ফটাঢোল

ফটাপ্ৰেম – শংকৰজ্যোতি বৰা

সেইজনা তেতিয়া নগাঁৱত পলিটেকনিকত পঢ়ি আছে৷ পলি বয়জ হোষ্টেলৰ পিছফালেই এখন ডাঙৰ কবি বাৰী আৰু তাৰ পিছফালেই আমাৰ নগাঁও কমাৰ্চ কলেজ৷ মই তেতিয়া কলেজৰ পৰা ওলোৱা বহুত দিন হ’ল যদিও প্ৰায় সন্ধিয়া কলেজৰ মুখত আড্ডা দিবলৈ যাওঁ৷ ‘বিবিচি’ বাবলুদা পাণ দোকানীক নুসুধিলেও সি দিনটোৰ সেইখিনিত হোৱা কাহিনীবোৰ অনৰ্গল বকি থাকে৷ বাবলুদাৰ মুখতে সেইজনাৰ বিষয়ে শুনিছিলোঁ৷ বোলে তামাম চেনি পোৱালি এটাই পলি হোষ্টেল তালফাল লগাই আছে৷ ‘চশমিছ’ ল’ৰাটো দেখা-শুনাৰ লগতে স্বভাব চৰিত্ৰ ভালেই যদিও তাৰ বাবেই হোষ্টেলৰ কোনো ল’ৰা প্ৰেমত পৰিব পৰা নাই৷ মই বোলো কিয়? বোলে যিকোনো ধুনীয়া ছোৱালী পোন প্ৰথম তাৰ চকুতে পৰে আৰু সি লগে লগে বন্ধুবোৰক জনাই দিয়ে যে এইজনী মোৰ, তহঁতে চকু নিদিবি৷ সেই সময়ত পলি পঢ়িবলৈ নগাঁৱলৈ অহা বাহিৰৰ ল’ৰা আৰু নগাঁৱৰ ছোৱালীৰ বহুতো সফল বিফল আৰু ডেঞ্জাৰাছ প্ৰেম কাহিনীয়ে হলিউদৰ চিনেমাতকৈও হিট মাৰিছিল৷ বাবলুদাৰ মুখত তাৰ কীৰ্তি- কাহিনী শুনি ‘থপৰা’টো মনত ৰৈ গৈছিল৷ এদিন শুনিলোঁ সি X ৰ প্ৰেমত পৰিছে৷ X আৰু Y সেই সময়ত সিহঁতৰ বয়সৰ বোৰৰ কথা বাদেই দিছোঁ, আমাৰবোৰৰ কাৰণেও দিল থৌকি-বাথৌ হ’ব পৰাৰ কাৰণ আছিল৷ দুয়োজনী যঁজা বাই-ভনী ধুনীয়া হোৱাৰ লগতে দেখিবলৈও ইমান একে আছিল যে আমি নিশ্চিত আছিলোঁ যে মাকৰো কিজানি কোনজনী X আৰু কোনজনী Y, সেই লৈ দিনটোত এবাৰ হ’লেও খেলিমেলি লাগিছিল৷ বপুৰা কোনজনীৰ প্ৰেমত পৰিছে আমি কোনো নিশ্চিত নাছিলোঁ৷

বন্ধবাৰ এটাত আগবেলা বাবলু দাৰ দোকানত বহি আছোঁ৷ হেন সময়তে বপুৰা একদম ফিটফাট হৈ লগৰ এটাৰ লগত ওলালহি৷ তাক দেখিয়ে বাবলুদাই ক’লে দুয়োজনীৰ গানৰ স্কুললৈ যাবৰ সময় হৈছে৷ ময়ো ৰেহৰূপ চাবলৈ বাবলুদাৰ দোকানতে বহি ল’লোঁ৷ ডেকা একদম উচপিচাই ইফাল-সিফাল কৰি আছে৷ বাবলুদাৰ ইংগিতত সোঁফালে চাই দেখোঁ ৰিক্সাত X আৰু Y আহি আছে৷ সঁচায়ে দুইজনীক দেখিবলৈ বৰ ভাল লাগিছিল৷ ইফালে ডেকাৰ উচপিচনি তুংগত৷ আৰে এইয়া কি! ডেকাই প্ৰায় সন্মুখৰ পৰা হাত দাঙি ৰিক্সাখন ৰখাই দিলে৷ আমিও উত্তেজনাৰ শিখৰত৷ ডেকাই X ৰ ওচৰ চাপি বোলে, “মোৰ তোমাক বহুত ভাল লাগে৷তোমাৰ বাবে মই কৰি দিব পাৰিম যিকোনো কাম৷ তুমি মোৰ ভালপোৱা স্বীকাৰ কৰি লোৱা৷”(ডেকাৰ সাহস মানি গৈছিলোঁ)

X য়ে এবাৰ Yৰ ফালে চাই পুনৰ ডেকালৈ মুখ ঘূৰাই সুধিলে-“তুমি আচলতে কোনজনীক সুধিছা?” এইবাৰ ডেকা কনফিউজদ৷ কেইবাবাৰো দুইজনীৰ মুখলৈ চাই অলপ ভাবি ডেকাই কলে,”যিকোনো এজনী হ’লেই হ’ব৷”

“ঠালৌছ!”

ইমান ওচৰৰ পৰা চাই আছিলোঁ যদিও চৰটো আছলতে X নে Y য়ে মাৰিছিল আমি আজিও নিশ্চিত নহ’লোঁ৷ তাৰপিছত ডেকাক সেইফালে নেদেখা হ’লোঁ৷ মোৰ মতে কিন্তু ডেকাই ঠিকেই উত্তৰ দিছিল৷ আপোনালোকে বা কি কয়?

☆★☆★☆

7 Comments

  • Manisha

    হা: হা:

    Reply
  • নিপম দাস

    জমনি দে।ধন্যবাদ।

    Reply
  • হেমন্ত কাকতি

    তামাম শঙ্কৰ এইটো!

    Reply
  • মিৰাজ

    এইবিধো দি দিলে দৌ… লিখন শৈলী মজ্জা।

    Reply
  • হাঃ হাঃ বেচেৰা। আমাৰ ওচৰতো দুজনী যমজ ছোৱালী আছে কোনোৱেই ধৰিব নোৱাৰে। দুয়ো বাহিৰলৈ ওলাই আহিলেই সম্পূৰ্ণ একে ড্ৰেছ পিন্ধি আহে।

    Reply
  • এন চৌধুৰী।

    প্ৰেমত মতলীয়া প্ৰেমকুমাৰৰ বাবে যমজ ভগ্নীৰ যোগ্য প্ৰত্তুত্তৰ…থালৌচ।

    Reply
  • Arunima A Borah

    Ha ha ….borhiya…

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *