ফটাঢোল

হাঁহি-কান্দোন – পৰীস্মিতা দাস

(১)
নিৰ্বাচনী প্ৰতিশ্ৰুতি বিধে বিধে দিছে
ৰাইজৰ দুখত ৰুমালেৰে চকুপানী মচে

চেনেহ আতোলতোল
দেখি নাযাবা ভোল

নেতাবোৰৰ চকুপানীত হাঁহি লুকাই আছে৷

 

 

(২)
সৰু সৰু বাতৰিবোৰ সাজে ৰহন সানি
দুখলগা বাতৰি পঢ়ে চকুত চকুপানী

পঢ়িছে সাংবাদিকতা
আচলতে অভিনেতা

কেমেৰাৰ আঁৰত মুখত দেখোন হাঁহিৰ বানপানী৷

(৩)
লাইক কমেন্ট কমি গ’লে ৰাতি টোপনি নাহে
বিতৰ্কিত পোষ্ট দিলে হেনো লাইক কমেন্ট আহে

জাবৰৰ দোম খান্দে
দেশ জাতিৰ নামত কান্দে

লাইক কমেন্ট বাঢ়ি গ’লে বাগৰি বাগৰি হাঁহে৷

☆★☆★☆

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *