ফটাঢোল

কূটবুদ্ধি নহ’লে বিয়া নকৰাব – সৌৰভ শৰ্মা

১)বিয়াৰ কেইদিনমান পিছত যদি পত্নীয়ে কয়, বেয়া নাপায় যদি খাই উঠি কাঁহীখন বেচিনত থৈ যাব। তেতিয়া কাঁহীখন বেচিনলৈ নিওঁতে কাঁহীৰ হাত ধোৱা পানী অলপ মজিয়াত পেলাই যাব। জীৱনত দুনাই আৰু নকয় ।

২)কাপোৰ ৰ’দত মেলি দিয়া কামটো কৰাজন কাপুৰুষ। সেয়ে পত্নীয়ে কাপোৰ মেলিবলৈ দিলে, এনেদৰে দিয়ক যাতে অলপ বতাহ পালেই সৰি পৰে। দুনাই আৰু নকয়।

৩)ভাত ৰান্ধিবলৈ ক’লে পুৰুষে গেঞ্জিত মচলা গুড়ি, হালধি লগাই দাগ লগাব লাগে। এটা গেঞ্জি ধ্বংশ হ’ল কি হ’ল! দুনাই ভাত বনাবলৈ নকয়। অথবা গোটেই পাকঘৰৰ বস্তু (টেমা/বটল) উলট-পালট কৰি দিয়ক। সাতজনমলৈ ৰান্ধিবলৈ নকয়।

৪)মাহত দুবাৰ বজাৰ যাবলৈ বিছাৰিলে, দ্বিতীয় বাৰ নিওঁতে অন্য পথিকে শুনাকৈ গান গাই গাই যাওক, বিশেষকৈ দোকানৰ ভিতৰত কিবাকিবি গান গাই থাকক। পিছৰ মাহৰপৰা দ্বিতীয় কি এবাৰো আপোনাক বজাৰত লৈ যাবলৈ নকয়। নিজে অকলে যাব।

৫)মাকৰ ঘৰৰ মানুহ আহিলে ডাঙৰ মাছ আনক, হাজাৰ টকীয়া কিলোৰ আৰি কিনক। চাব মাকৰ ঘৰৰ মানুহ আহিলে ভবিষ্যতে আপোনাক বজাৰৰ পৰা ব্ৰয়লাৰ আনিবলৈ পঠিয়াব।

৬)প্ৰতিবেশী মহিলাই কাপোৰ বা গহণা লোৱাৰ কথা ক’লে জানিব (খৰচ) বিপদ অসন্ন। সেই সময়ত সেই প্ৰতিবেশীৰ কিবা এটা দোষ/বদনাম উলিয়াই আলোচনা কৰক। খৰচ বাচিল।

৭)বিয়া খাবলৈ বা অন্য কৰবালৈ যাব লগা আছে সাতবজাত যাব লাগে যদি পাঁচবজাত যাম বুলি দুপৰীয়াই ক’ব। দেখিব ৬.৩০লৈ ৰেডি হৈ আছে। শ্ৰীমতীয়ে ভাবিব আপুনি বৰ ভাল৷ ডেৰ ঘণ্টা দেৰি কৰাৰ পিছতো একো কোৱা নাই। বেচেৰীয়ে গমেই নাপায় যে আপুনি যাবলৈ বিচৰা সময়তকৈ আধা ঘণ্টা এডভাঞ্চ ওলাল বুলি।

☆★☆★☆

12 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *