ফটাঢোল

বলাৎকাৰ – বিতোপন গৌৰাত্ৰ

সৰল মনা পৱন কাইটিৰ বিয়া খন বহু পলমকৈ হ’ল। পিচে ন-বৌজনী..! ককাইটিতকৈ কেৱল বয়সৰ ফালৰ পৰাই নহয়, সকলো ফালৰ পৰাই ডাঙৰ আৰু আহল বহল! পিচে মাষ্টৰনী মানুহজনী কথাই বাৰ্তাই কিন্তু ঠিক- ঠাক। ঘৰখন হ’ল পিচে পা-পোৱালীহে নহ’ল। নহ’ল আৰু নাই! দন্দ খৰিয়াল নোহোৱাকৈ চলি আছে – সেইটোহে আচল কথা।

বিএ পাছ অন্তৰ চাফ ককাইটি কথা বতৰা, আলোচনা আদিত মুঠেই পাৰ্গত নহয়। শব্দৰ ইফাল সিফালে সমস্ত বিষয়বস্তুক বুমেৰাং কৰে। এবাৰ চান্দা তুলিবৰ বাবে গাৱঁৰ ল’ৰাহঁত পৱনৰ ঘৰ সোমালে। ইচ্ছাকৃত ভাবেই টকা পাঁচশ উলিয়াই দি ককাইটিয়ে ক’লে,

“আৰু নধৰিবিহঁত, যোৱা কালি মই নাথাকোঁতে নবৌৱেৰক বলাৎকাৰ কৰি আৰু এটা পাৰ্টিয়ে টকা পাঁচশ সন্মিলনলৈ বুলি নিলে…!”

উপস্থিত ল’ৰাহঁত অবাকটেড। পিচে এজনে কথাটো বুজি পাই ক’লে

“নাই নাই দাদা, আমি বুজি পাওঁ, স্বইচ্ছাৰে দিয়াটো বেলেগ কথা কিন্তু বলাৎকাৰ কৰি নিয়াটো উচিত নহয়..!

(পৱন কাইটিৰ ভাষাত বলাৎকাৰ মানে প্ৰায় জোৰ কৰি বুদ্ধিৰে)

☆★☆★☆

2 Comments

  • সত্যেন্দ্ৰ ডেকা

    হাঁহিবৰ বাবে হলেও, “অবাক্টেড” লিখিত ৰূপত ব্যৱহাৰ নকৰাতো ভাল হব নেকি বাৰু!

    তেনে কেইটামান শব্দ ব্যৱহাৰ কৰা দেখিছো
    Facebook ৰ বেলেগ গোট তো।

    Reply
  • ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *