মানৱ অধিকাৰ (মূল: ড° নৰেন্দ্ৰ কোহলী) – অনুবাদ: হিমাংশু ভাগৱতী
চোৰটোৱে কোঠাটোৰ খিৰিকিৰ আইনা ভাঙি ৰেলিং কাটি ভিতৰলৈ সোমাল। কোঠাটোত এজন মানুহ আৰামত নাক বজাই শুই আছিল, অইন কোনো নাছিল। চোৰৰ চুৰি কাৰ্য্যৰ বাবে কৰা আগতীয়া অনুসন্ধান অনুসৰি মানুহজনৰ ঘৈণীয়েক ঘৰতে আছে যদিও এই ৰাতি ওচৰত ক’তো দেখা পোৱা নাই। কোঠাটোত এখনেই বিচনা, সৰু, এজনীয়া। মানে পতি-পত্নী বেলেগ বেলেগকৈ শুৱে। কিবা ভিতৰুৱা খেলিমেলি আছে ছাগে!
চোৰটোৱে ভাবিলে, সুবিধাই হ’ব। যিকোনো বস্তু লৈ যাব পাৰিম। চকুৰ সমুখত থকা সকলোবোৰ উঠাব পৰা যাব। আজি লগত মিনিট্ৰাক বা অ’টোভেন জাতীয় কিবা লৈ নাহি বৰ ভুল হ’ল, নহ’লে ঘৰৰ সকলো বস্তু, আনকি এই শুই থকা মানুহজনৰে সৈতে পালেঙখনো দাঙি নিব পৰা গ’লহেতেঁন।
সি প্ৰথমে টিভিটো দাঙি লৈ চুৰি কাৰ্য আৰম্ভ কৰিলে। কিন্তু আন্ধাৰতে বিচনাৰ খুঁটি এটাত উজুটি খালে। শুই থকা মানুহজনে বাগৰ সলালে। চোৰটোৱে ওচৰলৈ গৈ চালে, মানুহজনে টোপনিতে বাগৰ সলাইছে, সাৰ পোৱা নাই। চোৰটোৰ ভিতৰৰ মানুহজনৰ খঙেই উঠিল, লৰচৰ কৰিব কিয় লাগে? এনেকৈ লৰচৰ কৰিলে চোৰৰ একাগ্ৰতা ভংগ হয় বুলি নেজানে নেকি! সাধনাত এনেকৈ ব্যাঘাত জন্মোৱাটো অন্যায় নহয় নেকি?
চোৰটোৱে ভিতৰৰ মানুহজনৰ খঙটোক ফুচুলাবলৈ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। ইমান সাধাৰণ খং নহয়, কলিযুগৰ খং, বাঢ়িহে গ’ল। চোৰটোৱে লাঠি এডাল ল’লে আৰু শুই থকা মানুহজনক জোৰেৰে মাৰ দিলে। বেচেৰাই খঙতে পাহৰিলে মানুহজনৰ মূৰটো কোনফালে আৰু ভৰি কোনফালে আছিল! ইমান জোৰেৰে মূৰত মাৰিলে মানুহজন মৰি নেযাবনে? মৰে যদি মৰক, ই লৰচৰ কৰিব কিয়?
মানুহজন নমৰিল, বেছি লৰচৰ কৰি উঠিহে বহিল। লাঠিৰ কোবটো সৌভাগ্যক্ৰমে গাৰুতহে পৰিল। ইতিমধ্যে মানুহজনৰ টোপনি উৰি গৈছিল। বিপদৰ উমান পাই মানুহজনে বিচনাতে উচপ খাই থিয় হ’ল।
এইবাৰ চোৰে চিকচিকিয়া ছুৰী এখন উলিয়াই ল’লে। চোৰে ভাবিছিল সেইখনৰে মানুহজনৰ জীৱনকে শেষ কৰি লোৱা যাওক, তাৰ পিছত আৰামত পুৱালৈ এবিধ এবিধকৈ বস্তু উঠাই থাকিবলৈ ভাল হ’ব। পিচে মানুহজনো পৰি মৰা ভকত নাছিল। চোৰৰ হাতত ছুৰীখন দেখি মানুহজনে গাৰুৰ তলৰ পৰা কায়দাৰে তৎক্ষণাৎ এটা পিষ্টল উলিয়াই ল’লে। চোৰটোৱে আক্ৰমণ কৰি আঘাট কৰে মানে মানুহজনৰ পিষ্টলৰ পৰা গুলী ওলাইছিলেই! চিনেমাৰ ফাইটিঙৰ দৰে কাৰবাৰ।
গুলীটো চোৰৰ ভৰিত লাগিল, মানুহজনে চোৰৰ ভৰিলৈ লক্ষ্য কৰিয়ে গুলীয়াইছিল। গুলী লাগি চোৰটো মাটিত বাগৰি পৰিল। চোৰৰ হাতৰ ছুৰী চিটিকি পৰিল আৰু হাতেৰে ভৰিখনত ধৰি চিঞৰি বহি পৰিল। মানুহজনে ঘৰৰ বাকীবোৰকো মাতিলে। সকলোৱে হুলস্থূলত ইতিমধ্যেই সাৰ পাইছিলেই, লগে লগেই আহিল আৰু মানুহজনে ৰচীৰে চোৰটোৰ হাত-ভৰি বান্ধি পেলালে।
“পুলিচক খবৰ দিয়ক সোনকালে।”- মানুহজনৰ পত্নীয়ে ক’লে।
“পুলিচে কি কৰিব?”- মানুহজনে চিঞৰিলে,- “মই ইয়াক ধৰিলোঁ, ৰচীৰে বান্ধিলোঁ। এতিয়া পুলিচেৰে কি আচাৰ বনাম নেকি?”
“তেন্তে ইয়াক জেলত তুমিয়ে ৰাখিবা নেকি?” -এইবাৰ পত্নীয়ে গৰগৰাই উঠিল। “তোমাৰ জেল আছে নেকি? আমিচোন দেখা নাই! নে আমি নেদেখাকৈ গাৰুৰ তলত লুকাই থৈছা জেলখন?”
“এই ঘৰখনেই জেল নহয় জানো?”- মানুহজনে ক’লে, -“তুমি মোক বন্দীয়েতো কৰি ৰাখিছা।”
ঘৈণীয়েকৰ খঙে চুলিৰ আগ পালেগৈ, -” তুমি নিজে এসময়ত মোৰ চুলিৰ অৰণ্যত বন্দী হৈ থাকিম বুলি চিঠি লিখিছিলা। এতিয়াও থৈ দিয়া আছে যদি প্ৰমাণ লাগে। এই ৰাতি টোপনি ক্ষতি কৰি আজে-বাজে কথা শুনাৰ ধৈৰ্য্য নাই, সদায় শুনি আছোঁ তোমাৰ ফটা লেকচাৰ।” মানুহজনীয়ে উশাহ ল’লে, কিবা অলপ মনে মনে ভোৰভোৰালে আৰু দুগুন খঙত উগ্ৰমূৰ্তি ধৰি চিঞৰিলে এইবাৰ,-“পুলিচ মাতিবানে মই চেণ্ডেল খুলিম?”
মানুহজনে পুলিচলৈ ফোন কৰিলে, বেচেৰাই বোধহয় ঘৈণীয়েকৰ ৰূপ দেখি ভয় খালে। পুলিচ আহিল।
ইন্সপেক্টৰজনে চোৰটোৰ কলাৰত ধৰি উঠাবলৈ লওঁতেই চোৰে গুজৰি উঠিল,-“খবৰদাৰ, মোক হাত লগালে কথা বেয়া হ’ব।”
“তেন্তে কি ভৰি লগাম?” – পুলিচী মেজাজত উত্তৰ আহিল।
“একো কৰিব নেলাগে। দৰকাৰো নাই।”-চোৰে থিয় হ’বলৈ যত্ন কৰি ক’লে, -“মই মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ যাম। সকলোৰে ওপৰত অভিযোগ দিম।”
মানৱ অধিকাৰৰ নাম শুনি পুলিচ অলপ নৰম হ’ল। আগতেও এইবিধ আয়োগে জ্বলা-কলা খুৱাই থৈছে। ই আয়োগৰ নাম লৈছে যেতিয়া এলা-পেচা চোৰ নহয়। তথাপি পুলিচী কায়দাৰে দমত কিবা হয় নেকি দেখা যাওক বুলি আৰম্ভ কৰিলে, -“থানালৈ নাযাৱ নেকি?”
“নাযাও, মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ যাম চিধা।”- চোৰৰ চিধা উত্তৰ। পুলিচক অকণো খাতিৰ কৰা নাই সি।
“হয় নেকি? কিয় যাবি আয়োগৰ ওচৰলৈ। তই এনে কি বিশেষ মানুহ যে তই থানালৈ নগৈ মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ যাবি?”
“কাৰণ মই মানুহ। মানুহৰ কিছুমান অধিকাৰ থাকে আৰু সেই অধিকাৰবোৰ খৰ্ব নোহোৱাকৈ ৰাখিবলৈকে এই আয়োগখন। আয়োগখনটো এনেই গঠন কৰি থোৱা নাই, সেইখন গঠনৰ কাৰণ হ’ল আমাৰ দৰে মানৱে যাতে তালৈকে অভিযোগ লৈ যাব পাৰে আৰু আমাৰ অধিকাৰ খৰ্ব নোহোৱাকৈ ৰক্ষা পৰে। মানৱৰ অধিকাৰ ৰক্ষাৰ কৱচ সেইখন।”
“তই কি কাৰণে তালৈ যাবি? মানুহতো এখেতো।”-ইন্সপেক্টৰে মানুহজনলৈ আঙুলিয়াই ক’লে।
“এইজন মানুহ? ধেই!” – চোৰে ঘৃণাৰে ক’লে,- “এইজনে হত্যা কৰিবলৈ নিদিলে। তাৰ পিছত গুলীয়ালে। মোৰ লগত, এজন মানুহৰ লগত অমানৱীয় ব্যৱহাৰ কৰিছে। এতিয়া যদি পুলিচে এই মানুহজনৰ সংগ দিয়ে মই পুলিচৰ ওপৰতো অভিযোগ দিম। দৰকাৰ হ’লে কোনোবা ডাক্তৰে মোৰ হৈ সাক্ষী দিব, গুলীৰ আঘাট, ৰক্তক্ষৰণ এই সকলো প্ৰমাণ হ’ব।”
চোৰৰ কথাৰ পাক দেখি ইন্সপেক্টৰে ভয় খালে। আগৰো অভিজ্ঞতা সুখৰ নহয়। মিছাতে ঝামেলা। “ব’ল, হস্পিতাললৈ যাওঁ। প্ৰাথমিক চিকিৎসা খিনি কৰি লওঁ।”
“নাযাওঁ নাযাওঁ, বিষয়টো এনেকৈ নিস্পত্তি কৰি দিয়াৰ ষড়যন্ত্ৰ কিয় কৰিছে? প্ৰমাণ ধ্বংস কৰি এই মানুহজনক হাত সৰাই দিয়াৰ চেষ্টা কৰিলে নহ’ব।”
“ব’ল তেন্তে, তোক মানৱ অধিকাৰ আয়োগৰে ওচৰলৈ লৈ যাওঁ।” – ইন্সপেক্টৰৰ ধৈৰ্য্য শেষ হ’ল, – “ইয়াত এৰি থৈ যাবতো নোৱাৰোঁ।”
চোৰে মানৱ অধিকাৰ আয়োগত অধিকাৰ খৰ্ব হোৱা বুলি অভিযোগ দিলে।
“ঘৰখনত কিয় সোমাইছিল?” -আয়ুক্তই চোৰজনক সুধিলে।
“চুৰি কৰিবলৈ।”-চোৰজনে নিসংকোচ উত্তৰ দিলে।
“আৰু ছুৰীখন লগত কিয়?”
“যদি চুৰি কৰাত অসুবিধাৰ সন্মুখীন হওঁ তেন্তে দৰকাৰ হ’লে হত্যা কৰি হ’লেও চুৰি কৰিবলৈ।”
“কিয়? হত্যা কৰাটো দেখো সাংঘাটিক অপৰাধ।”
“হ’ব পাৰে, কিন্তু মানুহজনে প্ৰতিদিনে ঘৈণীয়েকৰ মাৰ খাইছিল। বেচেৰাৰ দুখ মোৰ সহ্য হোৱা নাছিল। এই যাতনাৰ পৰা মুক্তি দিলোহেতেঁন।” চোৰে ক’লে, – ” মই মানুহজনৰ শুভচিন্তক হে। মোৰ মাজত মানৱতাৰ অভাৱ নাই। “
“আপোনাৰ পত্নীয়ে আপোনাক প্ৰতিদিন পিটিছিল?” আয়ুক্তজনে মানুহজনৰ জৱানবন্দী ল’লে।
“হয়।”
“কিয়?”
“আমাৰ অলপ মনোমালিন্য হৈছে।”
“কেনেকুৱা মতভেদ, মাৰপিটলৈ গৈ পালে যে কথাটো?”
”মানুহজনীয়ে সকলো কথা ছিৰিয়াছলি লয়। সকলো কথা।”
”আৰু আপুনি?”
“মই অলপ ধেমেলিয়া, ৰঙীন মনৰ। জীৱনত সকলো কথা ইমান গভীৰভাৱে ল’ব লাগে বুলি নেভাবোঁ।”
“এইটো আকৌ কি ধৰণৰ মনোমালিন্য?”
”চাওক, ইয়াতকৈ যদি বেছি কওঁ, তেতিয়াহলে নাৰী অধিকাৰ খৰ্ব কৰা হ’ব আৰু নাৰী অধিকাৰ আন্দোলনৰ সদস্যাসকলে ৰাজপথত মোক চেণ্ডেল মাৰিব।”
” তেতিয়াহ’লে আপুনি তাৰ প্ৰতিকাৰ কিয় নকৰিলে?”
“প্ৰতিকাৰ কৰিলে তেওঁ মহিলা আয়োগৰ ওচৰ পালেহেঁতেন।”
”সেইকাৰণে মাৰ খাই থাকিল?”
”তেতিয়াহলে? আপুনিনো কি কৰে? আপোনাৰ পত্নীয়ে আপোনাক নিপিটেই নে ধিক্কাৰে নিদিয়ে নে অপমানো নকৰে? আপুনি কেতিয়াবা প্ৰতিকাৰৰ চিন্তা কৰিছে জানো?”
“কথাটো আপোনাৰ আৰু আপোনাৰ পত্নীৰ।” কথাখিনি নহয় বুলি ক’ব নোৱাৰি সেমেনা সেমেনিকৈ আয়ুক্তজনে ক’লে, – “মোৰ কথা কিয় টানিছে।”
”মইতো উদাহৰণহে দিছোঁ শ্ৰীমান, আপোনাৰো একে বুলি জনা নাছিলোঁ”
“এনেকুৱা উদাহৰণ নিদিব, মানৱ অধিকাৰৰ উলংঘা হয়।”-আয়ুক্তজনে ক’লে,- “তেন্তে শেষত আপুনি আপোনাৰ দোষ স্বীকাৰ কৰে? আপোনাৰ ওপৰত দুটা অভিযোগ। “
”দুটা? কি কি?”
”প্ৰথম পত্নীৰ হাতত মাৰ খাই থকাৰ পিছতো নীৰবে থকাটো। ইয়াত মানৱ অধিকাৰৰ উলংঘা হৈছে।” -আয়ুক্তজনে ক’লে, – “দ্বিতীয়, ঘৰ সোমাই আপোনাক হত্যা কৰিব বিচৰা চোৰ এজনক আপুনি গুলীয়াইছে, মৰিবলৈ এৰি দিছে চিকিৎসা অবিহনে। এনেকুৱা অমানবীয় কামত মানৱ অধিকাৰৰ উলংঘা হৈছে।”
“আপুনি আপোনাৰ অপৰাধ স্বীকাৰ কৰে?”
“কথাখিনি নহয় বুলি কওক যদি পাৰে। হয় নে নহয় স্বীকাৰ কৰক।”
“হয়, হয়। কথাখিনি সঁচা বুলি স্বীকাৰ কৰিছোঁ।”
“তেতিয়াহলে তাৰ শাস্তি স্বীকাৰ কৰিবলৈও সাজু হওক।” – আয়ুক্তজনে মানুহজনক মানৱ অধিকাৰ উলংঘা কৰাৰ দোষত দোষী সাব্যস্ত কৰি দণ্ড লিখাত ব্যস্ত হ’ল, – “মানৱ অধিকাৰ খৰ্ব কৰাৰ অপৰাধত……..।
☆★☆★☆
11:34 am
হিমাংশুৰ অনুবাদলৈ সদায় বাট চাই থাকো।
ভাল লাগিল হিমাংশু
10:12 am
ধন্যবাদ ৰিণ্টুদা
11:52 am
খুব ভাল লাগিল
10:13 am
ধন্যবাদ
1:11 pm
ভাল লাগিল ।
10:13 am
ধন্যবাদ
10:13 am
ধন্যবাদ
5:27 pm
ভাল লাগিল।
10:14 am
ধন্যবাদ
7:57 pm
সুন্দৰ হৰিভকত, পঢ়ি কিবা এটা শিকা শিকা যেন লাগিছে
10:14 am
ধন্যবাদ হৰিভকত
10:15 pm
আপোনাৰ অনুবাদ সদায়ে ভাললগা।
10:15 am
ধন্যবাদ জীমণি
4:13 pm
‘মানৱ অধিকাৰ খৰ্ব কৰাৰ অপৰাধত…..’ — হা: হা:
2:42 pm
ধন্যবাদ।
1:23 pm
ড০ নৰেন্দ্ৰ কোহলীৰ পুৰাণৰ কাহিনীৰ ওপৰত সম-সাময়িক ঘটনাৰ কাহিনী লিখাৰ ষ্টাইল হিন্দী সাহিত্যত অন্যন্য বুলি জানি আহিছোঁ। এই গল্পটো হিন্দীতে পঢ়িছিলোঁ। কিন্তু অনুবাদ ইমান সাৱলীল হৈছে যে পাৰ্থক্যই বিচাৰি পোৱা নাই। অত্যন্ত সুখপাঠ্য।
2:42 pm
ধন্যবাদ।
7:30 pm
এনেকুৱা গল্পৰ অনুবাদ কৰি আপুনি ও মানৱ অধিকাৰ খৰ্ব কৰিছে। কিন্তু বাৰে বাৰে খৰ্ব কৰাৰ অনুৰোধ থাকিল কাৰণ আয়োগক অভিযোগ দিয়া নহব।
8:27 pm
ভাল লাগিল৷ তোমাৰ অনুবাদবোৰেই অন্যন্য৷ কাহিনীও সুন্দৰ৷
4:12 pm
সুন্দৰ হৈছে