দৰঙীয়া উপভাষাৰ লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য
১.
কলেজীয়া ঝিয়াগিলা ৰাষ্টাইদি যায়
তাকে দেখি লিকিৰাহেঁতে সুহুৰিয়ায়
ঝিয়াই ভাৱে মনে মনে
মই বৰ ধুনীয়া তাৰমানে
চুলিকোঁচাত হাত ফুৰাই নিজকে জহায় ।
২.
কোমল কোমল বন্নি চাউলৰ কোমল কোমল পিঠা
আমাৰ গাঁৱৰ চেনীৰামৰ মাতটো বৰ মিঠা
ভাদেইৰ ঘৰত পিঠাৰ গোন্ধ
সক্ৰিয় হয় তাৰ নাকৰ ৰন্ধ্ৰ
সন্ধিয়া ওলায়গৈ ভাদেইৰ ঘৰ যেন ভোবোলা পঠা ।
৩.
বজাৰৰপে আনলো ভথ্থা কল জলপান খাম বুলি
থৈ দিলোঁ পাকঘৰৰ চুকত ভালকে পকক বুলি
পিছে ৰামভক্ত আহি পাই
গোটাক গোটাই গিল্লা ভাই
মায়ে মোক বকবা ধল্লা খিৰ্কি কিয়া থৈছিলি খুলি ।
৪.
বেহেপ পুৱাই উঠিয়ে মোক লাগেই চাহ
নহলি মোৰ উঠেই ঘহক ঘহক কাহ
মায়ে দেই লাল চাহ
মোক লাগেই গাখীৰ চাহ
মায়ে কৱেই গাখীৰ চাহ হেনো গেষ্ট্ৰিকৰ বাহ ।
☆★☆★☆
2:52 pm
ধৰ্ম দা বৰ ভাল পালো ৷ এনেকুৱা লিমাৰিকো লাগে , শব্দজ্ঞান বাঢ়ে ভিন ভিন ঠাইৰ ৷
10:02 am
মায়ে ঠিকেই কৈছে, গাখীৰ গেষ্ট্ৰিকৰ বাহ। ভাল লাগিল।