ফটাঢোল

বৃহন্নলা – বিতোপন গৌৰাত্ৰ

” অ’ অ’ অ’ লা লা লা…
অ’ অ’ অ’ লা লা লা লা..
আলি ঢাকি পৰ শালিকী /
অগা দেৱা কৰ শালিকী…”

তাৰ এই জন্মজাত স্বভাৱটো, মানে ‘মাইকী মুৱা’ কাৰবাৰটো কেৱল গান মাত্ৰতে আৱদ্ধ নহয়।থকা খোৱা, পিন্ধা উৰা, খোজ কাটল সকলোতে..!কাৰোবাৰ বাবে ই ৰং ৰহইচৰ কাৰণ ৷ আৰু আপোন মাকজনীৰ বাবে..? এৰাব নোৱাৰা তিক্ততা! বাৰিষাৰ সেমেকা কৃষ্ণ বৰণৰ পিছল চোতালখনতে থকা কাপোৰ মেলা ৰছিডালত চাৰ্টটো ওলমাই সি মাকক চিঞৰিলে।

“মা অ’মা.. “

একমাত্ৰ সন্তান দীপকৰ মাত শুনি মাক প্ৰতিভা ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল।

“আহিলি বোপাই, ব’ল, ভাত কেইটা খাই ল।”

গৰম বন্ধৰ দিনকেইটাত দীপকৰ একেবাৰে আজৰি নাই। টিউচন টিউচন আৰু টিউচন। অঞ্চলটোৰ ভিতৰত অংক আৰু বিজ্ঞান বিষয়ত তাৰ সমান দক্ষ টিউচন মাষ্টৰ নাই বুলিয়েই ক’ব পাৰি। সাতাইশ-আঠাইশক বয়সে গৰকা বুলিব নোৱাৰি যদিও তাক সেই অঞ্চলত ‘ছাৰ’ বুলি কোৱা ল’ৰা ছোৱালী,আনকি মানুহো ঢেৰ। আজি মাহৰ মূৰত পোৱা টকা কেইটাই তাক অলপ উল্লাস প্ৰদান নকৰা নহয় ।সেইবাবেই চাগৈ গুণগুণকৈ গানৰ কলি তাৰ মূখত। লেখি লেখি টকা সাতাইশ সি মাকৰ হাতত গুজি দিলে আৰু ক’লে,
-“তুমি ভাত খালা জানোঁ? ইচ, অ’ চা দুপৰীয়া দুই বাজিবৰ হ’ল! কিয় মোলৈ ৰৈ থাকিব লাগে বাৰু”?

“যা ভৰি হাত ধুই ল।”

একমাত্ৰ ল’ৰা দীপকৰ অবিহনে প্ৰতিভাৰ কোনো নাই, দেৰি হওক বা সোনকালেই হওক সি নোহোৱাকৈ চোন ভাত গাল তাইৰ পেটত নোসোমাওঁ যেন কৰে..! চাবলৈ গ’লে মাক পুতেকৰ বয়সৰো ইমান তফাৎ নাই বুলিবই পাৰি, কাৰণ চৈধ্য বছৰ বয়সতে বিয়াত বহিছিল,তাৰ পিছৰ বছৰতেই দীপকে প্ৰতিভাৰ কোলা শুৱনি কৰিলে আৰু তাৰ ছয় বছৰৰ পিছত দীপকৰ দেউতাক বেমাৰত পৰিল আৰু মৰিল..! পিছে চল্লিশ উৰ্দ্ধৰ তাইৰ এই জীৱনটোত দীপকক তিলতিলকৈ গঢ় দিয়াৰে পৰা অন্যান্য বিষয়লৈকে জ্বালা-যন্ত্ৰণাৰ যি খতিয়ান সেয়া তাইৰ বাদে আনে কি বুজিব?

“অ’ প্ৰতিভা আছনে ? অ দীপক, ৰাইজ আহিছে অ’।”

বাহিৰত আলহীৰ মাত শুনি প্ৰতিভা আৰু দীপক প্ৰায় একেলগেই ওলাই আহিল।
(দুপৰীয়া ভাত খাই উঠি সিহঁত অলপ বিচনাত বাগৰ দিছিলহে মাথো)

গাঁৱত আকৌ সামাজিক কাম বুলি দুই কি তিনিজন মান মানুহ গোট খালেই হৈ যায় এখন ‘ৰাইজ’!

”আহক আহক। বাৰাণ্ডালৈকে আহক।”

ঢাৰি, পিৰাত সকলো বহিল।

“সৰু সুৰা এটা হুঁচৰিয়েই আৰু, নে কি কৱ দীপক?”

কৰঙণত চাপৰ দুটা মাৰি থোলোক বায়নে হাঁহি হাঁহি প্ৰতিভালৈ চাই কথাকেইটাৰে অহাৰ উদ্দেশ্যৰ বাটচ’ৰাটো তৈয়াৰ কৰি ল’লে।

“এৰা, বহকচোন বাৰু, মই তামোলৰ বঁটাটো আনো।”

“এতিয়া কথা হ’ল ভাওনা পাতিছোঁ।”

বাখৰৰ চিধাচিধি কথা। অৱশ্য ওস্তাদি মৰা স্বভাৱটো এই লিংপিঙিয়া ক’লাম’লা মানুহটোৰ অলপ বেছি। পৰিবেশ পৰিস্থিতিৰ আলজাল চোৱা কাৰবাৰটো নাজানেই। সেইবাবেই অঞ্চলটোৰ প্ৰায়বোৰ ৰাজহুৱা অনুস্থানত সি ঢোলৰ লগত টেমেকা।

“পাতিছে বুলি শুনিছো”। দীপকে মাত লগালে।

‘পাতিছো মানে, বৃহৎ কাৰবাৰ অ’ দীপক। এইবাৰ গাঁও ভিত্তিক নহয়.. গোটেই অঞ্চলটো জুৰি। অখণ্ড ভাগৱত পাঠ সামৰি শেষৰ দিনা ভাওনা ভাগ কৰা হ’ব।”

কাণ সমনীয়া নহলেও তই মইকৈ কথা পাতিব পৰা ৰমেনে আদ্যোপান্ত বিবৰি ক’লে। তেনেতে তামোলৰ বঁটাটো লৈ প্ৰতিভা ওলাই আহিল আৰু ক’লে-

“ৰাইজখন মিলি ভাওনা পাতিছে, ভাল কথা। পিছে আমাৰ দীপকে বচন ল’ব নোৱাৰে, তাৰ সময় নাই”।

দীপকক অঞ্চলটোত ‘মাইকী বচন’ৰ বিশাৰদ বুলিয়েই সকলোৱে জানে। সীতা, দ্ৰৌপদী, ৰাণী, কুঁৱৰীৰ ভাৱত সি ‘ অৰিজিনেল নে ডুপ্লিকেট ‘ ধৰিবলৈকে টান। দীপকে ক্লাছ নাইনৰ পৰাই যিমান মাইকীৰ বচন ল’লে সেই সকলোবোৰ বচন’ৰ দীঘলীয়া কাগজৰ টুকুৰাবোৰ আজিও সি সযতনে বৰঘৰৰ এটা খুঁটাত গজাল মাৰি ওলোমাই থৈ দিছে।এই বচনৰ দীঘলীয়া কাগজৰ টুকুৰা বোৰ যদি যুটি লগোৱা হয় তেন্তে ডেৰ কিলোমিটাৰতকৈ বেছি হলেও কম নহয়। মাকৰ প্ৰথমতে এই মাইকীৰ বচন লোৱাৰ ক্ষেত্ৰত ওজৰ আপত্তি একো নাছিল। পিছে ভাওনাৰ শেষত কেইবাদিনলৈকে দীপক নামটোৰ ঠাইত সেই বচন লোৱা চৰিত্ৰৰ নামত যেতিয়া গাঁৱৰ মানুহে তাক মাতবোল কৰিবলৈ লয় বা ইতিকিং কৰে, এই কথাবোৰ প্ৰতিভাৰ মুঠেই সহ্য নহয়। হ’বনো কেনেকৈ? গোট ডেকা লৰা এটাক যদি -‘ অ’দ্ৰৌপদী’ নাইবা ‘ঔ মেনকা’ বুলি সম্বোধন কৰে মাক জনী হৈ প্ৰতিভাৰ দেহা জ্বলাটো নিতান্তই স্বাভাৱিক কথা। বিশেষকৈ দীপকৰ ‘মাইকী মুৱা’ গতিগোত্ৰ বোৰ সি সৰুহৈ থকাৰ পৰাই মাকে আৱিস্কাৰ কৰিছিল আৰু যাকলৈ প্ৰতিভাই সাংঘাটিক মানসিক অশান্তিত আজিও ভোগে।

এনেতে থোলোক বায়নে মাত লগালে,
-“এটা কথা কওঁ প্ৰতিভা, তেল মাৰিছোঁ বুলি নধৰিবি আকৌ। বৰবায়ন কৱাইদেউ আৰু মই একেলগে কাম কৰা মানুহ। কিমান ভাওনা গালোঁ তাৰ হিচাপ নাই। কৱাইদেউ মানুহটোৱে কেৱল তোকে এৰি থৈ যোৱা নাই অ’, মোকো এৰি থৈ গ’ ল।”

মলিয়ন গামোচা খনেৰে চকুকেইটা মচি পুনৰ ক’লে
-“তোৰ আইনা মটন চেহেৰাটো দেখি কৱাইদেউ কেনেকৈ ব্যাকুল হৈ পৰিছিল আৰু ৰাতিখন পলুৱাই আনোঁতে মই আগে আগে কেনেকৈ তিনিবেটেৰীৰ তৰ্চটো মাৰি দেখুৱাই আনিছিলোঁ সেইয়া চাগৈ তই পাহৰা নাই… “

বৰ বায়নৰ মহাপ্ৰয়াণৰ শেষত থোলোক বায়নৰ অঞ্চলটোত বিশেষ প্ৰতিপত্তি, বিশেষকৈ নামঘৰকেন্দ্ৰিক প্ৰসংগবোৰত ।অৱশ্যে থোলোক বায়নক আৰু লাগিছে কি…! কাৰণ গাঁৱৰ নামঘৰ বুলিলেই ভকতি মিনতি, ওজৰ আপত্তি, কেচ মোকৰ্দমা সকলো! পিছে ৰাইজখনৰ অধিকাংশই এইটোও জানে যে থোলাক মানুহটো অলপ সোলোক ঢোলোক, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত।কিন্তু হলেও কোনো কথা নাই কাৰণ গাওঁবুঢ়াকে ধৰি মুখিয়ালসকলৰ মাজত তেওঁৰ স্থান।
ৰাইজখনৰ আগত বিশেষকৈ ডেকা পুতেকটোৰ সমুখতে তাহানিৰ তেনেবোৰ কথা আওৰাই দিয়া থোলোকৰ কাৰবাৰটোত সকলোৱে ৰগৰ পালেও প্ৰতিভা কিছু ‘নাৰ্ভাচ’ হ’ ল। বাখৰে আগবঢ়াই দিয়া তামোলৰ বঁটাটোৰ পৰা চকলীয়াই থোৱা গুৱা ভাগ মুখত ভৰাই নেলীয়া কটাৰী খনেৰে মজিয়াত আঁক এদাল মাৰি থোলোকে গহীনাই আকৌ আৰম্ভ কৰিলে,

“চা প্ৰতিভা, তোৰ গাত থকা সমস্ত প্ৰতিভা পুতেৰৰ গালৈ বাগৰি আহিল।”

“মোৰ আকৌ কিহৰ প্ৰতিভাডাল দেখিলে? হয় পায়!”

“এস, নহলে নো দীপক তেনেকুৱা হ’ব পাৰে নে? চা, আজি তাৰ যোগেদিয়েই গাঁও খনৰ চিনাকি। “

“সত্য কথা, অসম ভিত্তিত হোৱা ভাওনা সমাৰোহত পুৰস্কাৰ পোৱা মানুহ দীপক। আৰু…”

এনেতে ৰমেনৰ বাজি উঠা টুনটুনিটোৰ শব্দত বাখৰৰ কথা আধৰুৱা হ’ল।

“হেল্ল।”

“এই ডেকা মখাৰ লগত সেইবাবেই কাম কৰিবলৈ বেয়া, ওলাই যা, বাহিৰলৈ ওলাই যা।”

থোলোকৰ আপত্তিত সন্মতি জনাই বাখৰো দমদমাই উঠিল,

“এৰা দেওঁ, কি’হৰ হেডকেলাকটো তই? সেইটো নহলেই নহয়?”

বাঘৰ গোঁজৰণি শুনি কাণ থিয় কৰা পহুৰ দৰে ৰমেনে টুনটুনিটো জেপত সুমুৱাই থোৱাৰ আগত ক’লে,

“পিছত পাতিম।”

নীৰৱে সকলো শুনি থকা দীপকে পৰিবেশটো অলপ ঠাণ্ডা কৰি মূল প্ৰসংগলৈ আহিল,

“কি ভাওনানো? নাটভাগৰ নাম?”

প্ৰতিভাই বোলে,
“যি পাতে পাতক, আমি ৰাইজৰ লগতে আছোঁ, পিছে দীপকে ভাও নলয় সেইটো খাটাং”।

ভকতীয়া ষ্টাইলত লেপেটা কাঢ়ি বহি থকা প্ৰতিভা যিটো ধৰণে জাপ মাৰি উঠিল দীপককে ধৰি সকলোৰে বুজিবলৈ বাকী নাথাকিল যে প্ৰতিভাৰ সাংঘাটিক ধৰণে খং উঠিছে আৰু কথাটোত আকোৰগোঁজ। পিছে দীপকেও মাকৰ আচৰণত মানুহখিনিৰ আগত লাজ পোৱাদি পালে।

“মা, ৰবাচোন, তুমি চাহ অকণমানকে কৰাগৈচোন।”

দীপক ভাওনা বুলিলে আজিও বলিয়া, যি বচনেই নহওঁক কিয়। পিছে মাকৰ যে মাইকীৰ বচনৰ ক্ষেত্ৰত তীব্ৰ আপত্তি সেই কথাও দীপকে ভালকৈ জানে। কিন্তু পুৰুষ চৰিত্ৰৰ অভিনয় কৰাৰ তাৰ যি সপোন সেইটোও যে সপোন হৈয়ে ৰ’ব সেই কথাও সি ভালকৈ জানে। তথাপি!

“চা দীপক, মাৰৰটো কথা শুনিবলৈ ধৈৰ্য্যই নাই, কি পাতিছোঁ কি ভাঙিছো অলপ শুনি লোৱাত আপত্তি কিহৰ?”

থোলোক বায়নৰ কথাৰ পৰিধি বহলাই ৰমেনে ক’লে,

“পেহীদেউৱে মূল কথাটো শুনি লওকচোন, এইবাৰ ৰাইজে দীপকক বেলেগ ভাও এটাহে যাচিব খুজিছে..!”

“বেলেগ ভাও! মানে?”

“অঁতো, অৰ্জ্জুনৰ ভাও!”

দীপকৰ মুখখন হঠাতে ইমান উজ্জ্বল হৈ উঠিল যে প্ৰতিভাৰ ওলমা ওফন্দোৱা মুখখনিৰ ওঁঠৰ ফাকেৰে বিৰিঙি উঠা হাঁহিৰ কুসুমতকৈ ই কোনো গুণে কম নহয়।

“আপোনালোকে পাতক, মই চাহ একণ কৰোঁগৈ!
ঘিঁউ গলিছে। কাম সিজিছে!

“মহাপুৰুষীয়া নাট ভাগ হ’ল – উত্তৰাকাণ্ড। তাত আকৌ অৰ্জ্জুন..”

বাখৰে ফালিছিৰি গোটেইখন কথা কৈ বুমেৰাংখন কৰিব যেন পায় থোলোক বায়নে ভেটো প্ৰদান কৰি ক’লে,

“ৰোল মানে, লায়েক ৰোল ল’ৰা, অৰ্জ্জুনৰ ভাও ল’বলৈ পোৱাটো ভাগ্যৰ কথা। তাতে এইবাৰৰ ভাওনা গোটেই অঞ্চলযুৰি। তাতে কীচক বধ হ’ব, ভীম, অৰ্জ্জুন, দ্ৰৌপদী, কৰ্ণ, দ্ৰোণ কৃপা, ভীষ্ম, শকুনি, দুৰ্য্যোধন, দুশাসন… মুঠতে গিজগিজাই থাকিব।”

“কিন্তু অজ্ঞাতবাসৰ এইটো কাণ্ডত দেখোন অৰ্জ্জুন নপুংসক হৈহে থাকিব”!

দীপকৰ ম্লান পৰা মুখখনিৰে সোধো নোসোধোকৈ সোধা প্ৰশ্নৰ উত্তৰত থোলোক বায়নে ক’লে,

“পিছে কি হ’ল? স্বয়ং অৰ্জ্জুনে যেতিয়া মহাভাৰতত নপুসংকৰ ভাও জুৰিব পাৰে তেন্তে সাধাৰণ মনুষ্য হৈ তোৰ কিহৰ আপত্তি?

“আপত্তি মোৰ নাই বায়ন কাইটি, মই যি দিয়ে তাকেই কৰিম। গাঁৱৰ প্ৰায়বোৰ মানুহেই মোক ‘লেডীজ’ ব্লাউজ বডিজ’ বুলি জোকাই, মই জানো কাহানিবা আপত্তি নাইবা কাজিয়া কৰিছোঁ? আনকি মই পঢুৱা ল’ৰা ছোৱালীয়েও প্ৰাক্তন হৈ দুৰে দুৰে মোৰ বিষয়ে কি কয় মই নজনা নহয়। কিন্তু মোৰ মাৰ অমতত মই!”

“মাৰক বুজাবলৈ মই আছোঁ নহয়। মুঠতে তই সন্মতি দিলেই হ’ল।”

থোলোক বায়নে দীপকক প্ৰায় বান্ধিয়েই পেলালে। এনেতে ৰমেনে দীপকৰ কাণত ফুচফুচাই হাঁহি এটা মাৰি ক’লে,

“উত্তৰা কোনে লৈছে বুলি ভাবিছ? আমাৰ মৌজাদাৰৰ মাজুজনী ছোৱালীয়ে আক’! কেলৈ ডিগ্ৰী যে পঢ়ি আছে, তোৰ যে! তই বৃহন্নলা হৈ নৃত্য গীত শিকাব লাগিব। এ মজা।”

অৱশেষত চাহপানী একোবাটিৰে অতিথি আপ্যায়ন সমাপ্ত হল। পুতেকক অৰ্জ্জুন ৰূপত চাবলৈ প্ৰতিভা যেন উদগ্ৰীৱ হৈ পৰিছে! পিছে দীপকৰ থেৰোগেৰো কাৰবাৰটো দেখি প্ৰতিভাৰ মনটোৱে এটা খূ-দুৱনি অনুভৱ নকৰাকৈ থকা নাই। তথাপি দীপকক এইবাৰ মাকে বুজাবলৈ চেষ্টা কৰিলে,

“অৰ্জ্জুনৰ বচন জীৱনত প্ৰথমবাৰৰ বাবে কৰিবি। ভয় খাবলৈ কিটো আছে? ওৰে জীৱনটোত কেৱল মাইকীৰ বচনকে লৈ থাকিবিনে? পুৰুষ হ’বলৈকো শিক।”

“কিন্তু মা!”

“কোনো কিন্তু নাই, তই পাৰিবি”।

“কিন্তু মা, বিৰাটপৰ্বত যে অৰ্জ্জুন নপুসংক! মই নপুসংকৰ ভাও ল’ব লাগিব মা, মই বৃহন্নলা হ’ব লাগিব”!

দীপকে কোৱা প্ৰতিটো শব্দই প্ৰতিভাৰ কাণত বিহ ঢলাৰ কাম কৰিছিল। প্ৰতিভাৰ মুখৰ মাত হৰিল। মাক পুতেকৰ মাজত নোসোমালে নদীখন উভটি ব’ব যেন ধাৰণা কৰি থোলোক বায়নে মাত লগালে,

“অৰ্জ্জুন নপুসংক হৈছিল উৰ্বশীৰ শাপত। তথাপি অৰ্জ্জুন অৰ্জ্জুনেই। বাখৰ আৰু ৰমেন, তহঁত আগবাঢ়। মোৰ প্ৰতিভাৰ লগত কথা আছে।”
বাখৰ ৰমেনক আগবঢ়াই দীপকো চাইকেলখন লৈ এপাক ওলাই গ’ল। কোনোবা ছাত্ৰী এজনীৰ ঘৰত হেনো জন্মতিথি, মাকক দিনতে কৈছিল কথাটো।

“বৰ বায়ন কৱাইদেউৰ খোলটো আজিও ঠিকেই আছে নে? টোকৰ এটা মাৰি চাবলৈ আজি কিমান দিনৰ যে হেঁপাহ!

“আছে, আজিও ঠিকেই আছে মাথোঁ এঠাইত অকণমান ঘূণ এৰাইছে..

“ব’লছোন প্ৰতিভা ৰগৰ এটা দি চাওঁ।”

থোলোকে তাইৰ পিঠিত হাত বুলাই কোৱা কথাষাৰে জ্বলি থকা অগণিত ঘিঁউ ঢলাৰ কাম কৰিলে। চিঞৰি চিঞৰি কান্দি কান্দি প্ৰতিভা ভিতৰলৈ সোমাই গ’ল আৰু ঘৰৰ ভিতৰত ওলোমাই থোৱা এলান্ধু লগা খোলটো উলিয়াই আনিলে আৰু থোলোক বায়নৰ কান্ধত আঁৰি দিলে। কিংকৰ্তব্যবিমূঢ় থোলোক যন্ত্ৰৰ দৰে ঠিয় হৈয়ে থাকিল।

“ভাওনা হ’ব, বিৰাটপৰ্বই হ’ব কিন্তু লগতে হ’ব কীছক বধ……!

ধুমুহা গতিৰে প্ৰতিভা আগবাঢ়িল, নেলীয়া কটাৰিখন তেতিয়াও বাৰাণ্ডাৰ মজিয়াত অদৰকাৰীকৈ পৰি আছিল। সেইখন বুটলি লৈ প্ৰতিভা থোলোক বায়নৰ ফালে আগুৱাই গল। প্ৰতিভাৰ ৰণচণ্ডী মূৰ্তি দেখি থোলোক বায়ন থৰথৰকৈ কঁপিবলৈ ধৰিলে। অৱশেষত প্ৰতিভাই থোলোকৰ কান্ধত ওলমি থকা খোলটোৰ সোঁৱে-বাঁৱে দুয়ো ফালে ৰেপি ৰেপি অসংখ্য ফুটাৰ সৃষ্টি কৰিলে।

প্ৰতিভাক বুজনি দিয়াৰ কোনো উপায় থোলোক বায়নৰ মনলৈ অহা নাছিল তেতিয়া।

☆★☆★☆

15 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *