ফটাঢোল

কৌতুক – শিল্পাশ্ৰী দাস

শিক্ষক : কচোন টিলৌ, সংগীত বুলিলে কি বুজ ?

টিলৌ : ছাৰ, আমাৰ লগৰ সংগীতাৰ ভায়েকটোৰ নাম সংগীত ।

শিক্ষক : মূৰ্খ এয়াহে শিকিছ…. অ এইবাৰ ক, অসমৰ ৰাজধানী ক’ত আছে ?

টিলৌ : গুৱাহাটী আৰু ডিব্ৰুগড় ৰেলৱে ষ্টেচনত ছাৰ।

শিক্ষক : গৰু তোৰ মূৰটো… শেষ প্ৰশ্ন সুধিম। ভালকৈ উত্তৰ দিবি। নহ’লে পিঠি ফালিম আজি। অসমত বানপানী মূলতঃ কি কাৰণত হয়?

টিলৌ : আমেৰিকা, ইংলেণ্ড, চীন সকলোতে বানপানী হয়, অসমত নহ’বনে ছাৰ?

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *