ফটাঢোল

কৌতুক – ইফতিকাৰ হুছেইন

কলেজৰ পৰা দক্ষিণ ভাৰতলৈ গৈছিলোঁ। শিক্ষামূলক ভ্ৰমণ। মাদ্ৰাজৰ সাগৰৰ পাৰত শামুকৰ কিবাকিবি কিনিলোঁ। শামুকৰ মালাও কিনিলোঁ। মাদ্ৰাজৰ পৰা অহাৰ পিছত কোনোবা এটা ষ্টেচনত বহুত সময় ৰ’ব লগীয়া হৈছিল। ষ্টেচনৰ কাষৰ দোকানবোৰত পিটপিটাই ফুৰিলোঁ। পিন্ধনত মোৰ হাফপেণ্ট আৰু স্পৰটিং। মূৰত হেট। ডিঙিত শামুকৰ মালা। কলীয়া শৰীৰতো নিজকে চাহাব যেন লাগিল। লগৰ এজনক ক’লোঁ –

”ইয়াৰ মানুহে মোক বোধহয় ফৰেইনাৰ বুলি ভাবিছে ‌!”

সি উত্তৰ দিলে –

” ভাবিছে ভাবিছে। তই শ্ৰীলংকাৰ পৰা আহিছ বুলি ভাবিছে।”

কি ক’লি? ৰহ তোক।

সি দৌৰি পলাইছে! পিছে পিছে মই ….

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *