ফটাঢোল

চেনাইধনৰ পাৰ্লাৰ – তৃষ্ণা সোনোৱাল

“ধেত তেয়িকা, শনি চাইকেল ক’ৰবাৰ। কা মুটো কয়িবলে চেইন পয়ি দেখাইছ। কিবা খং উঠিলে ভাঙি গুৱাগুয়ি কয়ি দিম গম পাবি জানিছ।”, চেনাইধনে থেকেচা মাৰি ভোৰভোৰাই উঠিল। ঘামে ধুৱা মুখ খনি ৰুমালখনেৰে মচি তাই আকাশলৈ চালে। নাই ডাৱৰৰ চিন চাব নাই একেবাৰে। ৰাস্তাটোত দূৰ দূৰণিলৈকে মানুহৰ সাৰ সুৰ নাই। অগত্যা চাইকেলখন ঠেলি ঠেলি তাই আগবাঢ়িল।

চেনাইধন পায়গৈ মানে চ’কত তেতিয়া ভীৰ বাঢ়িছে। ভৰতৰ দোকানৰ পৰা পানী এবটল লৈ দৌৰাদৌৰিকৈ তাই পাৰ্লাৰ খনৰ ভিতৰত সোমাল। গ্ৰাহক কেইবাগৰাকীও আছে। মালিকনী বাইদেউৰ ঘোপা চাৱনিক অগ্ৰাহ্য কৰি চেনাইধনে তাৰ মাজৰে এগৰাকীক কৈ উঠিল, “বাইদেউ, থ্ৰেডিং আছে নেকি আপোনাৰ?”

পূজা কাষ চাপিছেহি, সমানে সমানে পাৰ্লাৰত গ্ৰাহকৰ সংখ্যাও বাঢ়ি আহিছে। পাৰ্লাৰৰ কৰ্মচাৰী চেনাইধনৰ লগতে ছায়া, জুৰি আৰু মলয়াৰ এইকেইদিন মূৰ তুলিবলৈও সময় নোহোৱা হৈছে। সহায়ৰ নামত কুটা এডাল ইফাল সিফাল নকৰা মালিকনী গৰাকী কিন্তু পাৰ্লাৰ খোলাৰ সময়ত আৰু সন্ধিয়া হিচাপ পাতি লোৱাৰ সময়ত ঠিকেই উপস্থিত থাকিব। আধা ঘণ্টা দেৰী হ’লেও পাই পাই হিচাব ৰখা মালিকনীক সিঁহতৰ এজনীয়েও চকু পাৰি দেখিব নোৱাৰে। কিন্তু ক’লেই জানো হ’ব, যোৱাবাৰ কাজিয়া কৰি পাৰ্লাৰ এৰি যোৱা লনিতাই চ’কতে বেলেগ এখন পাৰ্লাৰ খুলিছিল। সেইকেইদিন মালিকনীৰ ৰূপেই বেলেগ। পুৱাতে আহি পাৰ্লাৰৰ বাহিৰত চকী পাৰি বহি ল’ব, চিনাকি অচিনাকি সকলো ছোৱালী- বোৱাৰীক হাত বাউল দি পাৰ্লাৰলৈ মাতিব নাইবা লনিতাৰ পাৰ্লাৰত গৈ গ্ৰাহক গৰাকীকে গালি দি আহিব। মুঠতে গ্ৰাহকে ভাবিবলৈ বাধ্য হ’ব, কি পাপ কৰি এইখন পাৰ্লাৰত সোমালোহি! শেষত মালিকনীৰ উৎপাতত বেচেৰীয়ে দোকান বন্ধ কৰি চকুলো টুকি বিয়া হৈ যাব লগাত পৰিল। এতিয়া চেনাইধনহঁতকো মালিকনীয়ে কৈ থৈছে,
“চা তহঁতক মই দস্তুৰমত ভাল দৰমহা দি কামত ৰাখিছো। মোক নুসুধাকৈ কাম এৰাৰ কথা ভুলতো নাভাবিবি। নহ’লে বুজিছনে এজনীকো শান্তিৰে থাকিবলৈ নিদিওঁ মই।”

হাত দীঘল, লাউপাত কচুপাত হেন মুখৰ মালিকনীৰ ভয়ত গোটেই কেইজনী ছোৱালীয়ে থৰহৰি কম্পমান হৈ থাকে। মুঠতে কাম এৰিলেও বিপদ নেৰিলেও বিপদ। চেনাইধনে সপোন নেদেখা নহয়, নিজাকৈ ডাঙৰকৈ এখন পাৰ্লাৰ খোলাৰ সপোন। আহল বহল কোঠা, চাৰিওখন বেৰতে চকচকীয়া আইনা, কেইবাটাও শ্ব’কেছ ভৰ্তিকৈ থকা মেকআপৰ সামগ্ৰী বিলাক আৰু ৰিভলভিং চেয়াৰ মানে তাইৰ ভাষাত ইচপিং চকী খনৰ সপোন এটাই চকুৰ আগত অগাদেৱা কৰি থাকে। তাতে বহিয়ে যেন তাই দিনটোৰ হিচাব নিকাচ কৰিব, কৰ্মচাৰীক দৰমহা দিব। কিন্তু মালিকনী বাইদেউৰ দৰে হুটা মাতৰ হুকুমেৰে নহয়, হাতে-কামে লগাটোতহে তাই গুৰুত্ব দিব। চেনাইধনৰ পঢ়া শুনা তেনেই সামান্য। হাইস্কুলৰ দুশ্ৰেণী পঢ়িয়েই তাই এৰিলে। এই লিখা পঢ়াৰ দৰে কঠিন কাম পৃথিৱীত নায়েই। ঘৰতে বোৱা কটা ৰোৱা তোলা কৰি দুবছৰ থকাৰ পাছত পঞ্চায়তৰ ফালৰ পৰা সদৰত বিউটিচিয়ানৰ কৰ্ছ এটা কৰি আহিল।

নিজাকৈ পাৰ্লাৰ খুলিবলৈ ধনৰ নাটনি, তাতে ওচৰৰ নবৌ-খুৰী, বাইদেউ-ভন্তীবোৰে ফ্ৰীতে কৰাব বিচৰা কামোৰ বোৰ আছেই! পুৱাতে চিঞৰিব আহি, “ঔ চেনাই, চাওঁ মোৰ চেলাউৰি কেইডাল চুৰুকি দেহিচোন।”

“চেনাই বাই, মোক ফেচিয়েল কৰি দেচোন। আজি টাউনৰ পৰা আহোঁগৈ অলপ। তোলৈ জিলাপী আনিম বাৰু।”

“চেনাই মোৰ চুলিকেইডাল ৰং মাৰি দে, মোৰ মুখখন ধুনীয়া কৰি দে, মোক ইষ্টাইলত খোপা এটা বান্ধি দে।”

শেষত এনেকুৱা অৱস্থা পালেগৈ, বিউটিচিয়ান কৰ্ছ কৰি পোৱা গোটেই বোৰ মেকআপৰ বস্তু ৰাজহুৱা সেৱাত আগবঢ়াই চেনাইধন এতিয়াৰ পাৰ্লাৰৰ কামত সোমাব লগা হ’ল। এনেই পাৰ্লাৰ আহি তাইৰ বেয়া নালাগে, মালিকনী নথকা সময়ত তিনিওজনীৰ লগত আড্ডা, কেতিয়াবা সুযোগৰ সদব্যৱহাৰ কৰি ফ্ৰীতে নিজকে ফেচিয়েল, মাছাজ, পেডিকিউৰ, মেনিকিউৰ আৰু মেকআপ কৰি পোৱা অনাবিল আনন্দখিনিয়ে মালিকনী বাইদেউৰ কৰ্কশ মাতটো পাহৰাই দিয়ে। চেনাইধনৰ আৰু এটা ভাল লাগে, পাৰ্লাৰৰ সন্মুখৰ ৱেল্ডিঙ চেন্টাৰত কাম কৰা ৰুবু নামৰ ল’ৰাটোক। তাইক দেখিলেই মৰা মিঁচিকিয়া হাঁহিটোতে এদিন চেনাইধন বাৰুকৈয়ে পিছলিল।
সপ্তমীৰ দিনৰ কথা, কামৰ ছুটী কৰি চাৰিওজনী পূজাস্থলীত ওলালগৈ। মানুহৰ ভিৰৰ মাজতেই কোন তলকতনো আহি ৰুবুৱে তাইৰ হাতত পান এখন দিলেহি তাই ধৰিবই নোৱাৰিলে।

“ঐ ঐ, তোক ৰুবুৱে লাইন দিছে বুজিছ। পাৰ্টি পাৰ্টি”, জুৰিয়ে তাল-ফাল লগালে। চেনাইধনৰ মনে মনে ভাল লাগিল যদিও বাহিৰে তাই গহীন হৈ থাকিল। সেইদিনাৰ পৰা চেনাইধন আইনাখনৰ প্ৰেমত পৰিল। লুকাই চুৰকৈ অনা কম্পেক্ট পাউদাৰ, লিপষ্টিক, আইছেডৌ লগাই ধুনীয়াজনী হৈ তাই পাৰ্লাৰ অহা যোৱা কৰিবলৈ ধৰিলে। পানী পিয়াহ আগতকৈয়ো যেন বেছি হ’ল। ঘনাই ঘনাই ৱেলডিং চেন্টাৰৰ আগেদি ভৰতৰ দোকানৰ পৰা পানীৰ বটল আনিব যাব লগা হ’ল তাই। পাছদিনা ঘৰলৈ যোৱাৰ বাটত ৰুবুও ওলাল।দুদিন পাছত সি বোলে ঘৰ যাবগৈ একেবাৰেই। চেনাইধনৰ মনটো মৰহিল।

“যাবলৈ ওলালাইযে, বেয়া নালাগে নে এয়ি যাব।”

“তাকেই ক’বলৈ আহিছোঁ, তুমিও ব’লা মোৰ লগতে।”

“কি???” চেনাইধন অবাক হ’ল।

“অ, ব’লা বিয়া পাতিম দৌলতে তোমাক। তাৰ পাছত দুয়োটাই মিলি বিজনেছ কৰিম। তুমি পাৰ্লাৰ কৰিবা, ময়ো নিজৰ গেৰেজ এটা খুলিমগৈ।”

“ঘয়ত নামানিব, তাতে তুমি হ’লা ইমান দূয়নিঅ।”

“ঘৰত নক’লে হ’ল। পইছা-পাতি, কাপোৰ-কানি যিমান আছে টোপোলা কৰি ল’বা। পইচা পাতি তোমাৰ ঢেৰ আছেই ছাগে। ন? “

“হু… ম। ” চেনাইধন চিন্তাত পৰিল। কি কৰিব তাই। কাক এৰিব কাক ধৰিব।

ঘৰৰ অৱস্থাৰ লগতে পাৰ্লাৰৰ মালিকনীৰ পৰা পোৱা ৰুক্ষ ব্যৱহাৰ আৰু ৰুবুৰ প্ৰতি থকা আকৰ্ষণ, গোটেই বোৰ চিন্তা-চৰ্চা কৰি তাই অৱশেষত ৰুবুৰ লগত যোৱাটোকেই ঠিক কৰিলে। পাছদিনা পাৰ্লাৰত তাই অকলে হ’ল। বাকী তিনিওজনীৰ বেলেগ বেলেগ অসুবিধা। তাতে আজি গ্ৰাহকো কম। বেকাৰ মুৰত চয়তানৰ বাহৰ দৰে তাইৰ মূৰতো মাৰাত্মক চিন্তা এটাই বাহ ল’লে। ৰুবুৱে বাৰে বাৰে কৈছে তাইক টকা-পইচা অলপ বেছিকৈ ল’বলৈ। তাৰতো ঢেৰ জমা আছে চাগৈ। চেনাইধনৰ হাততহে মাত্ৰ দুহাজাৰ আছেগৈ। ইমান কম টকা বুলি জনাৰ পাছত তাই ৰুবুৰ আগত লাজ পোৱাটো স্বাভাৱিক। ছেহঃ কি কৰা যায়, ক’ৰ পৰা পোৱা যায়। মালিকনীও পূজাৰ আগৰে পৰা নাই, জুৰি মলয়াহঁতো নাই। হঠাতে তাইৰ চকু গ’ল কেছ বক্সটোত। তলাটো খুলি টকাকেইটা গণি পেলালে তাই। একৈছ হেজাৰ টকা, মালিকনীৰ অনুপস্থিতিত যোৱা একসপ্তাহৰ পাৰ্লাৰৰ উপাৰ্জন সেয়া। তাই সময় নষ্ট নকৰিলে, সমুদায় টকা টোপোলা এটাত বান্ধি তাই বেগত ভৰালে। আবেলি ৰুবুৰ ফোন অহাৰ পাছতেই পাৰ্লাৰ বন্ধ কৰি চেনাইধন বাছ ষ্টেণ্ড পালেগৈ।

“আহিলা।” ৰুবুৰ মাতত কিবাকিবি ভাৱি থকা চেনাইধন উচপ খাই উঠিল।

“উ… ম। তুমি ৰৈয়ে আছিলা নেকি।”

“নাই, এয়া পাইছোহিহে। বাছ পালেহি ব’লা।”

দুয়োটা কোবাকুবিকৈ বাছখনত উঠি শেষৰ ফালৰ দুজনীয়া ছিটটোত বহি পৰিল।

“পইচা আনিছা নহয়?? এনেই কিমান মান আছে তোমাৰ হাতত।” – ৰুবুৰ প্ৰশ্নটোত তাই আচৰিত হ’ল। এইটো সময়ত পইচাৰ কথা কিয় সুধিছে ই।

“আছে অলপ চলপ। হেয়ি নহয়, তোমালোকঅ ঘৱ কিমান সময়ত পামগৈ আমি। “

কথাটোৰ পৰা তাই ফালৰি কাটিব বিচাৰিলে।

” লাগিব দুঘণ্টামান। ময়ে চাওঁ দিয়াচোন বেগটো ।” ৰুবুৱে থাপ মাৰি বেগটো খুলি পেলালে।

টকাৰ টোপোলাটো দেখি তাৰ মুখখন জিলিকি উঠিল। বুৰ্বকৰ দৰে বাছতেই সি টকাখিনি গণিব লাগিল।

প্ৰথমে সোঁহাতত থুৱাই পাছত আঙুলিবোৰ চেলেকি টকা গণি থকা ৰুবুক দেখি চেনাইধনৰ মনটো কোঁচ খাই আহিল।

“তাই কিবা ভুল কৰা নাইতো!” নিজকে সুধিলে তাই।

বাছৰ ভাড়া ল’বলৈ অহা কণ্ডাক্টৰক দেখি খপজপাই বেগটো তাইৰ কোলাত থৈ ধূৰ্ত হাঁহি মাৰা ৰুবুৰ ৰূপটো দেখি তাই আকৌ এটা সিদ্ধান্ত ল’লে। পাছৰ ষ্টপেজত নামি ৰুবু পান খাবলৈ যোৱাৰ সুযোগতে তায়ো নামিল। সি গম নোপোৱাকৈ অট’ এখন ধৰি তাই ঘৰমুৱা হ’ল। আৰু এটা কাম কৰিলে তাই, মবাইলটোৰ পৰা ছিম খন উলিয়াই বাহিৰলৈ দলিয়াই চেনাইধনে গাৰ জোৰেৰে থুৱাই উঠিল। ৰাতিটো ভীষণ অনুশোচনাত ভূগিল চেনাইধন। টকাৰ টোপোলাটো যেতিয়াই চকুত পৰে তেতিয়াই ৰুবুৰ লুভীয়া মুখখন আগত ওলায়হি তাইৰ। টকা চুৰিৰ কথা গম পালে মালিকনী বাইদেউৰ পৰা সম্ভাৱ্য বিপদৰ কথা ভাবি টোপনি যাব নোৱাৰিলে তাই। পুৱা আঠবজাতে তাই পাৰ্লাৰ ওলালহি। কিন্তু এয়া কি? মালিকনী বাইদেউ আৰু জুৰি, ছায়া, মলয়া গোটেই কেইজনীয়ে তাইতকৈয়ো আগতে হাজিৰ। কোনো নহাৰ আগেয়ে টকাখিনি নিজৰ ঠাইত থোৱাৰ কথা ভাবি আহিছিল তাই। চেনাইধনৰ ভয়তে বুকুত ধান বানিব ধৰিলে।

“আহিলি, কালিৰ পৰা ফোন লগাই আছো তোক। ক’ত কি কৰি ফুৰ মানুহজনী”, ৰাজহাঁহ হেন মাতটোৰে মালিকনীয়ে তাইক ডবিয়াই উঠিল।

“ফোনটো বেয়া হ’ল, বাইদেউ।”, চেনাইধনে সেপ ঢুকিলে।

“শুন চেনাই। দাদাৰৰ ট্ৰেন্সফাৰ হৈছে দিল্লীলৈ।আমি ইয়াৰ পৰা যাবগৈ ওলাইছোঁ, একেবাৰেই। ইয়াৰ ঘৰ মাটি গোটেইবোৰ বিক্ৰী কৰিলোঁ। পাৰ্লাৰ খনো ভাবিছিলোঁ বিকিয়ে দিওঁ বুলি।কিন্তু পিছ তলকত ভাবিলোঁ ইমান দিন চলালি যেতিয়া তয়েই চলাই নিবি আৰু নিজৰ লগতে ইঁহত কেইজনীকো চাবি। আৰু শুন, এইকেইটা পেকেটত তহঁত চাৰিওজনীৰ দৰমহাবোৰ আছে। এতিয়াৰ পৰা নিজৰ মতেই কৰিবি যি কৰ, মোক বেয়া পাই নাথাকিবি বুজিছ।” -কৰ্কশ মাতৰ মানুহজনীৰ শেষলৈ কথাবোৰ থোকাথুকি হৈ পৰিল। আগেয়ে নেদেখা মালিকনী বাইদেউৰ বিচলিত ৰূপটো দেখি জুৰিহঁত কিংকৰ্তব্যবিমূঢ় হ’ল।

আৰু চেনাইধন!

ওলাই আহিব খোজা কান্দোনটো চেপি বেগৰ ভিতৰত লুকুৱাই নিয়া টকাকেইটা চেনাইধনে গাৰ জোৰেৰে খামুচি ধৰিলে।

☆★☆★☆

23 Comments

  • অনুৰূপ মহন্ত

    বাহঃ বৰ ভাল লাগিল। বৰ বাছিল দেই বেচেৰী জনী।

    Reply
  • গীতিকা শইকীয়া

    তৃষ্ণা, অত্যন্ত ভাল লাগিল গল্পটো পঢ়ি। সহজ-সৰল মাটিৰ গোন্ধ থকা গল্পবোৰে তোমাৰ হাতত প্ৰাণ পাই উঠে। লগতে এয়া এক প্ৰকাৰৰ ইংগিতো যে সচৰাচৰ ভৱাৰ দৰে গাঁৱৰ ছোৱালীবোৰ আগৰ দৰে বেঙী, ভেলেঙী হৈ থকা নাই। এনে ধৰণৰ পৰিৱৰ্তনৰ ইংগিতধৰ্মী কাহিনী সঁচাকৈয়ে ভাল লাগে।

    Reply
    • তৃষ্ণা সো.

      অশেষ ধন্যবাদ

      Reply
    • তৃষ্ণা সো.

      আপোনাৰ মন্তব্যই অনুপ্ৰেৰণা যোগায়, অশেষ ধন্যবাদ।

      Reply
  • Mitali Saharia

    বৰ ধুনীয়া লাগিল তৃষ্ণা।

    Reply
    • তৃষ্ণা সো.

      মিতালী, অশেষ ধন্যবাদ।

      Reply
  • ভাল লাগিল দেই

    Reply
    • তৃষ্ণা সো.

      মিতালী, অশেষ ধন্যবাদ। বহুতো ধন্যবাদ জনালো ।বহুতো বহুতো ধন্যবাদ ।

      Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালো ৰিমঝিম বা

      Reply
  • Dhurjjati

    Borhia

    Reply
    • তৃষ্ণা সো.

      মিতালী, অশেষ ধন্যবাদ। বহুতো ধন্যবাদ জনালো ।

      Reply
    • তৃষ্ণা সো.

      ধন্যবাদ জনালো ।

      Reply
  • ৰিণ্টু

    আপোনাৰ লিখাৰ এক বিশেষ ষ্টাইল আছে, পাঠকক আকৃষ্ট কৰিবলৈ যথেষ্ট।

    ভাল লাগিল পঢ়ি

    Reply
    • তৃষ্ণা

      মন্তব্যই সুখী কৰিলে, অশেষ ধন্যবাদ।

      Reply
    • তৃষ্ণা সো.

      মন্তব্যই সুখী কৰিলে, অশেষ ধন্যবাদ।

      Reply
  • হেমন্ত কাাকতি

    বৰ ভাল লাগিল তৃষ্ণা৷ আগৰ দুটীৰ তুলনাত এইবাৰ হাস্যৰস অলপ কম হলেও মন ভৰি গ’ল৷ লিখি থাকা৷ আশা বঢ়াই তুলিছা৷

    Reply
    • তৃষ্ণা সো.

      মন্তব্যই সুখী কৰিলে দাদা, এইবাৰ অলপ বেলেগকৈ চেষ্টা এটা কৰি চালো। অশেষ ধন্যবাদ।

      Reply
  • Manisha

    এইবাৰো ভাল পালোঁ পঢ়ি।

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি

    Reply
  • ভাল লাগিল পঢ়ি।সহজ সৰল চেনাইধনৰ চৰিত্ৰটো বৰ ভাল লাগিল।

    Reply
  • বৰ ভাল লাগিল দেই। যেনে তেনে বাছিল ৰুবুৰ পৰা।

    Reply
  • Suntu

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *