ৷ চালামৰ আৰ্হিত চাচাৰ সোঁহাতখন কপাললৈ উঠি যোৱা দূৰৰ পৰাই দেখা পালোঁ৷

☆★☆★☆

2 Comments

  • Manisha

    অশবিকোলিৰ কৃপাদৃষ্টি যেন সদায় আমাৰ লগত থাকে।

    Reply
  • মিৰাজ

    জয় অশবিকোলি বাবা…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *