ফটাঢোল

টপক – অমিতাভ মহন্ত

হাত ভৰিবোৰ ক্ৰমান্বয়ে শিথিল হৈ আহিছে… যিজনীৰ বাবে গোটেই বছৰটো খাপ পিটি ৰওঁ কেতিয়ানো মাত এষাৰ দিব পাৰোঁ বুলি। পুৱাই বিছনাত এনেকৈ তপত, ঘন ঘন উশাহেৰে তাই মোক হেঁচি ধৰিছে৷ ওঁঠ দুটাৰ দবৰা দবৰিত মই অৱশ হৈ পৰিছোঁ৷ হাত ভৰিবোৰ শিথিল হৈ পৰিছে৷ আসস্!
খকমককৈ সাৰ পাই উঠিল সন্দীপ৷

– অই ভালুক উঠ৷ ব্ৰেকফাষ্টটো কৰি আহোঁ৷
– তই যা৷ মোৰ এতিয়াও হেং অভাৰ যোৱাই নাই৷
– তোৰ নিচা বেছি হৈছে কিন্তু৷ বাৰু এটা কথা ক’চোন৷
– কি?
– তই কেতিয়াবা চুমা খাই পাইছনে?
– কি প্ৰশ্ন দেখোন পুৱাই পুৱাই!
– এ নক’বি আৰু৷ মানে কালি ৰাতি! ধৰিবই পৰা নাই, কিন্তু ভাই একদম স্পষ্ট দেখিছোঁ অ’ তাইক…৷
– কাক দেখিছ?
– তাই মোক সাৱটি ধৰি চুমা খাইছে বে৷ মা কছম!
– কোন তাই???
– নিকি অ’৷
– বৰুৱা? মেনেজমেন্ট মেজৰ?
– অ’ ভাই৷ সপোনত আহিছিল৷ স্মুচ্ নে কি কয়, সেইটো৷ কি ফীল ভাই! একদম মজা লাগি আছে এতিয়াও৷ সপোনতে এনে মজা, সঁচাকৈ পালে কি হ’ব ৰে৷ তই সঁচাকৈ কিচ কৰি পাইছনে কোনোবাক?
– ৰোমান্টিক চুমা?
– হয়৷
– মানে প্রেমিক টু প্রেমিকা চুমা?
– য়েচ্ য়েচ্৷ তেনে চুমা৷ তোৰতো নন্দাৰ লগত এমাহমান চলিছিল৷ খাইছ জৰুৰ৷
– হুঁ।
– খাইছ?? নন্দাক?
– খোৱাত খাইছোঁ৷ পিছে নন্দাক নহয়৷
– বেলেগক? খেপ??
– মোটামুটি৷
– কোন, কোন!
– নিকি৷
– ব…… বৰুৱা?? মেনেজমেন্ট মেজৰ??
– অ’৷
– ধপ কিয় দিয় বে? তাই তোক চুমা! কাম নাই আৰু৷
– নামানিলে নাই৷ তই সুধিলি বাবে ক’লোঁ৷
– সঁচাই খাইছ?
– সঁচা৷
– খা কচম৷
– খালোঁ৷
– মূৰটো ঘূৰাইছে অ’৷ তই সঁচাকৈ……৷
– অতোঁ, তাইক টানি আনিলোঁ৷ জপটিয়াই ধৰিছিল তাই৷ এতিয়াও তাইৰ জিভাৰ সোৱাদ মোৰ জিভাত লাগি আছে৷
– নক’বি বে৷ ভাবিয়েই বেহুঁচ হম এতিয়া৷
– আৰে শুন৷ তপত, ঘন ঘন উশাহেৰে তাই মোক হেঁচি ধৰিছে৷ ওঁঠ দুটাৰ দবৰা দবৰিত মই অৱশ হৈ পৰিছোঁ৷ হাত ভৰিবোৰ শিথিল হৈ পৰিছে৷ আসস্! চব মজা চলি আছিল৷ কিন্তু…
– কিন্তু কি ভাই৷
– নিকিক সেই অৱস্থাতে এৰি দিব লগা হ’ল৷
– এৰি দিলি? কিয়???
– গোঁফ। জিভাত গোঁফে বিন্ধিলে ঔ৷
– গোঁ…?
– আৰে ৰাতি নিচা বেছি হৈছিল৷ তাইক বুলি তোকেই স্মুচ্ কৰি থাকোঁতেই দেখিলোঁ তই একদম নিকি নিকিকৈ বিৰবিৰাই আছ৷ মোৰ লাথটো খায়েই এই পুৱাই উঠিলি৷ নহ’লে বন্ধৰ দিনত এই পুৱাই উঠা মানুহনে তই?
– তই!! কি ফাল্টু বে তই৷ নিকিক দেখিলে মোৰ আৰু জীৱনত ফীল নাহিব অ’ ভাই৷ কিয় কৰিলি তই এনে??
– একো নহয় দে চুইটহাৰ্ট৷ শুই থাক এতিয়া৷
– হাৰামী!
– হা হা হা! অই শুনচোন, এইটো লৈ যা।
-কি?
-টপক!

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *