ফটাঢোল

সঁচাও নহয় মিছাও নহয় – মৌচুমী বৰুৱা

(১) হিউমাছ কি ?
উ: এবিধ দেখাত কান্ধুলীৰ নিচিনা মাছ ৷ ইমান কাঁইট আছে মই খাবকে নোৱাৰোঁ ৷

(২) বানপানী কিয় হয় ?
উ: শ্লুইছ গেট খুলিলে বানপানী হয় ৷

(৩)ৰেখা কি ?
উ: চিনেমা কৰা মানুহ ৷ মই এখনেই চাইছোঁ ‘’খুন ভৰি মাংগ ’৷

(৪)ভক্ত প্ৰহ্লাদ কোন আছিল ?
উ: আমাৰ ঘৰৰ ওচৰৰ বুবাই কাইদ’ৰ পুতেকৰ নাম প্ৰহ্লাদ৷

(৫) বাৰ্মুদা ত্ৰিভুজ কিয় বিখ্যাত ?
উ: তিনিটা কোণ আছে বাবে এই ত্ৰিভুজ বিখ্যাত ৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *