ফটাঢোল

ক্লীন চুইপ ইগনেচিয়াছ (মূল: জেফ্ৰী আৰ্চাৰ) – অনুবাদ: ৰিণ্টুমনি দত্ত

ইগনেচিয়াছ আগাৰ্বিয়ে যিদিনা নাইজেৰিয়াৰ বিত্তমন্ত্ৰীৰ দ্বায়িত্বভাৰ লৈছিল,  সেইদিনা সাধাৰণ নাইজেৰিয়াবাসীৰ মনত কোনো বিশেষ উৎসাহ নাছিল৷ তেওঁলোকৰ বাবে এয়া আছিল এক অতি সাধাৰণ নিত্য-নৈমিত্তিক ঘটনা৷ জনতাৰ মনত এনে ভাৱ জগাটোৱেই অতি স্বাভাৱিক আছিল৷ কাৰণ দুৰ্নীতিত নিমজ্জিত নাইজেৰিয়াত যোৱা সোতৰ বছৰত বিত্তমন্ত্ৰীৰ দ্বায়িত্ব লোৱা ইগনেচিয়াছ হ’ল সোতৰ নম্বৰ ব্যক্তি৷ গতিকে তেওঁৰ দ্বায়িত্বভাৰ গ্ৰহণ দেশবাসীৰ বাবে আছিল একেবাৰেই গুৰুত্বহীন এক খবৰ৷ কাৰণ,  তেওঁলোকে জানে যে কেইদিনমান পিছত সোঁৱে-বাঁৱে দুৰ্নীতি কৰি ইগনেচিয়াছেও দেশ এৰি পলায়ন কৰিব নাইবা জেললৈ যাব৷ নাইবা সেইবোৰ আন একো নহ’লেও অন্তত কেইদিনমান পিছতে মন্ত্ৰীত্বৰ পদটো যে তেওঁ হেৰুৱাব সেই কথা লৈ কাৰো মনতেই বিশেষ একো সন্দেহ নাছিল৷

দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত সংসদত দিয়া প্ৰথম ভাষণতেই আগাৰ্বিয়ে অতি দৃঢ়তাৰে উদাত্ত কণ্ঠেৰে ঘোষণা কৰি কয় যে “বহুত হ’ল! আৰু কোনোপধ্যেই সহ্য কৰা নহ’ব৷ দুৰ্নীতিয়ে আমাৰ দেশৰ সমস্ত ব্যৱস্থাটোৱেই কোঙা কৰি পেলাইছে৷ দুৰ্নীতিৰ শিপাডাল যদিহে এতিয়াও উঘালি পেলোৱা নহয়,  তেন্তে এই দেশ সদায় এনেকৈ পিছ পৰিয়েই থাকিব৷ মোৰ কাৰ্যকালত এই কথা নিশ্চিত কৰিম যাতে মই দুৰ্নীতিৰ এই বিহগছডাল শিপাৰে সৈতে উঘালি সমূলঞ্চে নাশ কৰি পেলাব পাৰোঁ৷ মই ইয়ালৈ কোনো বিশেষ ব্যক্তিক সন্তুষ্ট কৰিবলৈ নাইবা কোনো উচ্চ পদাধিকাৰীক সা-সুবিধা দিবলৈ অহা নাই৷ মই এই সংসদলৈ আহিছোঁ মোৰ দেশৰ লক্ষ লক্ষ সাধাৰণ বুভুক্ষিত জনতাক ন্যায় দিবলৈ! জনতাৰ সেৱাই হ’ব মোৰ প্ৰধান আৰু একমাত্ৰ লক্ষ্য৷ সকলোৱে অতি স্পষ্টকৈ এই কথা মনত ৰাখক – মোৰ কাৰ্যকালত কোনেও দুৰ্নীতি কৰিব নোৱাৰিব৷ লাগিলে তেওঁ সাধাৰণ চৰকাৰী কৰ্মচাৰী হওক নাইবা জনতাৰ দ্বাৰা নিৰ্বাচিত হৈ সৰ্বোচ্চ আসনত অধিস্থিত আমাৰ মাজৰেই কোনোবা প্ৰতিনিধি হওক৷ আইন সকলোৰে বাবে সমান৷ যদিহে আপোনালোক কোনোবাৰ গাত সামান্যতমো দাগ আছে,  তেন্তে সাৱধান হৈ যাওক৷ ইগনেচিয়াছ আগাৰ্বিয়ে কাকো ৰেহাই নিদিয়ে৷ গতিকে এতিয়া আপোনালোক সকলোৰে সন্মুখত মাথো দুটাই পথ খোলা আছে৷ হয় আজি এই মুহূৰ্তৰ পৰাই একেবাৰে সৎ নিষ্কলংক এক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰক,  নতুবা কাৰাগাৰতেই জীৱনৰ বাকী থকা দিনকেইটা কটাবলৈ সাজু হওক৷ দুৰ্নীতিৰ বোকাত লুতুৰি-পুতুৰি হৈ থকা নাইজেৰিয়াত আজিৰেপৰাই এক নতুন যুগৰ আৰম্ভণি হ’ব৷”

কিন্তু ইমান দৃঢ় ভাষণৰ পিছতো নাইজেৰিয়াৰ কাৰোৱেই মনত সামান্যতমো আশাৰ সঞ্চাৰ নহ’ল৷ এতিয়ালৈ এনে ভাষণ অজস্ৰবাৰ শুনি শুনি সকলো অভ্যস্ত হৈ গৈছে৷ নাইজেৰিয়াৰ জনতাই জানে যে মন্ত্ৰী হোৱাৰ সময়ত প্ৰতিজন নেতাই এনেদৰে বৰ বৰ ভাষণৰ ফুলজাৰি দিয়ে,  কিন্তু কেইদিনমান পিছতেই সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷ গতিকে নতুন বিত্তমন্ত্ৰীৰ এই ভাষণৰ প্ৰতি জনতা ইমানেই নিৰাসক্ত আছিল যে আনটো বাদেই,  আনকি ৰাজধানী লাগ’চৰপৰা বহুল প্ৰকাশিত বাতৰি কাকত Lagos Times Daily তো বিত্তমন্ত্ৰীৰ ভাষণৰ কোনো উল্লেখেই নাছিল৷ কাৰণ বাতৰি কাকতৰ সম্পাদক নিশ্চিত আছিল যে এই একেবোৰ কথা এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পঢ়ি থাকি তেওঁৰ পাঠকবোৰ ইতিমধ্যেই বিৰক্ত হৈ পৰিছে৷ যোৱা সোতৰ বছৰত তেওঁৰ কাকততেই ষোল্লবাৰ নাইজেৰিয়াৰ নতুন বিত্তমন্ত্ৰীয়ে সংসদত দিয়া প্ৰথম ভাষণবোৰ বিস্তাৰিত ৰূপত প্ৰকাশ পাইছে৷

পিছে এনেবোৰ কথাই আগাৰ্বিক সামান্যতমো বিচলিত কৰিব নোৱাৰিলে৷ তেওঁ মনে প্ৰাণে বিশ্বাস কৰে যে এয়া প্ৰচাৰ বা প্ৰশংসাৰ সময় নহয়৷ এয়া কামৰ সময়৷ এয়া নাইজেৰিয়াৰ ১২ কোটি সাধাৰণ জনতাক ন্যায় দিয়াৰ সময়৷ আগাৰ্বিয়ে ভালকৈ জানে যে দুৰ্নীতিয়ে ছানি ধৰা নাইজেৰিয়াত সৎ হৈ বেছিদিন মন্ত্ৰীত্বৰ গাদী ধৰি ৰখা অসম্ভৱ৷ গতিকে তেৱোঁ মাত্ৰ কেইদিনমানৰ কাৰণেহে এই পদত থাকিব৷ এই কম সময়ৰ ভিতৰতে তেওঁ নাইজেৰিয়াক নিজৰ সৰ্বস্ব উজাৰি দিব লাগিব৷ দেশৰ জনতাৰ কথা ভাৱি কিছু আৱেগিক হৈ পৰা আগাৰ্বিৰ সেমেকা দুচকুত তেওঁৰ সপোনৰ নাইজেৰিয়াখন ভাহি উঠিল৷ এনে এখন নাইজেৰিয়া যি সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত৷ য’ত প্ৰতিজন নাগৰিকে শিৰ উচ্চ কৰি হাঁহিমুখেৰে জীয়াই থাকিব পাৰে৷ যি দেশত আইন সকলোৰে কাৰণে সমান৷ য’ত সাধাৰণ জনতাক সততা আৰু নিষ্ঠাৰে সেৱা কৰাটোৱেই চৰকাৰৰ প্ৰধান কৰ্তব্য৷

কথাবোৰ কল্পনা কৰি তিৰবিৰাই উঠা চকুৰে আকাশলৈ চাই আগাৰ্বিয়ে অনুচ্ছ স্বৰেৰে কিন্তু গৰ্বিত কণ্ঠেৰে কৈ উঠিল “মোৰ দেশ! মোৰ মৰমৰ দেশ! মোৰ সপোনৰ নাইজেৰিয়া!”

মন্ত্ৰীত্বৰ পদ লৈয়েই ক্ষিপ্ৰ গতিৰে তেওঁ সংস্কাৰৰ কামত নামি পৰিল৷ মাত্ৰ কেইদিনমানৰ ভিতৰতেই বাণিজ্য মন্ত্ৰণালয়ৰ এজন বিষয়াক তেওঁ জেললৈ প্ৰেৰণ কৰিলে৷ এই বিষয়াজনে ঘেঁহুৰ আমদানি সম্পৰ্কীয় নথিপত্ৰ জাল কৰি অসৎ উপায়েৰে ক’লা ধনৰ পাহাৰ গঢ়িছিল৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ বজ্ৰপাত পৰিল লাগ’চত থকা লেবাননৰ এজন বিনিয়োগকাৰীৰৰ ওপৰত৷ বিনিয়োগ নিৰ্ধাৰণ আইন অমান্য কৰাৰ অভিযোগত তেওঁক কোনো ধৰণৰ বিচাৰ নচলোৱাকৈয়ে লগে লগেই দেশান্তৰিত কৰা হ’ল৷ এই ঘটনাৰ এমাহ পিছত দুৰ্নীতিৰ বিৰুদ্ধে এনে এক পদক্ষেপ লোৱা হ’ল যিটোক স্বয়ং আগাৰ্বিয়েও নিজৰ এক বৃহৎ সাফল্য বুলি গণ্য কৰিলে৷ সেইবাৰ ৰাজধানী চহৰখনৰ খোদ আৰক্ষীৰ মহানিৰ্দেশকগৰাকীকেই উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰি গ্ৰেপ্তাৰ কৰা হ’ল৷ দুৰ্নীতিৰ কৰাল গ্ৰাসত সম্পূৰ্ণৰূপে নিমজ্জিত দেশখনৰ সৰ্বসাধাৰণ জনতাই সেই সময়ৰ আগলৈ এনেকৈয়ে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল যে আৰক্ষী মহানিৰ্দেশকৰ পদত অধিষ্ঠিত লোকৰ বাবে উৎকোচ লোৱাটো আইন সংগত কথায়েই! গ্ৰেপ্তাৰৰ পিছত চলা চাৰিমহীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত দোষী সাব্যস্ত হোৱা মহাপৰিদৰ্শকজনক যেতিয়া ১৮ মাহৰ বাবে কাৰাগাৰলৈ নিক্ষেপ কৰা হ’ল তেতিয়া মন্ত্ৰীত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে ইগনেচিয়াছ আৰ্গাবিৰ নাম Lagos Times Daily ৰ প্ৰথম পৃষ্ঠাত আহিল৷

বাতৰি কাকতৰ প্ৰথমপৃষ্ঠাৰ বৰ বৰ হৰফৰ শিৰোনামত লিখা হ’ল “Clean sweep Ignatius” – এনে এজন নতুন ঝাৰুৱালা,  যাক জাৱৰৰ দম বনোৱা প্ৰত্যেকজন মানুহেই ভয় কৰিবলৈ আৰম্ভ কৰিছে৷

ইয়াৰ পিছতেই ভ্ৰষ্ট নেতা,  বিষয়া আৰু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান আৰু গ্ৰেপ্তাৰৰ ঘটনা আৰু বেছি তীব্ৰতৰ হ’ল৷ দুৰ্নীতিৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামী যোদ্ধা ৰূপে লাহে লাহে তেওঁৰ নাম ইমানেই বেছি চৰ্চিত হ’বলৈ আৰম্ভ কৰিলে যে শেষত এনে এক সময় আহিল যেতিয়া ৰাজধানীৰ অলিয়ে গলিয়ে জনতাৰ মুখত আৰু শাসনৰ বাঘজৰী ধৰি থকা নেতাসকলৰ বৈঠকবোৰতো এই কথা ঘুনুক-ঘানাককৈ চৰ্চিত হ’ব ধৰিলে যে এইবাৰ ইগনিচিয়াছৰ লক্ষ্য নাইজেৰিয়াৰ সৰ্বশক্তিমান নেতা জেনেৰেল অট’বি নিজেই৷ অৰ্থাৎ, অকল্পনীয়ভাৱে জেনেৰেল অট’বিৰ ওপৰত এইবাৰ তেওঁৰেই চৰকাৰৰ বিত্ত বিভাগে তদন্ত আৰম্ভ কৰিব৷

এই অবিশ্বাস্য যেন লগা কথাবোৰ এইবাৰ কিন্তু জনতাই মনে প্ৰাণে বিশ্বাস কৰি ল’লে৷ কাৰণ এইবাৰ বিত্তবিভাগৰ দ্বায়িত্বত থকাজন আগৰ মন্ত্ৰীসকলৰ দৰে নিজেই দুৰ্নীতিত নিমজ্জিত ব্যক্তি নহয়৷ এইবাৰ এই দ্বায়িত্বত আছে আগাৰ্বি৷ এক অবিশ্বাস্য সততা আৰু অকল্পনীয় নিষ্ঠাৰে কাম কৰি যোৱা দৰিদ্ৰ জনসাধাৰণৰ ভগৱান স্বৰূপ নেতা ইগনেচিয়াছ আগাৰ্বি৷ এক নিষ্কলঙ্ক আৰু আদৰ্শ জীৱন জীয়াই থকা লোকে পৃথিৱীৰ কাকো ভয় নকৰে৷ আনকি নাইজেৰিয়াৰ সৰ্বশক্তিমান নেতা জেনেৰেল অট’বিকো নকৰে৷

এই সময়তে জনতাৰ তেজ শুহি খোৱা দুৰ্নীতিপৰায়ণ আমোলা বিষয়া আদিৰ কোৰোণাৰে ধন চপোৱাৰ আশাৰ কফিনটোত শেষ গজালটো মাৰি এইবাৰ আগাৰ্বিয়ে ১০০ নিযুত ডলাৰতকৈ বেছি টকাৰ বৈদেশিক বিনিয়োগ আৰু বাণিজ্যৰ প্ৰতিটো ফাইল নিজেই পুংখানুপুংখভাবে পৰীক্ষা কৰা আৰম্ভ কৰি দিলে৷ ১০০ নিযুত ডলাৰতকৈ বেছি টকাৰ লেনদেনৰ যিকোনো সিদ্ধান্ত এতিয়াৰপৰা কেৱল আৰু মাথো কেৱল আগাৰ্বিয়েহে ল’ব পাৰিব৷ এই সিদ্ধান্তৰ ফলত ইমান বছৰে কোটি কোটি টকা উদৰস্থ কৰি থকা বহু নেতা আৰু আমোলাৰ সান্দহ খোৱা বালি নিমিষতেই তল গ’ল৷

এতিয়া নাইজেৰিয়াত যেন লাহে লাহে সঁচাকৈয়ে এক নৱজাগৰণ আৰম্ভ হৈছে৷ এটা মাত্ৰ সুৰুজেই আন্ধাৰত ইমান দিনে নিমজ্জিত হৈ থকা নাইজেৰিয়াক লাহে লাহে এক নতুন পোহৰ দেখুৱাবলৈ আৰম্ভ কৰিছে৷ এয়া নাইজেৰিয়াৰ লক্ষ লক্ষ শোষিত বঞ্চিত জনগণৰ বিজয়৷ এয়া যে নাইজেৰিয়াৰ বিজয়!

ইমান দিনৰপৰা চলি অহা লুটপাত হঠাতে বন্ধ হৈ যোৱাৰ লগে লগেই ইগনেচিয়াছৰ শত্ৰুৰ সংখ্যাও অবাধ গতিত বাঢ়িবলৈ আৰম্ভ কৰিলে৷ দিনে দিনে দুৰ্নীতি যিমান কমি গৈ থাকিল, বিত্তমন্ত্ৰীৰ শত্ৰুৰ সংখ্যাও সেই অনুপাতে বৃদ্ধি হৈ গৈ থাকিল৷

শত্ৰুসকলে ইগনেচিয়াছ আগাৰ্বিয়ে অনুমোদন জনোৱা প্ৰতিটো ফাইলকেই অতি সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলে যাতে ক’ৰবাত কিবা এটা সামান্য ভুল উলিয়াব পাৰিলেই হৈ চৈ কৰি তেওঁক গাদীচ্যুত কৰিব পাৰি৷ পিছে অশেষ চেষ্টা কৰাৰ পিছতো তেওঁলোকে ক’তো সৰু ভুল এটাও উলিয়াবলৈ সক্ষম নহ’ল৷ সৎ লোকক বহুতে অন্যায় কৰিবলৈ চেষ্টা কৰিলেও সততাই লোকজনৰ আটাইতকৈ ডাঙৰ কবচ হৈ উঠে৷

কাৰ্যকালৰ দ্বিতীয় বৰ্ষৰ আৰম্ভণিলৈ ইগনেচিয়াছৰ দুৰ্ঘোৰ শত্ৰু আৰু নিন্দুকসকলেও মনে মনে এই কথা মানি ল’বলৈ বাধ্য হ’ল যে ইগনেচিয়াছ আগাৰ্বি প্ৰকৃততেই নাইজেৰিয়াৰ ইতিহাসৰ সফলতম বিত্তমন্ত্ৰী৷ লাহে লাহে সৰ্বসাধাৰণ জনতাৰ লগতে শত্ৰু মিত্ৰ সকলোৱে ইগনেচিয়াছৰ সততাত মুগ্ধ হৈ পৰা লক্ষ্য কৰি এদিন সৰ্বাধিনায়ক জেনেৰেল অট’বিয়ে সিদ্ধান্ত ল’লে যে এয়াই বিত্তমন্ত্ৰীৰ সৈতে ব্যক্তিগতভাৱে গোপন বৈঠকত মিলিত হৈ দেশৰ সংস্কাৰৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সঠিক সময়৷ এই উদ্দেশ্যেৰে তেওঁ এদিন বিত্তমন্ত্ৰীক আলোচনাৰ বাবে এক সামৰিক শিবিৰলৈ মাতি পঠিয়ালে৷ নিৰ্দিষ্ট সময়ত বিত্তমন্ত্ৰী গৈ উপস্থিত হোৱাত সেনাপ্ৰধানজনে নিজেই আগবাঢ়ি গৈ তেওঁক আদৰি আনিলে৷ সুসজ্জিত বিশাল কোঠাটোৰ মাজত থকা এখন আৰামী চকীত বিত্তমন্ত্ৰীক বহিবলৈ দি কোনো বিশেষ কথাৰ অৱতাৰণা নকৰাকৈ নাইজেৰিয়াৰ সৰ্বাধিনায়ক জেনেৰেল অট’বিয়ে আৰম্ভ কৰিলে-

“ইগনেচিয়াছ,  মই এইমাত্ৰ আমাৰ বাৰ্ষিক বাজেট প্ৰতিবেদনখন পঢ়ি শেষ কৰিছোঁ৷ আৰু প্ৰতিবেদনত তোমাৰ এই তথ্য দেখি মই হতভম্বিত হৈ গৈছোঁ যে তোমাৰ ইমান প্ৰচেষ্টাৰ পিছত এতিয়াও নাইজেৰিয়াৰপৰা দুৰ্নীতি নিৰ্মূল হোৱা নাই৷ এতিয়াও দেশৰ শ শ কোটি টকা বিদেশী প্ৰতিষ্ঠানবোৰৰ যোগেদি মধ্যভোগীসকলে সৰকাই আছে৷ তোমাৰ মতে এই মধ্যভোগী দালালসকল কোন হ’ব পাৰে?”

অট’বিৰ কথা শুনি ইগনেচিয়াছ আগাৰ্বি এইবাৰ পোন হৈ বহি ল’লে৷ তাৰ পিছত জেনেৰেলৰ চকুত চকু থৈ অতি দৃঢ় কণ্ঠেৰে তেওঁ ক’লে “সেই কথাটোৱেইতো ময়ো জানিবলৈ বিচাৰোঁ জেনেৰেল৷ আমাৰ দেশৰ সাধাৰণ জনতাৰ তেজ শুহি খোৱা সেই দালালবোৰ প্ৰকৃততে কোন?”

এপলকো চকু নাঁতৰোৱাকৈ তেওঁ কৈ গ’ল “সেইসকল কোন, সেই কথা একেবাৰে সঠিককৈ নাজানিলেও এই কথাত মই প্ৰায় নিশ্চিত যে এই টকাবোৰৰ অধিকাংশ টকাই ছুইজাৰলেণ্ডৰ ব্যক্তিগত বেংকবোৰত জমা হৈ আছে৷ কিন্তু সেই কথাত মই নিশ্চিত হ’লেও তাক প্ৰমাণ কৰিব পৰাকৈ মোৰ হাতত উপযুক্ত তথ্য নাই৷”

“তেন্তে মই এই মুহূৰ্তৰ পৰাই তোমাক বিশেষ ক্ষমতা প্ৰদান কৰিলোঁ৷ তুমি যি পদ্ধতিকেই সঠিক বুলি ভাৱা, সেই পদ্ধতিকেই অৱলম্বন কৰি তোমাৰ অনুসন্ধান আৰম্ভ কৰা৷ যিমানেই ক্ষমতাৰ প্ৰয়োজন হয়,  সিমানেই ক্ষমতা তোমাৰ আছে বুলি ধৰি কাম আৰম্ভ কৰা,  কিন্তু এই অপৰাধীবোৰক বিচাৰি উলিওৱা৷ মোৰ কেবিনেটৰ বৰ্তমানৰ আৰু প্ৰাক্তন সদস্যসকলৰ ওপৰতো তোমাৰ অনুসন্ধান আৰম্ভ কৰা৷ যিমানেই শক্তিশালী নাইবা উচ্চ পদত থকা লোক নহওঁক কিয়,  কোনো ধৰণৰ শংকা আৰু সংকোচ নোহোৱাকৈ সততাৰে তুমি অনুসন্ধান কৰা৷ জেনেৰেল অট’বিৰ হাত তোমাৰ ওপৰত আছে৷”

“কিন্তু সেই কাম কৰিবলৈ হ’লে বিশেষ ক্ষমতা প্ৰদান কৰা আপোনাৰ লিখিত আদেশ এখন মোৰ প্ৰয়োজন হ’ব জেনেৰেল৷”

“আজি সন্ধিয়া ছটা বজাৰ ভিতৰতেই সেই আদেশপত্ৰ তোমাৰ টেবুলত পাই যাবা ইগনিচিয়াছ।”

“জেনেৰেল,  মোক আৰু এক বিশেষ ক্ষমতাৰ প্ৰয়োজন হ’ব৷ মই বিদেশৰ যিকোনো দেশলৈ গ’লে যাতে সেই দেশত থকা আমাৰ ৰাষ্ট্ৰদূতজনৰ সমান ক্ষমতা মোৰ হাততো থাকে৷”

” সেই ক্ষমতাও তোমাক দি দিলোঁ৷”

“ধন্যবাদ জেনেৰেল৷”

জেনেৰেল অট’বিক বিদায় সম্ভাষণ জনাই বিত্তমন্ত্ৰীজন কোঠাটোৰ দুৱাৰখনৰ পিনে আগুৱাই গ’ল৷

“ইগনেচিয়াছ….”

জেনেৰেল অট’বিৰ মাত শুনি বিত্তমন্ত্ৰীজনে পিছলৈ ঘূৰি চালে৷

“ইগনেচিয়াছ,  তোমাৰো শত্ৰুৰ সংখ্যা বাঢ়ি গৈ মোৰ সমানেই হৈছে৷ এইটো লোৱা৷ তোমাক এইটোৰ প্ৰয়োজন হৈ যাব পাৰে৷”

থতমত খাই যোৱা ইগনেছিয়াছ আগাৰ্বিয়ে দেখিলে যে জেনেৰেল অট’বিয়ে তেওঁলৈ এটা সৰু পিষ্টল আগবঢ়াই দিছে৷ এক আচৰিত নেত্ৰেৰে জেনেৰেলৰ পৰা পিষ্টলটো লৈ পকেটত ভৰাই আকৌ এবাৰ ধন্যবাদ জনাই বিত্তমন্ত্ৰীজন খৰখেদাকৈ বাহিৰলৈ ওলাই গ’ল৷

অট’বিৰ আদেশ পোৱাৰ পিছতেই নাইজেৰিয়াৰ চেন্ট্ৰেল বেংকৰ গৱৰ্ণৰ নাইবা আন কোনো উচ্চ আমোলাক একো নজনোৱাকৈ ইগনেচিয়াছ আৰ্গাবিয়ে অতি সন্তৰ্পনে দুৰ্নীতি বিৰোধী অভিযানত নামি পৰিল৷ প্ৰতি ৰাতি তেওঁ অজস্ৰ ফাইল পঢ়ি গৱেষণা কৰিবলৈ আৰম্ভ কৰিলে৷ দিনত তেওঁ কাকো ঘুণাক্ষৰেও এইবোৰ কথা নক’লে৷ এনেদৰে তিনিমাহ সময় দিনে-ৰাতিয়ে অশেষ কষ্ট কৰি সকলো চালি-জাৰি জানি লৈ ইগনেচিয়াছ আগাৰ্বি এইবাৰ দুৰ্নীতিৰ ওপৰত মোক্ষমতম আঘাতটো হানিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিল৷

তেওঁ নিজৰ অভিযানৰ বাবে আগষ্ট মাহটোক বাছনি কৰিলে৷ কাৰণ বছৰটোৰ এই সময়ত নাইজেৰিয়াৰ বহু লোকে বিদেশ যাত্ৰা কৰে৷ সেয়েহে তেৱোঁ এই সময়ত বিদেশলৈ যাত্ৰা কৰিলে কাৰো মনত বিশেষ সন্দেহ নহ’ব৷ তেওঁ ব্যক্তিগত সচিবক নিৰ্দেশ দিলে যাতে তেওঁ,  তেওঁৰ পত্নী আৰু তেওঁলোকৰ সন্তান দুটিৰ বাবে মুঠ চাৰিটা বিমানৰ টিকট আমেৰিকাৰ অৰ্লাণ্ডো চহৰলৈ বুক কৰা হওক৷ লগতে তেওঁ সচিবক এই নিৰ্দেশো দিলে যে বিমানৰ ভাড়াৰ পইছা যাতে মন্ত্ৰীজনৰ ব্যক্তিগত একাউন্টৰপৰাই খৰচ কৰা হয়৷ চৰকাৰীভাৱে বিশ্বৰ যিকোনো দেশলৈ পৰিয়ালসহ চৰকাৰী খৰচত যাত্ৰা কৰিবলৈ ইগনেচিয়াছ নিৰ্বাচিত৷ কিন্তু নাইজেৰিয়াৰ সহজ সৰল কৰদাতাৰ টকাৰে ভ্ৰমণ কৰা কথাটো তেওঁৰ মনে মানি ল’ব নোৱাৰে৷ জনতাৰ টকা কেৱল জনতাৰ বাবেহে খৰচ কৰা উচিত৷

ফ্লোৰিডাত উপস্থিত হৈ তেওঁলোক মেৰিয়ট হোটেলত আহি উঠিল৷ হোটেলত সেইনিশা ইগনেচিয়াছে কোনো ধৰণৰ কথাৰ অৱতাৰণা নকৰাকৈ পোনপটীয়াকৈ তেওঁৰ পত্নীক ক’লে যে তেওঁ পিছদিনাই এক অতি গুৰুত্বপূৰ্ণ কামৰ বাবে নিউয়ৰ্কলৈ যাত্ৰা কৰিব৷ এই যাত্ৰা তেওঁ অকলেই কৰিব আৰু কাম শেষ হোৱাৰ পিছত সোনকালেই ঘূৰি আহি পুনৰ পত্নী আৰু পুত্ৰক সংগ দিব৷

কথামতেই পিছদিনা ৰাতিপুৱাই নিজ পৰিয়ালক ডিজনীলেণ্ডৰ সন্মুখত নমাই দি ইগনেচিয়াছ আগাৰ্বিয়ে নিউয়ৰ্কলৈ উৰা মাৰিলে৷

লা গৰ্ডিয়া বিমান বন্দৰত নামি এখন টেক্সি ধৰি এইবাৰ তেওঁ কেনেডী বিমান বন্দৰলৈ গ’ল৷ তাত তেওঁ নিজৰ কাপোৰ সলনি কৰি এটা ৰিটাৰ্ণ টিকট কাটিলে৷ তাৰ পিছত সকলোৰে অলক্ষিতে তেওঁ চুইছ এয়াৰ বিমান এখনত বহি পৰিল৷ এইবাৰ ইগনেচিয়াছ আগাৰ্বিৰ লক্ষ্যস্থান চুইজাৰলেণ্ডৰ জেনেভা চহৰ৷

জেনেভা পাই তেওঁ এখন অতি সাধাৰণ হোটেলত বাহৰ পাতিলে৷

কাইলৈৰ দিনটো ইগনেছিয়াছ আগাৰ্বিৰ জীৱনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ দিন…

সেইদিনা হোটেলত তেওঁ সম্পূৰ্ণ আঠঘণ্টা শুলে৷

পিছদিনা ৰাতিপুৱাই শুই উঠি গা পা ধুই তেওঁ অভিযানৰ বাবে সাজু হ’ল৷ তেওঁ ব্ৰিফকেছটোৰপৰা এখন কাগজ উলিয়াই তাক অতি মনযোগেৰে চাবলৈ ধৰিলে৷ কাগজখনত জেনেভাত থকা বেচৰকাৰী বেংকসমূহৰ নাম তেওঁৰ নিজ হাতেৰে গোট গোট আখৰেৰে লিখা আছিল৷ আজি ইমান মাহে নাইজেৰিয়াত দিনে ৰাতিয়ে অমানুষিক পৰিশ্ৰম কৰি নানা গৱেষণাৰ পিছত তেওঁ এইকেইটা নাম বিচাৰি উলিয়াইছে৷ বহুসময় চিন্তা কৰাৰ পিছত তেওঁ Gerber et Cie বেংকৰপৰাই নিজ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে৷ তেওঁ থকা হোটেলৰপৰা বেংকটোৰ সুবিশাল ভৱনটো দেখাই পোৱা যায়৷ এইবাৰ তেওঁ হোটেলৰ ৰিচিপচনৰপৰা বেংকটোৰ টেলিফোন নম্বৰ লৈ বেংকলৈ ফোন লগালে৷ ফোনটো পোৱাৰ পিছত বেংকৰ চেয়াৰমেন জনে তেওঁক ১২ বজাত লগ পাবলৈ সন্মতি জনালে৷

দুপৰীয়া বাৰ বাজিবলৈ কেই মিনিটমান বাকী থাকোতেই হাতত এটা উৱলি যোৱা ব্ৰিফকেছ লৈ ইগনেছিয়াছ আৰ্গাবি বেংকটোলৈ সোমাই আহিল৷ বেংকৰ সন্মূখতে এজন বিষয়াই আগৰেপৰাই তেওঁলৈ অপেক্ষা কৰি আছিল৷ কিন্তু এজন নাইজেৰিয়ান ইমান নিয়মানুৱৰ্ত্তী হ’ব বুলি তেওঁ আশা কৰা নাছিল৷ কাৰণ, ইমান বছৰৰ অভিজ্ঞতাৰপৰা তেওঁ শিকি উঠিছে যে সাধাৰণতে নাইজেৰিয়ানসকল নিৰ্দিষ্ট সময়তকৈ সদায় পলমকৈ আহে৷ পিছে এইজন কোনো সাধাৰণ নাইজেৰিয়ান নহয়৷ তেওঁৰ সন্মূখত এয়া নাইজেৰিয়া চৰকাৰৰ বিত্তমন্ত্ৰী আৰু বহু দুৰ্নীতিপৰায়ণ ব্যৱসায়ীৰ নিদ্ৰা হৰণকাৰী ইগনেচিয়াছ আগাৰ্বি৷ বগা চাৰ্ট,  ধোঁৱা বৰণীয়া চ্যুট, আৰু সেই একেই ৰঙৰ টাই পিন্ধা ডেকা বিষয়াজনে মূৰ দোৱাই তেওঁক সম্ভাষণ জনালে৷ নিজ চিনাকি দি অতি ভদ্ৰতাৰে তেওঁ ক’লে যে তেওঁ বেংকটোৰ চেয়াৰমেনৰ ব্যক্তিগত সচিব৷ ইয়াৰ পিছত তেওঁ আগাৰ্বিক ওচৰতে ৰৈ থকা লিফ্টখনৰ পিনে আদৰি লৈ গ’ল৷ ইয়াৰ কিছু সময় পিছতেই অকণো বাক্য বিনিময় নকৰাকৈ তেওঁলোক দুয়ো চেয়াৰমেনৰ কোঠাটোৰ সন্মূখত উপস্থিত হ’ল৷ কোঠাৰ দুৱাৰত সচিবজনে এটা মৃদু টোকৰ মাৰি উঠি দুৱাৰখন লাহেকৈ ঠেলা মাৰি খুলি দিলে৷

“এখেত নাইজেৰিয়া চৰকাৰৰ বিত্তমন্ত্ৰী ছাৰ”

লগে লগেই চেয়াৰমেনজন চকীৰপৰা উঠি আগুৱাই আহি ইগনেচিয়াছক আথে-বেথে আদৰি লৈ গ’ল৷ উৱলি যোৱা ব্ৰিফকেছটো মজিয়াত থৈ চকীত বহাৰ পিছত ইগনেচিয়াছে লক্ষ্য কৰিলে যে চেয়াৰমেনজনে পিন্ধি থকা কাপোৰৰ ৰঙো তেওঁৰ সচিবজনৰ কাপোৰৰ দৰেই সাইলাখ একে৷

“ছাৰ, আপুনি যদি অনুমতি দিয়ে, তেন্তে আমাৰ বাবে একোকাপ কফিৰ অৰ্ডাৰ দিব পাৰোঁ৷”

ইগনেচিয়াছে মূৰটো সামান্য লৰচৰ কৰি সন্মতি দিয়াৰ লগে লগেই চেয়াৰমেনজনে কফিৰ অৰ্ডাৰ দিলে৷ ইয়াৰ পিছত আৰ্গাবিয়ে কিছুসময় কফিত চুমুক দি থাকি সন্মুখৰ খিৰিকিখনেৰে বাহিৰলৈ চাই বেংকৰ বাহিৰত থকা ফোঁৱাৰাটোৰ সৌন্দৰ্য্যৰ কথা কৈ চেয়াৰমেনজনক প্ৰশংসা কৰিলে৷

কফি শেষ কৰিয়েই ইগনেচিয়াছে কামৰ কথা আৰম্ভ কৰি দিলে৷

“মোৰ দেশৰ চৰকাৰৰ মুৰব্বীয়ে এটা অতি বিশেষ কামৰ বাবে আপোনাক অনুৰোধ কৰিবলৈ মোক আপোনাৰ ওচৰলৈ পঠিয়াইছে৷”

কথাখিনি কৈ তেওঁ অলপ সময় ৰৈ চেয়াৰমেন আৰু তেওঁৰ সচিবজনৰ মুখৰ পিনে চালে৷ পিচে তেওঁ আশা কৰা ধৰণে তেওঁলোক দুয়োজনৰে মুখত আচৰিত হোৱাৰ কোনো লক্ষণ দেখা নগ’ল৷

“মোৰ দেশৰ চৰকাৰক আপোনালোকৰ বেংকত একাউন্ট থকা নাইজেৰিয়াৰ নাগৰিকসকলৰ নাম লাগে৷”

নাইজেৰিয়াৰ বিত্তমন্ত্ৰীৰ এই কথা শুনি অতি শান্তভাৱে চেয়াৰমেনে উত্তৰ দিলে “মই সেই কাম কৰিব নোৱাৰোঁ ছাৰ৷”

“ঠিক আছে৷ প্ৰথমে মোৰ ক্ষমতাৰ বিষয়ে আপোনাক জনাই ল’বলৈ দিয়ক৷ এয়া চাওঁক, নাইজেৰিয়া চৰকাৰে মোক এই বিষয়ত সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰিছে৷” এইবুলি কৈ কোটৰ পকেটৰপৰা এটা এনভেলপ উলিয়াই ভিতৰত থকা কাগজখন চেয়াৰমোনলৈ আগুৱাই দিলে৷

কাগজখন মনযোগেৰে পঢ়ি অতি ভদ্ৰভাৱে ইগনেচিয়াছলৈ ঘূৰাই দি চেয়াৰমেনে ক’লে “বেয়া নাপাব ছাৰ৷ আপোনাৰ এই কাগজখনৰ আমাৰ দেশত একো মূল্য নাই৷ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই আপোনাক কিবা সন্দেহ কৰিছোঁ৷ মই এই কথাত নিশ্চিত যে নাইজেৰিয়াৰ চৰকাৰে আপোনাক এই বিষয়ত সৰ্বোচ্চ ক্ষমতা দিছে আৰু ইয়াৰ লগতে বৰ্তমান সময়ত আপুনি আমাৰ দেশস্থিত নাইজেৰিয়াৰ ৰাষ্ট্ৰদূতো৷ কিন্তু ছাৰ,  মই তাৰ পিছতো আপোনাক সহায় কৰিবলৈ অসমৰ্থ৷ আমাৰ বেংকৰ নিয়মমতে আমি কোনো কাৰণতেই একাউন্টৰ গৰাকীসকলৰ অনুমতি অবিহনে নামবোৰ কাকোৱেই দিব নোৱাৰো৷ এই নিয়মৰ কোনোদিনেই হেৰফেৰ নহয়৷ সেয়েহে মই অত্যন্ত দুখেৰে আপোনাক জনাওঁ যে এই ক্ষেত্ৰত মই আপোনাক সহায় কৰিবলৈ অসমৰ্থ৷”

কথাষাৰ কৈ চেয়াৰমেন নিজ চকীৰ পৰা উঠি ল’লে৷ এয়া তেওঁৰ ফালৰপৰা আলোচনা শেষ হোৱাৰ এক ইংগিত৷

কিন্তু ইগনেচিয়াছ আগাৰ্বি হাৰি যোৱা ভকত নহয়৷ নিজ চকীৰপৰা লৰচৰ নকৰি তেওঁ এইবাৰ একেই নৰম সুৰত আকৌ আৰম্ভ কৰিলে –

“ছুইজাৰলেণ্ড আৰু নাইজেৰিয়াৰ মাজত ভৱিষ্যতে হ’বলগীয়া সকলো ধৰণৰ অৰ্থনৈতিক লেনদেন যাতে আপোনাৰ বেংকৰ যোগেদিয়েই হয়, সেই কথা নিশ্চিত কৰাৰ ক্ষমতাও চৰকাৰে মোৰ ওপৰত অৰ্পণ কৰিছে”

“আপোনাৰ চৰকাৰে আমাৰ বেংকৰ ওপৰত দেখুওৱা আস্থাৰ কাৰণে আমি গৌৰৱ বোধ কৰিছোঁ আৰু তাৰবাবে আমি আপোনাৰ দেশৰ চৰকাৰ আৰু জনতাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ থাকিম৷ কিন্তু ছাৰ,  তাৰ পিছতো আমি আমাৰ বেংকৰ গোপনীয়তা ভংগ কৰিব নোৱাৰিম৷”

“তেন্তে মিষ্টাৰ গাৰ্বাৰ,  তেনেক্ষেত্ৰত আমাৰ জেনেভাস্থিত ৰাষ্ট্ৰদূতে আপোনাৰ চৰকাৰলৈ চিঠি লিখি আপোনাৰ বেংকে আমাৰ লগত কৰা অসহযোগৰ কথা জনাব৷ আপুনি ভালকৈ জানে যে তেনে হ’বলৈ হ’লে আপোনাৰ বেংক নানা অসুবিধাৰ সন্মুখীন হ’ব৷ কিন্তু আপুনি ইচ্ছা কৰিলে এই বিপদবোৰ এৰাই চলিব পাৰে৷ আপুনি মোক মাথোঁ আপোনাৰ বেংকত একাউন্ট থকা নাইজেৰিয়ান নাগৰিক সকলৰ নাম আৰু তেওঁলোকৰ বহীত জমা থকা ধনৰাশিৰ পৰিমাণটো কৈ দিয়ক৷ মই আশ্বাস দিছোঁ যে এই তথ্য আমি কাৰ পৰা পালোঁ সেই কথাটো কোনোকালেই কাকো জানিবলৈ নিদিওঁ৷”

“আপুনি অভিযোগ দিব নিশ্চয় পাৰিব ছাৰ৷ পিচে মই নিশ্চিত যে সেই অভিযোগৰ উত্তৰ হিচাবে আমাৰ দেশৰ বিদেশ মন্ত্ৰণালয়ে আপোনালোকৰ ৰাষ্ট্ৰদূতলৈ লিখা পত্ৰত এই কথা নিশ্চয় উল্লেখ কৰিব যে এই দেশৰ আইন মতে বিদেশ মন্ত্ৰণালয়ে কোনো বেংককেই গোপনীয়তা ভংগ কৰাৰ বাবে বাধ্য কৰিব নোৱাৰে৷”

“মিষ্টাৰ গাৰ্বাৰ,  মোক যদি তথ্যৰ যোগান ধৰা নহয়,  তেন্তে মই মোৰ দেশৰ বিত্ত বিভাগক আদেশ দিম যাতে ভৱিষ্যতে কোনো লোকেই নাইজেৰিয়াত থকা চুইজাৰলেণ্ডৰ নাগৰিকসকলৰ লগত কোনো ধৰণৰ লেনদেন নকৰে।”

অতি শান্তভাৱে চেয়াৰমেনো আকৌ উত্তৰ দিলে-

“আপোনাৰ দেশত তেনে আইন কৰিবলৈ আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে ছাৰ৷”

“অকল সেয়াই নহয়,  বৰ্তমানেও নাইজেৰিয়াত চুইছ নাগৰিকসকলে চলাই থকা বৃহৎ বৃহৎ ঠিকাবোৰ মুহূৰ্তৰ ভিতৰতেই যাতে বন্ধ কৰি দিয়া হয় আৰু বন্ধ কৰাৰ বাবদ যাতে আপোনালোকৰ কোনো নাগৰিকেই এটকাও ক্ষতিপূৰণ নাপায়, সেই ব্যৱস্থাও মই কৰিম৷”

“ছাৰ, আপুনি নাভাৱেনে যে তেনে কৰাটো আমাৰ দেশৰ প্ৰতি অন্যায় কৰা হব?”

“ওহোঁ,  মুঠেও নাভাৱোঁ৷ মোৰ দেশৰ সাধাৰণ জনতাৰ তেজ শুহি খোৱা লোকসকলৰ নাম জানিবলৈ যদি আপোনাৰ গোটেই দেশখন ৰসাতলেও নিব লাগে, তাৰ প্ৰতিও মোৰ সামান্যতমো অনুশোচনা নাই৷”

এক গভীৰ হুমুনিয়াহ কাঢ়ি চেয়াৰমেন গাৰ্বাৰে কৈ উঠিল “তেন্তে তাকেই কৰিব ছাৰ৷ মই নামবোৰ কোনোপধ্যেই দিব নোৱাৰোঁ৷”

“তেন্তে মই আজিয়েই আপোনালোকৰ দেশত থকা আমাৰ ৰাষ্ট্ৰদূতক নিৰ্দেশ দিম যাতে জেনেভাস্থিত আমাৰ দূতাবাস তৎকালেই বন্ধ কৰি দিয়া হয়৷ লগতে লাগ’চত থকা আপোনালোকৰ ৰাষ্ট্ৰদূতক এতিয়াই অবাঞ্ছিত ব্যক্তি বুলি ঘোষণা কৰি দেশান্তৰিত কৰিম৷”

এই কথা শুনি প্ৰথমবাৰৰ বাবে গাৰ্বাৰ হতচকিত হৈ পৰিল৷ তেওঁ অবাক নেত্ৰে ইগনেচিয়াছৰ ফালে চাই থকা দেখি বিত্তমন্ত্ৰীজনে দুগুণ উৎসাহেৰে আৰম্ভ কৰিলে-

“আৰু ইয়াৰ লগে লগে মই লণ্ডনত সংবাদমেল পাতি আপোনালোকৰ বেংকে নাইজেৰিয়া চৰকাৰক কৰা অসহযোগিতাৰ কথা ক’ম৷ এই কাৰ্য্যই সমগ্ৰ পৃথিৱীতে আপোনালোকৰ নাম বদনাম কৰিব আৰু বহুতো গ্ৰাহকে ভয়তে আপোনালোকৰ বেংকত থকা একাউন্ট বন্ধ কৰিব৷”

ইগনেচিয়াছৰ চকুত চকু থৈ চেয়াৰমেন গাৰ্বাৰে শীতল কণ্ঠেৰে আকৌ ক’লে “আপুনি যিয়েই নকৰক ছাৰ,  আমাৰ বেংকৰ গোপনীয়তা আমি ভংগ নকৰোঁ৷”

চেয়াৰমেনৰপৰা এই কথা শুনাৰ লগে লগেই ইগনেচিয়াছে তীব্ৰ উত্তেজনাত চিৎকাৰ কৰি বহাৰ পৰা জাঁপ মাৰি উঠিল৷

“তেনেহ’লে মোৰ হাতত আৰু আন একো উপায়েই বাকী নাথাকিল …”

ইগনেচিয়াছৰ এই কথা শুনি গাৰ্বাৰ নিশ্চিত হ’ল যে বহু চেষ্টা কৰাৰ পিছতো নামবোৰ উলিয়াব নোৱাৰি হতাশ হৈ ইগনেচিয়াছ এতিয়া যাবলৈ ওলাইছে৷ এক স্বস্তিৰ নিস্বাস এৰি দিয়াৰ পিছ মুহূৰ্ততে গাৰ্বাৰে যিটো দৃশ্য দেখিলে সেই দৃশ্য দেখি ভয়ত তেওঁৰ শৰীৰৰ সমস্ত তেজ গোট মাৰি গ’ল৷

নিজ চকীত জঠৰ হৈ পৰি ৰোৱা গাৰ্বাৰে অবাক নেত্ৰেৰে দেখিলে যে ইগনেচিয়াছে তেওঁৰ কোটৰ পকেটৰপৰা এটা কিচকিচিয়া ক’লা পিষ্টল উলিয়াইছে৷ ঘটনাৰ আকস্মিকতাত কিংকৰ্তব্যবিমূঢ় হৈ পৰা গাৰ্বাৰে কিবা এটা ক’বলৈ মুখ মেলাৰ আগতেই ইগনেচিয়াছে জাঁপ মাৰি আগুৱাই আহি গাৰ্বাৰৰ কপালত পিষ্টলটো হেঁচি ধৰিলে৷

খঙত থকথককৈ কঁপিবলৈ ধৰা ইগনেচিয়াছ আগাৰ্বিয়ে প্ৰচণ্ড ঘৃণাত চিৎকাৰ কৰি কৈ গ’ল “চেয়াৰমেন গাৰ্বাৰ,  মোৰ দেশ নাইজেৰিয়াৰ কোটি কোটি জনতাৰ তেজ শুহি খোৱা এই তেজপিয়াবোৰৰ নাম জানিবলৈ মই যিকোনো পৰ্যায়লৈ যাব পাৰোঁ৷ নাইজেৰিয়াৰ জনতাৰ মংগলৰ কাৰণে দুটাকৈ নৰহত্যা কৰাটো মোৰ বাবে অতিকৈ সৰু কথা৷ আপোনালোকৰ দৰে কিছুমান পিশাচৰ বাবেই আজি সেই তেজপিয়াবোৰে ইমান নিশ্চিন্ত মনেৰে মোৰ দেশত লুটপাত চলাবলৈ পাৰিছে৷ সেই পশুবোৰে মোৰ দেশৰ দৰিদ্ৰ জনতাৰ পেটৰ ভাত কাঢ়ি আনি আপোনালোকৰ দৰে বেংকবোৰক ধনী কৰিছে৷ মই যদি এই মুহূৰ্ততেই আপোনাৰ বেংকত টকা জমা ৰখা নাইজেৰিয়ান গ্ৰাহকসকলৰ নাম নাপাওঁ,  তেন্তে কোনো ধৰণৰ কথা চিন্তা নকৰাকৈ মুহূৰ্তৰ ভিতৰতে এটা গুলি আপোনাৰ মূৰেদি সুমুৱাই দিম৷ আৰু আপোনাৰ মূৰৰ লাওখোলা উৰুৱাই দিয়াৰ পিছত মই এই পাষণ্ডৰো সেই একেই গতি কৰিম।” চৰম ঘৃণাৰে এইবাৰ ইগনেচিয়াছে কোঠাটোৰ একোণত থিয় হৈ থৰথৰকৈ কঁপি থকা চেয়াৰমেনৰ সচিবগৰাকীলৈ চালে৷

তাৰপিছত নিজ দৃষ্টি পুনৰ গাৰ্বাৰৰ ওপৰত নিবদ্ধ কৰি পিষ্টলটো আৰু জোৰেৰে হেঁচুকি দি তেওঁ বজ্ৰকঠোৰ কণ্ঠেৰে ক’লে “গাৰ্বাৰ,  মই একৰপৰা পাঁচলৈ গণিম৷ আৰু তাৰ পিছত এক চেকেণ্ডো পলম নকৰাকৈ মই গুলি চলাম৷”

এক…..

ভয়ত জড় পদাৰ্থ হৈ পৰা গাৰ্বাৰৰ মুখৰপৰা কোনো উত্তৰ নাহিল…….

দুই………

কোনো উত্তৰ নাই……..

তিনি………

কাণ তাল মৰা নিস্তব্ধতা ……….

চা……..ৰি…………..

মৃত্যুৰ মাত্ৰ এক চেকেণ্ড আগতে দেহৰ সমস্ত শক্তি গোটাই লৈ একেবাৰে সৰু, কম্পিত কণ্ঠেৰে সেপ ঢুকি গাৰ্বাৰে কৈ উঠিল………

” ম…ই নামবোৰ দিব নো…ৱা…ৰি….ম… ছাৰ “

গাৰ্বাৰৰ উত্তৰত চক খাই উঠি ইগনেচিয়াছে এইবাৰ গাৰ্বাৰৰ সচিবজনলৈ চালে৷ মৃত্যুভয়ত শেঁতা পৰি যোৱা সচিবজনে এইবাৰ অশেষ কষ্ট কৰি কিবাকৈ মাতটো উলিয়াই লৈ ক’লে “ময়ো দিব নোৱাৰিম ছাৰ……..”

ইগনেচিয়াছৰ নিজ কাণকেই বিশ্বাস কৰিবলৈ টান লাগিল৷ কিমান বেছি নিষ্ঠাৱান হ’লে মানুহে মৃত্যুৰ এক চেকেণ্ড আগতো গ্ৰাহকৰ গোপনীয়তা ভংগ নকৰাকৈ থাকিব পাৰে!

চূড়ান্ত নৈৰাশ্যত পিষ্টলটো কোটৰ ভিতৰলৈ দলিয়াই দি তেওঁ চকীখনত ধুপুচকৈ বহি পৰিল৷

“চাৰি” কোৱাৰ পিছত মৃত্যুৰ শীতল কোলাত নিজৰ অৱশ দেহাটো এৰি দিবলৈ চকু মুদি দিয়া গাৰ্বাৰে বহু সময় পিছতো যেতিয়া জীয়াই থকা বুলি অনুভৱ কৰিলে, তেতিয়া তেওঁ অতি ভয়ে ভয়ে চকুটো মেলি দিয়াত দেখিলে যে হাতৰ পিষ্টল সামৰি থৈ ইগনেচিয়াছ তেওঁৰ টেবুলৰ সন্মূখৰ চকীখনত বহি আছে৷ টেবুলৰ ওপৰত মেল খাই পৰি আছে ইগনেচিয়াছে লগত লৈ অহা উৱলি যোৱা ডাঙৰ ব্ৰিফকেছটো৷ ব্ৰিফকেছটোৰ ভিতৰত থাক থাককৈ সজাই থোৱা নোটৰ বাণ্ডিলবোৰ দেখা মাত্ৰকেই দিনে ৰাতিয়ে টকাৰ মাজতেই খেলি থকা গাৰ্বাৰে বুজি পালে যে সেয়া অতি কমেও পাঁচ মিলিয়ন ডলাৰ হ’ব৷

এইবাৰ হতবাক হৈ চাই থকা গাৰ্বাৰৰ চকুত চকু থৈ নাইজেৰিয়াৰ নিষ্পেষিত জনতাৰ নয়নৰ মণি, দুৰ্নীতিৰ ক্ৰুচেডাৰ ইগনেচিয়াছ আগাৰ্বিয়ে মিচিকিয়া হাঁহি এটা মাৰি আৰম্ভ কৰিলে “বঢ়িয়া! মই মোৰ টকাবোৰ জমা ৰাখিবলগীয়া বেংকৰপৰা এনে ধৰণৰ গোপনীয়তাই আশা কৰোঁ৷ আপোনাৰ বেংকত একাউন্ট খুলিবৰ বাবে মই কি কৰিব লাগিব মিষ্টাৰ……….. গাৰ্বাৰ ?’

.

.

.

.

.

নাইজেৰিয়াত এতিয়া গভীৰ নিশা৷ আজিৰ এই কালৰাত্ৰি বহু দীঘলীয়া৷ বুভুক্ষা জনতাৰ ভোকত কলমলাই থকা পেটবোৰৰ তেজ শুহি খাবলৈ আজি আৰু এটা তেজপিয়াই আন্ধাৰৰ আঁৰ লৈ লাহে লাহে গতি কৰিছে……।

☆★☆★☆

37 Comments

  • ৰূপাঞ্জলী

    বহুত ভাল লাগিল।

    Reply
  • সাৱলীল অনুবাদ। ভাল লাগিল।

    Reply
  • গীতিকা শইকীয়া

    প্ৰিয় গল্পকাৰজনৰ গল্পৰ ইমান সুন্দৰ অনুবাদ, পঢ়ি অত্যন্ত ভাল লাগিল। অনুবাদ খুউৱ সাৱলীল হৈছে।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    এইটো তামাম লিখিছে দাদা।

    Reply
  • সেইকাৰণে সকলো দেশৰ নাগৰিক ছুইজাৰলেণ্ডৰ বেংকত টকা জমা কৰে। পঢ়ি বহুত ভাল লাগিল।

    Reply
  • হিমাংশু ভাগৱতী

    বঢ়িয়া ৰিণ্টুদা।

    Reply
  • হেমন্ত কাকতি

    অনলি ৱান ৱাৰ্ড, ঝাকাছ!

    Reply
  • Manisha

    সম্পূৰ্ণ ন্যায় পাইছে মূল গল্পটোৱে আপোনাৰ কলমত।

    Reply
  • Sarmistha Dutta

    বহুত ভাল লাগিল । অন্য theme লৈও লিখিবি।

    Reply
  • N.Samina Yeasmin

    Rintu, you have bold hand with a Twilight Sword……..Keep climbing.

    Reply
  • কল্যাণ নাথ

    ভাল লাগিল

    Reply
  • পংকজ গগৈ

    ভাল লাগিল।

    Reply
  • ভাল লাগিল৷

    Reply
  • প্ৰানতোষ সূত্ৰধৰ।

    খুবেই ভাল লাগি পঢ়ি। ভবাই নাছিলোঁ যে মন্ত্ৰী মহাশয়ো একে শ্ৰেণীয়ে হব বুলি।

    Reply
  • কুলদীপ গোস্বামী

    ভাল লাগিল

    Reply
  • Anonymous

    বহুত ভাল লাগিল ৷ ধন্যবাদ

    Reply
  • Dipankar Bhattacharyya

    ধুনীয়া অনুবাদ।
    ছুইচ বেংক জিন্দাবাদ। Epitome of integrity .

    Reply
  • Dilip das

    সুন্দৰ

    Reply
  • সুবোধ নাথ

    বৰ বঢ়িয়া লাগিল ৷

    Reply
  • নিপম দাস

    মজা।ধন্যবাদ জনালোঁ।

    Reply
  • Ahmed B Zakaria

    বহুত ভাল লাগিল ।

    Reply
  • Suntu

    চাচপেঞ ????, বহিয়া লাগিল

    Reply
  • Mitali Saharia

    বহুত ধুনীয়া লাগিল । পলিটিচিয়ান পলিটিচিয়ানয়েই হয় মানে।

    Reply
  • Anonymous

    ভাল লাগিল। সুন্দৰ হৈছে।

    Reply
  • বনমালী বড়ো

    ভাল লাগিল । দুখো পালো

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *