ফটাঢোল

এক্সেপচনেল – পৰিস্মিতা বৰদলৈ

ৰাতিপুৱাতে নিউজপেপাৰখন হাতত লৈ চাহকাপত চুমুক দিছো মাত্ৰ৷ তেনেতে গেটখনৰ কৰ্কশ শব্দটোৱে মোৰ মনোযোগত যতি পেলালে৷ মূৰ তুলি চাই দেখোঁ আমাৰ হেৰম্ব দাৰ ল’ৰা ডেভিদ৷ এইটো ল’ৰাৰ নামটো সদায়েই মনত থাকে মোৰ বেলেগবোৰৰ নাথাকিলেও৷ হেৰম্ব দাই বৌৰ গাত লেঠা হ’বৰে দিনাখনৰেপৰাই এক্সেপচনেল নাম বিচাৰি কম হাবাথুৰি খালেনে বাৰু? সন্তান ল’ৰা হ’লে কি কি নাম দিব বা ছোৱালী হ’লে একা? তাকে লৈ নাম চিলেক্ট কৰোঁতে কৰোঁতে এখন মহাকাব্য লিখিব পৰা হ’লগৈ৷ ইংৰাজী, হিন্দীকে আদি কৰি কোৰিয়ান,স্পেনিছ যিকোনো ভাষাৰে হিৰো হিৰোইনৰো নামো বিচাৰৰ পৰা হাত সাৰি নগ’ল৷ এতিয়া অতবোৰ নামৰ মাজৰ পৰা চালনীৰে চালি উলিওৱাদি এইটো নাম যেনিবা পচন্দ হ’ল৷ “ডেভিদ” নামটো ধুনীয়াই৷ আগেপিছে কিন্তু শ্ৰী বা শ্ৰীমান লিখিব নোৱাৰিব৷ তদুপৰি উপাধিও লগাব নোৱাৰিব, এয়া হেৰম্ব দাদাৰে মুখৰ কথা৷ কিয়নো তেনে কৰিলে নামটো কমন হৈ যাব৷

সেইটো ডেভিদৰেই আজি ব্ৰহ্মপুৱাতে মোৰ ঘৰত পদাৰ্পণ৷ মোৰ তাক দেখি অলপ অলপ ভয়ো লাগিল৷ তাৰ বাপেকেই তাৰ নাম বিচৰাৰ নামত মোৰ যিখনহে নাকনিকাননি কৰি থৈছে, কেনেকৈনো পাহৰো বাৰু? মই সেইসময়ত পুথিভঁৰালিৰ কামটো কৰি আছিলো গুণে হেৰম্ব দায়ে মোৰ মূৰতে নাৰিকলটো ভাঙি যিমান কিতাপ, অভিধান আছিল সোপাৰে পাত লুটিওৱালে৷ আজি সেই হেৰম্ব দাৰে ল’ৰাক দেখা পাই সেয়ে মোৰ পেটতে হাত-ভৰি লুকাইছে৷ একে বাপেকৰ পুতেকহে! কি সকামত বা আহিছে এতিয়া?

“বৰতা, ভালনে?”

“অঁ বোপা ভালেই দিয়া৷ ইমান পুৱাই পুৱাই আজি বাবাটোৰ আমাৰ ঘৰলৈ যে আগমন! কথা কি?”

“বৰতা মোক দেউতাই পঠিয়াইছে আপোনাৰ ওচৰলৈ।”

মই মনতেহে বোলোঁ তোমাৰ পিতাৰাইতো মোৰ বুঢ়া বয়সৰ বাকী থকা ঘিঁউকণ গলাবলৈকে তোমাক যে পঠিয়াইছে মোৰ জনা আছে৷ কিন্তু তাকে নেদেখুৱাই লেৰেলা সাদৰেৰে সুধিলো, “এঃ হয়নে বোপা? পাচে কি সকামতনো পঠিয়াইছে একা?”

“উম বৰতা আপুনিতো জানেই আমাৰ দেউতা সকলো কথাতেই এক্সেপচনেল?”

মই বাকী ৰোৱা চাহখিনিত সোহা মাৰিছিলোহে মাত্ৰ৷ তাৰ মাতত চৰ্চৰণি খাই সোপাকে বাহিৰ ওলাল আৰু মোৰ বগা চাৰ্টটোত চাহৰ ফুটফুটীয়া নক্সা এখনৰ সৃষ্টি হ’ল৷”

“ইয়ে বৰ্তা কি হ’ল আপোনাৰ? মানুহৰ চাহ খালেওনো চৰ্চৰণিয়ে ধৰেনে?”

“নাই নাই বোপা এয়া মোৰ এক্সেপচনেল চৰ্চৰণি।”
সি মোৰ কথাত ৰস পাই হোহোৱাই হাঁহিবলৈ ধৰিলে৷ আৰু তাৰ পাছত বহি থকা চকীখন আৰু অলপ ওচৰলৈ টানি মোক তাৰ বাপেকৰ এক্সেপচনেল কথাটো ক’বলৈ সাজু হ’ল৷ ময়ো ইষ্ট দেৱতাৰ নাম লৈ তাৰ কথাটো শুনিবলৈ বুলি সাজু হ’লোঁ৷

“মানে বৰদেউতা শুনক, আমাৰ দেউতাই ভাবিছে এখন নিউজ পেপাৰ উলিয়াব বুলি৷ কিয়নো আজিকালি লেখাৰ সংখ্যা বা লেখক লেখিকাৰ সংখ্যা ইমানেই বেছি কিন্তু তাৰ তুলনাত বাতৰিকাকত বা আলোচনীৰ সংখ্যাচোন নিচেই তাকৰ৷ নহয় জানো?”

মই পটকৈ মোক উদ্দেশ্যি কৰা শেষৰ প্ৰশ্নটোত কি ক’ম পাঙি থাকোতেই সি পুনৰ মুখ মেলিলে৷

“সেয়েহে ভাবিছো বৰদেউতা, দেউতাই আৰু মই বাতৰিকাকত এখনকে উলিয়াওঁ।”

“বৰ ভাল কথা ভাবিছা বোপা৷ পিচে, মইনো তাত কি কৰিব লাগিব? তোমালোকে নিউজপেপাৰ উলিয়াবা৷ তাকো এক্সেপচনেল! মই তাতে কিডাল কৰিম?”

“এঃ বৰতা আপুনি কথাটো বুজা নাই? আপোনাক জানো প্ৰথমেই কোৱা নাছিলো যে নিউজপেপাৰখন এক্সেপচনেল হ’ব লাগিব?”

“অঁ কৈছিলা৷ তাতে?”

এইবাৰ সি মোক মোৰ কথা সম্পূৰ্ণ কৰিবলৈ নিদিয়াকৈয়ে কৈ গ’ল যে তাৰ দেউতাকে কেইটামান কথা ভাবিছে৷ সেইবাবেই তেওঁৰ পৰামৰ্শ তথা হা না বিচাৰি আহিছে, যিহেতু মই তেখেতৰ ভাল বন্ধু৷

মই মোৰ এক্সেপচনেল বন্ধুৰ মোৰ ওপৰত থকা এক্সেপচনেল আস্থাৰ প্ৰতি গদগদ হৈ এইবাৰ বন্ধুপুত্ৰৰ মুখলৈ বাকীখিনি শুনাৰ আশাৰে চালোঁ৷ সিও মোক নিৰাশ নকৰি কৈ গ’ল-

“মানে বৰতা, দেউতাই ভাবিছে আমাৰ বাতৰিকাকতত আনবোৰ বাতৰিকাকতৰ হেডলাইনৰ দৰে সাম্প্ৰতিক সমস্যাসমূহ যেনে বানপানীকে আদি কৰি ৰাজনীতি এইবিলাক নাথাকক৷ তাৰ পৰিৱৰ্তে মছলাযুক্ত যিবোৰে পাঠকক নতুন সোৱাদ দিব তেনে খবৰ থাকক প্ৰথম পৃষ্ঠাতে৷ যাতে পুৱাৰ চাহকাপ খাই বাতৰিকাকতখন মেলি ল’লে বেলেগ বিস্কুট আদিৰ যাতে প্ৰয়োজন নহওক৷ খবৰবোৰতেই যাতে সোৱাদ থাকে৷ দেউতাই তাৰবাবে ভাবিও থৈছে৷ যেনে ধৰক, আমাৰ চেলিব্ৰিটি সকলে কিমান বয়সৰ মানুহৰ লগত বিয়া পাতিছে৷ বিয়াৰ পাছত হনিমুনৰ প্লেন কি অথবা প্ৰথম এনিভাৰছেৰীত কোনে কাক কি গিফ্ট দিলে এইবোৰ আৰু৷ তদুপৰি দেউতাই ভাবিছে নিউজপেপাৰখনৰ দুটা পেজ অকল এডভাৰ্টাইজমেণ্টৰ বাবে ফিক্সদ থকাটো। ধৰা হওঁক এতিয়া সমাগত পূজাৰ সময়ত কোনখন বিপনীত কি অফাৰ আছে৷ কোনখন পাৰ্লাৰত পেডিকিউৰৰ লগত মেনিকিউৰ ফ্ৰী৷ হেয়াৰ কালাৰিঙৰ লগত ফেচ মাছাজ ফ্ৰী ইত্যাদি ইত্যাদি৷ এইবিলাকৰ উপৰিও আমাৰ কাকতখনত দেউতাই ভাবিছে এটা পৃষ্ঠা অকল কবিতাৰ বাবেই থকাটো যিবোৰ কবিতা নেকি কোনোৱেই বুজিও নাপায় কিম্বা কোনেও প্ৰকাশ কৰিবলৈ সাহস নকৰে৷ এনে এক দুঃসাহসিক কাম কৰিবলৈও দেউতাই সাহস কৰিছে৷”

ইমানলৈকে কৈ সি টেবুলৰ পৰা গিলাচটো তুলি পানী এঢোক খাই ল’লে৷ শেষৰ কথাখিনি কওঁতে তাৰ পিতৃভক্তিত চকুপানী সৰোঁ সৰোঁ আৰু৷ এইফালে মই ভাবি আছোঁ, “বেটা তোৰ দেউতাৰে দুঃসাহসৰ পৰিচয় দি যি কবিতা ছপাব সেয়া পঢ়িবলৈওতো কম সাহসৰ প্ৰয়োজন নহ’ব! মানে পাঠকো হ’ব লাগিব দুঃসাহসিক কিম্বা এক্সেপচনেল”।

ইমানৰ পাছত মই কিবা এষাৰ ক’বলৈ লওঁতেই সি আকৌ ক’বলৈ ধৰিলে-

“বৰতা ইমানখিনিলৈকে কেনে লাগিছে আইডিয়াটো?”

“এক্কেবাৰে ফেণ্টাচটিক।”

“সেয়া দেউতাই ভাবিছিলেই আপুনি ভাল পাব বুলি। পিচে আচল কথাটো কোৱাই নাই নহয়। ”

মোৰ বুকুখন ধমকৈ মাৰিলে বোলো “হে’ প্ৰভু পূজাই অহা নাই৷ দেৱালেৰ ধামাকা দিবলৈ তুমি মোকহে বাছি ল’লানে এই ব্ৰহ্মপুৱাতেই?” তথাপি মুখত জোৰকৈ হাঁহি এটা উলিয়াই ক’লো “কোৱাচোন শুনো বোপা কিনো আচল কথাটো?”

সি মোৰ কথাত দুগুণ উৎসাহিত হৈ ক’বলৈ ধৰিলে, “মানে বৰতা আমাৰ নিউজপেপাৰখন সকলোতেই এক্সেপচনেল যেতিয়া নামটোতনো কিয় ত্ৰুটি ৰাখোঁ, সেয়েহে ভাবিছোঁ নামটো! দেউতাই কৈছেই আপুনি মোৰ নামটো দিয়াৰ ক্ষেত্ৰত কেনেকৈ তলৰ মাটি ওপৰ কৰি দেউতাক সহায় কৰিছিল৷ এতিয়া নিউজ পেপাৰখনৰ নামটো ৰখাৰ দায়িত্ব আপোনাৰ৷ সেয়েহে মোক ইমান লৰালৰিকৈ দেউতাই আপোনাৰ ওচৰলৈ পঠিয়াইছে৷”

তাৰ কথা শুনি মোৰ কলখোৱা ধাতু বাজ হওঁ হওঁ৷ লাগিল আকৌ মোৰ ডিঙিত আৰু এটা লেঠা৷ তথাপি তাক নিৰাশ নকৰি মই ভাবি গুণি জনাম বুলি তাক বিদায় দিলোঁ৷

সি যোৱাৰ পাছত পৰিবাৰক উদ্দেশ্যি ক’লো, “হে’ৰা মোলৈ এক্সেপচনেল চাহ একাপ আনাচোন।” পৰিবাৰো জানো কম৷ মোলৈ আদাৰ লগতে নহৰু, পিয়াঁজ, কেঁচা জলকীয়াৰে পেষ্ট বনাই একাপ এক্সেপচনেল চাহ মোক আনি দিলেহি৷ মই তাৰে এক সোহা মাৰিয়েই কৈ উঠিলো, “এক্সেপচনেল! একদম ফাটাফাটি”৷

মোৰ নাকে কাণে এক্সেপচনেল জ্বলা চাহ খাই আপোনা আপুনি ওলাই গ’ল, “ইউৰেকা ইউৰেকা! এক্সেপচনেল নিউজপেপাৰখনৰ নাম হ’ব ‘ফাটাফাটি’৷”

মোৰ পৰিবাৰে মোৰ কাণ্ড দেখি যিটোহে হাঁহি মাৰিলে অ’৷ সঁচাকৈ মই ভাবিলোঁ এই হাঁহিটোও এক্সেপচনেল দেখোন একেবাৰে!

☆★☆★☆

8 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *