সম্পাদকলৈ চিঠি – নীলাঞ্জনা মহন্ত
মৰমৰ সমপাদক ডাঙ্গৰীয়া, ফটা ঢোল
অলপ বয়স হৈছে সেয়ে যুক্তাক্ষৰবোৰত অলপ হিকটিয়াও মাজে মাজে, খেমিব আৰু৷ লিখিলোঁ এইবাবেই যে হোৱাই নোহোৱাই হঠাৎ অনেকেই আজি মোৰ নাম লোৱাত মোৰ খুব হিকটি আৰু চৰচৰণি আহিছে৷ ততেই পোৱা নাই৷ ৰাইজলৈ গোহাৰি মোক সঁচাই গুৰুত্ব দি অনুগ্ৰহ কৰি কিবা ভাল কাম একোটা এই ধৰক গছপুলি এডালি ৰোৱা বা দৰিদ্ৰক এসাঁজ আন্তৰিকতাৰে খুওৱা ধৰণৰ কিবা কৰিছে যদি হ’ব বাৰু৷ পিচে হেৰৌ, তাকে নকৰি হকে বিহকে তিনিবৰণীয়া কাপোৰ পিন্ধি বা প্ৰফাইল বদলাই বা চেলফি এপাত শেলৰ দৰে মাৰিনো মোৰ বুঢ়াকালত চৰচৰণি খোৱাই কি ৰং চাইছে হোঁ? কোনোবাই আকৌ মোৰ নামত কবিখেতি কৰি টেগাইছে এগালমানক আকৌ কিছুমানৰ মনত পৰিল মোৰ নাম থকা কিবা পুৰণা গানলৈ৷ ভৈয়াই ঐ খুচৰি খুচৰি ইউটিউবৰ লিঙ্ক দি আকৌ হেপী স্বাধীনতা দিবস দি ফুৰিছে কিছুমানে৷ তেতিয়া কি হ’ব? মোৰ মধুমেহ কমিবনে ৰক্তচাপ কমিব নে মাজে মাজে উক দিয়া বাতবিষবোৰ কমিব? গোটেই বছৰটোত কেতিয়াবা চৰ্দি লাগি নাকে কাণে বানপানী হৈ থাকে সাহায্য অকন নাই ঐ! কিন্তু পোন্ধৰ আগষ্টডাল আহিল হৈ গ’ল এদিনৰ বাবে কি চাবা গোটেইমখাই এই বুঢ়ীক লৈ গান নাচ কৰি তত নেপায়৷ অথচ বুঢ়ীৰ বয়সৰ চাপ পৰি গাল শোটোৰা-শোটোৰ৷ চকুৰেও ভালকৈ নমনে৷ হওঁতে বহুত বেছি বয়স হোৱা নাই অমুকীৰ৷ সিপিনে সেই আমেৰিকাত মোৰে কলেজৰ চিনিয়ৰ আছিল তাইৰ জন্ম চাৰি জুলাইত কিন্তু বাআআ কি জীয়ৰীজনী হৈ আছে! নহ’বনো কিয়? তাইৰ আপদাল তাইহঁতৰ দেশত গোটেই বছৰ জুৰি চলে আৰু তাইৰ জন্মদিনৰ দিনা ৰাতি এঘণটামান আতচবাজী চলে! হওঁতে তাইৰ জন্মদিনৰ দিনাও কেক কাটে কিন্তু ক’ব খুজিছোঁ গোটেই বছৰজুৰি তাইৰ যে আপদাল কৰে সেই কথাটোহে৷ ভিটামিনৰ যোগান, বছৰজোৰা সাৰপানী, ইত্যাদি কিহৰ আকাল ঐ! ….মোৰ জন্মদিনৰ দিনা আকৌ এচামে ঠেহ পাতি ৰাস্তাও বন্ধ দিয়ে৷ কেতিয়াবা গোটেই ৰাজ্যখনেই বন্ধ কৰে এইহে চাবলৈ মোক জন্ম দিলা প্ৰভূ হৰি হৰি! কেতিয়াবা ভাবোঁ মই পৃথিৱীলৈ নহা হ’লেই বাৰু ভাল আছিল নেকি অ’ সমপাদক (সম্পাদক শব্দটো মোৰ জিভাত নুফুটা হৈছে, বয়সৰ দোষ) ডাঙৰীয়া৷ ভালেই পায় দেখোঁ ল’ৰা ছোৱালীৰ পৰা ভো ভো পণ্ডিত অনেক ৰাইজে আমাৰ ইয়াত ইংৰাজীতহে কথাও পাতে, বিলাতী সাজ-পোছাকহে পিন্ধে, পানীকণো পাৰিলে বিলাতীয়েই খায়৷ মই বোলো জনমিলোঁ নামতহে! মোৰ ভাৱ হয় মই অহাৰ কাৰণে অশান্তিহে হ’ল নেকি বাৰু? নামতহে মই৷ মোৰ জানো কিবা কাম আছে? ইংৰাজৰ ৰাজ চলিয়েই আছে এই বুঢ়ীৰ গাৱঁলীয়া ভাষাকণ বা সংস্কৃতিৰ আজি তেনে একো মূল্য নাই ঔ৷ বহুত বকিলোঁ, বহুতে বিশ্বদৰবাৰৰ অলীক সপোন দেখুৱালে আৰু দেখিলোঁও, আৰু ক’লে কথা ওলাই গৈ থাকিব৷ চৰচৰণিটো বাৰুকৈয়ে হৈছে এতিয়া৷ অৰ্থাৎ মোৰ নামত এইবাৰ ঠায়ে ঠায়ে পতাকা উৰুৱাইছে হ’বলা! পতাকাখন আকৌ কেতিয়াবা ওলোটাকৈ উৰাই পায় কিছুমানে৷ তেতিয়া কিন্তু বুকুত বিষ এটাৰে কাহ এটাও ধৰেহে! বাৰু এদিনৰ বাবে হ’লেও হ’ব আৰু কিনো কৰিম উপায়ো নাই৷ পানী অকন খাই বিছনাত পৰোঁগৈ৷ কুম্ভকৰ্ণৰ কাহিনীটো জনাই জানেই নহয়! কাইলৈৰ পৰা আকৌ সপোন ৰচি থাকিম৷
ইতি,
ধন্যবাদেৰে,
চিৰিমতি ফটা স্বাধীনতা দেৱী৷
☆★☆★☆
8:08 pm
হা হা হা, আকৌ পঢ়িলো। সুন্দৰ
8:53 pm
ভাল লাগিল পঢ়ি।
5:20 pm
ভাল লাগিল