ফটাঢোল

ফটাপ্ৰেম – জীমণি গগৈ

মানুহৰ জীৱনকালত এই সুবিশাল পৃথিৱীখনত কেতিয়াবা সৰু বস্তু এটা থ’বলৈকো ঠাই অকণ নোহোৱা হয়! মাটি-পানী-বায়ু-অগ্নি কোনেও মানুহক সুৰক্ষা দিব নোৱৰা অৱস্থা একোটাৰ উদ্ভৱ হয়।

ক্লাছ নাইটত পঢ়োঁ তেতিয়া। সন্ধ্যাবেলিকা এনেয়ে ৰাস্তাত খোজকাঢ়ি ঘৰলৈ উভতিছোঁ। গেটখন খুলি ভিতৰ সোমাবলৈ লওঁতেই বিপৰীত ফালৰপৰা কোনোবা এজনে মাত দিলে – “শুনা…” ঘূৰি চাই দেখোঁ চাইকেলত উপবিষ্ট মোৰ লগৰ অলিৰ ককায়েক। নামটো? নামটো বাৰু এতিয়াই নকওঁ, থাকক। অলিয়ে মতা ঘৰুৱা নামটো “জীকুদা”।

“এইখন লোৱা” – কথা নাই বতৰা নাই জীকুদায়ে বগা খাম এটা আগবঢ়াই দিলে। মই ভাবোঁ তুলনামূলকভাৱে সেই বয়সত মই আছিলোঁ মোৰ বয়সৰ সকলো ছোৱালীতকৈ ভয়াতুৰ তথা নিৰ্বোধ। মুনিচুনি বেলাৰ আন্ধাৰত জীকুদাৰ হাতত জিলিকি উঠা বগা খামটো সেইমুহূৰ্তত মোৰ বাবে টাইম ব’ম এটাতকৈ কোনো গুণেই কম ভয়ংকৰ যেন নালাগিল। মোৰ চৌপাশৰ পৃথিৱীখন একমুহূৰ্তৰ বাবে মোৰ চেতনাৰপৰা নিঃচিহ্ন হৈ গ’ল। মনত বাজি উঠিল মাত্ৰ এটা বাক্য – এইমুহূৰ্তত যদি কোনোবাই দেখা পাই কি হ’ব! আগ-পাছ ভাবি নলওঁ-নথওঁ কৰি নষ্ট কৰিবলৈ সময় বুলিবলৈ এটা অনুপলো মোৰ হাতত নাছিল। কাৰণ জীকুদাই “শুনা” বুলি কওঁতে মই মূৰটো ঘূৰাই চোৱাৰ ঠিক আগমুহূৰ্তত মোৰ দাদাক ঘৰৰপৰা গেটৰ ফালে আহি থকা দেখিছিলোঁ। আৰু ঘৰৰপৰা গেটলৈ দূৰত্ব মাত্ৰ চল্লিছফুটমান। চিলনীয়ে হাঁহপোৱালি থপিওৱাদি একে উশাহতে বগা খামটো হস্তগত কৰিলোঁ আৰু ভিৰাই ঘৰলৈ খোজ ল’লোঁ। মই ঘৰৰ ভিতৰ দিশে গৈ আছোঁ আৰু দাদা আহি আছে গেটৰ দিশে। এই যে ক’লোঁ – ঘৰলৈ ভিৰাই খোজ ল’লোঁ, বুজাজনে বুজিব, আচলতে এনেকুৱা সময়ত ভিৰাই খোজ লোৱা দূৰৰ কথা, খোজটো পেলাবলৈকো ভৰিৰ তলত মাটিকণ বিচাৰি পোৱা নাযায়। মাটি বিচাৰি নাপাই ভৰি দুখনে ওফৰা-উফৰি কৰি য’তে ত’তে উজুটি খাই মৰে। ময়ো তেনেকুৱা এটা অৱস্থাৰে কোনোমতে দাদাক ক্ৰছ কৰি আহি “শুনা” বুলি কোৱাৰ সময়ৰপৰা সেই মুহূৰ্তলৈ সলাবলৈ পাহৰি থকা উশাহটো দীঘলকৈ ঘূৰাই ল’লোঁ। দাদাই একো নোকোৱাকৈ পাৰ হৈ গ’ল – তাৰ অৰ্থ হ’ল সি একো দেখা নাই। একমুহূৰ্তৰ বাবে নিজকে মাধ্যাকৰ্ষণবিহীন পৃথিৱীৰ বাসিন্দা যেন অনুভৱ হ’ল।

পিছে মোৰ সেই পাখিলাহি অনুভৱ বেছি সময়লৈ নিটিকিল। পিছ মুহূৰ্ততে মনলৈ আহিল- খামটো এতিয়া লুকুৱাম ক’ত! ক’ত? ক’ত? মনলৈ কেইবাখনো ঠাইৰ কথা আহিল। কিন্তু কোনোখন ঠায়ে সুৰক্ষিত যেন মনে নধৰিল। এপাকত ভাবিলোঁ বেলেগ ক’তো নথওঁ মুঠতে মোৰ হাততে ৰাখিম – হাততে মানে পৰিধান কৰি থকা বস্ত্রৰ সহিতে হাতে-দেহে ক’ৰবাত থ’ম। তেনেতে মনলৈ আহিল – ক’ত লুকুৱাম, কেনেকে থ’ম সেই চিন্তাত থাকোঁতেই তেতিয়ালৈকে খামটোত কিনো আছে চোৱাও হোৱা নাই। বাথৰুমত গৈ কঁপা কঁপা হাতেৰে বগা খামটো খুলিলোঁ। লৰালৰিকৈ কিনো লিখিছে পঢ়ি চাওঁ বুলি লৈ চকু কপালত উঠিল। পূৰাপুৰি চাৰিপৃষ্ঠা! মোৰ মনলৈ আহিল দুদিনৰ আগতে কিবা প্ৰসংগত অলিয়ে কৈছিল -“আমাৰ জীকুদাই আজিকালি বহুত ৰাতিলৈ পঢ়ে। পৰীক্ষা পাইছেহি যে।” এইখিনিতে জনাই থওঁ যে অলিহঁতৰ ঘৰ আমাৰ ঘৰৰপৰা মাত্ৰ দুই কিল’মিটাৰমান আঁতৰত। “জীকুদা” সেইবাৰ বি এ ফাইনেল ইয়েৰৰ পৰীক্ষাৰ্থী। মনতে ভাবিলোঁ – ৰাতি ৰাতি তাৰমানে এইবোৰকে পঢ়ে নে কি!

ৰাতিটো কিবাকৈ গ’ল। টোপনিৰপৰা মাজে মাজে সাৰ পাই পাই খামটো ৰখা ঠাইতে আছে নে নাই খেপিয়াই চালোঁ। “খেপিয়াই” বোলোঁতে বুজিছেই নিশ্চয় যে খামটো মই কেনেকুৱা “সুৰক্ষিত” ঠাইত ৰাখিছিলোঁ।

পুৱা ঠিক কৰিলোঁ ঘৰৰ পিছফালে কোনোবাখিনিত সৰুকৈ গাঁত এটা খান্দি পুতি পেলাম চিঠিখন। ভাবিলোঁ যদিও কামটো বৰ সহজসাধ্য নাছিল। গাঁত খান্দি থাকোঁতে যদি কোনোবাই দেখে! কি পুতিবলৈ গাঁত খান্দিছোঁ বুলি যদি সোধে! কেনেবাকৈ বাৰু পুতিলোঁ – মাটিৰ তলত যদি চিঠিখন পচি নাযায়! বৰষুণে যদি পুতি দিয়া মাটিখিনি উটুৱাই নি চিঠিখন উলিয়াই পেলায়! মুঠতে গাঁত খান্দি চিঠি পোতা কাৰবাৰটো বৰ এটা বিপদমুক্ত যেন নালাগিল। গতিকে বিকল্প হিচাপে উপায় এটা ভাবি উলিয়ালোঁ – চিঠিখন ফালি সৰু সৰু টুকুৰা কৰি ঘৰৰ পিছফালে থকা পুখুৰীটোত পেলাই দিম। সাধাৰণতে পুখুৰীৰ পিনে মূৰ নকৰা মোক পুখুৰীৰ পাৰত কোনোবাই দেখিলে কি ভাবিব পাৰে সেই কথাও মনলৈ নহাকৈ নাথাকিল। তথাপি সুযোগ বুজি ফালি পেলোৱা চিঠিৰ টুকুৰাবোৰ লৈ গৈ অলপ দূৰৰপৰা পুখুৰীলৈ দিলোঁ দলিয়াই। কপাল বেয়া থাকিলে আনহে নালাগে বতাহেও লগ নিদিয়ে। চিঠিৰ টুকুৰাবোৰ দলিয়াই দিওঁতেই পগলা বতাহ এজাক আহি গোটেইখন খেলিমেলি কৰি পেলালে। চিঠিৰ টুকুৰাবোৰ আধা পানীত আধা পাৰত যেনি-তেনি সিঁচৰতি হৈ পৰিল। বিশ্বাস কৰক মোৰ বুকুৰ ধপধপনিৰ শব্দই মোৰ নিজৰে কাণ তাল্ মাৰি ধৰা যেন লাগিল। পাৰত ছেদেলি- ভেদেলি হৈ পৰা চিঠিৰ টুকুৰাবোৰ মই কি পৰ্য্যায়ৰ ক্ষিপ্ৰতাৰে আৰু কি অৱস্থাৰে বুটলি গোটালোঁ ভাবিলে আজিও মোৰ নিজকে পিঠিত চপৰিয়াই বাঃ বাঃ দিবলৈ মন যায়। বুটলি উঠি দেখিলোঁ পুখুৰীত পৰা চিঠিৰ টুকুৰাবোৰ পানীত ওপঙি আছে। তাৰে এটা টুকুৰাত দেখিলো ৰঙা চিয়াঁহীৰে অঁকা “দিল”ৰ ছবি এটা; “দিল”টোৰ মাজতে টঁ টঁ কৈ জিলিকি আছে সেউজীয়া চিয়াঁহীৰে খোদিত কৰা ভয়ংকৰ শব্দটো – ‘অলকেশ’। হয়, জীকুদাৰ পোছাকী নাম ‘অলকেশ’। কি প্ৰাণপণ চেষ্টাৰে “অলকেশ”ক সেইদিনা পানীত জুবুৰিয়াই জুবুৰিয়াই নিঃশেষ কৰিলোঁ সেই কথা বৰ্ণনা কৰিবলৈ মই অপাৰগ। হে পাঠক, খেমিব।

অলপ সুস্থিৰ হৈ চিন্তা-চৰ্চা কৰি উপায় এটা পালোঁ। বুটলি অনা টুকুৰাবোৰ বাতৰি কাকত এখনেৰে টোপোলা পাতি জ্বলাই দিবলৈ ঠিক কৰিলোঁ। দিনতে জ্বলালে কোনোবাই দেখিব পাৰে বুলি ভাবি ৰাতি অলপ দেৰিলৈকে পঢ়িম বুলি কৈ ঘৰৰ মানুহবোৰ বিছনাত উঠাৰ পাছত জ্বলাবলৈ বুলি সাজু হ’লোঁ। মোৰ পঢ়া টেবুলখন যিখন খিৰিকীৰ কাষত আছিল সেইখন খুলিলোঁ। শব্দ নোহোৱাকৈ জুইশলাৰ বাহটোত কাঠিটোৰ খাৰখিনি ঘঁহাই দিলোঁ। বাওঁহাতেৰে চিঠিৰ টুকুৰাৰ টোপোলাটো এচুকত ধৰি অগ্নিসংযোগ কৰিলোঁ। ফিৰফিৰাই জ্বলি উঠা টোপোলাটো লাহেকৈ খিৰিকীৰ সিপাৰে দলি মাৰি দি স্বস্তিৰ দীঘলীয়া নিশ্বাস এটা এৰি পঠিয়ালোঁ– না ৰেহেগা বাঁচ না বাজেগা বাঁচুৰী……

“ঐ এই ৰাতিখন সেইটো কোনে কি জ্বলাইছ ঔ! শুকান পাতসোপা আছে কাষতে গোটেইখন জ্বলিব এতিয়া।” আমাৰ বাৰীতে লাগি থকা ঘৰৰপৰা বৰমাই চিঞৰি উঠিল। বিশ্বাস কৰক, মই থৰথৰকৈ কঁপি কঁপি হাতযোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ – হে প্ৰভু! শুকান পাতখিনি যেন দপদপাই জ্বলি উঠক আৰু মই সেই জুইত জাপ দিম। বৰমাৰ চিঞৰ শুনি দেউতাই তেওঁৰ ৰুমৰ খিৰিকী খুলি এইফালৰপৰা মাত লগালে –
“ক’ত কোনে কি জ্বলালে?”
মই চকুমুদি ভগৱানক প্ৰাৰ্থনা কৰি থকাৰপৰা কোনোমতে দুচকু মেলি বাহিৰলৈ চাই পঠিয়ালোঁ। ভাত্-ঘুমটিৰ জাল কাটি বিছনাৰপৰা উঠি আহি খিৰিকী খুলি দেউতাই বৰমাক সোধে মানে মোক ভগৱানে হাত পাতি ধৰিছিল। ইতিমধ্যে চিঠিৰ টোপোলাটো জ্বলি ছাই হৈছিল।

“ক’তা? ক’ত কি জ্বলা দেখিলা বৌ?” দেউতাই এইফালৰপৰা অলপকৈ চিঞৰি সুধিলে। বৰমাই সিফালৰপৰা বিমূঢ় ভঙ্গীমাৰে নিজকে কোৱাৰ দৰে ক’লে –
“জানো পায়! সেইখিনিতে কিবা এটা জ্বলি থকা যেন দেখিছিলোঁ। এতিয়া নাইচোন! “

“ধনগুলৈ দেখিলা হ’বপাই বুইছা বৌদি। যোৱা যদি যোৱা নহ’লে পিছে পিছে খেদি। নোযোৱা যদি শুই থাকা।” দেউতাই বৰমাক জোকাই জোকাই খিৰিকী বন্ধ কৰাত লাগিল। আৰু মই…..মই কি কৰিলোঁ ক’ব লাগিব জানো? শান্তি-শয়ন কাক বোলে মই সেইদিনাই বুজি উঠিলোঁ।

☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *