ফটাঢোল

বানান বিভ্ৰাট – চবিনা ইয়াচমিন

১/ এজন কবিয়ে বৰ সুন্দৰ কবিতা লিখে৷ অনুৰাগী অলেখ৷ এদিন তেনে এগৰাকী অনুৰাগীয়ে কবিজনাৰ ফেচবুকৰ বাৰ্তা বাকচলৈ বাৰ্তা প্ৰেৰণ কৰিলে-

“ছাৰ আপোনাৰ কবিতা পঢ়ি খুব ভাল পাওঁ৷ মই আপোনাৰ কবিতাৰ নিয়মীয়া পাঠক….(তেনেধৰণৰ আৰু বহুত কথা লিখিলে৷)

কবিয়ে উত্তৰ দিলে- “জানি ভাল লাগিল৷”

কিন্তু লাগিল নহয় লেঠা৷ ‘জানি’ৰ ‘ই’ কাৰডাল দিবলৈ থাকি গ’ল৷ পিছত অনুৰাগী গৰাকীয়ে খবৰ খাতি কৰিলত কবিজনা সেইগৰাকীৰ সম্পৰ্কীয় ভিনিহিয়েক ওলাল৷ ভনীয়েকে বায়েকক দিলে লগাই ভিনিহিয়েকৰ কথা৷ তেওঁ পত্নীক হাজাৰ বুজায়ো সৈমান কৰিব পৰা নাই যে সেয়া typing mistake হে আছিল৷ কবিয়ে চিৰ দিনলৈ বাৰ্তা বাকচ আনইনষ্টল কৰিলে৷ তেহে পৰিৱেশ শান্ত হৈছে৷

 

২/ আন এদিনৰ কথা, ভণ্টী এজনীয়ে ফেচবুকত মানুহবোৰে সঘনাই প্ৰফাইল পিকচাৰ সলনি কৰি থকা দেখি ষ্টেটাচ দিলে-

“আজি প্ৰফাইল ফটো সলোৱাৰ দিন নেকি?”

এজনে মন্তব্য কৰিলে- “জানু”

ভণ্টীয়ে তৎক্ষণাৎ তেওঁক ব্লক কৰি দিলে৷ ইফালে মানুহজনৰ লগত ভণ্টীৰ বেচ ভাল সম্পৰ্ক৷ বহুদিন পাৰ হ’ল মানুহজনে এদিন ফোন কৰি সুধিলে বোলে- “ তুমি মোক ব্লক কৰিলা কিয় ফেচবুকত? কি জগৰ লগালোঁ?”

ভণ্টীৰ খাৰাংখাচ উত্তৰ – “মই কেতিয়াৰ পৰা আপোনাৰ জানু হ’লোঁ?” (লগতে আৰু ঢেৰ কিবা কিবি৷ মুঠতে গালিৰ বৰষুণ৷)

থতমত খাই মানুহজনে ক’লে “ধেই মই সেইটো জা…নু মানে “হ’ব পাৰে”( may be) অৰ্থতহে কৈছিলোঁ৷ ”

ভণ্টীয়ে বোলে “অ’ হয় নেকি? ‘জানো’টো ‘জানু’ লিখিলে হ’বই খেলি মেলি আকৌ৷ ”

সেইদিন ধৰি মানুহজনে অসমীয়া বানান শুদ্ধকৈ লিখিব নোৱৰালৈকে ইংৰাজী লিপি ব্যৱহাৰ কৰিব বুলি পণ ল’লে৷

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *