বিষাক্ত কথামৃত – পুণ্য শইকীয়া
বহুদিন মহাপুৰুষ হৈ পোৱা নাই। মই লাষ্ট কেতিয়া মহাপুৰুষ আছিলোঁ মানুহে চাগে পাহৰিলেই। মই নিজেও অনভ্যাসৰ ফলত মহাপুৰুষৰ কাজ-কৰ্ম বিলাক পাহৰাৰ নিচিনাই হ’ল। সেয়েহে ভাবিলোঁ- এই কথাই কথা নহয়, ঘণ্টাচেৰেকৰ বাবে হ’লেও মহাপুৰুষ ‘বনি’ পতিতসকলক উদ্ধাৰ কৰোঁ। মহাপুৰুষ হোৱাটো যেতিয়া খাটাং হ’লেই, পতিত-দলিত-নিৰ্য্যাতিত আৰু অজ্ঞান আন্ধাৰত ডুব গৈ থকাসকলক উদ্ধাৰ কৰাটো যেতিয়া ‘ফিক্সড’ হ’লেই , তেন্তে দেৰি কিহৰ? কিছু অমৃত বাণী বিতৰণ কৰোঁ নহয় জানো? অমৃত বাণীবোৰৰ দুই-এটা চেকেণ্ডহেণ্ড ওলাবও পাৰে, দুই এটা “বেওৱাৰিছ” ওলাব পাৰে বেয়া নাপাব।
১) হে ড্ৰাইভাৰসকল, প্ৰথমতে মনোযোগেৰে এক্সিডেন্ট কৰিবা তাৰপিছত বাটৰ কাষত লিখি থোৱা সেই সম্পৰ্কীয় জাননী বিলাক মনোযোগেৰে পঢ়ি চাবা।
(২) মানুহে কৰিব নোৱৰা কাম এই পৃথিৱীত নাই। যদিহে কামটো নিজে কৰিবলগীয়া নহয়।
(৩) তুমি সময়ানুৱৰ্তীতা মানি চলিব খোজা তেন্তে সদায় দুঘণ্টা পলমকৈ যাবা।
(৪) যুদ্ধই হ’ল শান্তি ৰক্ষাৰ একমাত্ৰ
উপায়।
(৫) সাধুতাই যে উত্তম পন্থা (Honesty is the best policy) সেই কথাষাৰ আখৰে আখৰে মানি চলাজন কেতিয়াও সাধু হ’ব নোৱাৰে।
(৬) পৃথিৱীৰ আটাইতকৈ অনুন্নত অঞ্চল কোনটো? টুপী, হেলমেট, পাগুৰি নতুবা জপৰা চুলিকোছাৰ তলতে এই পতিত ভূমি পৰি আছে।
(৭) তোমাক যদি পিছফালৰ পৰা কোনোবাই গোৰ মাৰি পঠিয়ায়, তেতিয়া বুজিব লাগিব তুমি সিজনতকৈ আগত আছিলা।
(৮) মোৰ মৃত্যুৰ সংবাদটো দেখাতেই অতিৰঞ্জিত।
(৯) মাইলৰ খুঁটাবোৰ বৰ অসামাজিক বস্তু। সিহঁতৰ দুটা একেলগে একেঠাইতে থাকিবই নোৱাৰে।
(১০) চিৰিয়াখানা কাক কয়? মানুহৰ হাতৰ পৰা জীৱ-জন্তুবিলাকক ৰক্ষা কৰিবলৈ বেৰি-কুৰি লোৱা ঠাইডোখৰকে চিৰিয়াখানা বোলে।
(১১) হেৰা লোকপিয়ল কৰা মানুহ, তুমি মানুহৰ ঘৰে ঘৰে সোমাই জনসংখ্যা বঢ়াই ফুৰা কিয়? তোমালোকৰ নিচিনা মানুহৰ কাৰণে আজি পৃথিৱীজুৰি জনস্ফীতি সমস্যা।
(১২) পৰিলে নিজৰ প্ৰেমত পৰিবা।তেতিয়া চিন্তা নাই, কোনো প্ৰতিদ্বন্দীৰ মুখামুখি হ’ব লগা নহ’ব তুমি।
(১৩) মস্তিষ্ক বস্তুটো মানৱ দেহৰ এনে এটা অংগ, যিটো পুৱা শুই উঠাৰ লগে লগে সক্ৰিয় হয় আৰু দপ্তৰৰ কাৰ্য্যলয় পোৱা পৰ্যন্ত সক্ৰিয়ই হৈ থাকে।
(১৪) প্ৰশ্নঃ তুমি দহটা টকাৰ কাৰণেই মানুহ এজনক মাৰি পেলালা কিয়?
উত্তৰঃ এটোপ-দুটোপ পানীৰেইতো এখন সাগৰ হয়। দহজন মানুহ মাৰিলেহে মোৰ এশ টকা হ’বগৈ।
(১৫) বিজ্ঞাপনঃ মোক এগৰাকী পত্নী লাগে।
বিজ্ঞাপন প্ৰকাশ হোৱাৰ পাছত সহস্ৰ চিঠি আহিল। সকলোৱে নিজৰ পত্নীগৰাকীকে দিবলৈ হেতা-ওপৰা লগালে।
(১৬) তুমি যদি মোৰ স্বামী হ’লাহেঁতেন, তেন্তে মদৰ পৰিবৰ্তে মই বিষৰ পাত্ৰ হাতত তুলি দিলোঁহেঁতেন। তুমি যদি মোৰ পত্নী হ’লাহেঁতেন তেন্তে সেই বিষ মই হেলাৰঙে পান কৰিলোহেঁতেন।
(১৭) ডাক্তৰ, মোৰ হাত দুখনৰ নাৰ্ভ দুৰ্বল হৈছে নেকি? আজিকালি ডিঙি চেপি মানুহ মাৰিবলৈ বৰ অসুবিধা হয়।
☆★☆★☆
2:23 pm
২,৭,১০ আৰু ১২ ই নতুনকৈ কিছু চিন্তাৰ খোৰাক জোগাব। লেখাটো ব্যতিক্ৰমী। পঢ়ি ভাল লাগিল।
8:58 am
সুন্দৰ ব্যংগ, খুব ভাল লাগিল চাৰ
9:48 am
লেখাটোৰ বাবে নম্বৰ দিলোঁ ১ৰ পিছত ১০০টা শুন্য ।
10:17 am
আপোনাৰ অমৃতবানী পঢ়ি যথেষ্ট ভাল লাগিল । উপযুক্ত ব্যঙ্গ ৰচনা ।
10:53 am
কেইটামান অতি বাস্তৱ। ভাল লাগিল ছাৰ ।
11:03 am
বিষাক্ত অমৃত! এন য়ুনিক ৰেচিপি ইটচেল্ফ৷ ভাল লাগিল৷
1:20 pm
১০ নম্বৰটো ১০ দিলো৷ ভাল লাগিল চাৰ
4:36 pm
সুন্দৰ ব্যঙ্গ।আটাইবোৰ ভাল লাগিল।
2:16 pm
ভাল লাগিল