ফটাঢোল

স্বাধীনতাৰ গদ্য – নীলাক্ষি দেৱী ডেকা

আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। মই আপোনাক চিনি নাপালেও আপুনি মোক চিনি পায় চাগে! আপুনি যদি গুৱাহাটী মহানগৰীৰ বাসিন্দা আৰু ফেচবুকত সক্ৰিয় তেনে এই সম্ভাৱনীয়তা আৰু বৃদ্ধি পাব। মোক ৰাইজে চিনে! চিনে মানে বহুবছৰৰ কষ্ট আৰু অধ্যৱসায়ৰ ফলত নিজৰ তেনে এটা পৰিচয় তৈয়াৰ কৰিছোঁ মই। মোৰ নাম?  মই মিষ্টাৰ বৰুৱা,  জি. এম. বৰুৱা। ঘনিষ্ঠবোৰে সাধাৰণতে বৰুৱাদা বুলিয়েই মাতে,  আপুনিও মাতিব পাৰে, বেয়া নাপাওঁ মুঠেই। সম্পূৰ্ণ নাম?  এহ, সেইটো জানি কিদাল কৰিব হে! চাৰ্টিফিকেট কেইখনত থকাৰ বাদে আৰু কাম নাই তাৰ। গজেন্দ্ৰ মোহন বুলিলে চিনি পোৱা মানুহ মই জন্ম হোৱা গাওঁখনতহে আছেগৈ দুজনমান। নতুন ল’ৰা ছোৱালীবোৰে তাকো নাজানে। বৰুৱাদা ইজ ফাইন। আই লাইক ইট।
কি সুধিলে?  মই ৰাজনৈতিক দলৰ নেতা?  নাই, সেইবোৰ একো নহয় মই। কিন্তু সামাজিক সচেতনতা আছে মোৰ। আজিকালি থকাটো দৰকাৰীও দিয়কচোন। অন্যায়ৰ প্ৰতিবাদ সকলোতকৈ আগতে কৰোঁ। নাই নাই, ৰাজপথত ধৰ্ণা দি ফুৰিবলৈ আমাৰ দৰে মানুহৰ সময় ক’ত হে! ফেচবুকতেই কৰোঁ। সকলোবোৰ থাকেই নহয় আজিকালি ইয়াতেই। পপুলাৰিটি বাঢ়ে বুইছে,  পপুলাৰিটি! অলপ জনপ্ৰিয় হ’বলৈ কোনেনো বেয়া পাব কওকচোন! ময়ো পাওঁ। প্ৰতিবাদ কাৰ বিৰুদ্ধে কৰোঁ সেইটো জানিব বিচাৰিছে আপুনি?  ৰাজ্যত যি দলৰেই চৰকাৰ নাথাকক কিয় তেওঁলোকৰ কামৰ বিৰোধিতা কৰাটোৱেই মোৰ আমৃত্যু পণ। এইটোৱেই বৰ্তমানৰ ট্ৰেণ্ডো। ৰাইজে মনোৰঞ্জনো পায় তাত। ককাদেউতাই বৃটিছৰ বিৰোধিতা কৰিছিল একসময়ত। মুক্তিযুঁজাৰুৰ পেঞ্চনো পাইছিল চৰকাৰৰ পৰা। কিন্তু দেউতাইহে একো সুবিধা ল’ব নাজানিলে। গাঁৱৰ স্কুলত মাষ্টৰী কৰিয়েই জীৱনটো শেষ কৰিলে। এতিয়া একমাত্ৰ ভাইটোৱেও একেটা বাটেই লৈছে। গাঁৱত কলেজ খুলিছে,  পুথিভঁৰাল পাতিছে,  দৰিদ্ৰ সাহাৰ্য ন্যাস খুলিছে। বৰ দেশপ্ৰেমিক চেলাবলৈ আহে, যত চব বুৰ্বকৰ দল। পুৰণি ঘৰটোকেই ভালকৈ বনাব পৰা নাই আজিলৈকে। ৰাণিং ৱাটাৰ, এচি থকাটো দূৰৈৰ কথা। আমাৰ ইহঁতি সেইকাৰণেই যাবই নোখোজে গাঁৱৰ ঘৰলৈ। নোৱাৰেও দিয়কচোন,  মই বহুত আদৰ যত্নত ৰাখিছোঁ সকলোকে। টোপ পৰিবলৈ নিদিয়াকৈ! গাঁৱত থাকিব নোৱাৰে ইহঁতে। দেউতাইতো মোকো তাতে ৰখাৰ গভীৰ ষড়যন্ত্ৰ কৰিছিলেই স্কুলৰ হেডমাষ্টৰৰ চাকৰিৰ লোভ দি! কিন্তু মই ইমান মূৰ্খ নাছিলোঁ কাহানিও। আজি যিটো সোণৰ কণী পৰা বিভাগত মই কৰ্মৰত,  সেইটো চাকৰি পাবলৈ কম মাথা মৰা নাই মই। গাঁৱৰ খেতিৰ মাটি বিক্ৰী কৰি তেতিয়াৰ দিনতেই 40 হাজাৰ টকা ঘোঁচ দিছোঁ। আজিৰ তাৰিখত হ’লে কোটি টকাৰ সমান। নাই নাই,  ভাইটোৰ ভাগৰ মাটিত হাত দিয়া নাই মই। পৈতৃক সম্পত্তিৰ মোৰ ভাগৰ অংশটোহে বিক্ৰী কৰিছোঁ। আজি মহানগৰীত মোৰ ঘৰ বাৰী,  ফ্লেট,  গাড়ী দেখি জ্বলে সকলো। তাৰ বাবে কিমান কষ্ট কৰিব লগা হৈছে কেৱল মইহে জানো। চাকৰি পোৱাৰ পাছত দুয়োহাতে ৰইনাইদি কোঁচাইছো। তাৰ বাবে দোষ দিব নোৱাৰে মোক। নিজেও দিছিলোঁ আনক এটা সময়ত। এতিয়া ল’মেই। বেলেগ ঠাইলৈ বদলি নোহোৱাকৈ মহানগৰীতেই ইমান বছৰ থকাৰো মূল্য দিবলগা হয় দিয়কচোন! ইয়াত চলাৰো যিহে খৰচ, পানীলৈকে কিনিব লগা হয়। গাঁৱলৈ ধান চাউল বিচাৰি নিজে বছৰেকত এবাৰেই যাওঁ মাত্ৰ। বাকী ভাইটোৱে চাউল, আলু, পুখুৰীৰ মাছ,  বাৰীৰ পাচলি,  নাৰিকল লৈ দুমাহৰ মূৰত এবাৰ ওলায়হিয়েই। মানা নকৰোঁ দিয়কচোন। মৰমক নেওচা দিব নাপায় নহয়।
আৰু মহানগৰীত থাকিলে কেৱল খোৱাৰেই খৰচ নহয় দিয়কচোন! সমাজত জনপ্ৰিয় হৈ থকাৰো দাম দিব লগা হয় বুইছে! আমাৰ এওঁক বহুকেইটা অনুষ্ঠানৰ সভানেত্ৰী, সম্পাদিকা পাতি ৰাখিছে নহয়! গতিকেই হাত খুলি খৰচ কৰিবই লগা হয় আৰু! এওঁ সেইখিনি সামাজিকতা বিচাৰে,  হকাবাধা কৰা নাই মই কাহানিও! এতিয়া চাওক,  এইবছৰ ল’ৰাটোকেই বেংগালুৰুত এডমিশ্বন দিব লগা হ’ল নহয়। হায়াৰ চেকেণ্ডাৰীত আৰু অলপ ভাল নম্বৰ পালে ইয়াতেই ভাল কলেজ এখনত ছিট এটা দিয়াব পাৰিলোঁহেতেন স্পৰ্টছৰ কোটাত। কিন্তু হ’ল বুলি আমাৰ ল’ৰাক যিটি কলেজত পঢ়াব নোৱাৰোঁ নহয়,  সন্মানৰ কথা আছে দিয়কচোন। আৰু ৰাজ্যৰ বাহিৰৰ ভাল কলেজ এখনত ছিট দিয়াওঁতে ড’নেশ্যনৰ নামত কিমান টকা ঢালিব লগা হয় সেইটো জনাসকলে বুজিবই।
এহ, অতপৰে মই নিজৰেই কথা কৈ থাকিলোঁ। ক’বলৈ বিচাৰিছিলোঁ আচলতে স্বাধীনতা দিৱসৰ ওপৰত। অৱশ্যে একেই কথা দিয়কচোন। নিজে স্বাধীনকৈ চলিব পৰাটোহে আচল স্বাধীনতা হেঃ হেঃ হেঃ! মই মানুহজন আচলতে ফেচবুকতো বহুত জনপ্ৰিয়ই। ফ্ৰেইণ্ড,  ফলো’ৱাৰ বহুত মোৰ। গতিকে এনে দিৱসবোৰত ফাটাফাটি পোষ্ট এটা নিদিলে নচলেই নহয়! কিন্তু মই চিধাকৈ কোনো দল, নেতা,  পালিনেতা, বুদ্ধিজীৱীৰ বিৰোধিতা নকৰোঁৱেই। সেইটো কৰাত বিপদ আছে বহুত। নিজৰ বন্ধু তালিকাৰ কোনে কেনেভাবে লয় কথাটো তাক বুজা টান। মই দুয়োপক্ষ বজাই ৰাখিহে কথা কওঁ। সাপো মৰে,  লাঠিও নাভাঙে। গতিকে কোনেও তৰ্ক কৰিবলৈয়ো সুবিধা নাপায় মোৰ পোষ্টবোৰত। কিবা এটা লিখি পোষ্ট কৰাৰ আগতে ভালকৈ চাই লওঁ ফেচবুকৰ ঢৌ কোনফালে বলিছে বুলি! এটা সকলোৱে ভাল পোৱা পোষ্ট দিয়াটোও বৰ মুখৰ  কথা নহয়! এইকেইদিন তাতে ৰাজ্যৰ চেলিব্ৰেটি গায়ক,  নায়ক কেইজনেও বিতৰ্কমূলক একো কৰাই নাই নহয়! নহ’লে তাকেই তেল মচলা সানি দুদিনমান চলাই থাকিব পৰা গ’লহেতেন। মানুহে ৰসো পায় বহুত। “ভুৱা স্বাধীনতা”ৰ ওপৰতো দুজনমানে ফেচবুকত পোষ্ট দিয়া কৰিছে আজিকালি। বৰ কমন চাবজেক্ট হৈ গ’ল এইটো। নোৱাৰি লিখিব। তাতকৈ এটা নিৰপেক্ষ বিষয়ৰ ওপৰত লিখিলে বেছি জনপ্ৰিয়তা পাম। ককাদেউতাৰ ওপৰতে লিখাই বৰ ভাল হ’ব। মুক্তিযুঁজাৰুৰ নাতি বুলি সন্মানো বাঢ়িব অলপ। এইবাৰ বেংককলৈ ফুৰিবলৈ যোৱাৰ বাবে আতাৰ বছেৰেকীয়া শৰাধতো গাঁৱৰ ঘৰলৈ যোৱা নহ’ল। ফেচবুকত তেখেতৰ গুণানুকীৰ্তন কৰিয়েই পাপ মোচন কৰিব লাগিব অলপ, নহলে উপায়ো নাই। কিন্তু লিখিলেই নহ’ব অকল। লিখাবোৰ কিছুমান মানুহে নপঢ়েই নহয়! দুজনমানে কেৱল ফটোতহে লাইক মাৰে। গতিকে পোষ্টটোৰ লগত খাপ খোৱাকৈ দুখনমান ভাল ফটোও দিব লাগিব। লাইক বাঢ়িব কেইটামান। তাৰো ব্যৱস্থা অমুকাই কৰি থৈছোঁ আগতেই। এইবাৰ মাঘত ঘৰলৈ ধান চাউল আনিবলৈ যাওঁতে দুখনমান সৰু সৰু পতাকা গণেশগুৰিৰ পৰা কিনি লৈ গৈছিলোঁ। গাঁৱৰ কেঁচা ৰাস্তাত টাংগুটি খেলি থকা পিটিকলি কেইটামানক তাৰে একোখন হাতত লৈ দৌৰিবলৈ দি মোৰ নিকনটোৱেদি দুখনমান বঢ়িয়া বঢ়িয়া ফটো তুলি ৰাখিছোৱেই নহয়! DSLR ৰ ফটো বুলিলেই মহিলাসকল পাগল,  অলপ ভালকৈ এডিটাই দিব পাৰিলে কথাই নাই আৰু! আগষ্ট মাহত ফটো তুলিবলৈ গাঁৱলৈ যাব নোৱাৰিয়েই। ৰাস্তা, খেতিপথাৰ সকলো পানীৰ তলত। ঘৰ আৰু বস্তীতহে কিবাকৈ পানী নুঠে, ঠাইখিনি ওখ ঠাই। আচলতে গাঁৱৰ ফটো বুলিলেই মানুহখিনি চেণ্টি হৈ যায়। ফটো মাঘত তোলা নে শাওনত তোলা কোনোৱে চিন্তা কৰি নাথাকেযে খাটাং। গতিকে হাজাৰ, ডেৰহাজাৰ লাইক থাউকতে আহিব। ৰাতিৰ বিশেষ চেলিব্ৰেচন বাকী আছেই নহয়!
গতিকে মই এনেদৰেই ইণ্ডিপেনডেন্স ডে’বোৰত ফাটাফাটি প’পোলেৰিটি পাই থকা হৈছো। চেষ্টা কৰোঁ যেনেতেনে দিনৰ ভাগতেই পোষ্টটো দিবলৈ। নহ’লে বুজিছেই নহয়, ৰাতি হোৱাৰ লগে লগে বেছিভাগ মানুহ পঢ়িব পৰা অৱস্থাত নাথাকিবই! ইফালে কেইমাহমানৰ পিছতে ৰিপাব্লিক ডে’ৰ কথাও চিন্তা কৰিবলগা আছে। মানে কিবা অলপ ডিফাৰেণ্ট, ’হটকে টাইপৰ’ পোষ্ট দিলেহে লাইক, কমেণ্টৰ বাহাৰ আহে।  অৱশ্যে সেইবিষয়ে এতিয়াই মই মোৰ প্লেনিঙৰ কথা কৈ গোটেইবোৰ গোমৰ ফাঁক কৰি নিদিওঁ দেই! আখীৰ ইন্তেজাৰ বুলিও কথা এটা আছে নহয়! সেয়ে নেক্স্ট ৰিপাব্লিক ডে’লৈকে হেপীয়াই থাকক।
*****

11 Comments

  • Gitika Saikia

    অত্যন্ত মনোগ্ৰাহী তথা সুন্দৰ লিখনি। আজিৰ সমাজৰ প্ৰতিবিম্ব যেন অনুভৱ হ’ল।

    Reply
  • Bikash

    ভাল লাগিল

    Reply
  • ৰিণ্টু

    সুন্দৰ লিখনি, ভাল লাগিল পঢ়ি। ভবিষ্যতেও এইখন প্লেটফৰ্মত আপোনাৰ লিখা পঢ়িব পাম বুলি আশা ৰাখিলো

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    এইটো পঢ়ি বৰ ভাল লাগিছিল।

    Reply
  • আকৌ এবাৰ পঢ়িলোঁ, ভাল লাগিল।

    Reply
  • Mousumi gogoi

    দ্বিতীয় বাৰ পঢ়িলো ।সময়োপযোগী লিখনী ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ সুন্দৰ লিখনি। সময়োপযোগী আৰু তীব্ৰ ব্যংগৰ সোৱাদ পালো পঢ়ি।ভাল লাগিল।

    Reply
  • Nabajit Baishya

    সুন্দৰ ৰচনা৷ ভাল লাগিল৷

    Reply
  • bijoy mahanta

    সুন্দৰ

    Reply
  • গৌৰীশংকৰ শৰ্মা

    আজিৰ সমাজৰ এইটো দিশৰ এখন জীয়া ছবি আঁকিলে আপুনি। ভাল লাগিল পঢ়ি।

    Reply
  • জয়ন্ত দাস

    ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *