ফটাঢোল

ফটা পঞ্চপদী – হেমেন ডেকা


ধূঁৱলিৰ মাজতো আশাৰ সোণালী আভা
কুঁৱলী ফালি ওলাইছে আজি সূৰ্যপ্ৰভা
নীৰৱতাই ভাল
নালাগে কোলাহল
ঢাক-ঢোল বজাই পাতি লাভ নাই সভা৷


জেওৰা-জপনা নাইকিয়া হ’ল
জুমুঠিহে শাকনিত মাথোঁ ৰ’ল
উদঙীয়াৰ উৎপাত
উঁইপোকৰো বাহ তাত
জাবৰণিত বুৰঞ্জী জহি গ’ল৷


গৃহস্থকে দিছে ওলোটাই দাবী
বোলে আমাক কিডালনো কৰিবি
ঢোঁৰা-কাউৰীৰ বাক
বৰ-কথকীৰ জাক
বাপ্পা ঐ, বকিয়ে আছে কিবাকিবি৷


অগ্নিবৰষা কথাৰ কাৰচাজি
অৱশ্যে বুজো নেতাৰ টালিবাজি
যিমানে নিদিয়ক চমক
সি যে ফুলজাৰিৰ ভমক
হাঁহতো ৰাজী আমি মাহতো ৰাজী৷


শাকাহাৰীৰ চটফটনি, শ্বাপদৰ সংস্পৰ্শ
সুখৰ পদূলিত শনি,সেয়েহে বিৰাট বিমৰ্ষ
সপোনত দৈৱবাণী
সান্ত্বনাৰ সঞ্জীৱনী
শগুণে শৰাধ পাতে,কাউৰীয়ে দিয়ে পৰামৰ্শ৷

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *