ঢৌ – মল্লিকা শৰ্মা বৰদলৈ
: ঐ, জ’ক এটা পঠিয়াও পঢ়িবি!
: কি জ’ক?
: মজ্জা জ’ক এটা।
: একো বেয়া নহয়তো?
: এহ, নহয় দে, অকণমান বেয়া পঢ়িলে নমৰ তই।
: চৰ লাগে? কিমান ক’ব লাগে সেইবোৰ মোক নিদিবি বুলি?
: সেইকাৰণেতো তই ইমান ব’ৰ। বৰ সতী, সাৱিত্ৰী একেবাৰে।
: সতী সাৱিত্ৰী নহয়, কিন্তু মই ভাল নাপাওঁ এইবোৰ, জানই দেখোন।
: এটা কাম নকৰ কিয়, গেৰুৱা বসন পিন্ধি, তুলসীৰ মালা ডিঙিত ওলমাই, দীঘলকৈ ফোঁট লৈ সেই যে “দোতোৰা” নে কি, সেইটো লৈ মন্দিৰৰ সমুখত বহি যা তই।
: মুড অফ হৈ আছে মোৰ, ইমান ঠাট্টা নকৰিবি। সন্যাস ল’ম বুলি কেতিয়া কৈছোনো, যেতিয়া যি হ’ব লগীয়া আছে হৈ থাকিব নহয়।
: তই আৰু তোৰ দাৰ্শনিক কথাবোৰ, নাকামুৰিবি এতিয়া। যাহ, তোৰ সেই নদীৰ পাৰলৈ যাগৈ, এইজনীৰ লগত কিয় যে কথা পাতো মই। কেৱল টাইম বৰবাদ হয়।
: হ’ব, এনেয়ো কৰ’বালৈ গুছি যাবলৈ মন গৈছে, কাৰো সময় নষ্ট নকৰো, যাওঁ, থাক…।
: ৰহ, এনেই কৈ থৈ যা, ক’লৈ যাবিনো?
: নাজানো, তোক নামাতো দে, নিশ্চিন্ত থাক।
: হ’ব হ’ব, বৰ বেছি দেখুৱাব নালাগে। এনেয়ো মোক মাতিলেও নাযাওঁ, লগৰ এটাৰ বাৰ্থডে, পাৰ্টি আছে।
: ঠিক আছে।
: ঠিক আছে।
গাৰ কাষেৰে ডেকা ল’ৰাৰ জাকটো কিৰিলিয়াই পাৰ হৈ যায়। তাইলৈ কোনেও উভতি নাচায়। ৰূপৱতী তাই কাহানিও নাছিল। ভবাও নাছিল জীৱন সুখৰ হ’বলৈ আকৰ্ষণীয় চেহেৰাৰ প্ৰয়োজন বুলি। কিন্তু আজিকালি কথাবোৰ বেলেগ যেন লগা হৈ আহিছে। বাৰে বাৰে যেতিয়া ল’ৰাৰ ঘৰৰ মানুহে চাই উভতি যায়, আৰু প্ৰত্যেকেই তাইকেই জগৰীয়া কৰি সাজ সজ্জা, থকাৰ ধৰণ কৰণৰ ওপৰত বিশেষ টিপ্পনী দিবলৈ আৰম্ভ কৰে, তেতিয়াই তাইৰ ভাবিবলৈ মন যায় কথাবোৰ বেলেগকৈ।
প্ৰিয় ঠাইখিনিত দুভৰি আপোনা আপুনি ৰৈ যায়। নদীখন উফন্দি আহিছে, তাইৰ বুকুতো যে একেই বাৰিষাৰ ঢল। নৈখনলৈ চাই চাই মনৰ কথাবোৰ উজাৰি দিয়ে তাই। আচলতে নৈখনে একান্তমনে শুনে, হয়তো শুনাটো নৈৰ বাধ্যতা, নৈয়ে ওভতাই একো নকয়, সেয়াই বুজে বুলি নিজক দিব পৰা এক সান্ত্বনা। তাইক বুজি পাব পৰাকৈ জীৱনত কোনো নোলালেই। নৈখনক সোধে তাই,
“মাজে মাজে কিয় চিঞৰি কান্দিবলৈ মন যায় নো? হাত এখনৰ বৰ প্ৰয়োজন অনুভৱ হয় এই সময়ত। আহি যেন কপকপীয়াকৈ ধৰিবহি আৰু ক’ব, ” মই আছো”। কেৱল সেউজীয়াৰে ভৰি থকা দীঘলীয়া কাহানিও শেষ নোহোৱা বাট এটাৰে যেন গৈ থাকিব তাই, গৈয়েই থাকিব। মৌনতাৰে বুকু ভৰাই কথা ক’ব পৰা এখন হৃদয় আৰু তাই….”
সিও প্ৰায়ে কয়, “কেতিয়ানো নিজক ভালপোৱা হ’বি বাৰু তই? এই চুলিবোৰ, অলপটো পৰিপাটিকৈ ৰাখিব পাৰ, কি বিশৃংখল। কাপোৰবোৰ ইমান শেঁতা ৰঙৰ পিন্ধ, আৰু দোপাত্তাখন এনেকৈ উৰি লৱ যেন বৰফৰ মাজতহে আছগৈ। অলপতো কিবা কৰিব পাৰ’, চকুত ডাঠকৈ কাজল লগাই, ওঁঠত হট পিংক লিপষ্টিক, দেখা নাই ছোৱালীবোৰক? ‘নাৰী মানেই আৱেদনময়ী’ শুনা নাই নেকি কথাষাৰ? কৰি চাবিচোন অলপ নিজৰ বাবে, সচাঁকৈয়ে ভাল লাগিব তোক।”
“সি”এককথাত তাইৰ বন্ধু, তাইৰ সুহৃদ। পিছে সিও নো ক’ত বুজে তাইক? বেছিভাগ সময় পাৰ হয় যুক্তি তৰ্কৰেহে। তাৰ ওপৰত প্ৰচণ্ড অভিমান হয় কেতিয়াবা, কেতিয়াবা মৰমো লাগে, যেতিয়া মানুহক আকৰ্ষিত কৰিব নোৱাৰা ছোৱালীজনীক, কেনেকৈ থাকিব লাগে, বুজাব লৈ ঘন্টাজুৰি সময় পাৰ কৰি দিয়ে সি।
মনৰ ভাৱবোৰত বিৰাম লগাই মোবাইলত ‘টিংকৈ’ শব্দটো হয়। তাই মেচেজটো খুলি চায়।
: ক’ত আছনো?
: আছো ক’ৰবাত, কিয় লাগে?
: ইচচ্, মহাৰাণী, মোৰো দৰকাৰ নাই, এনেয়েহে সুধিলোঁ।
: ও।
: ক’বিনে এতিয়া ক’ত আছ?
একো নকয় তাই, ফোনটো বন্ধ কৰি থৈ দিয়ে। কেতিয়াবা কেতিয়াবা ভীষণ অভিমানী হৈ উঠে হৃদয়। কিয়, কাৰ বাবে তাই নাজানে। সময়বোৰ নিজৰ মাজতে ব্যস্ত হৈ গতি কৰে, আৰু তাই তেনেকৈয়ে ৰৈ থাকে। বেলিটো সুমথিৰাৰঙী হয়, প্ৰেমিক চৰাইবোৰ হাতত হাত ধৰি ঘৰমুৱা হয়। তাইৰহে উভতিবলৈ এতিয়াও বহুত সময় বাকী।
: আটচা, মানে আজি ইয়াতেই থাকি যোৱাৰ প্লেন?,চিনাকি মাত, আচৰিত নহয় তাই। সি যে তেনেকুৱাই।
: তই কিয় আহিলি?
: কেলেই, নদীখন কেৱল তোৰহে নেকি?
: মই যাওঁ, তই যাবিনে?
: তোৰ কথা, আহোঁতেও মোৰ লগততো অহা নাছিলি।
: ঠিক আছে থাক, বাই।
: অকলে যাবি?
: অকলেই ভাল, এনেয়ো অকলশৰীয়া।
তাইৰ পিন মাৰি লোৱা দোপাত্তাখনত টানি ধৰে সি,
: সেই সৌভাগ্য হ’বলৈ নিদিওঁ যদি, কি কৰিবি?
: কিবোৰ বকি আছ নো পাগলৰ দৰে?
: এই জনমত মোৰ পৰা ৰেহাই নাপাবি তই জাধলী, অকলে থাকিবলৈ সুযোগেই নিদিম কেতিয়াও।
তাই একো ক’বলৈ বিচাৰি নাপায়। সি ৰৈ নাযায়।
: তই চকুত কাজল নাসানিলেও, ওঁঠত হট পিংক লিপষ্টিক নলগালেও, চুলিবোৰ এইদৰে বিশৃংখল হৈ থাকিলেও, ছালবোৰ সোঁতোৰা-সোঁতোৰ হৈ পৰিলেও মোৰ বাবে সদায় বিশেষ হৈয়ে থাকিবি। মুঠতে তই কাৰো বাবে সলনি নহ’বি, তোৰ দৰেই হৈ থাকিবি সদায়, থাকিবি নে…?
নদীৰ বুকুত ঢৌ উঠে, তাইৰো…।কথাই কথাই ঢৌবোৰে কি কৈ যায় তাই বুজিব চেষ্টা কৰে।
তাইৰ বিশৃংখল মনটোক যিয়ে সামৰি ল’ব পাৰে, যাৰ এটা ধমকিতে শান্ত ছোৱালীজনী হৈ পৰে তাই, যাৰ আবদাৰত শিল যেন হৃদয়খন অলপকৈ গলে, সেইজনলৈ চাবলৈ সাহসে নোজোৰে।
: ঐ ব’ল ব’ল, বহুত দেৰি হৈছে।
অসহজ হৈ পৰা পৰিবেশটো পাতলাই সি।
: আটচা, জ’ক এটা পঢ়িবি নেকি?
: হমম, একো বেয়া নহয়তো?
চঞ্চল বতাহজাকে খিলখিলাই হাঁহি উঠে। ঘৰমুখী এহাল প্ৰেমিক চৰাই ইটোৱে সিটোৰ আৰু অলপ কাষ চাপি সেউজীয়া বাটটোৰে আগবাঢ়ে….।।
☆★☆★☆
9:25 pm
?
3:41 pm
অশেষ ধন্যবাদ ?
2:16 pm
এখেতৰ লিখনশৈলী অত্যন্ত সাৱলীল, ভাল লাগিল পঢ়ি
3:44 pm
আন্তৰিক ধন্যবাদ জনালোঁ।
3:46 pm
এটা অভিমানী মন এজনী বাস্তৱৰ ছোৱালী ।এজন নিভাজ তথা দেখুৱাব নিবিচাৰা প্ৰেমিক ।বঢ়িয়া লাগিছে ।
4:05 pm
খুবেই ভাল লাগিল । লিখাৰ কৌশল অত্যাধুনিক হৈছে। পাচলৈ আৰু পঢ়িবলৈ পোৱাৰ আশাৰে